পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰঃ
১. দিল্লীত নৰ্থ ইষ্ট ফেষ্টিভেলে তুলিলে জোৱাৰঃ উত্তৰ পূৱৰ শিল্পী, শিল্প, সাংস্কৃতিক সম্পদ তথা মানৱ সম্পদক বিশ্বৰ সমুখত তুলি ধৰা এই উৎসৱত অংশ ল’লে বহুতো সফল অসমীয়া তথা উত্তৰ পূৱ বাসীয়ে৷ 
নৰ্থ ইষ্ট ফেষ্টিভেলৰ এটি দৃশ্য ...
প্ৰতিম প্ৰতাপ বৰুৱাৰ কেমেৰাত ৷
২. অহা ১৬-২০ ডিচেম্বৰলৈ অনুষ্ঠিত হ’ব অসম বিধান সভাৰ শীতকালীন অধিবেশনঃ কেইবাখনো নতুন বিধেয়ক হ’ব উত্থাপন, লগতে বিত্ত বিভাগে দাখিল কৰিব পৰিপূৰক দাবীও৷

৩. আজি নলবাৰী জিলাৰ বৰবৰীত গ্ৰাম্য বিকাশ মঞ্চৰ উদ্যোগিত উন্মোচিত হ’ব শিক্ষাবিদ ডঃ দীনেশ বৈশ্যৰ শেহতীয়া গ্ৰন্থ "সাম্ৰাজ্যবাদীৰ কবলত কৃষি আৰু কৃষক": উন্মোচন কৰিব বিখ্যাত ভাৰতীয় লেখিকা বন্দনা শিৱাই৷

৪. অপাৰেচন স্মাইলৰ দশম বৰ্ষপুৰ্তিত এই অভিযানৰ প্ৰতিষ্ঠাতা ডাঃ বিল মাগী উপস্থিত হ’লহি গুৱাহাটীতঃ বিশ্বত ২লাখ বিশ হাজাৰ আৰু তাৰে ভিতৰত অসমতে  দহ হাজাৰৰো শিশুৰ মুখত হাঁহি বিৰিঙালে এই অভিযানে৷

৫. আজি নলবাৰীত হৈছে পথাৰ পৰিচালনা সমিতিৰ পুনৰ গঠনঃ পথাৰ ভিত্তিক ভাৱে পুনৰ গঠিত হ’ব এই পথাৰ পৰিচালনা সমিতি সমূহ৷

৬. গুৱাহাটী সাহিত্য উৎসৱত চাহিদা বৃদ্ধি পাইচে শিশু গ্ৰন্থ আৰু পাঠ্যক্ৰমৰ চাহিদাঃ বিক্ৰীৰ ক্ষেত্ৰত প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সহায়ক গ্ৰন্থই সমাদৰ পোৱাৰ সুখৰ খবৰ৷

৭. আমীৰ খানক অসম চৰকাৰে দিলে ৰাজ্যৰ চিহ্ন স্বৰূপ বিশেষ উপহাৰৰ টোপোলাঃ পৰ্যটন মন্ত্ৰীয়ে দিলে অসমৰ পৰ্যটনৰ ব্ৰেণ্ড এম্বেচেদৰ হোৱাৰ বাবে প্ৰস্তাৱ৷

৮. নলবাৰী নাট উৎসৱত অগণন দৰ্শকৰ ভিৰঃ মঞ্চস্থ হ’ল বৰষাৰাণী বিষয়া অভিনীত "ঢোঁৰাসাপ" মঞ্চস্থ৷

৯. ডিব্ৰুগড়ত অনুষ্ঠিত হ’ল লক্ষ্মীনাথ বেজবৰুৱাৰ চিন্তা আৰু সৃষ্টি শীৰ্ষক বক্তৃতানুষ্টানঃ অংশ ল’লে প্ৰথিতযশা সাহিত্যিক হোমেন বৰগোহাঞি আৰু ডঃ নগেন শইকীয়াই৷

১০. অহা ১০-১৫তাৰিখলৈ মাজুলীত অনুষ্ঠিত হ’ব পালনাম মহোৎসৱঃ আউনীআটী সত্ৰত হ’ব লগা এই অনুষ্ঠানৰ বাবেই দেসী -বিদেশী পৰ্যটকেৰে ভৰি পৰিছে মাজুলী৷

1 comment:

  1. Visit www.northeastpost.in for more insights on North east India

    ReplyDelete