অৰ্থনীতিঃ ভাৰতৰ প্ৰস্তাৱিত 'ডিজিটেল টকা' বনাম 'বিটকইন' আৰু বিনিয়োগৰ সিদ্ধান্ত :: ভাস্কৰজ্যোতি বৰুৱা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

অৰ্থনীতিঃ ভাৰতৰ প্ৰস্তাৱিত 'ডিজিটেল টকা' বনাম 'বিটকইন' আৰু বিনিয়োগৰ সিদ্ধান্ত :: ভাস্কৰজ্যোতি বৰুৱা

অৰ্থনীতিঃ ভাৰতৰ প্ৰস্তাৱিত 'ডিজিটেল টকা' বনাম 'বিটকইন' আৰু বিনিয়োগৰ সিদ্ধান্ত :: ভাস্কৰজ্যোতি বৰুৱা

Share This
ভাৰতৰ প্ৰস্তাৱিত 'ডিজিটেল টকা' বনাম 'বিটকইন' আৰু বিনিয়োগৰ সিদ্ধান্ত
ভাস্কৰজ্যোতি বৰুৱা
ভাৰতৰ প্ৰস্তাৱিত 'ডিজিটেল টকা' বনাম 'বিটকইন' আৰু বিনিয়োগৰ সিদ্ধান্ত ভাস্কৰজ্যোতি বৰুৱা
(১)
অৱশেষত ভাৰতৰ কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে বাজেট অধিবেশনত ২০২২ বৰ্ষত ঘোষণা কৰিলে যে ভাৰতীয় ৰিজাৰ্ভ বেংকে ২০২২-২০২৩ বিত্তীয় বৰ্ষত ডিজিটেল টকা প্ৰৱৰ্তন কৰিব যি ১ এপ্ৰিলৰ পৰা আৰম্ভ হ'ব। ভাৰতৰ এই ডিজিটেল টকাই কেনেদৰে কাম কৰিব বা ই কেনেকুৱা হ'ব সেই বিষয়ে সীতাৰমণে কোনো বিৱৰণ দিয়া নাই, কিন্তু কৈছিল যে ইয়াক "ব্লকচেইন আৰু অন্যান্য প্ৰযুক্তি ব্যৱহাৰ কৰি" প্ৰৱৰ্তন কৰা হ'ব।  ভাৰত বিশ্বৰ অন্যতম বৃহৎ অৰ্থনীতি হ'ব যিয়ে এই ঘোষিত পৰিকল্পনাত অটল থাকিলে দেশৰ কেন্দ্ৰীয় বেংকে ডিজিটেল মুদ্ৰা (চিবিডিচি) প্ৰৱৰ্তন কৰিব। মনত পেলাওকচোন, ২০১৮ বৰ্ষলৈ, যেতিয়া একেই ভাৰতৰ বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে ভাৰতত ক্ৰিপ্টকাৰেন্সিক নিষিদ্ধ ঘোষণা কৰিছিল, বাজেট অধিবেশনতে। মূল লেখাটি ২০১৮ চনৰ সেই পটভূমিতে লিখা আৰু নতুনকৈ নতুন পৰিবৰ্তিত পৰিৱেশত 'সম্পাদনা'ৰে পুনৰ উপস্থাপন কৰা হৈছে।
ভাৰতৰ প্ৰস্তাৱিত 'ডিজিটেল টকা' বনাম 'বিটকইন' আৰু বিনিয়োগৰ সিদ্ধান্ত ভাস্কৰজ্যোতি বৰুৱা
সেয়ে এই বিষয়টোক সৰলকৈ আলোকপাত কৰি ৰাইজৰ জ্ঞাতাৰ্থ প্ৰস্তুত কৰা হৈছে যাতে ভিন্ন দিশ সমূহৰ আভাস দিব পৰা যায়। মই বিটকইন বিশেষজ্ঞ নহয়। সেয়ে ডিজিটেল মুদ্ৰা হিচাপে বিটকইনৰ ভৱিষ্যত কি তাক ক’বলৈ অপাৰগ। কিন্তু বিনিয়োগৰ লগত জড়িত এজন হিচাপে বিটকইন কিমান বিনিয়োগযোগ্য সেই সম্বন্ধে আলোচনাৰ এক প্ৰাসংগিকতা এই মুহূৰ্তত মই অনুভৱ কৰিছোঁ। কাৰণ আমাৰ চৌপাশৰ মানুহ আজি বিটকইনৰ প্ৰতি অতি আগ্ৰহী হৈ উঠাৰ কাৰণ টকাৰ পৰিৱৰ্তে বিটকইন কেনেকৈ ব্যৱহাৰ কৰিব সেয়া কিন্তু নহয়, তেওঁলোক আকৰ্ষিত হৈছে মাত্ৰ শেহতীয়াভাৱে বিটকইনৰ দামৰ আকাশলংঘী উত্থানৰ খবৰৰ বাবেহে।

