চিন্তন - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Assamese LIFELINE on SOCIAL MEDIA

সামাজিক যোগসূত্ৰৰ মঞ্চত ইতিবাচক বাৰ্তাবাহক
ভাল খবৰ ভাল সমল, পঢ়ি লভক আনন্দ বিমল

Post Top Ad

Responsive Ads Here
হিন্দুত্ববাদীঃ অসমীয়াৰ নতুন 'স্বয়ম্ভু অভিভাৱক'! 
অজয় লাল দত্ত
অসম কোনোবা দিনা 'হিন্দু ৰাষ্ট্ৰ' আছিলনে? পুৰণি অসম বুলিলে সাত ভনীকো ধৰিব পাৰে, বা পাটকাই পাৰ হৈ অহা সকলৰ শাসনতকৈ ন-পুৰণি দিনবোৰো জোকাৰি চাব পাৰে! অসম কোনো 'হিন্দু ৰাষ্ট্ৰ'ৰ সৈতে 'হিন্দুত্ববাদী'ৰ হুকুমত চলিবলৈ চলিবলৈ চামিল হৈছিল নেকি? এই প্ৰশ্নবোৰ আজি নকৈ থিয় দিছে বুলি অনুভৱ কৰিছো।

শংকৰদেৱৰ নামঘৰত দেখোন সকলো ধৰ্ম-জাতিৰ লোককে আদৰি লোৱাৰ কথা শুনো! শাক্ত আৰু আন ঠালৰ শুদ্ধিকৃত, বিশ্লেষিত ৰূপত বৈষ্ণৱ ধৰ্মই শিপা মেলিছিল। সেই যুগতে জাত-পাতৰ বিচাৰ নাশিছিল গুৰুজনাই। জনজাতীয় সূৰ্য, বাথৌ আদি ধৰ্মীয় বিশ্বাসৰ চৰ্চাও হৈছিল। খাচী-গাৰো-জয়ন্তীয়া-কাৰ্বিৰ একাংশৰ মাজত এতিয়াও বাহাল থকা মাতৃতান্ত্ৰিকতা বাদ দি সবাৰো উৰ্ধৰ আদিমাতৃ কামাখ্যকেন্দ্ৰিক সভ্যতা সংস্কৃতিৰো বিকাশ নহ'লহেতেন! আনকি যোগিনী তন্ত্ৰৰ মতে কামৰূপত চলা কৈৰাতজ ধৰ্মত জাতি-ধৰ্ম-বৰ্ণৰ সম্প্ৰীতিক আগস্থান দিয়া হৈছিল। হাঁহ-কুকুৰা-গাহৰি সকলো খাব পৰা, ইয়াত সন্যাস ধৰ্ম বা দীৰ্ঘ ব্ৰতৰো প্ৰভাৱ নাছিল। আনকি ইছলাম ধৰ্মৰ প্ৰচাৰক ৰূপে অহা আজান ফকীৰো আছিল সমন্বয়ৰ প্ৰতীকহে। জিকিৰ-জাৰীৰ দৰে সাংস্কৃতিক সমলেৰে অসমীয়াৰ ভঁৰালহে চহকী কৰিছিল তেৰাই! আনকি খ্ৰীষ্টান সকলেও অসমীয়া ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ হকেও কাম কৰিহে নিজা ধৰ্মৰ বাণী প্ৰচাৰ কৰিছিল। বহু অভ্যন্তৰ, পাহাৰে-কন্দৰে ভিতৰুৱা দুৰ্গম অঞ্চলত চিকিতসা সেৱা, শিক্ষাৰ আলোক বিলাই মানুহৰ মন জিনিছিল। এই ধৰ্মলৈ আকৰ্ষিত হোৱা বেছি ভাগেই আছিল, সামাজিক ভাৱে আগবঢ়া তথা ধৰ্ম-সমাজ আদিৰ নীতি-নিয়ম, জাত-পাত-বৰ্ণৰ বিচাৰ কৰি আনক হেয় কৰা তথাকথিত উচ্চ-বৰ্গৰ লোকৰ দ্বাৰা অৱহেলিত শ্ৰেণীহে।

