Sunday, November 24, 2013

গ্ৰন্থ-আলোচনা

‘আলফা- সেউজীয়া সপোন তেজৰঙা ইতিহাস’
- অয়ন উত্তম

এটা দিন আছিল— যেতিয়া আমাৰ গাঁৱৰ এজন ডেকা যুৱক ঘৰলৈ চুচুক-চামাককৈ আহে আৰু আমাৰ সৈতে ফুটবল খেলে, আমি স্ফূৰ্তিত ক’ব নোৱাৰা হওঁ৷ তেখেত আমাৰ বাবে আছিল প্ৰেৰণাৰ উৎস৷ কিন্তু কিয় পলাই ফুৰিছিল, সেই কথা বহুদিনলৈকে গম পোৱা নাছিলোঁ৷ ভোগালী বিহুৰ সময়ত, ৰঙালী বিহুৰ সময়ত প্ৰায়েই তেখেতৰ সৈতে দেখা-সাক্ষাৎ হৈছিল ‘টিপুক সমবায় সমিতি খেলপথাৰ’ত৷ পিছত মামাহঁতৰ মুখত গম পালোঁ তেওঁ ‘আলফা’— অৰ্থাৎ এজন সেনানী৷ এদিন খেলপথাৰত ‘জয়মতী উৎসৱ’ চলি থকাৰ সময়তে তেখেতক সেনাই আগুৰি নিজৰ ঘৰৰ কাষতেই গুলীৰে থকা-সৰকা কৰিলে৷ সেইজন ‘আলফা দাদা’য়ে আমাক মাত্ৰ কৈছিল— ‘আজি আছোঁ কাইলৈ নাই, কিন্তু থকা সময়লৈকে অসমৰ হকেই যুঁজি যাম, আত্মসমৰ্পণ নকৰোঁ,’ —আৰু সঁচাই নকৰিলেও ৷

‘আলফা— সেউজীয়া সপোন তেজৰঙা ইতিহাস’ ...‘জনসাধাৰণ’ কাকতৰ চীফ ৰিপ’ৰ্টাৰ মনোজ কুমাৰ নাথৰ গ্ৰন্থখন উন্মোচনৰ দিনা গুৱাহাটী টাউন ক্লাবত উপস্থিত আছিলোঁ৷ লেখিকা ড° ৰীতা চৌধুৰী, বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞা, মনজিৎ মহন্ত, জাৰিৰ হুছেইনে উন্মোচন কৰা গ্ৰন্থখন পঢ়াৰ সুযোগ পাইছিলোঁ কেইদিনমান পিছত৷ কিন্তু কিয় পঢ়িবলৈ আগ্ৰহ কৰিছিলোঁ, সেয়া নিজেই নাজানো, কাৰণ ‘আলফা’ক মই মনে-প্ৰাণে আদৰি ল’ব পৰা নাছিলোঁ৷ হয়তো কৈশোৰৰ পৰা যুৱকলৈ খোজ দিয়াৰ সময়তেই অবাঞ্চিতভাৱে পোৱা কিছু মানসিক-শাৰীৰিক অত্যাচাৰৰ বাবেই ‘আলফা’ৰ প্ৰতি বীতশ্ৰদ্ধ হৈছিল৷ অৱশ্যে সেয়া আন এক বিষয় ৷

লেখকে দাবী কৰাৰ দৰে ক’ব বিচাৰোঁ— হয়তো এই গ্ৰন্থখন আলফাৰ ইতিহাসৰ নিৰ্ভৰযোগ্য দলিল নহয়, কিন্তু এই গ্ৰন্থখনত আলফাৰ উত্থান-পতনৰ দিশবোৰ ফঁহিয়াই চোৱা হৈছে৷ পক্ষপাতিত্ব নোলোৱাকৈ ‘আলফা’ৰ ঘটনাবহুল ইতিহাস লিপিবদ্ধ কৰাৰ চেষ্টা ব্ৰতী হৈছে লেখক নাথ৷ ‘‘গ্ৰন্থখনৰ তথ্যসমূহ বিভিন্ন কাকত-আলোচনীৰ সংবাদ, বিভিন্ন গ্ৰন্থ, ভালেকেইজন প্ৰাক্তন আলফা নেতা আৰু সংগ্ৰামখনৰ সৈতে পৰোক্ষ তথা নৈতিকভাৱে জড়িত ব্যক্তিৰ সৈতে হোৱা কথা-বতৰাৰ পৰা সংগ্ৰহ কৰা হৈছে, ইয়াত ভুল থাকি যোৱা নিতান্তই স্বাভাৱিক’’— লেখকে প্ৰথমতেই দাবী কৰি থৈছে৷ 