উইলিয়াম জে বাৰ্নষ্টাইনৰ এখন বিখ্যাত কিতাপ “ দ্যা ফ’ৰ পিলাৰ অৱ ইনভেষ্টিং”ত বিনিয়োগৰ বাবে লাগতীয়াল চাৰিটা স্তম্ভ হিচাপে চিহ্নিত কৰিছে – ১) বিনিয়োগৰ তত্ত্ব, ২) বিনিয়োগৰ ইতিহাস, ৩) বিনিয়োগৰ মনস্তত্ত্ব আৰু ৪) বিনিয়োগৰ ব্যৱসায় সম্বন্ধীয় জ্ঞানক। তেখেতে সামগ্ৰিকভাৱে বিনিয়োগৰ বাবে কথাখিনি ক’লেও, তাৰ পোহৰত আমি বিটকইনক চাবলৈ চেষ্টা কৰিব পাৰো।

বিনিয়োগৰ তত্ত্ব বুলিলে আমি সাধাৰণতে বুজো সেইখিনি জ্ঞান, যিখিনিৰ দ্বাৰা সম্পদ একোটাৰ চৰিত্ৰৰ সম্বন্ধে আমি অবগত হওঁ। যিহেতু বিনিয়োগত ৰিস্ক আৰু ৰিটাৰ্ন হাতত হাত ধৰি আগবাঢ়ে, বিনিয়োগকাৰীৰ বাবে সদায়ে দুটা গুৰুত্বপূৰ্ণ প্ৰশ্ন - কোনো এটা সম্পদত কেনেধৰণৰ ৰিস্ক অন্তঃনিহিত হৈ আছে আৰু কিমান ৰিটাৰ্ন আমি আশা কৰিব পাৰো? এই দুটা প্ৰশ্ন বিটকইনৰ বাবেও অপ্ৰাসংগিক নিশ্চয় নহয়।

