স্বাস্থ্যঃ কোৰোনা কালত ঘৰত স্বাস্থ্য মনিটৰ কৰিবলৈ প্ৰয়োজনীয় ১৫ সঁজুলি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

স্বাস্থ্যঃ কোৰোনা কালত ঘৰত স্বাস্থ্য মনিটৰ কৰিবলৈ প্ৰয়োজনীয় ১৫ সঁজুলি

স্বাস্থ্যঃ কোৰোনা কালত ঘৰত স্বাস্থ্য মনিটৰ কৰিবলৈ প্ৰয়োজনীয় ১৫ সঁজুলি

Share This

কোৰোনা কালত ঘৰত স্বাস্থ্য মনিটৰ কৰিবলৈ প্ৰয়োজনীয় সঁজুলিবোৰ

HEALTH,স্বাস্থ্য,RECENT, কোৰোনা কালত ঘৰত লাগতিয়াল স্বাস্থ্য মনিটৰ কৰা প্ৰয়োজনীয় আহিলা

কোভিড-১৯ৰ দ্বিতীয় ঢৌৱে সমগ্ৰ ভাৰত জোকাৰি যোৱাৰ সময়তে ৰাইজো স্বাস্থ্য সচেতন হোৱাৰ লগতে কোভিড বিধি অনুযায়ী তথা Covid Appropriate Behavior কৰাটো বাধ্যতামূলক হৈ পৰিছে। এই জটিল সময়কনত পৰিয়ালৰ স্বাস্থ্যৰ যতন লবলৈ সতকাই প্ৰয়োজন হোৱা কিছুমান আহিলা এতিয়া ঘৰতে গোটাই লোৱাৰ প্ৰয়োজন হৈ পৰিছে। 
HEALTH,স্বাস্থ্য,RECENT, কোৰোনা কালত ঘৰত লাগতিয়াল স্বাস্থ্য মনিটৰ কৰা প্ৰয়োজনীয় আহিলা
স্বাস্থ্য বিশেষজ্ঞ সকলে কোনো ৰোগৰ লক্ষণ দেখা দিলে পৰামৰ্শ গ্ৰহণ কৰাৰ সমান্তৰালকৈ ঘৰতো পৰিচৰ্চা আৰু পাৰামিটাৰ মনিটৰিং কৰি থকাৰ বাবে এই আহিলা সমূহ অতিকৈ প্ৰয়োজন। সেয়ে 'স্বাস্থ্য' শিতানত দহটি তেনে আহিলা বা সঁজুলি অনলাইন ক্ৰয় কৰিব পৰাকৈ লিংক সহ 'তুলনামূলক ভাৱে জনপ্ৰিয়' কিছুমান মডেল ইয়াত উপস্থাপন কৰা হৈছে। ৰাইজে প্ৰয়োজনবোধ কৰিলে ইয়াত দিয়া আমাজান.কমৰ লিংক সমূহত ক্লিক কৰি পোনপটীয়াকৈ আহিলা বা সঁজুলি অৰ্ডাৰ কৰিব পাৰিব। ই লিংক সমূহে আপোনাক আমাজান.কমৰ মূল পৃষ্ঠালৈ লৈ যাব আৰু তাত আন উপলদ্ধ অপচনবোৰো চাই কিনিব পাৰিব।

১. পালচ অক্সিমিটাৰঃ
 এই পালচ অক্সিমিটাৰ কোৰোনা কালত প্ৰয়োজন হোৱা অতীৱ আৰু প্ৰথম জৰুৰী সঁজুলি। ইয়াৰ দ্বাৰা মানুহৰ দেহত অস্কিজেনৰ লেভেল তেজত কিমান আছে মনিটৰ কৰিব পাৰি। ইয়াৰ লগতে এই সঁজুলিয়ে পালচ ৰেটো দেখুৱায়। প্ৰায় ছয়শ টকাৰ ভিতৰত এনে অক্সিমিটাৰ তলৰ লিংকত উপলদ্ধ হৈছে-

