পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰঃ
১. উত্তৰ পূৱৰ ভিতৰত প্ৰথমবাৰ শিৱসাগৰত দুঃসাহসিক পেৰা-মটৰিঙ কৰি সংবাদ শিৰোনামা দখল কৰিলে তিনি যুৱকেঃ ৰাজীৱ হাজৰিকা, হেমৰাজ বৰুৱা আৰু ৰক্তিম ৰাজ গগৈয়ে ক্ৰছ ক্ৰান্তি ফ্লাইং ক্লাৱৰ হৈ এই উদ্যোগ গ্ৰহণ কৰে।



২. তেজপুৰতো সাহিত্য সভাই অনুষ্ঠিত কৰা মামণি ৰয়ছম গোস্বামীৰ স্মৃতিচাৰণ সভাত ১৮গৰাকী প্ৰবীণ সামাজিক, সাংস্কৃতিক কৰ্মীক জনালে সম্বৰ্ধনাঃ উন্মোচন হ'ল পাঁচখনকৈ গ্ৰন্থও।

ইণ্ডিয়া কমিউনিটি ফেষ্টিভেলত
অসমীয়া স্মৰণিকা উন্মোচনৰ ক্ষণ

৩. অসমৰ ৰাইজৰ বাবে সঁচাই বৰ আনন্দৰ বতৰা যে দুদিনীয়া (২৮ আৰু ২৯নভেম্বৰত অনুষ্ঠিত) 'ইণ্ডিয়া কমিউনিটি ফেষ্টিভেল'ত অসমে নিজৰ মান প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ল৷ অসমৰ ষ্টলত হেণ্ডলুমৰ সামগ্ৰী, পাট-মূগাৰ বস্ত্ৰ, চাহপাত আৰু আগৰৰ সৈতে বিভিন্নজনৰ পৰিচয় ঘটিল ৷ 'নিয়মীয়া বাৰ্তা'ত প্ৰকাশিত আহ্বানৰ প্ৰতি সঁহাৰি জনাই ফেষ্টিভেলত ভাগ লবলৈ অসমৰ পৰা অহা উদ্যমী যুৱক হেমন্ত কুমাৰ নাথ অশেষ ধন্যবাদৰ পাত্ৰ৷৷ কাটাৰৰ ডোহাত অন্তৰ্ৰাষ্ট্ৰীয় মঞ্চত ডেইজী দলে আৰু মনিষা দলেৰ দ্বাৰা এটি অতি মোহনীয় বিহু নৃত্য প্ৰদৰ্শিত হ'ল৷ বিহু নাচৰ তালত অসমীয়া ৰাইজৰ লগত বিদেশী মেম আৰু আন আন লোকেও হাত-চাপৰি বজাই আনন্দোলাস ব্যক্ত কৰিলে৷
কাটাৰৰ সাংস্কৃতিক বিভাগৰ মন্ত্ৰী আৰু
ভাৰতবৰ্ষৰ ৰাজদূতে
অসম সমাজৰ ষ্টল পৰিদৰ্শণ কৰাৰ দৃশ্য৷

কাটাৰৰ মঞ্চত অসমীয়া যুৱতী দীপশিখা দেৱৰ এংকৰ ৰূপে পদাৰ্পণো এক সু-সংবাদ৷ কাটাৰৰ অসম সমাজৰ স্মৰণিকা 'সোণালী সূতাৰে বন্ধা' আৰু 'কাটাৰৰ ডায়েৰী' একেখন মঞ্চত ভাৰতবৰ্ষৰ দূতাবাসৰ অধীন ভাৰতীয় সংস্কৃতিক কেন্দ্ৰৰ দুই মুৰব্বীৰ দ্বাৰা উন্মোচন হ'ল৷ অসমৰ ষ্টলে জণসমাগমৰ বিশেষ সমাদৰ লাভ কৰাৰ সংবাদ কাটাৰ প্ৰমুখ ইংৰাজী দৈনিক 'গাল্ফ টাইমচ'টো প্ৰকাশিত হ'ল৷ আশাকৰো এইকেইটা ভাল খবৰে অসমীয়া মনটোক খন্তেকলৈ হলেও সুখবোধ দিবলৈ সক্ষম হব৷