২০০৯ চনত প্ৰথম ক্ৰিপ্ট’কাৰেন্সি হিচাপে বিটকইনৰ আৱিস্কাৰৰ সময়ত ইয়াৰ দাম আছিল প্ৰায় শূন্যৰ সমপৰ্য্যায়ৰ। ২০১১ চনত ইয়াৰ দাম হ’লগৈ এক ডলাৰ। এই লিখাটো যুগুতাই থকা পৰত এটা বিটকইনৰ মূল্য প্ৰায় ১১,৮০০ ডলাৰ। ভাৰতীয় হিচাপত প্ৰায় ৭,৫৫,৩০০ টকা। ২০১১ চনৰ পৰা ২০১৮ লৈ এই ৭ বছৰত দামৰ উত্থান গড়ে প্ৰায় ২৮২ শতাংশ! যদিহে বিনিয়োগত ৰিস্ক আৰু ৰিটাৰ্ন সমানুপাতিক, তেতিয়া স্বাভাৱিকতে প্ৰশ্ন উঠিব - এই অভাৱনীয় ৰিটাৰ্নৰ বিপৰীতে থকা ৰিস্ক কেনেধৰণৰ? সেয়াও কিন্তু সমানেই সাংঘাতিক। শেহতীয়াভাৱে তাৰ সোৱাদ বিনিয়োগকাৰীয়ে পাইছে। ১৭ জানুৱাৰীত বিটকইনৰ মূল্য ১০,০০০ ডলাৰৰ তললৈ নামিছিল। যিটো এমাহৰ আগৰ অৰ্থাৎ ১৬ ডিচেম্বৰৰ মুল্য ১৯,৩৪৩ ডলাৰৰ প্ৰায় আধা। বিটকইনৰ দামৰ এই উত্থান-পতনৰ কাৰণ কি বুলি প্ৰশ্ন কৰিলে চমু উত্তৰ হ’ব - যোগান আৰু চাহিদাৰ অসমতা। কম সংখ্যক উপলব্ধ বিটকইনক অধিক সংখ্যক বিনিয়োগকাৰীয়ে যেতিয়া খেদি গৈছে আৰু যিকোনো দামৰ বিনিময়ত হস্তগত কৰিবলৈ কুণ্ঠাবোধ কৰা নাই, তেতিয়া বিটকইনৰ মূল্য অস্বাভৱিকভাৱে ঊৰ্ধ্বগামী হৈছে। আনহাতে যেতিয়া বিভিন্ন তথ্য এই ক্ৰিপ্ট’কাৰেন্সিৰ বিৰুদ্ধে গৈছে, মানুহে বিক্ৰী কৰিবলৈ হেতা-ওপৰা লগাইছে আৰু দাম নামিছে। কিন্তু এটা কথা লক্ষ্য কৰক – শ্বেয়াৰত বিনিয়োগ কৰিলে আপুনি লাভাংশ পাব, ধাৰ দিলে সুত পাব, ঘৰ ভাৰাতীয়াক দিলে ভাৰা পাব, বিটকইনত কৰা বিনিয়োগৰ পৰা আপুনি কি পাব? চিধাচিধি একো নাপায়, ঠিক সোণত কৰা বিনিয়োগৰ দৰেই। কিন্তু এই মুহূৰ্তত বিটকইনৰ গ্ৰ্হণযোগ্যতা সোণৰ সমপৰ্যায়ৰ বুলি ক’বও নোৱাৰি। সোণ আপুনি স্পৰ্শ কৰিব পাৰে। অতীজৰে পৰা সোণক মানুহে অলংকাৰ আৰু সম্পদ হিচাপে ব্যৱহাৰ কৰি আহিছে। অৰ্থনীতিৰ বেয়া সময়ত সোণত বিনিয়োগ কৰি “সম্পদ সংৰক্ষণ” কৰাটো মানুহৰ ওচৰত এটা গ্ৰ্হণযোগ্য ধাৰণা। অথচ সেই সোণত কৰা বিনিয়োগৰ ৰিটাৰ্ন দেখিও বহু সময়ত মানুহ অসুখী হ’ব লগাত পৰে। এতিয়া বিটকইনৰ নিচিনা কোনো ডিজিটেল মুদ্ৰাত যদি বিনিয়োগ কৰে, তেন্তে ৰিটাৰ্নৰ বাবে আপুনি মাত্ৰ এটাই আশাত বন্দী হ’ব লাগিব – যি দাম আপুনি আজি দিছে, ভৱিষ্যতে আপোনাতকৈ অধিক দাম দিবলৈ অন্য এজন বিনিয়োগকাৰী আগ্ৰহী হৈ উঠিব। ইয়াক বিনিয়োগৰ পৃথিৱীত “গ্ৰেটাৰ ফুল থিয়ৰী” বুলি কোৱা হয়। অৰ্থাৎ লাভৰ বাবে নিজতকৈ অধিক মুৰ্খ এজনৰ আৱশ্যক। যদি কিনোতাই অধিক দাম দিব নোখোজে বা এই ক্ৰিপ্ট’কাৰেন্সিৰ প্ৰতি অনাস্থা দেখুৱায়, তেন্তে আপুনি প্ৰত্যক্ষ কৰিব লাগিব লোকচানৰ। যিমানে সেই অনাস্থা প্ৰৱল হ’ব সিমানেই বাঢ়িব আপোনাৰ লোকচানৰ পৰিমাণ। এক কথাত কোনো ক্ৰিপ্ট’কাৰেন্সিৰে নিজস্ব উচিত মূল্য নাই। গৰিষ্ঠ সংখ্যক বিনিয়োগকাৰীয়ে যি পৰিমাণৰ ধন দিবলৈ ইচ্ছুক, সেয়াই তাৰ সেই মুহূৰ্তৰ মূল্য হ’বলৈ বাধ্য।
(২)
বিনিয়োগৰ ইতিহাস এনে বহু উদাহৰণেৰে ভৰি আছে য’ত বিনিয়োগকাৰীসকলৰ অযুক্তিকৰ প্ৰত্যাশা বিনিয়োগৰ বজাৰ উত্থানত মূল চালিকাশক্তিলৈ ৰূপান্তৰ ঘটে। সেই সময়ত সকলো যুক্তিসংগত ভয়-আশংকাক নস্যাৎ কৰি বজাৰ মাত্ৰ ওপৰলৈ গতি কৰে আৰু সৃষ্টি কৰে বিনিয়োগ আগ্ৰহীসকলৰ মাজত এক স্বপ্ন-আচ্ছন্ন পৰিবেশ। বজাৰৰ এনে সুদিন যেন লগা উত্থানক বিনিয়োগৰ পৃথিৱীত ‘বুৰবুৰণি’ বোলা হয়। সেই সময় পাৰ হৈ বজাৰ ডুবিলেহে বিনিয়োগকাৰীৰ সপোন ভাঙে আৰু নিশ্চিত হয় - পাৰ হৈ যোৱা সময় বুৰবুৰণিহে আছিল। বজাৰ ডুবাৰ পূৰ্বে যিসকলে এই অতি ভাল অৱস্থাক সন্দেহ কৰে, তেওঁলোক জনমানসত সাময়িকভাৱে বুৰ্বক হিচাপে পৰিগণিত হয়। কাৰণ তেওঁলোকে শুনোৱা সকলো সাৱধানবাণীৰ বিপৰীতে বিনিয়োগৰ বজাৰ ওপৰলৈহে গতি কৰি থাকে। কেতিয়াবা সচেতন বিনিয়োগকাৰীসকলৰ বাবেও সেই সময় অস্বস্তিদায়কভাৱে দীঘলীয়া হয়। এইখিনিতেই আপোনাক সহায় কৰিব পাৰে বিনিয়োগৰ ইতিহাস অধ্যয়নে। যিটো উইলিয়াম জে বাৰ্নষ্টাইনৰ মতে বিনিয়োগৰ দ্বিতীয় স্তম্ভ। তেওঁৰ মতে এজন ডাক্তৰ বা ইঞ্জিনীয়াৰে নিজৰ বিভাগৰ বুৰঞ্জী নপঢ়িলেও কৰ্মৰ পাৰদৰ্শিতাত হীন-ডেঢ়ি নহ’ব পাৰে, কিন্তু বিনিয়োগকাৰীয়ে বিনিয়োগৰ বুৰঞ্জী নাজানিলে অতীতত বিনিয়োগকাৰীয়ে কৰা ভুলৰ পুনৰাবৃত্তি কৰাৰ সম্ভাৱনা প্ৰবল। ১৭শ শতিকাত হলেণ্ডৰ ‘টিউলিপ বুৰবুৰণি’, ১৮শ শতিকাত ব্ৰিটেইনৰ ‘ছাউথ চী বুৰবুৰণি’, কুৰি শতিকাত ‘ডট কম বুৰবুৰণি’ আৰু অতি শেহতীয়াকৈ আমেৰিকাৰ ‘হাউচিং বুৰবুৰণি’ হ’ল এনে উদাহৰণ, য’ত বিনিয়োগকাৰীৰ উন্মাদনা বজাৰ পতন হোৱাৰ অন্যতম প্ৰধান কাৰক আছিল। লক্ষ্য কৰক, মই ইয়াত প্ৰতাৰণাৰ লক্ষ্যেৰে আৰম্ভ হোৱা কোনো পঞ্জী আঁচনিৰ উদাহৰণ দিয়া নাই। দেশ একোখনৰ চৰকাৰে বৈধ বুলি সেউজীয়া লাইট দেখুওৱা বিনিয়োগত হোৱা বিপৰ্যয় কেইটামানৰহে নাম লৈছো।