স্বাধীনতা আন্দোলনৰ সময়তো অসমত এই ধৰ্মীয় বিভেদ প্ৰকট হৈ ব্যাপ্ত ৰূপ লোৱা নাছিল। দেশ-বিভাজনৰ সময়ৰে পৰাই ভাৰতৰ আন প্ৰান্তৰ দৰেই 'ভাৰতীয় উচ্চবৰ্ণৰ একাংশৰ হিন্দুত্বৰ উগ্ৰ চিন্তাৰ' কুটিল ফচল চৌপাশে বিয়পিবলৈ ধৰে। প্ৰতি কথাতে হিন্দু ধৰ্মৰ নাম লোৱা, হিন্দুস্তান কেৱল হিন্দুৰহে ধাৰণাৰে পৰিচালিত লোকসকলে এইখন দেশৰ সৃষ্টিৰ সময়চোৱাৰে পৰাই 'ধৰ্ম-নিৰপেক্ষ' চৰিত্ৰক ক্ষুন্ন কৰাৰ বাবে চেষ্টা চলাই আহিছে। আনকি ধৰ্ম-নিৰপেক্ষতাৰ পক্ষে মাত মতাৰ বাবেই এই সকলৰ ঘৃণনীয় বক্তৃতাত প্ৰৰোচিত হৈ জাতিৰ পিতাৰ বুকুত বাৰুদ গুজি দিবলৈকো কুণ্ঠাবোধ নকৰিলে। আনকি চৰ্দাৰ বল্লভ ভাই পেটেলৰ এখন চিঠিৰ উদ্ধৃতি দিয়া এটা লেখাত পঢ়িলো, এই হত্যাত উল্লাসিত হৈ সংগঠনটোৰ কৰ্মীয়ে বিলাইছিল মিঠায়ো!

যিখন দেশত প্ৰাক্-স্বাধীনতা কালতে ৰাজা ৰামমোহন ৰায়ে হিন্দু ধৰ্মৰ সংস্কাৰ সাধনৰ কথা কৈছিল, সতী-দাহ বন্ধ কৰা, বিধৱা বিবাহৰ প্ৰচলন, নাৰীৰ শিক্ষাৰ দৰে প্ৰশংসনীয় পদক্ষেপ লৈছিল। কেৱল ধৰ্ম কৰ্ম নহয়, সেৱাৰ সৈতে ইয়াক যুক্ত কৰি ৰবীন্দ্ৰ নাথ ঠাকুৰৰ পিতৃ দেৱেন্দ্ৰ নাথ ঠাকুৰৰ সৈতে মিলি বাহ্ম সমাজ প্ৰতিষ্ঠা কৰিছিল। সেই ৰবীন্দ্ৰই সেই ধৰ্মৰ পৰিসীমা নেওচি সংস্কৃতিৰ বৰঘৰ সাজি, বসুদৈব্য কুটুম্বমৰ বাণী গুঞ্জৰিত কৰি সমাজৰ অসূয়া-প্ৰীতি, বিভেদ নাশ কৰাৰ চেষ্টা কৰি গোটেই বিশ্ববাসীকে আপোন বুলি ভবাৰ বিশাল হৃদয়ৰ পৰিচয় দিছিল, তেওঁলোকো কিন্তু হিন্দুৱেই আছিল!

