আজিৰ অনুভৱ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

আজিৰ অনুভৱ

আজিৰ অনুভৱ

Share This
চৰকাৰী বনাম ব্যক্তিগত খণ্ডৰ চাকৰি 
আৰু 
মানুহৰ দৃষ্টিভংগী
ড° বুলজিৎ বুঢ়াগোহাঁই

আমাৰ ৰাজ্যখনৰ বহুতে চৰকাৰী খণ্ডত চাকৰি কৰা সকলক যি দৃষ্টি ভংগীয়ে চায়, সেই একে দৃষ্টি ভংগীয়ে অসমত ব্যক্তিগত খণ্ডত চাকৰি কৰা বা ব্যৱসায়-বাণিজ্য কৰা সকলক নাচায় । কিন্তু সেইসকলৰ বহুতে আকৌ অসমৰ বাহিৰত যিকোনো খণ্ডতে চাকৰি বা ব্যৱসায়-বাণিজ্য কৰা সকলক একে দৃষ্টি ভংগীৰে চায় । 


এতিয়া কথা হ’ল যোগ্যতা থাকিলেও বিভিন্ন কাৰণত অসমত সকলোৰে চৰকাৰী চাকৰি নাপায় বা বহুতে চৰকাৰী চাকৰি বিভিন্ন কাৰণত কৰিব নিবিচাৰে । আমি ভাবোঁ, যিসকলে অসমত চৰকাৰী খণ্ডত চাকৰি কৰা আৰু ব্যক্তিগত খণ্ডত চাকৰি কৰা বা ব্যৱসায়-বাণিজ্য কৰা সকলক বেলেগ বেলেগ দৃষ্টি ভংগীয়ে চায় , সেইসকলে সকলোকে একে দৃষ্টি ভংগীয়ে চেষ্টা কৰা উচিত যিহেতু সকলোৰে দক্ষতা থকা বাবেহে কাম কৰি জীৱন নিৰ্বাহ কৰে। ব্যক্তিগত খণ্ডত চাকৰি কৰা বা ব্যৱসায়-বাণিজ্য কৰি জীৱন নিৰ্বাহ কৰা সকলে চৰকাৰী খণ্ডত চাকৰি কৰা নাই বুলি হীমন্যতাত ভোগা উচিত নহয় ।

No comments:

Post a Comment