আপুনি ক’ব পাৰে – বিটকইনৰ ক্ষেত্ৰত তেনে হোৱাৰ সম্ভাৱনা নাই। ই সেইবিলাকৰ পৰা পৃথক। সপক্ষে আপোনাৰ দহটা যুক্তি ওলাব। কিন্তু আমোদজনক কথাটো হ’ল - মই দিয়া উদাহৰণকেইটাও ইটোৰ পৰা সিটো কিহবাত নহয় কিহবাত পৃথক। প্ৰতিবাৰেই তাৰ আগৰ উদাহৰণবোৰক অদৰকাৰী বুলি বিনিয়োগকাৰীসকলে উপেক্ষা কৰিছিল। উন্মাদনাৰ সেই সময়বোৰ বিনিয়োগকাৰীৰ ধাৰণাত হৈ পৰিছিল নতুন যুগৰ নতুন কথা।

আমাৰ লোভ আৰু ভয়েই মূলতঃ আমি লোৱা বিনিয়োগ সিদ্ধান্তক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা চলায়। যদিও আমি যুক্তিসংগতভাৱে বিনিয়োগ সিদ্ধান্ত ল’ব বিচাৰো, বহু সময়ত দেখা যায় যে যেতিয়া প্ৰয়োজন হয় সংযমী হোৱাৰ, আমি হৈ পৰো অতি লুভীয়া আৰু যেতিয়া সাহস দেখুওৱাৰ প্ৰয়োজন হয়, আমি ভয় খাই বিনিয়োগৰ পৰা আঁতৰি পলাওঁ। ইয়াৰ উপৰিও বহু সময়ত আমাৰ বিনিয়োগ সিদ্ধান্তত বিভিন্নধৰণৰ পক্ষপাতিতা ফুটি উঠে। এই পক্ষপাতমূলক চিন্তাত কিন্তু কোনো অস্বাভাৱিকতা নাই। মানুহ হিচাপে থকা আমাৰ স্বাভাৱিক আৱেগ-অনুভূতিয়ে তেনে কৰিবলৈকে প্ৰৰোচিত কৰে। সেয়ে ইয়াৰ প্ৰতিকাৰৰ আৰম্ভণি হৈছে – আমি সেই বিষয়ে জ্ঞাত হোৱাটো। বিনিয়োগত মানুহে প্ৰদৰ্শণ কৰা আচৰণৰ অন্তৰালত থকা এই মনস্তাত্ত্বিক দিশবোৰৰ বিষয়ে চৰ্চা কৰা বিভাগটো হৈছে আচৰণ সম্বন্ধীয় বিত্ত (Behavioral Finance or Behavioral Economics)। বিটকইনৰ প্ৰতি মানুহৰ বৰ্তমান যি তীব্ৰ আকৰ্ষণ, তাক আচৰণ সম্বন্ধীয় বিত্তত বৰ্ণনা কৰা এটা পক্ষপাত ‘Herd Mentality’ বা অসমীয়াত ‘জুমৰ পাছ খেদা মানসিকতা’ই সুন্দৰকৈ বিশ্লেষণ কৰে। আমাৰ কাষৰ চাৰিজন মানুহে শুদ্ধ বুলি বিশ্বাস কৰা কথাটোত সততেই আমাৰ অনুমোদন গুচি যায়। কিন্তু তেনে অনুমোদনে কেতিয়াবা আমাক এটা ভুল লাইনতো থিয় কৰাবগৈ পাৰে। আমাক থিয় হোৱা দেখি আনকেইজনমানো আহিব। এনেকৈ সৃষ্টি হ’ব পাৰে এটা দীঘল ভুল শাৰী। এনে অভিজ্ঞতা আপোনাৰো থাকিব লাগে, যদিহে কোনো কাউণ্টাৰৰ বাবে শাৰী পাতি পাইছে।