২. প্ৰেছাৰ জোখা ডিজিটেল যন্ত্ৰঃ দেহৰ ব্লাড প্ৰেছাৰ মনিটৰ কৰিবৰ বাবে আজিকালি ঘৰতে একোটা ডিজিটেল প্ৰেছাৰ জোখা যন্ত্ৰ ৰখাটো অতিশয় জৰুৰী হৈ পৰিছে। ডঃ মৰপেনৰ অতি জনপ্ৰিয় হোৱা এই ডিজিটেল প্ৰেছাৰ জোখা যন্ত্ৰটি ৰেহাই মূল্যতে আমাজানত উপলদ্ধ হৈছে। 

৩. চুগাৰ লেভেল জোখা যন্ত্ৰঃ ACCUCHECK কোম্পানী হৈছে ব্লাড চুগাৰ জোখা যন্ত্ৰ ভাৰতত জনপ্ৰিয় কৰা প্ৰথমটো কোম্পানী। ঘৰতে আঙুলিত সহজে ফুটুৱাই তেজ পৰীক্ষা নিজে কৰিব পৰাকৈ বনোৱা এই আহিলাটি একুচেক কোম্পানীয়ে ১০টা ফ্ৰী-টেষ্ট ষ্ট্ৰীপৰ সৈতে আগবঢ়াইছে সুলভ মূল্যত।
 
8. হেলথ মনিটৰ ৱাটচঃ জনপ্ৰিয় Mi কোম্পানীৰ হেল্থ ৱাটছ হৈছে হাতঘড়ীৰ দৰে হাতত পিন্ধিব পৰা এটি আহিলা। ই ৱাটাৰ ৰেজিচটেণ্ট আৰু বিশদিনৰ বেটেৰী বেক-আপৰ সৈতে উপলদ্ধ হৈছে। আমাজানত অতি জনপ্ৰিয় হোৱা এই মডেলটোকে পাঠকৰ বিবেচনাৰ্থে আগবঢ়োৱা হৈছে-
৫. ভাপ লোৱা যন্ত্ৰঃ এই সময়খিনিত সঘনাই নাকেৰে ভাপ লৈ থকাৰ বাবেও উপদেশ দিয়া দেখা গৈছে। মেন্থল মিহলি কৰি সঘনাই গৰম পানীৰ ভাপ লৈ থাকিবলৈ যদিও ঘৰতে মাগ বা অন্য বাচনত গৰম পানী কৰি টাৱেলেৰে মুখ ঢাকিও কৰিব পাৰি, তথাপি একোটা ষ্টীমাৰ কিনি লব পাৰি, ই সহজ হব। গতিকে এই শিতানত Amazon ত বেষ্ট চেলাৰ হোৱা Pharmeasy ৰ ষ্টীমাৰৰ মডেলটো এই তালিকাত স্থান দিয়া হৈছে।
৬. পৰ্টেবল অক্সিজেন কনচেণ্ট্ৰেটৰঃ দেশৰ বিভিন্ন ৰাজ্যত ৰোগীৰ বাবে পৰ্যাপ্ত অক্সিজেন চিলিণ্ডাৰৰ অভাৱ হোৱাৰ খবৰে বাতৰি কাকতৰ শিৰোনাম দখল কৰাৰ সময়তে বিভিন্ন সংগঠনে ঘৰতে অক্সিজেন লব পৰাকৈ অক্সিজেন কনচেনট্ৰেটৰ ব্যৱস্থা কৰি দিয়াৰ বাতৰিও পোৱা গৈছে। অসমতো উত্তৰ-পূৱ খালচা এইড সংস্থাই প্ৰথম চাৰিদিন বিনামূলীয়াকৈ আৰু তাৰ পাছত দিনে ৫০০টকা ভাৰাত এই সেৱা আগবঢ়োৱাৰ খবৰো প্ৰকাশ পাইছে। মণিপুৰী কিশোৰী পৰিৱেশকৰ্মী লিচিপ্ৰিয়াৰ নেতৃত্বতো দেশৰ বিভিন্ন ঠাইলৈ এই যন্ত্ৰ পঠাই থকা হৈছে, যোগাযোগৰ বাবে https://twitter.com/LicypriyaK ত খবৰ কৰিব পাৰে। 