৪. আজি গুৱাহাটীৰ প্ৰেছ ক্লাৱত উন্মোচিত হৈছে "পাবলো পিকাচোঃ ৰং আৰু তুলিকাৰ যাদুকৰ" শীৰ্ষক গ্ৰন্থঃ শিক্ষাবিদ, লেখক অনিল বৰাৰ এই গ্ৰন্থখন প্কাশ কৰিলেছ অসমীয়া ছ'চাইটী ফৰ প্ৰমোচন অৱ এডুকেশ্বন এণ্ড ইকনমিক ডেভেলপমেণ্ট (স্পীড) নামৰ সংগঠনে।

৫. আজিৰে পৰা ভাৰতত আৰম্ভ হৈছে কাবাডীৰ বিশ্বকাপঃ ১৪ডিচেম্বৰলৈ চলিব লগা প্ৰতিযোগিতাত ভাগ লবলৈ অহা ১৬জনীয়া পাকিস্তানৰ মহিলা দলটো পৰিগণিত হৈছে সংৰক্ষণশীল মুছলিম ৰাষ্ট্ৰখনৰ হৈ কোনো আন্তঃ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাগ লোৱা প্ৰথমটো মহিলা দল ৰূপে

৬. অসম ক্ৰীড়া সাংবাদিক সন্থাই জীৱনজোৰা সাধনা বঁটাৰে সন্মানিত কৰিলে কৃষি বিজ্ঞানী ডঃ তপন দত্তক।

৭. অৱশেষত মাজুলী প্ৰশাসনৰ গা লৰিল, বটিয়ামাৰী, ওপৰ বটিয়ামাৰীত অনুষ্ঠিত হল তিনিখনকৈ সজাগতা সভাঃ ডাইনী কাণ্ডৰ যৱনিকা পেলাই তিনি স্বয়ম্ভু দেৱীক প্ৰেৰণ কৰিলে জেললৈ।

৮. নলবাৰীত আনন্দৰাম বৰুৱা বঁটা প্ৰদান অনুষ্ঠানত ভাগ ললে মুখ্যমন্ত্ৰীয়েঃ নলবাৰী হৰি মন্দিৰৰ বাবে আগবঢ়ালে ৫০লাখ টকাৰ অনুদান।

৯. নাওবৈচাত কৃষকৰ মুখত বিৰিঙিছে হাঁহিঃ ১৫শ বিঘা মাটিত কৰা বৰ্ণ সংকৰ ধানৰ খেতিত বিঘাই প্ৰতি ২৬মোনকৈ ধান পোৱাৰ সুখবৰ।

১০. নলবাৰীৰ "সেউজী সেউজী" কাব্যলোচনীৰ কবি সন্ধি শীৰ্ষক কবিতা পাঠৰ সভাত কেইবাটাও কবিতা পাঠ কৰিলে বৰ্ষীয়ান কবি হীৰেন্দ্ৰ নাথ দত্তইঃ সাতত্ৰিশ বছৰে গ্ৰামাঞ্চলৰ পৰা প্ৰকাশ হৈ থকা আলোচনীখনিৰ এই অনুষ্ঠানৰ উদ্বোধন কৰে অধ্যাপিকা কৰবী ডেকা হাজৰিকাই। সকলো কবিকে কিতাপৰ টোপোলাৰে সম্ভাষণ যচাৰো প্ৰশংসনীয় খবৰ।