গ্ৰন্থখনত সন্নিৱিষ্ট হৈছে আলফাৰ জন্মৰ পৰা সংক্ষিপ্ত ঘটনাক্ৰমলৈকে মুঠ ৯টা অধ্যায়৷ প্ৰথম অধ্যায়ত আছে— সেউজীয়া সপোন, আলফাৰ আত্মপ্ৰকাশ, ঐতিহাসিক প্ৰেক্ষাপট, আলফাৰ লক্ষ্য আৰু উদ্দেশ্য, আলফাৰ সদস্যভৰ্তি আৰু সাংগঠনিক গঠন৷ দ্বিতীয় অধ্যায়ত আছে— কাচিনলৈ নিষিদ্ধ যাত্ৰা, বেংক ডকাইতিৰে প্ৰচাৰ, আলফাৰ গণউত্থান আৰু সমাজ সংস্কাৰ, লক্ষীপথাৰত পৰেশ বৰুৱাৰ ফুটবল মেচ, অসম জাতীয় উন্নয়ন পৰিষদ গঠন৷ তৃতীয় অধ্যায়ত আছে— আলফা-আৰ্মকা সংঘাত, অনা-অসমীয়া বণিক গোষ্ঠীৰে সংঘাত, চাহ লবীৰে সংঘাত৷ চতুৰ্থ অধ্যায়ত আছে— ৰাষ্ট্ৰপতি শাসন আৰু অপাৰেশ্যন বজৰংগ, অপহৰণ-কাণ্ড আৰু অপাৰেশ্যন ৰাইনো, আলোচনা আৰু আলফাৰ বিভাজন, আত্মসমৰ্পণ আৰু আলফা-ছালফাৰ সংঘাত, গুপ্তহত্যাৰ বিভীষিকা৷ পঞ্চম অধ্যায়ত আছে— অস্ত্ৰৰ অপব্যৱহাৰ আৰু হঠকাৰী হত্যাকাণ্ড৷ ষষ্ঠ অধ্যায়ত আছে— মানৱ অধিকাৰ সংগ্ৰাম সমিতি (মাছ)ৰ জন্ম, আলফা আৰু বুদ্ধিজীৱী, আলফা, গণ পৰিষদ আৰু আছুৰ সম্পৰ্ক৷ সপ্তম অধ্যায়ত আছে— ভূটানত আশ্ৰয় আৰু অপাৰেশ্যন অলক্লীয়াৰ, বাংলাদেশত আশ্ৰয়— আই এছ আইৰ প্ৰশিক্ষণ, ছট্টগ্ৰাম অস্ত্ৰ গোচৰ, ঢাকাত বিপৰ্যয়— অসমলৈ বন্দী আলফা নেতা৷ অষ্টম অধ্যায়ত আছে— পিচিজি গঠন আৰু আলোচনাৰ উদ্যোগ, ২৮নং বেটেলিয়নৰ যুদ্ধবিৰতি, সন্মিলিত জাতীয় অভিৱৰ্তন, শান্তি আলোচনা আৰু আলফাৰ বিভাজন, ড্ৰেগনৰ দেশত সেউজীয়া সপোন৷ নৱম অধ্যায়ত আছে— আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰে সাক্ষাৎকাৰ, অনুপ চেতিয়াৰ ভূমিকা, উত্তপ্ত হ’ব খোজা তিনিজন কবি আৰু তিনিটা কবিতা৷ পৰিশিষ্টত আছে— ইয়াণ্ডাবু সন্ধি, অসম চুক্তি, ৰাষ্ট্ৰসংঘলৈ আলফাৰ আৱেদন, এছিয়া ৱাটছৰ প্ৰতিবেদন, গণ সংগ্ৰাম পৰিষদৰ ৰাজ্যিক প্ৰতিনিধি সভাৰ উপস্থিতিৰ স্বাক্ষৰ, পিচিজিৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টালৈ পত্ৰ, পিচিজিৰ প্ৰধান মন্ত্ৰীলৈ পত্ৰ আৰু সহায়ক গ্ৰন্থপঞ্জীৰ বিৱৰণ৷