ইয়াৰ উপৰিও আমি সাধাৰণতে কোনো সুযোগ হেৰুৱাব নোখোজো। ফলত কেতিয়াবা বিনিয়োগত আনে কৰা ভুলেও আমাক আকৰ্ষণ কৰে, যদিহে সিজন সেই সময়ত লাভৱান হোৱা বুলি অনুভৱ কৰো। বিটকইনৰ ক্ষেত্ৰত এই জুমৰ পাছ খেদা মানসিকতাক সহযোগ কৰিবলৈ ৰিটাৰ্নৰ শেহতীয়া ইতিহাস বিটকইনৰ সপক্ষে আছে। কোনো শেহতীয়া ইতিহাসক প্ৰয়োজনাধিক গুৰুত্ব দি তাৰ সপক্ষে থকাৰ আমাৰ যি মানসিকতা তাক Recency Bias বুলি কোৱা হয়। অসমীয়াত ‘অতি সাম্প্ৰতিকতাৰ পক্ষপাত’ বুলি ক’ব পাৰি। আপুনি যদি বিটকইন জাতীয় ক্ৰিপ্ট’কাৰেন্সিৰ প্ৰতি সাংঘাতিকভাৱে আকৃষ্ট, সেই আকৰ্ষণৰ ৰহস্যক অনুধাৱন কৰিবলৈ এই দুটা মনস্তাত্ত্বিক পক্ষপাতৰ অস্তিত্বক হৃদয়ংগম কৰাৰ আৱশ্যক হ’ব। 
(৩)
বিটকইনক আপুনি মূলতঃ তিনিপ্ৰকাৰে আহৰণ কৰিব পাৰে। ১) মুদ্ৰা হিচাপে কোনো ব্যক্তিৰ লগত হোৱা লেনদেনত ২) বিটকইন এক্সচেঞ্জৰ পৰা আৰু ৩) শক্তিশালী কম্পিউটাৰ ব্যৱহাৰ কৰি জটিল অংক সমাধানৰ জৰিয়তে। যাক বিটকইনৰ ভাষাত ‘মাইনিং’ কৰা বুলি কোৱা হয়। প্ৰকৃততে এই খনন বা মাইনিং কৰিয়েই নতুন বিটকইনৰ সৃষ্টি কৰা হয়। কিন্তু এনেদৰে বিটকইন আহৰণ প্ৰকৃততে এটা কঠিন প্ৰক্ৰিয়া। সাধাৰণ বিনিয়োগকাৰীৰ বাবে এই পন্থা উপযোগী নহয়।

বিটকইন এক্সচেঞ্জবোৰেই বিটকইনৰ বজাৰ। আন বিত্তীয় এক্সচেঞ্জবোৰৰ দৰেই কমিছনৰ বিনিময়ত মানুহক বিটকইন ক্ৰয়-বিক্ৰয়ৰ সুবিধা দিয়ে এক্সচেঞ্জবোৰে। যিমানে কিনা-বেচা বাঢ়িব এক্সচেঞ্জবোৰ সিমানে লাভৱান হ’ব। কইনবেচ, বিটষ্টাম্প, বিটফিনেক্স আদিবোৰ হৈছে বিটকইনৰ প্ৰধান এক্সচেঞ্জ। কিন্তু এই এক্সচেঞ্জবোৰৰ নিৰাপত্তাৰ প্ৰসংগত প্ৰশ্ন তুলিব নোৱৰাৰ অৱস্থা হয়তো এতিয়াও অহা নাই। ২০১৬ চনত বিটফিনেক্স এক্সচেঞ্জৰ পৰা প্ৰায় ৬৪ কোটি টকা মূল্যৰ বিটকইন হেকাৰে চুৰ কৰে। ভাৰততো বিটকইন এক্সচেঞ্জ ইতিমধ্যে প্ৰতিষ্ঠা হৈছে। উদাহৰণ – জেবপে।

এইখিনিতে গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ’ব পাৰে – লেনদেনৰ বাবে কিমান বিটকইন বৰ্তমান উপলব্ধ আৰু ভৱিষ্যতে এই সংখ্যা কিমানলৈ বাঢ়িব পাৰে। Coinmarketcap.com ৰ তথ্য অনুসৰি ৫ ফেব্ৰুৱাৰী ২০১৮ ৰ পুৱা ৮ টা ৩০ লৈকে মুঠ ১,৬৮,৪৬,২৫০ টা বিটকইনৰ খনন হৈছে। যিভাৱে বিটকইনৰ ব্যৱস্থাটো নিৰ্মাণ কৰা হৈছে সেই অনুসৰি সৰ্বোচ্চ ২,১০,০০,০০০ টা বিটকইনহে খনন কৰি উলিয়াব পৰা যাব। এটা গণনামতে সেই সংখ্যাটো ২১৪০ চনমানত পাব পৰা হ’বগৈ। সেই হিচাপত ৮০ শতাংশ বিটকইনৰ খনন ইতিমধ্যে হৈ গৈছে আৰু অনাগত ১২২ বছৰত বাকী ৪১,৫৩,৭৫০ টা বিটকইনৰ খননৰ সম্ভাৱনা থাকিব। অৰ্থাৎ দিনকদিনে অংকৰ জটিলতা বৃদ্ধি পাব আৰু খনন খৰচী হৈ গৈ থাকিব।

