সম্পাদকীয়ঃ শ্ৰদ্ধাঞ্জলি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সম্পাদকীয়ঃ শ্ৰদ্ধাঞ্জলি

সম্পাদকীয়ঃ শ্ৰদ্ধাঞ্জলি

Share This
অসমীয়া সত্তাৰ চিৰ-প্ৰৱাহমান ধাৰাৰ সপোন দেখা
যতীন্দ্ৰ কুমাৰ বৰগোহাঞিদেৱলৈ শ্ৰদ্ধাঞ্জলি

আপোন মানুহবোৰ হেৰাই যোৱাৰ সমান দুখ চাগৈ এই পৃথিৱীত নাই। তেখেত সকল আঁতৰি যোৱাৰ জীয়া দুখবোৰে বুকুত ঢৌ তুলি থকা সময়ত সোঁৱৰণি লিখাটোও আন এক যন্ত্ৰণাৰ বাহিৰে আন একো নহয়। তথাপি অসমৰ এগৰাকী বৌদ্ধিক মহীৰূহ যতীন্দ্ৰ কুমাৰ বৰগোহাঁঞি দেৱলৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰিছো ।

তেখেত আমাৰ মাজৰ পৰা কায়িক ভাবেহে আজি হেৰাই গৈছে। মানসিক ভাৱে তেখেতৰ চিন্তা-চৰ্চা তথা জ্ঞান সাগৰৰ কিছু টোপাল বা টোপোলা যথেষ্ট সংখ্যক কিতাপৰ বুকুত তেখেতে লিপিবদ্ধ কৰি থৈ গৈছে। তেখেতৰ চিন্তা-চেতনাত বৈ থকা আধুনিক অসমৰ সপোনবোৰ জীপাল কৰি ৰখাৰ দ্বায়িত্ব অসমৰ নতুন অসমীয়াৰেই । সেই কথা আমি উপলব্ধি কৰিব লাগিব।

তেখেতে কৰ্ম-জীৱনৰ শেষ সময়চোৱাত অতিকৈ গুৰুত্বপূৰ্ণ এটা কামত মনোনিৱেশ কৰিছিল। তেখেতে অসমখনক জাতি-জনগোষ্ঠীৰ নামত ৰাজনৈতিক ভাৱে খণ্ড বিখণ্ড কৰাৰ বিপক্ষে আৰু বৰ-অসমখনক এক ঐক্যৰ ৰচীৰে চিৰদিনৰ বাবে বান্ধি ৰখাৰ স্বাৰ্থত এক প্ৰগতিশীল গণ সংগঠনৰ গুৰি ধৰিছিল। আৰু তেখেতে বিচাৰিছিল যাতে নিজকে অসমীয়া বুলি অন্তঃকৰণেৰে অনুভৱ কৰা অসমীয়া সকলে এই অসমীয়া সত্তাটোক ৰাজনীতিৰ কলুষতাৰ পৰা বচাই এক সমন্বয়ৰ অসম চিৰকালৰ বাবে বৰ্তি থকাত হাত উজান দিব। এই কথাটো আজি জাতীয়তাবাদী বা ৰাষ্ট্ৰীয়তাবাদী সকলো অসমীয়াই অনুধাৱন কৰাৰ সময়, ক্ষুদ্ৰ স্বাৰ্থৰ পূজাৰী সকলৰ হাতত যাতে বৰ-অসমখন চিন্ন-ভিন্ন নহয় তাৰ প্ৰতি আমি হাত উজান দিলেহে বৰগোহাঞি দেৱৰ এই আগ্ৰহ/ইচ্ছা/সপোন পূৰণ হব বুলি আজি অনুভৱ কৰিছো।

বৰগোহাঞি ছাৰ মাত্ৰ তেখেতৰ তীক্ষ্ণ বুদ্ধি, জ্ঞান তথা অধ্যয়নপুষ্ট ব্যক্তিত্বৰ বাবেই জনাজাত নাছিল। তেখেত আছিল এজন আজিৰ সময়ৰ "মগজু বিক্ৰী নকৰা" দুলৰ্ভ বুদ্ধিজীৱি। তেখেত আন বহুতৰ দৰে সময়-সুবিধাৰ সতে তাল মিলাই স্থিতি সলনি কৰা বুদ্ধিজীৱি নাছিল। সেয়ে আজিৰ সংবাদ মাধ্যমে (হালধীয়া সকলেও) নিঃসংকোচে চাৰক স্থিতপ্ৰজ্ঞ আখ্যাৰে সন্মানিত কৰিছে। ছাৰৰ কাৰোলৈ ভয় নকৰা, যুক্তিৰ শক্তিক, তথ্যৰ শক্তিক সমাজৰ হিতৰ বাবে প্ৰয়োগৰ যি অনমনীয় অভ্যাস, সেই গুণৰ বাবে তেখেতক এইখন সমাজে এক অন্যধৰণৰ পুৰুষ ৰূপে গণ্য কৰিছিল।

তেখেত মুক্ত চিন্তাত বিশ্বাসী আছিল। পুথিগত জ্ঞান, সমাজৰ ইতিহাস, অৰ্থনীতি আৰু ইয়াৰ ব্যৱহাৰিক দিশবোৰক বিশ্লেষণ কৰাত তেখেতৰ অন্য এক শৈলী আছিল। অসমৰ জাতীয়তাবাদী চিন্তা, বাওঁপন্থীৰ আন্তৰ্জাতিকতাবাদ সকলো বাদ-দ্বন্দক অধ্যয়ন আৰু চিন্তাৰে এক তুলাচনীত ৰাখি বীক্ষা কৰাৰ অভিনৱ ক্ষমতা ৰাখিছিল বৰগোহাঞি ছাৰে।

তেখেতে চিন্তাৰ প্ৰকাশত মালিকস্বত্বৰ বান্ধোনত বিশ্বাস নকৰিছিল। তেখেত যুক্তি আৰু তথ্যৰ মুক্তভাৱে প্ৰকাশৰ পথ দেখুওৱাৰ বাটৰ সন্ধান কৰিছিল। তেখেতৰ সৈতে বাৰ্তালাপ হোৱা যোৱা সপ্তাহৰ শেষৰটোৰ আগৰ ফোনটোত তেখেতে "অসমীয়াৰ সুখ দুখ"ৰ দৰেই ইণ্টাৰনেট যোগে এক মুক্ত গন-মাধ্যম গঢ়াৰ প্ৰস্তুতি সম্পন্ন কৰিছিল। তেখেতে বিচাৰিছিল যাতে মালিকানাধীন গণ-মাধ্যমৰ পৰা মুক্ত কৰি অসমীয়া জন-জীৱনক দিশ দিব পৰা এক মুক্ত গণমাধ্যমেৰে প্ৰগতিশীল অসমীয়া নৱ-প্ৰজন্মক এক দিশ দান কৰিব। পিছে সময়ে, জীৱনে তেখেতক সেই সুযোগ নিদিলে।

অসমীয়াৰ সুখ দুখৰ জন্ম-লগ্নৰে পৰা তেখেতে আমাক অতি আন্তৰিকতাৰে দিহা-পৰামৰ্শ আগবঢ়াই আহিছিল। তেখেতৰ সতে কথা-বাৰ্তা শিতানটোৰে সাম্প্ৰতিক অসমৰ গতি-ধাৰাবোৰক পাঠকৰ মাজলৈ তুলি ধৰাৰো এক প্ৰচেষ্টা আমি হাতত লৈছিলো। তেখেতৰ আদৰ্শ, তেখেতৰ চিন্তা, তেখেতৰ জ্ঞান-লব্ধ বৌদ্ধিক যাত্ৰাৰ ৰেঙণি আমি আগুৱাই নিবলৈ আজি সংকল্পবদ্ধ হৈছো। মুক্ত সংবাদ মাধ্যম ৰূপে অসমীয়া সত্তাক ঐক্যবদ্ধকৰণৰ তেখেতৰ আধৰুৱা সপোনক ৰূপ দিবলৈ আমি চেষ্টা চলাম।

ইতিহাসৰ ভেটিত, গোলকীয় পৃথিৱীয়ে নিৰ্ধাৰণ কৰা অৰ্থনীতিৰ মাজত, ব্যৱহাৰিক বিশ্লেষণ আৰু সত কৰ্মৰে সত ভাৱে এক উন্নত জাতি হিচাবে মূৰদাঙি অসমীয়া সত্তাক এক চিৰপ্ৰৱাহমান কৰি ৰখাৰ বাবে আমি সকলোৱে নিজৰ নিজৰ অৰিহণা যোগালেহে তেখেতৰ সপোন বাস্তৱায়িত হব।

আহক জ্ঞানৰ চৰ্চাৰে, মু্ক্ত চিন্তাৰে এইজন মহান অসমীয়া চিন্তা-নায়কৰ চিন্তা-স্ৰোতক আগুৱাই নি তেখেতলৈ যাচো আমাৰ প্ৰকৃত শ্ৰদ্ধাঞ্জলি।

(তেখেতৰ চমু জীৱনী আজি অসমীয়া গণবিশ্বকোষ, ৱিকিপিডিয়াটো সংযোজিত হৈছে। সেই জীৱনী পঢ়িবৰ বাবে ইয়াতে ক্লিক কৰক)

No comments:

Post a Comment