আলফাৰ দিনবোৰৰ সকলো ঘটনাই লিপিবদ্ধ আছে— ‘আলফা— সেউজীয়া সপোন তেজৰঙা ইতিহাস’ত৷ প্ৰতিটো পৃষ্ঠাতে উদ্ঘাটন হৈছে ন ন তথ্য, আলফাৰ নজনা ইতিহাস৷ চাহ লবীৰে সংঘাত অধ্যায়ত আমি পাওঁ, অপৰাৰেচন বজৰংগ আৰু অপাৰেচন ৰাইনো সৃষ্টি হোৱাৰ সকলো ঘটনা-পৰিঘটনা৷ অপহৰণ-কাণ্ডৰ শিহৰণকাৰী ঘটনাবোৰে আকৌ কৈ যায় আলফাৰ ঐতিহাসিক ভুলবোৰৰ কথা৷ লক্ষীপথাৰকে আদি কৰি ভালেমান স্থানত উদ্ধাৰ হোৱা গণকবৰ, আলফাৰ বিভাজন, আলফা-ছালফাৰ সংঘাত, গুপ্তহত্যাৰ আৰম্ভণি আৰু ৰাজনৈতিক দলবোৰৰে সম্পৰ্ক— বহুবোৰ জনা-নজনা ইতিহাসেৰে লিপিবদ্ধ — ‘আলফা— সেউজীয়া সপোন তেজৰঙা ইতিহাস’৷

এক কথাত ক’বলৈ গ’লে— প্ৰায় সকলো ঘটনা-পৰিঘটনাই সামৰিবলৈ চেষ্টা কৰা হৈছে গ্ৰন্থখনত৷ সৃষ্টি আৰু ঘৃণা, বিশ্বাস আৰু অবিশ্বাস— এইবোৰৰ কাৰণসমূহ ফঁহিয়াই লিপিবদ্ধ কৰাৰ চেষ্টাত ব্ৰতী হৈছে লেখক৷ বিশেষকৈ চতুৰ্থ অধ্যায়ত গুপ্তহত্যাৰ আৰম্ভণি আৰু সাক্ষীৰ বক্তব্য হুবহু তুলি দি বহু নজনা দিশ উন্মোচিত কৰিছে৷

