পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. শিৱসাগৰৰ শিমলুগুৰিৰ সাহসী ছাত্ৰী গুঞ্জনৰ নামত প্ৰৱৰ্তিত হব ৰাজ্যিক পৰ্যায়ৰ সাহসিকতাৰ বঁটাঃ মুখ্যমন্ত্ৰীয়ে ছাত্ৰী গৰাকীৰ সৈতে ফোন যোগে কথা বতৰা হয় আৰু এই বঁটা প্ৰৱৰ্তন কৰাৰ কথাও ঘোষণা কৰে।


২. পিতৃপুৰষক শ্ৰদ্ধাঞ্জলি জনাই দক্ষিণ আফ্ৰিকা ক্ৰিকেট বৰ্ডে চলিত ভাৰত-দক্ষিণ আফ্ৰিকা ক্ৰিকেট শৃংখলা কৰিলে নেলছন মেণ্ডেলাৰ নামত উৰ্চগাঃ ভাৰততো ভাৰত ৰত্ন সন্মান জনোৱা নেতাজনৰ স্মৃতিত ঘোষণা হ'ল পাঁচদিনীয়া শোক পালন।

৩. আন্দোলনকাৰীৰ সৈতে নামনি সোৱনশিৰি জলবিদ্যুত প্ৰকল্প সন্দৰ্ভত তৃ-পাক্ষিক বৈঠক গঠনমূলক আৰু ফলপ্ৰসূ আখ্যা দিলে শক্তি মন্ত্ৰী প্ৰদ্যুত বৰদলৈয়েঃ এইমাহতে অসমৰ বিশেষজ্ঞ সমিতিৰ সৈতে দেশ-বিদেশৰ বিশেষজ্ঞৰ হব আলোচনা। অখিল গগৈয়ে কলে-"এতিয়াও সম্পূৰ্ণকৈ সন্তুষ্ট নহয়"। 
ছাত্ৰ সন্থাৰ নেতৃত্বত ২৬টা সংগঠনৰ ঘোষণা- "লক্ষ্যৰ দিশে এখোজ আগুৱালো"।

৪. উত্তৰ-পূৱৰ সাংস্কৃতিক ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে কাইলৈ যশস্বী সংগীত পৰিচালক দশৰথ দাস, অভিনেত্ৰী কৃষ্ণা দাস নাথ আৰু দীনদয়াল বাজেৰিয়াক প্ৰদান কৰা হ'ব জীৱনৰাম-মুংগীদেৱী সোঁৱৰণী জীৱনজোৰা সাধনা বঁটাঃ বঁটা প্ৰদান অনুষ্ঠানলৈ আহিব শিল্পী অনুপ জলোটা।
মুম্বাইৰ প্ৰখ্যাত মেহবুব ষ্টুডিঅ'ত চলি থকা
টাইমচ অৱ ইণ্ডিয়া
লিটাৰেৰী কাৰ্নিভেলত অভিনেতা অনুপম খেৰ

৫. ভাৰতত অনুষ্ঠিত হ'ব জুনিয়ৰ বিশ্বকাপ ফুটবলঃ ২০১৭চনৰ অনুৰ্ধ ১৭ বছৰৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ আয়োজনৰ দ্বায়িত্ব দিলে ফিফাই।

৬. নগাঁও জিলাৰ যমুনামুখৰ আগশাৰীৰ শিক্ষানুষ্ঠানে ভৰি দিছে সোণালী জয়ন্তী বৰ্ষতঃ শিক্ষাৰ বন্তি জ্বলোৱা অনুষ্ঠানটোৰ এই বৰ্ষ উদযাপনৰ বাবে চলিছে প্ৰস্তুতি।

৭. অহা ২০১৪ বৰ্ষতে সম্পূৰ্ণ হৈ উঠিব ৰহাস্থিত মীন মহাবিদ্যালয়ৰ সকলো আন্তঃ গাঁথনিঃ স্নাতকোত্তৰ শ্ৰেণীৰ কৰিব আৰম্ভণি, ৪০জন শিক্ষাৰ্থীৰ বাবে হব নামভৰ্তিৰ ব্যৱস্থা।

