প্ৰৱাসী অসমীয়াৰ কথাৰেঃ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

প্ৰৱাসী অসমীয়াৰ কথাৰেঃ

প্ৰৱাসী অসমীয়াৰ কথাৰেঃ

Share This
বিদেশৰ মাটিত এখন অসমীয়া স্মৰণিকা
ডঃ ভূপেন শইকীয়া

কাটাৰৰ অসম সমাজৰ এখন চ'ভেনিয়েৰ বা স্মৰণিকা প্ৰকাশৰ বহুদিনীয়া পৰিকল্পনা আছিল৷ এই স্মৰণিকাত প্ৰবাসী অসমীয়াৰ লিখনি, উৎসৱ পালনৰ ফটোৰ ওপৰিও কাটাৰৰ অসমীয়া লোকসকলৰ চমু পৰিচয় ওলোৱাৰ কথা৷ ইংৰাজী আৰু অসমীয়া দ্বিভাষিক এই স্মৰণিকাখন প্ৰকাশৰ এটি সুযোগো ওলাল৷ নভেম্বৰৰ শেষ সপ্তাহত দুদিনীয়াকৈ "ইণ্ডিয়া কমিউনিটি ফেষ্টিভেল" ৰাজধানী চহৰ ডোহাৰ মিউজিয়াম অৱ ইচলামিক আৰ্টচৰ সমুদ্ৰ তীৰৰ প্ৰাংগনত অনুষ্ঠিত হোৱাৰ কথা৷ সেই প্ৰদৰ্শনী বা মেলাত ভাৰতবৰ্ষৰ প্ৰত্যেকখন প্ৰদেশকে একোখনকৈ ষ্টল লগোৱাৰ সুযোগ দিয়া হব৷ ইয়াৰ আয়োজন কৰিছে ভাৰতীয় দূতাবাসে৷ 

স্মৰণিকাখনিৰ আকৰ্ষণীয় বেটুপাত
 ইয়াৰ উদ্দেশ্য হ'ল - ভাৰতৰ শিল্প, কলা, সংস্কৃতি আদিৰ পৰিচয় বিশ্ববাসীৰ আগত ডাঙি ধৰা৷ নকলেও হব কাটাৰত কেবল আৰবীলোকেই নহয়, গোটেই বিশ্বৰ লোকে বসবাস কৰে৷ দিনত প্ৰদৰ্শনী চলি থাকিব আৰু নিশাৰ ভাগত সাস্কৃতিক সন্ধিয়া অনুষ্ঠিত হব৷ 

অতি আনন্দৰ কথা ধেমাজিৰ ডেইজি দলেৰ নেতৃত্বত ৪জনীয়া এটি যুৱতীৰ দলে এই উৎসৱত বিহুনৃত্য প্ৰদৰ্শণ কৰাৰ কথা৷ এওঁলোক আটায়ে কাটাৰ এয়াৰলাইনচৰ কৰ্মচাৰী৷ ইণ্ডিয়া কমিউনিটি ফেষ্টিভেলত প্ৰদৰ্শনীৰ সামগ্ৰী বিক্ৰীও কৰিব পাৰিব৷ এই ষ্টলসমূহে কোনো তৈয়াৰী খোৱা বস্তু বিক্ৰী কৰিব নোৱাৰিব৷ কেবল কাটাৰ চৰকাৰৰ অনুমোদিত লাইচেঞ্চপ্ৰাপ্ত অনুষ্ঠানৰ ফুডষ্টলতহে খাদ্য পদাৰ্থ বিক্ৰীৰ ব্যৱস্থা থাকিব৷

গতিকে কাটাৰৰ বসবাস কৰা বিভিন্ন প্ৰদেশৰ ভাৰতবাসীয়ে ঘাইকৈ কুটীৰ শিল্পৰ বা হেণ্ডলুমৰ সামগ্ৰী, বস্ত্ৰ আদিহে প্ৰদৰ্শনীস্থলীত ৰাখিব পাৰিব৷ 

অতি আনন্দৰ কথা 'ব্লু আই ইনফ'টেক' নামৰ অসমৰ সৰভোগৰ প্ৰতিষ্ঠান এটাই 'নিয়মীয়া বাৰ্তা'ত প্ৰকাশিত আমাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই এই উৎসৱত ভাগ লবলৈ কাটাৰলৈ আহিব৷ অসমক প্ৰতিনিধিত্ব কৰিব ওলোৱা এই একমাত্ৰ প্ৰতিষ্ঠানৰ স্বতাধিকাৰ শ্ৰীহেমন্ত কুমাৰ নাথ ধন্যবাদ আৰু প্ৰসংশাৰ পাত্ৰ - তেওঁক সকলো অসমবাসীয়ে শুভ আশীষ যাচে যেন৷