আনহাতে, গ্ৰন্থখনিত সকলো ঘটনা-পৰিঘটনা সন্নিৱিষ্ট আছে যদিও পোৱা নগ’ল ডাঙৰীত সেনাৰ হাতত প্ৰাণ বিসৰ্জন দিয়া পাঁচজন শ্বহীদৰ বিষয়ে৷ প্ৰবীণ সোণোৱাল, প্ৰদীপ দত্ত, দেৱজিৎ বিশ্বাস, ভবেন মৰাণ আৰু অখিল সোণোৱালৰ হত্যাই ‘আলফাৰ ইতিহাস’ত কেনে ধৰণৰ প্ৰভাৱ পেলাইছিল, সেই সন্দৰ্ভত লেখক নিশ্চুপ৷ ঘৰৰ পৰা ধৰি লৈ গৈছিল আছুৰ কৰ্মকৰ্তা তথা ব্যৱসায়ী পাঁচজন যুৱকক৷ অত্যাচাৰ কৰি কৰি শেষত হত্যা কৰিছিল নিৰপৰাধী এই যুৱককেইজনক৷ সেনাৰ নিৰ্মম অত্যাচাৰৰ সাক্ষী হৈ ৰৈছিল প্ৰায় লক্ষাধিক জনতা৷ এয়া দেখ দেখকৈ হত্যা আছিল, কিন্তু তাৰ বিচাৰ আজি পৰ্যন্ত কি হ’ল কোনেও নাজানে৷ ১৯৯১ চনৰ ২৪ ফেব্ৰুৱাৰীত নাহৰকটীয়া কলেজ প্ৰাংগণৰ পৰা সেনাই উঠাই নিয়া প্ৰফুল্ল গগৈ নামৰ কলেজীয়া যুৱকজনৰ সন্ধান আজিও নোলাল৷ ১৯৯৪ চনত ৰুদ্ৰ ডেকা, সুবৰ্ণ কোঁৱৰ, প্ৰদীপ বৰাকে ধৰি পাঁচজন নিৰপৰাধী যুৱকৰ মৃতদেহ সেনাই চমজাই দিছিল আৰক্ষীক৷ পংকজ শৰ্মা নামৰ ২৪ বছৰীয়া যুৱক এজনৰ মৃত্যু হৈছিল দৰঙৰ এখন আৰক্ষী থানাত৷ ১৯৯৬ চনতেই সেনা-আৰক্ষীৰ সন্ত্ৰাসৰ বলি হৈছিল হিজুগুৰিত ৰতন মজুমদাৰ, নলবাৰীত নৰেন বৈশ্য, যোৰহাটত ঊষা সোণোৱাল, আমগুৰিত ৰাতুল বৰুৱা আৰু বুধিন লাহন, শিলচৰত বিভূতি মালাকাৰ, নকছাৰীত সীমান্ত গগৈ, গুৱাহাটীৰ বেলতলাত ভুৱন ফুকন৷ ঠিক একেদৰে ১৯৯৬ চনৰ ২৪ ছেপ্টেম্বৰত ডাঙৰীৰ মেগেলাৰ পৰা তৰুণ সোণোৱাল আৰু ডুমডুমাৰ ৰূপবনৰ পৰা ফুটবল ৰেফাৰী ওচমান আলীক আলফা সন্দেহত সেনাই কেম্পলৈ লৈ গৈছিল আৰু অত্যাচাৰ চলাই হত্যা কৰিছিল৷ ‘পোটা’ আৰু ‘টাডা’ৰ দৰে আইনৰ আওতাত বন্দী কৰি নিৰ্মম অত্যাচাৰ কৰিছিল বহু নিৰপৰাধী যুৱকক৷ সেনা-আৰক্ষী-চিআৰপিএফৰ কামনাৰ চিকাৰ হৈছিল বহুকেইগৰাকী মহিলা— ১০ বছৰীয়া শিশুৰ পৰা ৩ মহীয়া কেঁচুৱাৰ মাতৃলৈকে৷ ৰাষ্ট্ৰসৃষ্ট সন্ত্ৰাসৰ বাবেও বহু যুৱক আলফালৈ ঢাপলি মেলিছিল, এয়াও অপ্ৰিয় সত্য৷

আলফা— তেতিয়াৰ পৰা এতিয়ালৈকে৷ বহুদিন পাৰ হৈ গ’ল, তেতিয়াৰ পৰা এতিয়ালৈকে৷ ‘আলফা’— সমাজৰ বাবে আছিল আদৰ্শ, চালিকা শক্তি, সংগ্ৰাম, বিপ্লৱৰ আন এটি নাম, সূৰ্য তেজৰ অন্য নাম৷ কিন্তু ‘আলফা’— হিৰোহোণ্ডা-য়ামাহাৰ চালিকা শক্তি হৈ পৰিল তেতিয়াই, যেতিয়াই অসমৰ ৰাইজে তেওঁলোকক ‘নিজগুণে এৰি দিলে’৷ ‘আলফা’ হৈ পৰিল এটা ব্যৱসায়িক গোষ্ঠী— নিতান্তই দুঃখ লগা কথা এয়া, যে যিকেইজন সদস্য, কাৰ্যনিৰ্বাহক সদস্যই দিন-ৰাতি এক কৰি আলফাৰ শক্তিৰ বাবে, সদস্য ভৰ্তিৰ বাবে শদিয়াৰ পৰা ধুবুৰীলৈকে ঘূৰি ফুৰিছিল, সেইকেইজন কৰ্ণধাৰ সমিতিৰ সদস্যই কিন্তু আলফাৰ নিম্ন পৰ্যায়ৰ সদস্যসকলক আয়ত্তত ৰাখিব নোৱাৰিলে৷ গ্ৰন্থখনৰ পাতে পাতে এই কথা লিখা আছে, আলফাৰ ঐতিহাসিক ভুলবোৰ৷ সঞ্জয় ঘোষ, গ্ৰীট্ছাংকো ছাৰ্গে, মানবেন্দ্ৰ শৰ্মা, ৰশ্মি বৰাৰ হত্যাকাণ্ড, ধেমাজিৰ বিস্ফোৰণ— আৰু আটাইতকৈ ডাঙৰ ভুল পাঁচ বছৰীয়া শিশু শ্ববনম কলিতাৰ হত্যা৷ বণিক গোষ্ঠী, অনা-অসমীয়াৰ নামত ইতাভাটাৰ শ্ৰমিকক হত্যা, বিহাৰী হত্যাই ঠেলি দিছিল আলফাক এটা সন্ত্ৰাসবাদী সংগঠন হিচাপে পৰিচয় দিবলৈ— ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত৷ ধনদাবী, অপহৰণ, দকা-হকা, নিজকে ‘ব্যৱসায়ী ৰূপে’ প্ৰতিষ্ঠা কৰিবলৈকে বহুতে আলফাত যোগদান কৰিছিল, এতিয়াও কৰি আছে৷ এই সন্দৰ্ভত আলফাৰ জ্যেষ্ঠ নেতৃত্বই মৌনব্ৰত ধাৰণ কৰিছে৷ আত্মসমৰ্পণকাৰী আলফা নেতৃত্বই হওক, যুদ্ধবিৰত গোটৰ আলফা নেতৃত্বই হওক, আলোচনাপন্থী আলফা নেতৃত্বই হওক বা বৰ্তমান স্বাধীন অসমৰ আলফাৰ নেতৃত্বই হওক— সদস্য ভৰ্তিৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন নকৰাৰ কাৰণসমূহ অসমৰ ৰাইজক বুজাই দিবলৈ সক্ষম নহ’ল৷ বিশেষকৈ আৰক্ষীৰে গোপন বুজাবুজি কৰি অসমীয়া চাহ ব্যৱসায়ীসকলক ধন দাবী এতিয়াও অব্যাহত আছে তিনিচুকীয়া জিলাকে ধৰি উজনি অসমৰ প্ৰায়কেইখন জিলাত৷ ধনদাবীৰ ফলত লাভ কৰা ধন আলফাৰ পুঁজিলৈ নাযায়— যায় ‘আত্মসমৰ্পণ’ৰ নাটক কৰি সেনা বা আৰক্ষীৰ হাতত ধৰা দিয়া সদস্যজনৰ বেংকৰ একাউণ্টলৈহে৷ লেখকে গুপ্তধন সন্দৰ্ভত মন্তব্য দিয়া পৰিলক্ষিত নহ’ল গ্ৰন্থখনত৷ সদস্য ভৰ্তি সন্দৰ্ভতো লেখকে কোনকেইটা অঞ্চলৰ পৰা আলফালৈ বৃহৎ সংখ্যক সদস্য যায়— সেই সন্দৰ্ভত মৌন হৈ আছে৷ অৱশ্যে এয়া অপ্ৰিয় সত্য যে— বহুকেইটা জনগোষ্ঠীয় সংগঠনৰ কোপদৃষ্টিৰ পৰা ৰক্ষা পাবলৈ এয়াও এক কৌশলগত উপায়৷

যি কি নহওক— এক কথাত ক’বলৈ গ’লে ‘আলফা— সেউজীয়া সপোন তেজৰঙা ইতিহাস’— এনে এখন গ্ৰন্থ, য’ত আমি পাওঁ আলফাৰ সৃষ্টিৰ পৰা বৰ্তমানলৈকে প্ৰায়খিনি ঘটনা-পৰিঘটনা, নিৰ্মোহ বাস্তৱ৷ লেখক মনোজ কুমাৰ নাথে অধ্যয়ন কৰিছে, গৱেষণা কৰিছে, তথ্যৰ বাবে কষ্ট স্বীকাৰ কৰিছে— সেয়া পঢ়ি যাওঁতে প্ৰতিজন পাঠকেই অনুভৱ কৰিব৷ ‘এখন স্বাধীন অসমত বিজ্ঞানসন্মত সমাজতন্ত্ৰ প্ৰতিষ্ঠা’— এই লক্ষ্যৰ দিশলৈ আগুৱাওঁতে আলফাই কৰি যোৱা ঐতিহাসিক ভুল-শুদ্ধৰ দলিল এইখন গ্ৰন্থ৷ বৰ্ণশুদ্ধিৰ দিশত বিশেষভাৱে মনোযোগ দিছে লেখকে৷ তথাপিও দুই-এটা শব্দ থাকি যোৱা পৰিলক্ষিত হ’ল— ভীমকান্ত বুঢ়াগোহাঞি (গ্ৰন্থত উল্লেখ আছে বুঢ়াগোহাঁই)সম্পৰ্কত লেখকে প্ৰথমৰ পৰা একো উল্লেখ কৰা নাই যদিও ‘অপাৰেচন অল-ক্লীয়েৰ’ অধ্যায়তহে কিছু সংযোজন কৰিছে (উজনিৰ তিনিচুকীয়া জিলাত আলফাৰ উপদেষ্টাগৰাকীৰ প্ৰভাৱ অপৰিসীম আছিল, বিশেষকৈ সদস্য ভৰ্তি সন্দৰ্ভত— সেইবাবেই উল্লেখ অনিবাৰ্য)৷ আনহাতে কেইটামান ঘটনাক্ৰম এৰি যোৱা পৰিলক্ষিত হ’ল— তাৰ ভিতৰত ডুমডুমা থানাৰ অন্তৰ্গত লংচোৱাল চাহ বাগিচাত ২০০৭ চনৰ ৫ জানুৱাৰীত আলফাৰ গুলীত ১২জন হিন্দীভাষী লোক হত্যাৰ ঘটনাটো৷