অন্য এটা মজাৰ তথ্য হ’ল বিটকইনৰ আৱিষ্কাৰক ছাট’চি নাকাম’ত’ (Satoshi Nakamoto) এজন অতি ৰহস্যময় অজ্ঞাত ব্যক্তি। সন্দেহ কৰা হয় তেওঁ জাপানৰ নাগৰিক। ২০০৮ চনত এখন ৯ পৃষ্ঠাৰ স্বেতপত্ৰত প্ৰথম বিটকইনৰ কথা কৈছিল আৰু ইয়াক অভিহিত কৰিছিল - “পিয়েৰ টু পিয়েৰ ইলেক্ট্ৰ’নিক কেছ ছিষ্টেম”। তাৰ কিছুমাহৰ পাছত নাকাম’ত’ৱে বিটকইনৰ ছফটৱেৰটো প্ৰস্তুত কৰিছিল। বেলেগ ডেভেলপাৰ আৰু ক’ডাৰৰ লগত মিলি ইয়াক ক্ৰমাৎ উন্নত কৰি আনিছিল। এই প্ৰক্ৰিয়া চলি থাকোতে ২০১১ চনত এদিন নাকাম’ত’ হঠাৎ অন্তৰ্ধান হ’ল। এনেকৈ এজন অতি সফল আৱিষ্কাৰকে আত্মগোপন কৰাৰ যুক্তিসংগত কাৰণ বুজিবলৈ অসুবিধা। কিন্তু নাকাম’ত’ৱে যে শুদাহাতে আঁতৰি যোৱা নাছিল সেয়া ধুৰুপ। চাৰ্গে ড’মা লাৰ্নাৰ নামৰ আৰ্জেণ্টিনাৰ গৱেষক এজনৰ মতে নাকা’ম’ত’ৱে অজ্ঞাতবাসলৈ যোৱাৰ পূৰ্বে দহ লাখ বিটকইন আহৰণ কৰিছিল। যাৰ আজিৰ তাৰিখত বজাৰ মূল্য প্ৰায় ৫১ হেজাৰ ২৮৩ কোটি টকা (১বিটকইন = ৮,০১৩ ডলাৰ ধৰা হৈছে। এই ছিৰিজটোৰ প্ৰথম খণ্ডটো লিখোতে সেই মূল্য প্ৰায় ১১,৮০০ ডলাৰ আছিল।)।

জ’ন হ’পকিন্স ইউনিভাৰ্ছিটিৰ ক্ৰিপ্ট’কাৰেন্সিৰ প্ৰফেছৰ মেট গ্ৰীনৰ মতে নাকাম’ত’ৰ বিটকইনৰ বজাৰ ডুবোৱাৰো সক্ষমতা আছে। কাৰণ তেওঁ মুঠ খনন কৰিব পৰা বিটকইনৰ প্ৰায় ৫ শতাংশৰ গৰাকী। যদিহে এই বিশাল বিটকইনৰ ভাণ্ডাৰ বজাৰত একেসময়ত এৰি দিয়ে নিশ্চয়কৈ বিটকইনৰ চাহিদাতকৈ যোগান বাঢ়ি যোৱাৰ সম্ভাৱনা প্ৰবল।