পুনৰ স্মৰণিকাৰ কথালৈ ঘূৰি আাহোঁ৷ আমাৰ স্মৰণিকাখন ইণ্ডিয়া ফেষ্টিভেলত ভাৰতবৰ্ষৰ দূতাবাসৰ অধীন ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰৰ মুৰব্বী শ্ৰীতৰুণ কুমাৰ বসুৱে উন্মোচন কৰাৰ কথা৷ ঘাইকৈ কাটাৰত বিভিন্ন ক্ষেত্ৰত কৰ্মৰত লোকৰ লিখনি থকিলেও এক বহল দৃষ্টিত ভাৰত আৰু অসমকে ধৰি বিশ্ব আন আন ঠাইৰ পৰাও লেখা আহ্বান কৰি অনা হৈছে-যাতে স্মৰণিকাখন এক পূৰ্ণাংগ আলোচনীৰ সমপৰ্যায়ৰ হব পাৰে৷

 শ্ৰীবসুৱে এই অভাজনৰ 'কাটাৰৰ ডায়েৰী' কিতাপখনৰ বৈদেশিক সংস্কৰণৰো উন্মোচন এই উৎসৱতে কৰাৰ কথা৷ স্মৰণিকাৰ জন্ম লগনত কবলগীয়া আগ কথা : বহু প্ৰচেষ্টাৰ মূৰত অৱশেষত এটি সপোন বাস্তৱলৈ ৰূপান্তৰিত হ'ল৷ 

কাটাৰৰ অসম সমাজৰ প্ৰায় প্ৰতিটো বৈঠকতে অনুচ্চ স্বৰেৰে এই বিষয়ে দুই এজন মাননীয় সদস্যই উনুকিয়াই আহিছিল যোৱা প্ৰায় এটা বছৰে৷ সমূহীয়া প্ৰচেষ্টাত কাটাৰত ৰঙালী বিহু এইবাৰ বেচ উৎসাহ উদ্দীপনাৰে পালিত হ'ল৷ আমাৰ চুবুৰীয়া সংযুক্ত আৰব আমীৰাটৰ অসম সমাজেও অসমৰ শিল্পীৰ সহযোগত উলহ-মালহৰে ৰঙালী বিহুক ডুবাইৰ মঞ্চত শক্তিশালীভাবে উপস্থাপন কৰিলে৷ তেওঁলোকে বিহুৰ এখনি সুন্দৰ স্মৰণিকাও প্ৰকাশ কৰিলে – কাটাৰলৈয়ো সেই স্মৰণিকাখন আহিল৷ আমাৰ ইয়াৰ অসম সমাজেও তাকে দেখি খাটাংকৈ কিবা এটা কৰিবলৈ মনতে ঠানিলে৷ সেই এমুঠি মান সদস্যৰ সদিচ্ছা আৰু একান্ত আগ্ৰহৰ ওপজ হ'ল এই লিখনিৰ সংকলনখনি৷

 স্মৰণিকাত ঘাইকৈ কাটাৰত বিভিন্ন ক্ষেত্ৰত কৰ্মৰত লোকৰ লিখনিয়ে স্থান পাইছে যদিও আন প্ৰবাসী অসমীয়াৰ লিখনিকো আহ্বান কৰি অনা হৈছে৷ ফলত চৌডি আৰব, ওমান, সংযুক্ত আৰব আমীৰাট, চিংগাপুৰ, টাইৱানৰ পৰাও একোটিকৈ সুন্দৰ আৰু প্ৰয়োজনীয় লিখনিয়ে ভিতৰৰ পৃষ্ঠাসমূহ শুৱনি কৰিছে৷ একেদৰে কেইটিমান লাগতিয়াল লিখনি স্বদেশৰ পৰাও আমদানি কৰা হৈছে৷ ইয়াৰে কেইবাজনো লিখক (মনোজ মন, ধীৰাজ কলিতা, অজয়লাল দত্ত, অনুপমা বৰগোঁহাই, আফতাৰ চৌধুৰী) ইণ্টাৰনেটত অসমীয়া পাঠকৰ অতি পৰিচিত৷

ভিতৰৰ ৰচনাসমূহত লিখকসকলৰ কাটাৰৰ ওপৰিও জাপান,ভিয়েটনাম, কুবেইট আদি দেশৰ ৰসাল কৰ্ম অভিজ্ঞতাৰ বিষয়ে পাঠকসকলে পঢ়িবলৈ পাব৷ বিদেশত জন্মা অসমীয়া সন্তানৰ মাতৃভূমিৰ প্ৰতি থকা আকৰ্ষনৰ বৰ্ণনা, কাটাৰত কৰ্মৰত দুগৰাকী শিক্ষয়ত্ৰীৰ অভিজ্ঞতা, কাটাৰ বিশ্ববিদ্যালয়ত কাম কৰা এগৰাকী অসমীয়া মহিলাৰ অভিজ্ঞতা, এগৰাকী কেবিন ক্ৰুৰ বিস্ময়কৰ ভ্ৰমণ অভিজ্ঞতা, আশীৰ দশকৰ কাটাৰৰ স্বৰূপ, কাটাৰৰ বুৰঞ্জীমুলক ৰচনা, বিদেশত নন-টেকনিকেল কাম কৰিবলৈ প্ৰয়োজন হোৱা অৰ্হতা, কেইবাটিও কবিতা, কাৰ্টুন, অকবৰ অঞ্জলি সোণোৱালে তোলা বিনন্দীয়া অসমৰ মোহনীয় ছবি, কাটাৰৰ অসমীয়া শিশুৰ চিত্ৰাংকন, কাটাৰৰ সুন্দৰ দৃশ্যৱলীৰ ফটোৰে সমৃদ্ধ স্মৰণিকাত ১৬টি ইংৰাজী আৰু সম-সংখ্যক অসমীয়া লিখনি সন্নিবিষ্ট হৈছে ৷

