পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. অহা বছৰ অসমত স্থাপিত হব তিনিখনকৈ চিকিতসা মহাবিদ্যালয়ঃ কোকৰাঝাৰ, ধুবুৰী আৰু লখিমপুৰত স্থাপন কৰা হব এই তিনিখন মহাবিদ্যালয়।
দিল্লীৰ দামিনী কাণ্ডৰ এবছৰ....
শ্ৰদ্ধাঞ্জলিৰে নাৰী সুৰক্ষা নিশ্চিতিৰ প্ৰাৰ্থনা..
২. পূৱ কামৰূপ মহাবিদ্যালয়ত আৰম্ভ হব নেমকেয়াৰ হস্পিতেলৰ সহযোগত লেৱৰেটৰী টেকনিচিয়ানৰ পাঠ্যক্ৰমঃ লগতে ভ্ৰমণ আৰু পৰ্যটন ব্যৱস্থাপনা বিষয়ক পাঠ্যক্ৰমো প্ৰৱৰ্তনৰ বাবে বিশ্ববিদ্যালয় অনুদান আয়োগৰ পৰা লাভ কৰিলে অৰ্থ সাহাৰ্য। অহা বছৰ ফুড প্ৰচেচিঙ আৰু কোৱালিটি মেনেজমেণ্টৰ পাঠ্যক্ৰমো সংস্থাপন লাভৰ উদেশ্যে কলেজখনে প্ৰৱৰ্তন কৰিবলৈ চেষ্টা চলোৱা বুলি সুখৰ খবৰ প্ৰকাশ পাইছে।

৩. উগ্ৰপন্থী দমনৰ নামত শিশু আৰু কিশোৰ হত্যা নকৰিবলৈ আৰক্ষী প্ৰশাসনক কঠোৰ নিৰ্দেশ দিলে মুখ্যমন্ত্ৰীয়েঃ বিধান সবাত প্ৰশ্নোত্তৰ কালত বিধায়ক কমল সিং নাৰ্জাৰীৰ প্ৰশ্নৰ উত্তৰ দি প্ৰকাশ কৰিলে এই কথা।

৪. বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তীত কৃষি মন্ত্ৰীয়ে কৰিলে ঘোষণাঃ কৃষি বিভাগত অচিৰেই হব তিনি শতাধিক নিযুক্তি।

৫. চলি আছে অসম আৰক্ষীৰ আধুনিকীকৰণৰ কামঃ তিনি বছৰত ৯০ কোটি টকাৰ ভিতৰত ২৫কোটিক নিৰাপত্তা সৰঞ্জাম, ১১কোটিৰ অস্ত্ৰ-শস্ত্ৰ, ২২কোটি টকাৰে ১৩৩খন বাহন আৰু ৩২ কোটি টকাৰে ৬২৮খন থানা, আৰক্ষী চকী আৰু অন্যান্য গৃহ হৈছে নিৰ্মিত।

৬. অসমৰ এগৰাকী বিশিষ্ট কবি তথা লেখিকা অনুপমা বসুমতাৰীয়ে কৰা খলিল জিব্ৰানৰ প্ৰেমৰ কবিতাৰ অসমীয়া অনুবাদ ‘বলুকাত মৰমৰ আখৰ’, কাব্যগ্ৰন্থ ‘প্ৰেমৰ ইম্প্ৰেছনিষ্ট লেণ্ডস্কেপ’ আৰু ভ্ৰমণ কাহিনী ‘ভাৰতৰ পৰা বৃটেইনলৈ এক আন্তৰিক যাত্ৰা’ তিনিখন ভিন্নস্বাদৰ গ্ৰন্থ ৷ গ্ৰন্থকেইখন অহা ২৫ ডিচেম্বৰ, বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত বিয়লি ৩ বজাত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হ’ব ৷ 

৭. কংগ্ৰেছে দিলে আম আদমী পাৰ্টিৰ চিঠিৰ উত্তৰ, সকলো চৰ্তলৈ দিলে সঁহাৰিঃ আম আদমী পাৰ্টিয়ে আজি ৰাজনৈতিক সমিতিৰ বৈঠকৰ পাছত জনমত অনুধাৱনেৰে দিল্লীত চৰকাৰ গঠন কৰাৰ কথা ঘোষণা কৰিব পাৰে বুলি সূ্ত্ৰত প্ৰকাশ।

৮. ভকত-আই সকলৰ বৃদ্ধ বয়সত হোৱা শাৰীৰিক আৰু মানসিক সমস্যাৰ প্ৰতিকাৰৰ উপায় সম্পৰ্কীয় সজাগতা সভা অনুষ্ঠিত হয় বৰপেটা সত্ৰৰ শংকৰদেৱ সমাজ অধ্যয়নাগাৰতঃ ডাঃ কমল কৃষ্ণ দাসে কেইবা শতাধিক ভকত-আই সকলক এই বিষয়ে প্ৰায় দুঘণ্টা জোৰা বহুমূলীয়া বক্তব্য আগবঢ়ায়।