বিটকইনৰ লেনদেনক বৈধতা প্ৰদান আৰু নতুন বিটকইন সৃষ্টি কৰা প্ৰক্ৰিয়াটোৰ বাবে উন্নত কম্পিউটাৰ আৰু আনুষংগিক যন্ত্ৰ-পাতিত বিনিয়োগৰ প্ৰয়োজন হোৱাৰ উপৰি অবিশ্বাস্যধৰণে এক বিপুল পৰিমাণৰ বিজুলী শক্তিৰ প্ৰয়োজন হয় ।digiconomist.net নামৰ চাইটটোৱে দিয়া তথ্য অনুসৰি সামগ্ৰিকভাৱে বিটকইন নেটৱৰ্কে বৰ্তমান যি পৰিমাণৰ বিজুলী শক্তি খৰচ কৰে সেয়া প্ৰায় ৫৭ লাখ ৫৮ হেজাৰ জনসংখ্যাৰ ছিংগাপুৰে কৰা মুঠ বিজুলী শক্তি খৰচৰ প্ৰায় সমান। পৃথিৱীৰ মুঠ বিজুলী শক্তিৰ খৰচৰ ০.২১ শতাংশ। এই খৰচ আহিবলগীয়া দিনত বৃদ্ধি হোৱাৰহে সম্ভাৱনা প্ৰবল। একমাত্ৰ খৰচৰ দৃষ্টিকোণেৰেই নহয়, লগতে প্ৰক্ৰিয়াটোত কাৰ্বন-ডাই-অক্সাইড নিৰ্গমণৰ জৰিয়তে হ’ব পৰা পৰিবেশ হানিৰ কথাও প্ৰাসংগিকভাৱেই চৰ্চালৈ আহিছে। কাৰণ খননত ব্যৱহাৰ হোৱা বহু বিদ্যুৎ শক্তি কয়লাৰ পৰা আহৰণ কৰা হয়। এই কথাবোৰলৈ লক্ষ্য ৰাখি দেশ একোখনৰ চৰকাৰে বিটকইনৰ প্ৰতি কেনে মনোভাব পোষণ কৰিব সেয়াও অনাগত দিনত লক্ষণীয় হ’ব।
(৪)
বিনিয়োগৰ প্ৰসংগ ওলালে সেইখন পৃথিৱীৰ প্ৰজ্ঞাবান ব্যক্তিসকলে কি কয় তাক জানিবলৈ চেষ্টা কৰা ভাল। সেয়ে ক্ৰিপ্ট’কাৰেন্সিৰ সম্পৰ্কে পৃথিৱীৰ এজন সৰ্বকালৰ সফল বিনিয়োগকাৰী ৱাৰেন বাফেটৰ অভিমত কি তাক জানো আহক। ‘চি এন বি চি’ক দিয়া এটা সাক্ষাৎকাৰত তেওঁ কৈছে যে প্ৰায় নিশ্চিতভাৱেই তেওঁ ক’ব পাৰে যে ক্ৰিপ্ট’কাৰেন্সি এটা বেয়া সমাপ্তিৰ ফালে আহি আছে। কিন্তু কেতিয়া, কেনেকৈ সেয়া হ’ব তেওঁ নাজানে। অলপ ধেমেলীয়াকৈ তেওঁ আৰু কৈছে যে যিবিলাকৰ বিষয়ে তেওঁ অলপ জানে বুলি বিশ্বাস কৰে, সেইবিলাকতেই তেওঁ যথেষ্ট সমস্যাৰ মাজত। কিয় সেইবোৰত বিনিয়োগ কৰিবলৈ যাব, যিবোৰৰ বিষয়ে তেওঁ নাজানে? ইয়াত লুকাই থকা ধুনীয়া উপদেশটো হৈছে – যিটোৰ সম্বন্ধে তোমাৰ ধাৰণা নাই, তেনে দ্ৰব্যত বিনিয়োগ নকৰিবা। আপুনি যদি ক্ৰিপ্ট’কাৰেন্সিৰ এজন উগ্ৰ সমৰ্থক তেন্তে বাফেটক আক্ৰমণ কৰিব পাৰে – নতুন দিনৰ অৰ্থনীতিৰ সম্পৰ্কে অৱগত নোহোৱা এজন পুৰনিকলীয়া মানুহ বুলি। ভাবিব পাৰে - তেওঁৰ কথাত গুৰুত্ব দিয়া মানে সুযোগ অপচয় কৰা বুলি। নিশ্চয় পাৰে। কিন্তু মজাৰ তথ্য এটা জানি থওক যে তেওঁ ২০০০ চনৰ আগতেই তেনে অপবাদ পাই থৈছে। যেতিয়া “ডট কম বুৰবুৰণি”ত প্ৰায় সকলো বিনিয়োগকাৰীয়েই আচ্ছন্ন আছিল, তেওঁ ইণ্টাৰনেটৰ ভিত্তিত নিৰ্মাণ হোৱা কোনো কোম্পানীত বিনিয়োগ কৰা নাছিল। ইয়াৰ বাবে আনকি “বাৰ্কিশ্বায়াৰ হাথাৱে” নামৰ তেওঁৰ বিনিয়োগ কোম্পানীটোৰ যোগেদি বিনিয়োগ কৰা বহু বিনিয়োগকাৰীৰ সমালোচনাৰ সন্মুখীন হৈছিল। আনকি বহু বিনিয়োগকাৰী তেওঁৰ কাষৰ পৰা আঁতৰিও গৈছিল। কিন্তু যেতিয়া ২০০০ চনত সেই বুৰবুৰণি ফুটিল, সকলোৱে তেওঁৰ সিদ্ধান্তত প্ৰজ্ঞা বিচাৰি পালে। আজিকালি ভাল বিনিয়োগ সিদ্ধান্তৰ উদাহৰণ হিচাপে ব্যৱহাৰ হয় বাফেটৰ সেই স্থিতি।

প্ৰায় একে সুৰতেই ক্ৰিপ্ট’কাৰেন্সিৰ বিষয়ে কৈছে ২০১৩ চনৰ অৰ্থনীতিৰ ন’বেল স্মাৰক বঁটা বিজয়ী ৰবাৰ্ট শ্বিলাৰেও। বিটকইনে কেইবাটাও শতিকাৰ পূৰ্বে নেদাৰলেণ্ডত হোৱা “টিউলিপ মেনিয়া”ক মনত পেলাই দিয়া বুলি শ্বিলাৰে কৈছে এটা সাক্ষাৎকাৰত। লগতে কৈছে যে বিটকইনৰ একো মূল্য নাই যদিহে মূল্য আছে বুলি এটা ঐকমত্য নাথাকে (বিনিয়োগকাৰীৰ মাজত)। অৱশ্যে তেওঁ আৰু কৈছে যে বিটকইন ১০০ বছৰলৈও থাকিব পাৰে, কিন্তু সম্পূৰ্ণভাৱে ধ্বংস হোৱাৰ সম্ভাৱনা প্ৰবল।