বিগত বছৰৰ ইণ্ডিয়া কমিউনিটি ফেষ্টিভেলৰ ফটোসহ বিৱৰণৰ ওপৰিও কাটাৰৰ অসম সমাজৰ ২০১৩চনৰ ৰঙালী বিহু পালনৰ ফটোৰ চ'ভেনিয়ৰখন সজোৱা হৈছে৷ আৰু এটা কথা উল্লেখ নকৰিলে বক্তব্য অপূৰ্ণ হৈ ৰব - আলোচনীৰ সৌষ্ঠৱ বঢ়োৱা কেইবাজনো লিখকে নিজৰ প্ৰথম প্ৰয়াসতেই প্ৰতিভাৰ স্বাক্ষৰ ফুটাই তুলিছে যি আমাৰ বাবে সুখদ আৰু বিস্ময়কৰ অভিজ্ঞতা৷ স্মৰণিকাখনৰ প্ৰি-প্ৰেছ ৱৰ্ক সম্পন্ন কৰিছে অকবৰে আব্দুছ চাজিদে৷ অৰ্থপূৰ্ণ বেটুপাতৰ অলংকৰণ কৰাৰ ওপৰিও তেওঁ এটি প্ৰৱন্ধত কিয় কাটাৰলৈ অহাৰ ইচ্ছা মনত পুঁহিছে তাৰ এক অন্তৰস্পৰ্শী বৰ্ণনা আগবঢ়াইছে৷ সম্পূৰ্ণ ৰঙীন ৮৮পৃষ্ঠাৰ এ-৪ কিতাপ আকাৰৰ আলোচনীখন আৰ্ট পেপাৰত ছপা কৰি ওলিয়াইছে ডোহা মডাৰ্ণ প্ৰিন্টিং প্ৰেছে৷ উন্মোচন হোৱাৰ পিছত ইয়াৰ ক'পী অকবৰ স্মৰণিকাৰ লিখকসকললৈ অৱশ্যেই প্ৰেৰণ কৰা হব৷

এতিয়া ইয়াৰ গুণগত মান নিৰ্ণয় কৰাৰ ভাৰ আদৰণীয় পাঠকসকলৰ হাতত৷ নকলেও হব যে আলোচনীৰ ৰূপ দিবলৈ প্ৰয়াস কৰা এই স্মৰণিকাখনৰ পাঠক বিশ্বৰ বিভিন্ন কোণত অৱস্থিত৷ সহৃদয় পাঠকৰ সমাদৰ পালে আগলৈ আমাৰ এনে প্ৰচেষ্টা অব্যাহত থাকিব বুলি বিনম্ৰভাবে এই আলোচনীৰ পাততে ঘোষণা কৰা হৈছে৷৷ শেষত স্মৰণিকাখনৰ সকলো অনিচ্ছাকৃত ভুল-ত্ৰুতিৰ দায় মোৰ ওপৰত ন্যস্ত থাকিব বুলিও সকলোকে জনাইছোঁ৷ অসমীয়া কথা বতৰা গোটৰ সকলোৰে শুভাশিষ কামনা কৰি আজিৰ এই লিখনি ইমানতে সামৰিলোঁ৷

3 comments:

  1. আপোনালোকে বিদেশৰ মাতিত এনে এটা পদক্ষেপ গ্ৰহন কৰাৰ বাবে সচাকৈ ধন্যবাদৰ পাত্ৰ । আলোচনীখন ইযাত পোৱাৰ সুবিধাকন হ্'বনে ।

    ReplyDelete
    Replies
    1. অসমীয়াৰ সুখ দুখৰ মুক্ত ই-পুথিভঁৰাল যোগে ৰাইজৰ বাবে উপলব্ধ কৰিবলৈ ইতিমধ্যে আহ্বান জনাইছো।

      উন্মোচনৰ পাছতে এই দিহা কৰিব বুলি কাটাৰ অসমীয়া সমাজে জনাইছে।

      Delete
  2. পঢ়ি ভাল পালোঁ।

    ReplyDelete