৯. সোণাপুৰৰ লাসিটাৰি মালৈবাৰীত অসম ৰাজ্যিক কৃষি-সামগ্ৰী বিপণন পৰিষদে নিৰ্ধাৰিত দামত গুণগত ধান ক্ৰয় আঁচনিৰ শুভাৰম্ভ কৰিলে কৃষি মন্ত্ৰীয়েঃ এই বৰ্ষত ৰাজ্যজুৰি ৪০টা কেন্দ্ৰৰ জৰিয়তে ৪দহাজাৰ টন ধান ক্ৰয়ৰ বাবে স্থিৰ কৰিছে লক্ষ্য। অসমৰ ধানে আমেৰিকাতো সমাদৰ লাভ কৰা বুলিও মন্তব্য কৰিলে কৃষি মন্ত্ৰীয়ে।

১০. স্বামী বিবেকানন্দৰ ১৫০বছৰীয়া জন্ম-জয়ন্তী বৰ্ষ উপলক্ষে ধেমাজিৰ তেলিজান পথাৰত থকা শ্ৰীৰামকৃষ্ণ সেৱা ক্ষেত্ৰত অনুষ্ঠিত হ'ব এক বিশাল যুৱ সমাৰোহঃ এই অনুষ্ঠানৰ দিনাংক ১৮ ডিচেম্বৰ ২০১৩।

১১. ৰাজ্য সভাৰ সাংসদ বীৰেন্দ্ৰ কুমাৰ বৈশ্যই জি এল চ'চিয়েল চাৰ্কোললৈ প্ৰদান কৰিলে এখন স্বৰ্গৰথ বাহনঃ ত্ৰিশ হেজাৰতকৈ অধিক জনলৈ এই সেৱা আগবঢ়োৱা সংস্থাটোৰ প্ৰতি এইখন বাহন উৰ্চগা কৰিব অসমৰ ৰাজ্যপাল জে.বি.পাটনায়ক ডাঙৰীয়াই।

১২. অসম চৰকাৰৰ প্ৰস্তাৱিক বন্ধ বিৰোধী আইনৰ খচৰা মুকলি কৰিছে চৰকাৰী ৱেবচাইটতঃ আইনখন ৰূয়াণৰ বাবে চৰকাৰে বিভিন্ন দল সংঘঠনৰ পৰা আহ্বান কৰিছে মতামত।

১৩. বিগতে দুবছৰে চলা নাই বৃহত নদী-বান্ধৰ কামঃ ১৬ ডিচেম্বৰ দিনটো ৰাজ্যজুৰি বৃহত নদী-বান্ধ দিৱস ৰূপে পালন কৰিলে কৃষক মুক্তি সংগ্ৰমা সমিতিয়ে।

১৪. শিৱসাগৰত চলিছে গিৰীন্দ্ৰ নাথ গগৈ ফুটবলৰ প্ৰস্তুতিঃ সোতৰটা দলে নিশ্চিত কৰিছে অংশগ্ৰহণৰ ।
১৫. গুৱাহাটীত মেৰী কমৰ আত্ম জীৱনী উত্তৰ-পূৱৰ পাঠকৰ বাবে মুকলি কৰিবেল প্ৰাক্তন মিছ ইউনিভাৰ্ছ সুস্মিতা সেনেঃ মনিপুৰৰ অখ্যাত গাঁৱৰ পৰা অলিম্পিকৰ ৰিঙলৈ সেই অকথিত যাত্ৰাৰ কাহিনীৰে প্ৰকাশ পাইছে "আন-ব্ৰেকেবল" নামৰ এই আত্ম-জীৱনীৰ উন্মোচনী অনুষ্ঠান হৈছিল আই আই টি, গুৱাহাটীত।

১৬. অহা ২৬জানুৱাৰীৰ পৰা আহমেদাবাদত আম আদমী পাৰ্টিয়ে আৰম্ভ কৰিব "ঝাড়ু যাত্ৰা": গুজৰাটত লোকসভা নিৰ্বাচনৰ বাবে ৰণশিঙা বজাবলৈকে গ্ৰহণ কৰিব এই প্ৰাৰম্ভিক পদক্ষেপ।

১৭. নগাঁৱত চলি থকা গ্ৰন্থমেলাত উন্মোচিত হ'ল তপন কুমাৰ শৰ্মাৰ নতুন গ্ৰন্থ "স্মৃতিয়ে কথা পাতে": উন্মোচন কৰিলে সাহিত্যিক মহিম বৰাদেৱে।

No comments:

Post a Comment