১১. গোৱাৰ আদালতে নাকচ কৰিলে যৌন নিৰ্যাতন গোচৰত অভিযুক্ত সাংবাদিক তৰুণ তেজপাল জামিন আবেদনঃ দুই হত্যাৰ গোচৰত অভিযুক্তৰ সৈতে লক-আপত ৰাতি কটালে দেশত তেহেলকা বা চাঞ্চল্য সৃষ্টি কৰি খ্যাতি লভা সাংবাদিকজনে।

১২. গুৱাহাটীৰ ৰাজ্যিক সংগ্ৰাহলয়ৰ কনকলাল বৰুৱা প্ৰেক্ষাগৃহত উন্মোচিত হ'ল ডঃ জয়শ্ৰী গোস্বামী মহন্তৰ উপন্যাস "গান্ধাৰী": প্ৰকাশক চন্দ্ৰ প্ৰকাশ আৰু উন্মোচন কৰিলে ডঃ নগেন শইকীয়া দেৱে।

১৩. দেশৰ ঘৰুৱা উতপাদনৰ হাৰ হৈছে বৃদ্ধিঃ বিকাশৰ নতুন হাৰ ৪.৮ শতাংশ বুলি ঘোষণা কৰিলে কেন্দ্ৰীয় চৰকাৰে।

১৪. ২০১৩-১৪বৰ্ষত আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰা ক্ৰীড়াবিদ সকললৈ আহিল সুখবৰঃ আৰ্থিক অনুদান পৰিমান বৃদ্ধি কৰাৰ লগতে এই অনুদান খেলুৱৈ সকলক দুটা পৰ্যায়ত প্ৰদানৰ ব্যৱস্থা কৰিছে অসমৰ ছাত্ৰ আৰু যুৱ কল্যাণ বিভাগে।

১৫. ৰাভা হাছঙৰ নিৰ্বাচনত শাসনাস্থিত কংগ্ৰেছক প্ৰত্যাখ্যান কৰিলে ৰাইজেঃ ৩৬টা সমষ্টিৰ ভিতৰত ৩০টাতে জয়ী হল ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিয়ে।

১৬. লাহে লাহে বিশ্বকাপৰ জ্বৰে আক্ৰান্ত কৰিছে ব্ৰাজিলবাসীকঃ অহা তিনি ডিচেম্বৰত বিশ্বকাপত খেলিব লগীয়া ফুটবল মুকলি কৰিব বুলি ঘোষণা কৰিছে।

১৭. পঞ্চম উত্তৰ পূৱ মিডিয়া ক্ৰীড়া সমাৰোহৰ সফল সামৰণিঃ হৰেন্দ্ৰ নাথ বৰুৱা সোঁৱৰণী ফুটবল প্ৰতিযোগিতাত চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰিলে ছেণ্টিনেল গ্ৰুপে।

১৮. মালেয়েছিয়াত হোৱা কমনৱেলথ চেম্পিয়নশ্বিপত মুঠ ১১৭টা পদক জিলিকিল ভাৰতীয় খেলুৱৈৰ হাতত।

১৯. বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অসম ক্ৰিকেট সংস্থাই আয়োজন কৰিছে আজি এক আলোচনা চক্ৰৰঃ সমালোচনা কৰি অহা ক্ৰিকেটাৰৰ সংগঠনে পিছে আলোচনা চক্ৰত অংশগ্ৰহণ কৰিবলৈ প্ৰকাশ কৰিলে অপাৰগতাহে।

২০. উত্তৰ পূৱ ভাৰতত স্থাপিত ৰাজহুৱা উদ্যোগ নীপকোৱে নিজৰ অঞ্চলৰ সম্পদৰ সদ্-ব্যৱহাৰ কৰি বিজুলী শক্তিৰে অঞ্চলটো উজ্বলাই তোলাৰ লগতে কেন্দ্ৰীয় চৰকাৰলৈও প্ৰদান কৰিলে লভ্যাংশৰ চেক। গ্ৰহণ কৰিলে মন্ত্ৰী জ্যোতি আদিত্য সিন্ধিয়াই।

No comments:

Post a Comment