৮. আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ৰক্ত বিশেষজ্ঞ অধ্যাপক ডাঃ পৱিত্ৰ কুমাৰ গগৈ আমেৰিকান ছ'চাইটি অৱ হেমাট'লজিৰ ৰক্ত বিষয়ক কংগ্ৰেছত যোগদানৰ বাবে আমন্ত্ৰিত হৈ যোগদানৰ বাবে যাত্ৰা কৰিছেঃ উল্লেখযোগ্য যে ইণ্ডিয়ান ছ'চাইটী অৱ হেমাট'লজী এণ্ড ব্লাড টেন্সফিউশ্বন'ৰ অধ্যক্ষৰ দ্বায়িত্ব লাভ কৰা তেখেতেই উত্তৰ-পূৱৰ প্ৰথমগৰাকী ব্যক্তি।

৯. ছিকিমৰ ৰাজ্যপাল তথা মহাৰাষ্ট্ৰৰ প্ৰাক্তন হস্ততাঁত আয়ুক্ত শ্ৰীনিৱাস দাদা চাহেব পাটিলে পৰিদৰ্শন কৰিলেহি শুৱালকুছিৰ ঐতিহ্যমণ্ডিত বস্ত্ৰ শিল্পঃ সোণৰ পদকপ্ৰাপ্ত অসম সমবায় ৰেছম প্ৰতিষ্ঠানত প্ৰৱেশ কৰি বস্ত্ৰ সম্ভাৰ ক্ৰয় কৰি এই মনোৰম শিল্পৰ উত্তৰোত্তৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে।

১০. সাহিত্যৰথীৰ ডেৰশ বছৰীয়া জয়ন্তী স্মৃতি ক্ষেত্ৰত লাইখুঁটা স্থাপিত হ'ল ১৪ডিচেম্বৰৰ পৰা ২২ ডিচেম্বৰলৈ হব লগা নগাঁও গ্ৰন্থমেলাৰঃ মূল মণ্ডপটো সুগন্ধি পখিলাৰ কবি হীৰেণ ভট্টাচাৰ্যৰ নামত উৰ্চগা কৰা গ্ৰন্থমেলাত ৮৪টা প্ৰকাশন গোষ্ঠী আৰু ১৪০টা ষ্টল ইতিমধ্যে যোগদান নিশ্চিত কৰাৰ সুখৰ খবৰ।

১১. পাকিস্তানৰ সাহসী কিশোৰী মালালাসহ পাঁচ ব্যক্তিলৈ ২০১৩ বৰ্ষৰ ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ বঁটাঃ অহা দহ ডিচেম্বৰত অনুষ্ঠিত হবলগীয়া মানৱ অধিকাৰ দিৱসত এই বঁটা প্ৰদান কৰা হব।

১২. বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তী উদয়াপন সমিতিৰ উদ্যোগত আৰু পদাৰ্থ বিজ্ঞান বিভাগৰ সহযোগত অনুষ্ঠিত হল আইচন ধুমকেতু সম্পৰ্কে সজাগতা সভা।

১৩. বঙাইগাঁও শোধনাগাৰত পেট্ৰ'লিয়াম উদ্যোগত গ্ৰহণ কৰিব লগীয়া সুৰক্ষা আৰু স্বাস্থ্য সজাগতা শীৰ্ষক কৰ্মশালা হ'ল অনুষ্ঠিত। 

১৪. বৰ্ষাপাৰা ষ্টেডিয়ামত চলি আছে ৰঞ্জী ট্ৰফিৰ মেচঃ গোৱা দলৰ বিৰুদ্ধে অসম দলে প্ৰথম দিনা সংগ্ৰহ কৰিলে ২৩৬ ৰাণ।

১৫. ২০১৭ চনত ভাৰতত হব লগা জুনিয়ৰ বিশ্বকাপ ফুটবলৰ ৬খন মেচ অসমতো অনুষ্ঠিত হবঃ ফুটবলপ্ৰেমীৰ বাবে ই হৈ পৰিছে এক অন্যতম সুখবৰ।

No comments:

Post a Comment