সম্পাদকলৈ চিঠি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সম্পাদকলৈ চিঠি

সম্পাদকলৈ চিঠি

Share This
স্মৃতিগ্ৰন্থৰ লেখকৰ প্ৰতি 
সম্পাদনা সমিতিৰ দ্বায়িত্ববোধ
ড° বুলজিৎ বুঢ়াগোহাঁই

মাননীয় সম্পাদক মহোদয়, 
বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠান তথা দল-সংগঠনে বিভিন্ন উপলক্ষে স্মৃতি গ্রন্থ প্রকাশ কৰে । এই স্মৃতি গ্রন্থবোৰত অনুষ্ঠান-প্রতিষ্ঠান তথা দল-সংগঠনৰ লগত জড়িত ব্যক্তিসকলৰ বিষয়ে লিখনি প্রকাশ হয় । তদুপৰি, অনুষ্ঠান-প্রতিষ্ঠান তথা দল-সংগঠনবোৰৰ সমাজ জীৱনলৈ থকা অৱদানৰ বিষয়েও লেখা প্রকাশ হয়। ই অতি ভাল কথা।

এই স্মৃতি গ্রন্থবোৰত প্রকাশৰ বাবে বিভিন্ন জনৰ পৰা লেখা বিছাৰে । যিবোৰ লেখা প্রকাশৰ বাবে উপযুক্ত বুলি বিবেচনা কৰে, তেনে লেখাবোৰ স্মৃতি গ্রন্থবোৰত প্রকাশ কৰে ।

পিছে যিসকলে অনুৰোধ ৰক্ষা কৰি লেখা প্রেৰণ কৰে, তেওঁলোকৰ লেখা প্রকাশ হৈছে নে নাই বহুতো স্মৃতি গ্রন্থ সম্পাদনা সমিতিয়ে লেখকসকলক নজনায় তথা স্মৃতি গ্রন্থৰ ক’পি এটাও লেখকসকললৈ প্রেৰণ নকৰে। এনে কৰা উচিত নহয়।

আমি ভাবোঁ স্মৃতি গ্রন্থ সম্পাদনা সমিতিবোৰে যিসকল লেখকৰ লেখা প্রকাশ পায়, তেওঁলোকৰলৈ স্মৃতি গ্রন্থৰ ক’পি এটা প্রেৰণ কৰিলে ভাল হয় । আশা কৰিছোঁ স্মৃতি গ্রন্থ সম্পাদনা সমিতিবোৰে এই বিষয়ে মন-কাণ দিয়ে যেন, অকল লেখা বিচাৰি অনুৰোধ কৰিলেই নহয়।

No comments:

Post a Comment