এতিয়া যিখন ৰাজ্যত ভ্ৰূণ হত্যাৰ অভিলেখ, কণ্যা জন্ম হ'লে পানী কেঁচুৱাতে নিমখ মুখত দি হত্যা কৰে, যৌতুকেই যাৰ মূল কাৰণ, নাৰী সৰবৰাহেৰে মাতৃ কিনে গৰীৱ হিন্দু পৰিয়ালৰ! তাতো আকৌ শাসন চলায় হিন্দুত্ববাদৰ 'সাংস্কৃতিক আন্দোলন'ৰ গুৰি ধৰা সংস্থাৰ নিযুক্ত প্ৰতিনিধিয়ে। ইফালে তালফাল লগায় বোলে মুছলিমৰ বৃদ্ধিৰ হাৰ ৪শতাংশতকৈ অধিক হৈছে, ভয়ংকৰ। হেৰৌ, নিজৰ সমাজত জন্মিব লগা ভৱিষ্য মাতৃ সকলক যদি কলিতে টেটু-চেপি মাৰাই তোমালোকৰ 'সংস্কৃতি', তাত বংশবৃদ্ধিৰ হাৰ হবইবা ক'ৰ পৰা? যিয়ে এতিয়াও বংশ-জাত-পাতৰ কথাৰে একেখিনি হিন্দুকে ভাগ ভাগ কৰে। উচ্চ-নিম্নৰ বিচাৰেৰে এই আধুনিক একবিংশ শতিকাটো হেয় কৰিবলৈ চায়, তেওঁলোকে আচলতে ৰাজা মোহন ৰায়ৰ পৰা শিকিব নোৱাৰিলেও এতিয়া অগ্ৰণী মুছলিম সমাজৰ পৰাই এইবোৰ বিষয়ত শিক্ষা লোৱা উচিত। অন্ততঃ জাত-পাত, যৌতুক, কণ্যা সন্তানৰ বিষয়বোৰত! আৰু তাৰেই স্বধৰ্মৰ বুলি ভবা সমাজবোৰত যোগাত্মক সংস্কাৰ সাধন কৰি আদৰ্শ দেখুৱাওকচোন। দৰিদ্ৰ হিন্দু সকলকে আৰ্থিক ভাৱে সৱল কৰি শিক্ষিত, আগৰণুৱা আৰু আধুনিক সমাজৰ অংশীদাৰ কৰক! অসমীয়া মানুহৰ সমাজ অন্তত ওপৰোক্ত বৈশিষ্ট্য থকা 'ঠেক হিন্দুত্ববাদী চিন্তা-ভাৱনা'ৰ অংশ কোনোকালেই নাছিল বুলি দাঠি কব পাৰো। আনকি পথৰুঘাটৰ আগ্নেয়াস্ত্ৰবিহীন প্ৰতিবাদ আছিল হিন্দু-মুছলমান-বৌদ্ধ ভিক্ষুকে ধৰি ভিন্ন জনগোষ্ঠীৰ লোকৰ প্ৰথম অসাম্প্ৰদায়িক কৃষক গণ বিদ্ৰোহ।

প্ৰাগ নিউজত এক আলোচনাত অসম আৰু অসমীয়াৰ অস্তিত্ব সংঘ পৰিয়ালে নিশ্চিত কৰিব বুলি এজনে দম্ভালি মৰা শুনিয়েই কথাবোৰ বিচাৰ কৰি চাইছো। কিছু জনজাতীয়, কিছু মংগোলীয়, কিছু উদাৰ আৰু বিশাল হিন্দু ধৰ্মৰ সংশ্লেষিত উপাদানেৰে গঠিত একশৰণ নামধৰ্ম, আজান ফকীৰৰ বাণীৰে একেসুৰত জিকিৰ-লোকগীত গোৱা সহবাসী মুছলিম আৰু ন-কৈ যীশুৰ বাণীৰ পোহৰ পোৱা অৰ্ধ-জনজাতীয় এখন সমাজৰ 'অস্তিত্ব' ৰক্ষাৰ দ্বায়িত্ব এই কট্টৰপন্থী ভাৰতীয় উচ্চবৰ্ণীয় হিন্দুত্ববাদীক কোনে তুলি দিলে, তাকে লৈয়ো উদ্বিগ্ন অনুভৱ কৰিছো! সৰ্বধৰ্মৰে সংমিশ্ৰিত অসমবাসীয়ে এইসকললোকৰ হাততে নিজৰ ভূত-ভৱিষ্যত
সঁচাই গতাই দিব বিচাৰিবনে, সেই প্ৰশ্নৰো অৱতাৰণা কৰিব খুজিছো।