দেশত কৰোনাৰ তৃতীয় ঢৌ অহাৰ সম্ভাৱনালৈ চাই কোনো সংস্থা বা কেইবাটাও পৰিয়ালে মিলি এই পৰ্টেবল অক্সিজেন কনচেনট্ৰেটৰ কিনি আনি জোগাৰ ৰাখিব পাৰিলেও হয়তো বেয়া নহব। এই সঁজুলিৰে এটা মডেলে সেয়ে ইয়াত তালিকাভুক্ত কৰা হৈছে।
৭. পিপিই  কিটঃ ঘৰৰ কোনোবা এজনৰ গা-বেয়া হোৱাৰ লগে লগে তেওঁৰ যতন লবলৈকে কোৰোনা কালীন সময়ত প্ৰয়োজন হব নিজা পিপিই কীটৰ। গতিকে শিশু, বৃদ্ধ আদি যাক যতন নললে নহব, তেনে পৰিস্থিতিৰ বাবে সাজু হোৱাকৈ ঘৰতে এনে পিপিই কিটো সম্পূৰ্ণ লক-ডাউন হোৱাৰ আগতেই গোটাই লোৱাটোও চাগৈ হব বুদ্ধিমানৰ কাম। এনে পিপিই কিট যদি ধুব পৰা আৰু পুনৰ ব্যৱহাৰযোগ্য হয়, তেতিয়া হলেতো আৰু অধিক সুবিধা নিশ্চয় হব।
৮. ইনফ্ৰাৰেড থাৰ্মমিটাৰঃ হাতেৰে চুব নলগাকৈ দূৰৈৰ পৰাই জ্বৰ আছে নেকি শৰীৰত পৰীক্ষা কৰাৰ বাবে ব্যৱহাৰ হোৱা ইনফ্ৰাৰেড থাৰ্মমিটাৰ একোটা ঘৰত গোটাই লব পাৰিলে বেয়া নহয়। 
ঘৰত ব্যৱহাৰ হোৱা স্পৰ্শ কৰি জ্বৰ বা দেহৰ উত্তাপ জুখিব লগা থাৰ্মমিটাৰ তলৰ লিংকত পাবঃ
৯. ফেচ শিল্ডঃ নতুনকৈ জাৰি কৰা তথ্য মতে কোৰোনা ভাইৰাছ Air Borne হোৱাৰ কথাও প্ৰকাশ পাইছে। সেয়ে আমি মাক্স ব্যৱহাৰ কৰাৰ লগতে Face Shield ব্যৱহাৰ কৰিব পাৰিলে নিশ্চয়কৈ অধিক সুৰক্ষিত অনুভৱ কৰিব পৰা যাব। Essential Service ত কাম কৰা সকলে মানুহৰ সৈতে মুখামুখি হব লগা পৰিস্থিতিত এই ফেচ শ্বিল্ডে নিশ্চয়কৈ সুৰক্ষা দিব। বহুতো ডাক্তৰে এতিয়া ৰোগী চাবৰ সময়ত এই ফেচ শিল্ড ব্যৱহাৰ কৰা দেখা গৈছে। এনে ফেচ শিল্ডৰ ক্ষেত্ৰত Amazon ত বেষ্ট-চেলাৰ হোৱা প্ৰডাক্টটো এই তালিকাত স্থান দিয়া হৈছে।

১০. চাৰ্জিকেল মাক্সঃ এতিয়া দুখনকৈ মাক্স একেলগে পিন্ধাৰ বাবে দিয়া পৰামৰ্শও জনপ্ৰিয় হোৱাৰ বাবে আমি ব্যৱহাৰ কৰিবলৈ চাৰ্জিকেল মাক্স ডিচপোজেবল বেছি সংখ্যাত প্ৰয়োজন হব। সেয়ে তিনি তৰপীয়া চাৰ্জিকেল মাক্স সৰহকৈ কিনি ৰাখিলে ভাল। এনে ২৫জিএচএমৰ ১০০ টা মাক্স থকা চাৰ্জিকেল মাক্সো ইয়াত তালিকাভুক্ত কৰা হৈছে।