পাঠকে কিয় পঢ়িব লাগে এই গ্ৰন্থখন— এই সম্পৰ্কত ক’ব পাৰি— ‘আলফা’ক নুই কৰাৰ আগতে আলফাৰ ইতিহাস জনা আৱশ্যক৷ একে ধৰণে আলফাক সমৰ্থন কৰিবলৈও আলফাৰ ইতিহাস জানিবই লাগিব৷ আলফাৰ জন্ম কিয় হৈছিল, সংগঠনটোৰ লক্ষ্য-উদ্দেশ্য কি আছিল, বিপ্লৱী সংগঠনটোৱে কিয় সন্ত্ৰাসবাদী সংগঠনৰ আওতালৈ গতি কৰিছিল— নিৰপেক্ষ দৃষ্টিভংগীৰে লেখকে পাঠকলৈ আগবঢ়াইছে৷ এখন ‘যুদ্ধ’— ‘স্বাধীনতা সংগ্ৰাম’ৰ— লগে লগে সংগ্ৰামখনিৰ সৈতে জড়িত ঘটনাৰাজিৰ বিষয়ে জ্ঞাত কৰাই লেখকৰ উদ্দেশ্য৷ উল্লেখযোগ্য যে এই কেইদিনত আলফা আৰু কাবেৰী কছাৰী ৰাজকোঁৱৰৰ এখন গ্ৰন্থ সন্দৰ্ভত ‘কথা কটা-কটি’ৰ বাতৰি প্ৰকাশ পাই আহিছে৷ আলফাই কাবেৰী কছাৰীক সাধাৰণ সদস্য আখ্যা দিয়াৰ সময়ত এই গ্ৰন্থখনত উল্লেখ আছে— ‘‘তদুপৰি সামৰিক প্ৰশিক্ষণ লোৱা মহিলা সদস্যসকলক সংগঠনৰ বিভিন্ন অভিযানৰ লগতে অস্ত্ৰ-শস্ত্ৰ তথা বিস্ফোৰকৰ আদান-প্ৰদান কৰাত নিয়োগ কৰা হয়৷ একেদৰে সংগঠনৰ সাংস্কৃতিক কাৰ্যসূচীতো মহিলা কেডাৰসকলক জড়িত কৰা হয়৷ সংগঠনৰ এগৰাকী জ্যেষ্ঠ নেত্ৰী প্ৰণতি ডেকাই সংগঠনৰ সাংস্কৃতিক সম্পাদিকা আৰু কাবেৰী কছাৰী ৰাজকুঁৱৰীয়ে নাৰী বাহিনীৰ মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰে৷’’ (পৃঃ ৪৪)গতিকে পাঠকে কিছুমান কথালৈ লক্ষ্য কৰি, সাম্প্ৰতিক সময়ৰ ঘটনাৰাজিৰ সৈতে অতীতৰ ঘটনাৰাজিৰ সম্পৰ্ক প্ৰতিষ্ঠা কৰিবলৈকে গ্ৰন্থখন পঢ়া উচিত৷ আলফাক বেয়া পোৱাৰ যিমান যুক্তি— একে ধৰণে আলফাৰ দাবীসমূহৰ খুটি-নাঁটিসমূহ পৰ্যালোচনা কৰাও হৈছে পাঠকৰ লক্ষ্য৷ আলফাক অস্বীকাৰ কৰিব নোৱাৰি, এয়া এখন যুদ্ধ— কিন্তু এই যুদ্ধখনৰ গইনা লৈ সৃষ্টি হোৱা ‘ছালফা’, ‘চিণ্ডিকেটৰাজ’, ‘কয়লা মাফিয়া’, ‘সংবাদ মাধ্যমত ছালফাৰ প্ৰৱেশ’, ‘ছালফাই স্থানীয় যুৱকক অস্ত্ৰৰ ভয় দেখুৱাই বহুজাতিক কোম্পানীকে ধৰি স্থানীয় অঞ্চলৰ ব্যৱসায় হস্তগত’ ইত্যাদি বিষয়বোৰো সন্নিৱিষ্ট কৰিলে ভাল আছিল৷ 

গ্ৰন্থখনিৰ মুঠ পৃষ্ঠা ২৫৫৷ বেটুপাত সন্দুৰ হৈছে— অন্তৰ্ভাগৰ সৈতে সামঞ্জস্য ৰক্ষা কৰিয়েই প্ৰস্তুত কৰা হৈছে৷ অৱশ্যে বেটুপাতৰ ছবিখন ৰুচিয়াৰ এটি ফটোগ্ৰাফী এজেন্সিৰ পৰা তুলি অনা হৈছে— সেই বিষয়ে উল্লেখ নাই গ্ৰন্থখনত৷ অংগসজ্জা উপমা বৰদলৈৰ৷ আঁক-বাক প্ৰকাশনে প্ৰকাশ কৰা গ্ৰন্থখনৰ মূল্য ২৮০.০০ (দুশ আশী)টকা৷ জানিব পৰা মতে, অসম প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলাত গ্ৰন্থখনে অভূতপূৰ্ব সঁহাৰি লাভ কৰাৰ পৰিপ্ৰেক্ষিতত গ্ৰন্থখনিৰ দ্বিতীয় সংস্কৰণ মুকলি কৰি দিয়া হৈছে৷ এখন সৰ্বাংগ সুন্দৰ, গৱেষণালব্ধ, এটা বিপ্লৱী সংগঠনৰ উত্থান-পতনৰ ইতিহাস নিৰ্মোহভাৱে বিশ্লেষণ কৰি যুগুতাই উলিওৱা ‘আলফা— সেউজীয়া সপোন তেজৰঙা ইতিহাস’ৰ বাবে লেখক-সাংবাদিক মনোজ কুমাৰ নাথক ধন্যবাদ জনালোঁ৷

No comments:

Post a Comment