গোটেই ভাৰতবৰ্ষকে হিন্দু ৰাষ্ট্ৰ বনাম বুলি সংবিধান ঘোষিত 'ধৰ্ম-নিৰপেক্ষ' সত্তাক আঘাত সানিবলৈ ব্ৰেইন ৱাচ কৰা কৰ্মী বাহিনী গঢ়ি, 'সাংস্কৃতিক সংগঠন'ৰ বেনাৰত আচলতে এয়াও এক আগ্ৰাসনৰ কুচকাৱাজেই চলা নাইনে। ইয়াৰ ভেঁটি গোড়া হিন্দুত্ব হ'লেহে উচ্চ বৰ্ণৰ মানুহৰ হাততে চিৰদিন ক্ষমতা থাকিব, নিম্ন বৰ্গৰ মানুহৰ ভাগ্য নিয়ন্তা হৈ থাকিব পাৰিব, চলি থাকিব জাত-কুলৰ নিৰ্লজ হিচাবো! বিৰাট সুখময়(?) 'হিন্দু ৰাষ্ট্ৰ'ৰ সপোন তাৰ বাবে সাধাৰণ হোজা তথা তেওঁলোকে গাধ বুলি ভবা জনতাৰ বাবে সমুখত বান্ধি দিয়া লোভনীয় গাজৰহে! সেই কথাও আজি ধনৰ বলত প্ৰযোজিত তথা মেনেজ হোৱা মেডিয়াৰ প্ৰচাৰত ভোল যোৱা আৰু ৰাজনীতিৰ ক্ষমতাৰ নিচাৰ সৈতে ধৰ্মৰ আফিংৰ ককটেইলত ক্ষণিকৰ বাবে মতলীয়া হোৱা সকলক বুজাবলৈ কঠিনেই! আচল লক্ষ্য যে কাৰোবাৰ স্বাৰ্থত ৰাজনৈতিক ক্ষমতা হস্তগত কৰাহে।

আৰু তাৰ বাবেই বিশাল হিন্দু শব্দৰ আওতালৈ আনিব পৰা ঠাল-ঠেঙুলিকো সাঙুৰি লোৱাটো এটা গভীৰ আৰু দীৰ্ঘদিনীয়া পৰিকল্পনা। এই পৰিকল্পনাৰ অংশ হিচাবেই উচ্চ-বৰ্ণৰ হিন্দু সকলৰ হাততহে নেতৃত্ব থকা এই সংগঠনে ছায়া-যুদ্ধত নামি পৰে। আৰু জানি বা অজানিতে এই হাতোৰাত সোমাই পৰি অসম আৰু অসমীয়াই এতিয়া কক-বকাব লগা অৱস্থাৰ সৃষ্টি হৈছে। লাচিত যে ভাৰতীয় সাম্ৰাজ্যবাদৰ বিৰুদ্ধে ইছলামধৰ্মী যুদ্ধাৰ সৈতে মিলি যুঁজ দিয়া বীৰ আছিল, সেই ছবি মচি পেলাব বিচৰা হৈছে! তেওঁক ৰাষ্ট্ৰীয় স্তৰত 'ভাৱমূৰ্তি অপহৰণ' কৰি স্থাপন কৰিব খোজা হৈছে, মোগল মানে মুছলিম বিৰোধী যুঁজাৰু ৰূপেহে। শংকৰদেৱৰ ধৰ্ম-নিৰপেক্ষ সত্তাক আন্ধাৰতে ৰাখি 'হিন্দু-সন্ত' ৰূপেহে প্ৰক্ষেপণৰ চলিছে প্ৰয়াস! যিদৰে বিপ্লৱী বিষ্ণুপ্ৰসাদ ৰাভাৰ সত্তাৰ পৰা বিপ্লৱ তথা শ্ৰেণীহীন সংগ্ৰামক বিচ্ছিন্ন কৰি তেওঁক কেৱল 'কলাগুৰু' কৰি শ্ৰেষ্ঠ নৃত্য-গীত বিশাৰদৰ পৰিচয় দিয়া গৈছে, ঠিক একেদৰেই! আনকি কুমাৰ ভাস্কৰ বৰ্মনে ঘৃণা কৰা 'দাস' শব্দকো নেওচা দি আমি আৰ্যকৰণৰ আগ্ৰাসনত নিজস্বতা হেৰুৱাই পেলোৱাৰ উপক্ৰম হৈছো।