১১. UV লাইট চেনিটাইজাৰ লেম্পঃ আলট্ৰা ভায়লেট ৰশ্মিৰ দ্বাৰা যিকোনো সামগ্ৰী যেনে- লেপটপ, মোবাইল, মানি পাৰ্ছ, টকা, কাগজ আদি স্পৰ্শহীন ও শুকান ভাৱেই চেনিটাইজ কৰিবলৈ এই সঁজুলিবিধৰ ব্যৱহাৰ হয়। আমাজানৰ পৰা ফল্ড কৰি নিব পৰা এই লেম্পটো সেয়ে সহজে ব্যৱহাৰ যোগ্যতাৰ ফালৰ পৰা আৰু ৬০০টকাৰ ভিতৰতে অতি কম দামত উপলদ্ধ হোৱা হেতুকে তালিকাভুক্ত কৰা হৈছে।

১২. Indoor থাৰ্মেল ফগিং মেচিনঃ ঘৰৰ ভিতৰত চেনিটাইজ কৰিবলৈ ব্যৱহৃত হোৱা এই মেচিনো কিনি লোৱাৰ কথা বিবেচনা কৰিব পাৰে। এই সঁজুলিৰ দাম কিন্তু প্ৰায় পাঁচ হাজাৰ টকা। এটা মডেল আৰু লগত দিয়া ডিচইনফেক্টটেণ্টৰ বটলৰ সৈতে নমুনা ইয়াত তালিকাভুক্ত কৰা হৈছে। এই মেচিন লৈ বহুতেই আনৰ ঘৰ, গাড়ী আদি চেনিটাইজ কৰাৰ ব্যৱসায়ো আৰম্ভ কৰা দেখা গৈছে।
১৩. চেনিটাইজাৰঃ চেনিটাইজাৰ ব্যৱহাৰ কৰাটো নিত্য প্ৰয়োজনীয় হৈ পৰাৰ লগতে স্পৰ্শহীন ভাৱে অফিচ বা কৰ্মস্থলীত চেনিটাইজাৰ Dispense কৰিব পৰাৰ ব্যৱস্থা কৰিব লগা হৈছে। গতিকে ৰাইজে তলৰ এই লিংকৰ সামগ্ৰী সমূহ চাব পাৰে।
১৪. শাক-পাচলি, ফলমূল চেনিটাইজ কৰা মেচিনঃ নতুনকৈ জনপ্ৰিয় হোৱা অজনাইজাৰ প্ৰযুক্তিৰ এই মেচিনো এতিয়া বাহিৰৰ পৰা অনা শাক-পাত, পাচলি, ফলমূল আদি চেনিটাইজ কৰিবলৈ ব্যৱহৃত হৈছে। চেলো কোম্পানীৰ এটি মডেল সেয়ে তালিকাভুক্ত কৰা হৈছে-
১৫. পানী গৰম কৰা কেটলিঃ হঠাত হস্পিতেলাইজড হব লগা হ'লে চৰকাৰী হাস্পতাললৈ লগত লৈ যাবলৈ কৰোনাত আক্ৰান্ত সকলক পানী গৰম কৰা একোটা কেটলি লৈ যাবলৈ উপদেশ দিয়া দেখা গৈছে ভাল হৈ অহা সকলে। গতিকে এটা ১.৫ লিটাৰৰ প্ৰেষ্টিজৰ এনে ইলেক্ট্ৰিক কেটলি কিনি ৰখাটো এই সময়ত হব পাৰে এটা উত্তম সিদ্ধান্ত।
ইয়াৰ বাহিৰেও ঘৰত প্ৰয়োজনীয় সামগ্ৰী যেনে- গৰম পানীৰ ফ্লাক্স, ওজন  জোখা যন্ত্ৰ, জ্বৰ জোখা আহিলা আদি যোগাৰ কৰি থব পাৰে। চৰকাৰী হাস্পতাললৈ গলে লগত মোবাইল চাৰ্জাৰ, কম্বল, বিচনা চাদৰ, পানী গৰম কৰা সঁজুলি, গৰম পানীৰ ফ্লাক্স আদি লৈ যাবলৈ নাপাহৰিব। বহুজনৰ অভিজ্ঞতাৰ ভিত্তিতহে এই টোকা প্ৰস্তুত কৰা হৈছে। চেনিটাইজাৰৰ কম্বো পেকো সংগ্ৰহ কৰিব পাৰে।

1 comment: