সম্পাদকলৈ চিঠি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সম্পাদকলৈ চিঠি

সম্পাদকলৈ চিঠি

Share This
সেউজ বিপ্লৱৰ বাবে কাৰিকৰী দিহা 
ড° বুলজিৎ বুঢ়াগোহাঁই
 মাননীয় সম্পাদক মহোদয়, 
বহুতে জীৱন ধাৰণৰ বাবে কৃষিভিত্তিক উদ্যোগ তথা ফল-মূল, শাক-পাচলি,ফুল বাগিচা আদি বাণিজ্যিক ভিত্তিত স্থাপন কৰিবলৈ বিচাৰে । কিন্তু ইয়াৰ বাবে দৰকাৰ হোৱা দিহা পৰামৰ্শ তথা সামগ্রীবোৰ ক’ত পোৱা যাব আৰু কেনে ধৰণৰ সামগ্রী কিনিলে ভাল হয় ইত্যাদি কথা নজনা ফলত বহুতো অসুবিধাৰ সন্মুখীন হয় । কিছুমানে এই অসুবিধাবোৰ পোৱা কাৰণে ইয়াক বাদ দিয়ে। 

এই অসুবিধাবোৰৰ পৰা মুক্ত হোৱা বাবে গুৱাহাটীৰ ছয়মাইলৰ ৰুক্মিণী গাঁৱৰ মুকুন্দ পথত অৱস্থিত “গ্রীণছ(GREENS)”ৰ লগত যোগাযোগ (ফোন : ০৯৪৩৫১৪০১১৫, ০৯৪৩৫০৮০৩৩৮ আৰু ই-মেইল : greensagrihorti@gmail.com) কৰিব পাৰে । 

ইয়াৰ পৰা কৃষিভিত্তিক উদ্যোগ,ফল-মূল, শাক-পাচলি ,ফুল বাগিচা আদি স্থাপন কৰিবলৈ দৰকাৰ হোৱা সকলো সামগ্রী ক্রয় কৰিব পাৰে । তেওঁলোকে এই বিষয়ে দিহা পৰামৰ্শও আগ বঢ়ায় ।

এইখিনিতে উল্লেখ কৰা ভাল হ’ব যে এই ব্যৱসায় আৰম্ভ কৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা কৃষি স্নাতক ডিগ্রী লাভ কৰা ৰুলী ভূঞাই । ৰুলী ভূঞাই কাৰিকৰী দিশত দিহা পৰামৰ্শ আগ বঢ়ায় আৰু ককায়েক ঈশ্বৰ চন্দ্র ভূঞাই ব্যৱসায়িক দিশটি চোৱা-মেলা কৰে ।

No comments:

Post a Comment