অসম আন্দোলনতো সংঘ পৰিয়ালে আঁৰৰ পৰা সূত্ৰধাৰ হৈ নিয়ন্ত্ৰণ কৰাৰ কথা ফটোসহ পোহৰলৈ অহাৰ পাছতে, জাতীয়তাবাদী সকলৰ উগ্ৰতা বৃদ্ধিৰ ইয়ো কাৰক আছিল বুলি বুজিব পাৰি। গণহত্যাৰ কথাবোৰ জানো পাহৰিব পাৰি? 'অসমৰ একালৰ বাংলাভাষী বিদ্বেষ' আৰু 'বাংলাদেশী বিদ্বেষ'ক নিজৰ ষড়যন্ত্ৰেৰে কেৱল 'বাংলাদেশীমূলৰ মুছলমান' বিদ্বেষলৈ নিৰৱে ৰূপদান কৰা হ'ল। "যিকোনো হিন্দুৰে বাসস্থান এই হিন্দুস্তান", নীতিক প্ৰতিফলিত কৰিয়েই এতিয়া অসম আন্দোলনে দাবী কৰা ১৯৭১চনৰ পাছত সোমোৱা ধৰ্ম-নিৰ্বিশেষ বাংলাদেশী বহিস্কাৰৰ বাবে কৰা অসম চুক্তিকো নস্যাত কৰি পেলোৱা হ'ল! বাংলাদেশৰ সৈতে ভাৰতীয় টিবিউনেলে চিনাক্ত কৰা বিদেশী প্ৰত্যাপৰ্ণৰ বাবে চুক্তি কৰাৰ বাবে ভূমি হস্তান্তৰকৰণৰ সময়তে হেঁচা দিয়াৰ সুযোগটোও এৰি দিলে সংঘৰ প্ৰতিনিধিয়ে চলোৱা এইখন কেন্দ্ৰীয় চৰকাৰে। তাৰ সলনি আম্বানী আৰু আদানীৰ বাবে ৩৪৪একৰতকৈ অধিক ভূমিত স্পেচিয়েল ইকনিমক জ'ন গঢ়ি দিলে বাংলাদেশৰ মাটিত!

যি সময়ত অসমৰ থলুৱা লোক সকলে অন্তঃকৰণেৰে দীৰ্ঘদিনীয়া বিদেশী সমস্যাৰ ওৰ পৰক, অসম এনেকুৱা জেঙত লাগি থকাতকৈ বিকাশৰ পথলৈ উঠক বুলি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণৰ প্ৰক্ৰিয়াত হাত উজান দিলে। বানে প্ৰতিবছৰেই ঘৰ উটুৱাই নিয়াৰ পাছত, সাম্প্ৰদায়িক সংঘৰ্ষত ঘৰ-জ্বলি যোৱাৰ পাছতো নথি বিচাৰি হাবাথুৰি খালে! এসাজ খাবলৈ চিন্তা কৰা গঞাই পৰিয়ালৰ ফটো তুলি, জেৰক্স কৰি, ফৰ্ম ফিলাপ কৰোৱাই লঘোণে থাকিল। তথাপি নথি দি ভূমিপুত্ৰ, খিলঞ্জীয়া বাসিন্দাই জন্মভূমিতে নাগৰিকপঞ্জীত নাম তুলি 'ভাৰতীয়' হবলৈ প্ৰমাণ দিব লগা হ'ল, দিলে! তাৰ পাছতো এতিয়া কেৱল 'হিন্দু' হোৱাৰ কৃৰ্তিত্বৰে হিন্দু-হৃদয় সম্ৰাটৰ বিশালতাৰ উদাহৰণ দাঙি ধৰি বাংলাদেশী হিন্দুক দিলে কোনো নথিৰে প্ৰমাণ দিব নলগাকৈ এইভূমিত ভাৰতীয় হোৱাৰ অধিকাৰ! নিৰ্লজ কথা নহয়নে, 'পূৰ্ণ হিন্দু' নোহোৱা অৰ্ধ-জনজাতীয় সংমিশ্ৰিত সমাজখনৰ বাবে!
এই দিনটোৱেই সুধাকণ্ঠ ভূপেন হাজৰিকাই "আজিৰ অসমীয়াই নিজক নিচিনিলে, অসমতে ভগনীয়া হব" বুলি কৈ যোৱা ভৱিষ্যত বাণীৰ 'দুৰ্ভাগ্যপূৰ্ণ' দিনটো নাছিলনে, সেইটোও ৰাইজে বিচাৰ কৰক! অৰ্ধ-জনজাতীয়, সংমিশ্ৰিত জাতি সত্তাৰ সম্প্ৰীতিময় অসম আৰু অসমীয়াৰ ভৱিষ্যত এই সকল ঠেক, মৌলবাদী চিন্তাৰ উচ্চ বৰ্ণীয় তথাকথিত ভাৰতীয় হিন্দুত্ববাদৰ প্ৰতিভূ অথচ আমাৰ হাৱা-পানী, ইতিহাস, স্বাৰ্থ আৰু স্বাধীনমনা সত্তাৰ লগত সম্পৰ্ক নথকা এই “স্বয়ম্ভু অভিভাৱক”ৰ হাততে তুলি দিলে আমাৰ গতি কি হব এতিয়াই অনুধাৱন কৰক।


প্ৰশ্ন হৈছে, বানত ককবকাই থকা লাখ লাখ অসমীয়াক চাবলৈ, খৰালি পোন্ধৰ দিনে প্ৰতি উত্তৰ-পূৱ ভ্ৰমণেৰে কামাখ্য দৰ্শনলৈ অহা 'হিন্দু' ৰাষ্ট্ৰীয় নেতা-মন্ত্ৰীবোৰ এতিয়া নোহোৱা হ'ল কিয়? অসমৰ জনতাক পণবন্দী কৰি গোপনে নিৰ্মাণৰ কাম চলাই থকা সোৱণিশিৰি নদীবান্ধ প্ৰকল্পৰ ঠিকনাও সন্তৰ্পনে অসমৰ পৰা নি অৰুণাচল কৰিলে, খবৰ মাধ্যমতো বাতৰি নচলিল। ইফালে, অসমৰ নৈ পৰীয়া মানুহৰ পঁজা উজ্বলোৱাৰ বাবে থলুৱা নৈৰ বিজুলী কিনিব পাৰিব নোৱাৰিব ঠিক নৌ-হওতেই অসমৰ পৰা উত্তৰ-প্ৰদেশৰ আগ্ৰালৈ বিজুলী কঢ়িয়াবলৈ পৰিবহনৰ উচ্চ ক্ষমতাৰ তাঁৰ সংযোজনৰ নেটৱৰ্ক উদঘাটন কৰি কেন্দ্ৰ সাজু হলেই। আমাৰ মানুহে বাংলাদেশী-মুছলিম বিদ্বেষ প্ৰতিপালন কৰি, ৰাষ্ট্ৰবাদীৰ কোলাত উঠি পোষ্য পুত্ৰ হৈ ক্ষমতাৰ সোৱাদ লোৱাৰ নিৰ্লজ্জ কুচকাৱাজ কৰি থাকোতেই গৈছে। এই সন্ধিক্ষণত ধৰ্মীয় উন্মাদনাৰ নতুন নিচাৰ পৰা বাহিৰলৈ ওলাই আহি অসমবাসীয়ে শীতল মগজুৰে ভৱিষ্যতৰ দিশ নিৰ্ণয় কৰিবৰ হ'ল। সমন্বয়ৰ ইতিহাসৰ ভিত্তিত স্বকীয় চেতনাৰে অসমীয়াৰ অস্তিত্ব ৰক্ষা কৰিব হ'ল, জাগক, আপোনাৰ ভৱিষ্যত আপোনাৰ হাততেই, সেয়াও নিশ্চিত।

2 comments:

Post Bottom Ad

Responsive Ads Here

Pages