তথাপিও ধৰি ললো, ক্ৰিপ্ট’কাৰেন্সিৰ ভৱিষ্যত উজ্জ্বল। কিন্তু আমাৰ দেশৰ অৰ্থনীতিলৈ ইয়াৰ অৰিহণা কেনে হ’ব? ধন বিনিময়ৰ গোপনীয়তা আৰু বিকেন্দ্ৰীভূত অৰ্থ ব্যৱস্থাক ক্ৰিপ্ট’কাৰেন্সিৰ সুবিধা বুলি প্ৰচাৰ চলিলেও দেশৰ অৰ্থব্যৱস্থাক ই কেনেদৰে উপকৃত কৰিব তাক অনুমান কৰিবলৈ মই এই মুহূৰ্তত অসুবিধা পাইছোঁ। ধন বিনিময়ত সম্পূৰ্ণ গোপনীয়তা মানে সমাজ বিৰোধীৰো ধন প্ৰবাহৰ মাধ্যম হোৱাটো খাটাং। ইফালে নিজৰ দেশৰ অৰ্থনীতিত ধনাত্মক প্ৰভাৱ পেলাবলৈ সঠিক মুদ্ৰানীতিৰ জৰিয়তে দেশ একোখনৰ কেন্দ্ৰীয় বেংকে অহৰহ যত্ন কৰি থাকে। লগতে চেষ্টা কৰে দেশখনৰ মুদ্ৰাৰ চাহিদা আৰু যোগানত ভাৰসাম্য ৰাখিবলৈ। যাতে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰাৰ বজাৰত দেশখনৰ মুদ্ৰাৰ মান সুস্থিৰ হৈ থাকে আৰু মানুহৰ আস্থা অটুত থাকে। খুব বেছি উত্থান-পতন সেই মুদ্ৰাৰ নিয়মীয়া ব্যৱহাৰকাৰীৰ বাবে অসুবিধাজনক। সেই ফালৰ পৰা কোনো নিয়ন্ত্ৰক নোহোৱা, মাত্ৰ বিনিয়োগকাৰীৰ সামূহিক ঐক্যমতে দাম নিৰ্ধাৰণ কৰা মুদ্ৰাৰ যদি খুব বেছি দাম বাঢ়ে তেতিয়া মানুহে সেই মুদ্ৰা খৰচ নকৰি ৰাখিহে থ’ব। তেনে কৰাত চাহিদাতকৈ যোগানৰ অভাৱ ঘটি দাম অধিক বৃদ্ধিহে পাব। অন্যহাতে যিবিলাক বিত্তীয় দ্ৰব্যৰ নিজস্ব কোনো মূল্য নাথাকে, সেইবিলাকৰ পৰা প্ৰকৃত লাভ তেতিয়াহে হ’ব, যেতিয়া বিনিয়োগকাৰীয়ে সেইবোৰ বিক্ৰী কৰি নিজৰ লাভ আন সম্পদলৈ বা টকালৈ (আমাৰ দেশৰ ক্ষেত্ৰত) নিব। যদি অধিক সংখ্যক বিনিয়োগকাৰীয়ে একে সময়তে সেই পৰিকল্পনা কৰে তেতিয়া বজাৰলৈ সেই ক্ৰিপ্ট’কাৰেন্সিৰ যোগান চাহিদাতকৈ বেছি হ’ব আৰু দাম কমিবলৈ ল’ব। মুঠৰ ওপৰত ক্ৰিপ্ট’কাৰেন্সিৰ বজাৰ উত্থান-পতনেৰে ভৰা হোৱাৰ সম্ভাৱনাই প্ৰবল। তদুপৰি শক্তিশালী বিত্তীয় নিয়ন্ত্ৰকৰ অধীনত নোহোৱা হেতুকে এই মুদ্ৰাক লৈ বহুতে লুণ্ঠনৰ জাল মেলাৰো আশংকা নোহোৱা নহয়। বৈধ বীমা কোম্পানীৰ পলিচী বিতৰণৰ নামত ঠগনৰ লক্ষ্যৰে প্ৰতিষ্ঠা হোৱা কোম্পানীবোৰৰ কথা আপুনি হয়তো পাহৰা নাই।

প্ৰিয় পাঠক, সাধুৰ শেষত সাধুটোৰ অন্তনিৰ্হিত নীতিকথা লিখি দিয়াৰ দৰে মোৰ আপোনালোকলৈ আবেদন - যদি আপুনি সীমিত সামৰ্থৰে ভৱিষ্যতৰ লক্ষ্য কিছুমানলৈ বুলি বিনিয়োগ কৰিব খুজিছে, বিটকইনজাতীয় ক্ৰিপ্ট’কাৰেন্সিত বিনিয়োগ কৰাৰ পৰা বিৰত থাকক। ইয়াৰ বিপৰীতে বাজি বা লটাৰীত টকা দলিয়াই শেষত একো নাপালেও হাঁহি হাঁহি তেনে পৰিণতি হজম কৰিব পৰাকৈ আপুনি সচ্ছল, তেন্তে মই বাধা নিদিওঁ। 
অৰ্থনৈতিক পৰামৰ্শদাতা বৰুৱাদেৱৰ সময়োপযোগী লেখাটি অসমীয়া প্ৰতিদিনৰ পাততো পূৰ্বতে চাৰিটা খণ্ডত প্ৰকাশ পাইছে। তেখেতৰ লেখাবোৰ একত্ৰে পঢ়িবলৈ ক্লিক কৰক সুখ-দুখৰ লিংকঃ https://www.xukhdukh.com/search/label/BHASKARJYOTI-BARUAH?&max-results=6

3 comments: