চিন্তন - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Assamese LIFELINE on SOCIAL MEDIA

সামাজিক যোগসূত্ৰৰ মঞ্চত ইতিবাচক বাৰ্তাবাহক
ভাল খবৰ ভাল সমল, পঢ়ি লভক আনন্দ বিমল

Post Top Ad

Responsive Ads Here
অসমীয়াৰ অস্বিত্ব ৰক্ষাৰ প্ৰসংগঃ
মুছলিম বিৰোধিতাই এতিয়া শেষ কথানে?
 অজয় লাল দত্ত


স্বাধীনতাৰ পূৰ্বৰ অসমৰ বুৰঞ্জীৰ পাতৰ পৰা মুছলমান বিদ্বেষী সমল উলিয়াই আনিবলৈ হয়তো আজিৰ সাম্প্ৰদায়িক শক্তিবোৰৰ প্ৰৱক্তা সকলৰো কিছু অসুবিধা হব। সেই সময়ৰ প্ৰসংগ টানি আনিলে 'অসম আৰু অসমীয়া' নামৰ সত্তাটো সদায়েই আগ্ৰাসন বিৰোধী সত্তা ৰূপেহে পৰিচয় পোৱা যায়। শংকৰ-মাধৱৰ গাঁথায়েই মেলি লওক বা আহোম ৰজাৰ দিনত দা-দ্বায়িত্ব পোৱা ধৰ্ম-নিৰপেক্ষ ধৰণৰ শাসন প্ৰণালীৰ কথাই আলোচনা কৰা হওক, তাত পাৰস্পৰিক সন্মান আৰু সহবাসৰ বাণীয়েই জিলিকি থকা দেখিবলৈ পোৱা যায়। আনকি বীৰ লাচিতৰ কাহিনীলৈ মন কৰিলেও এই যুদ্ধ তদানীন্তন অসম ভূমিলৈ 'বিদেশী'ৰ আগ্ৰাসন ৰোধিবলৈ তেতিয়াৰ প্ৰজা হিন্দু-মুছলমানে একেলগে যুঁজ দিয়াৰ কথাহে পোৱা যায়। লাচিতক বৰ্তমান সংঘ পৰিয়ালৰ এচামে ‘ভাৰতীয় সম্প্ৰসাৰণবাদৰ বিৰোধী’ নায়কৰ সলনি, মোগল মানে আচলতে মুছলমান বিৰোধী বীৰ বুলিহে ৰাষ্ট্ৰীয় স্তৰত প্ৰতিষ্ঠা কৰিবলৈ কৰা ভুলটোও কিন্তু অসমীয়া সমাজে আজিকোপতি শুধৰাই দিব নোৱাৰাটো অতিশয় দুৰ্ভাগ্যজনক! আচলতে, আগ্ৰাসী ৰাম সিঙেই হওক বা আক্ৰমণকাৰী মোগল সেনাই হওক, আগ্ৰাসনক ৰোধিবলৈ বাঘ হাজৰিকাৰ দৰে মুছলমান ধৰ্মৰ চৰ্চা কৰা অসমীয়া মানুহেও একেলগে ৰজাৰ সেনাপতিৰ সৈতে যুঁজৰ টঙালি বান্ধি থিয় দিয়াৰ ইতিহাস থকা ভূমি এইখন। আনকি সন্ধি হোৱাৰ পাছত মোগল সেনাৰ সৈতে উভতি যাব নিবিচৰা লোকক শৰণাৰ্থী হিচাবে প্ৰজালৈ ৰূপান্তৰ কৰাৰ ইতিহাসৰো সাক্ষী এইখন লুইতেই। ইয়াত কোনো ধৰ্ম বিদ্বেষৰ চিন নাছিল, বিদ্বেষ আছিল কেৱল আগ্ৰাসনৰ বিৰুদ্ধে!

পিছে আজি, আমাৰ এক শৰণ বৈষ্ণৱ ধৰ্মৰ ওপৰত চলিছে ভাৰতীয় বৰ্ণহিন্দুৰ হিন্দুত্ববাদৰ ধাৰ্মিক আগ্ৰাসন, অসমীয়া লোক-সংস্কৃতিৰ ওপৰত গোলকীকৃত সংস্কৃতিৰ আৰু ৰাজনৈতিক ক্ষেত্ৰত সাম্প্ৰদায়িক, নৈতিকতাবিহীন, স্থিতিহীন ৰাজনীতিৰ! এই 'অসমীয়াৰ চিৰপৰিচিত আগ্ৰাসী বিৰোধী সত্তা'ও এতিয়া এই ধামখুমীয়াত জীন যোৱাৰ যেন উপক্ৰম হৈছে। আমাৰ প্ৰতিৰোধ ক্ৰমাত ম্লান পৰি আহিছে, এই ভিন্ন শক্তি সমূহৰ বিৰুদ্ধে। আৰু চিৰদিনৰ সম্প্ৰীতিৰ অসমীয়া ইতিহাস আৰু 'আগ্ৰাসন বিৰোধী'ৰ এই পৰিচয়ক নিঃচিহ্ন কৰাৰ দীৰ্ঘকালীন সু-পৰিকল্পিত ষড়যন্ত্ৰত হাত উজান দিছে জাতিৰ নামত, অঞ্চলৰ নামত ৰাজনীতিৰ বেহা কৰি নেতাৰ চিনাকি পোৱা কিছুমান অদূৰদৰ্শী অসমীয়াই। এয়া সৌভাগ্যৰ কথা নে দুৰ্ভাগ্যৰ কথা সেয়া ৰাইজেই বিচাৰ কৰক!

অসম ভূমিত ভাষা আন্দোলনৰ নামত বাংলা বিৰোধী আৰু বিদেশী আন্দোলনৰ নামত বাংলাদেশী বিৰোধী তাড়ণা কিছুমান সমাজ জীৱনত বিয়পি পৰিল। তেতিয়াৰ পৰাই বাংলাভাষী আৰু বাংলাদেশী এই দুই শক্তিক আগ্ৰাসী শক্তি ৰূপে অসমৰ জনগণে চিনাক্ত কৰি লবলৈ ল'লে। ভাষা আন্দোলনৰ অন্ত পৰিল, অসমীয়া চৰকাৰী ভাৱে গৃহীত ৰাজ্য ভাষা হ'ল; যদিও অৱস্থা আজি পঁয়া লগাই, তথাপি। কিন্তু বিদেশী সমস্যাৰ নামত বাংলাদেশীৰ প্ৰতি ঘৃণা অটুট থাকিল। অসমৰ জনগাঁঠনি তথা ৰাজনৈতিক শক্তি ভৱিষ্যতে এই আগ্ৰাসী শক্তিৰ হাতলৈ গুচি যোৱাৰ অনামী ভয়ে মানুহক শংকিত কৰিবলৈ ধৰিলে। ফলত তিনি-চাৰি দশক জুৰি চলি থাকিল এই বিষয়টো, সমান্তৰালকৈ জাতি-জনজাতিৰ স্বায়ত্ত-শাসনেৰে নিজা গোষ্ঠীগত সুৰক্ষাৰ কথাটোও। বাংলাদেশৰ স্বাধীনতাৰ পূৰ্বতে অহা অনুপ্ৰৱেশকাৰী সকলে ধৰ্ম-ভাষা নিবিৰ্শেষে অসমত নাগৰিক হৈ পৰিল। বাংলাভাষীৰ প্ৰতি বৰ্দ্ধিত ঘৃণাৰ পৰা ৰক্ষা পাবলৈকে বহুলোকে অসমীয়া ভাষাৰ স্কুল স্থাপন কৰি ভাষা-সংস্কৃতিৰ চৰ্চাৰে, চৰ-চাপৰিকে ধৰি ভিতৰুৱা অঞ্চলতো অসমীয়া ভাষী হৈ পৰিল। বাংলাভাষী মাত্ৰেই বাংলাদেশী ধাৰণাটোৰ পৰা ৰেহাই পাবলৈ অসমীয়া ভাষা আদৰি এই সকলৰ লোক অসমীয়া হৈ পৰিল। এই সকল লোকৰ বেছি ভাগেই চৰ্চা কৰা ধৰ্মটো ইছলাম। তাৰ বিপৰীতে কিন্তু, বহু হিন্দু ধৰ্ম চৰ্চা কৰা বাংলাদেশী অনুপ্ৰৱেশকাৰীয়ে হিন্দুত্বৰ তাবিজ লগাই অসমীয়া ভাষাও গ্ৰহণ নকৰিলে আৰু বাংলাভাষী হৈয়ে অসমত নিগাজি হ'ল। নেপালীৰ ক্ষেত্ৰতো হিন্দুস্তানী-হৃদয়ত অনুপ্ৰৱেশৰ সংজ্ঞা অথবা বোজা অনুভৱ নহ’ল! তাৰ পাছতো ইণ্ডো-বাংলা সীমান্ত চীল নোহোৱাৰ সুৰুঙাত অনুপ্ৰৱেশ চলিয়েই থাকিল। কিন্তু অসমীয়া মানুহৰ সাধাৰণ চেতনাই 'ধৰ্ম নিৰ্বিশেষে' বিদেশী অনু্প্ৰৱেশৰ বিৰোধিতা কৰি থাকিল আৰু বিতাড়ণৰ দাবীৰে আন্দোলন কৰিলে। সেয়েই এই আন্দোলনৰ ভিত্তিবৰ্ষ বাংলাদেশৰ স্বাধীনতাৰ দিন নহৈ ১৯৫১চন আছিল।

বিদেশী বিতাড়ণৰ প্ৰসংগৰে অসম আন্দোলনে কঁপনি তুলিলে। পিছে এতিয়া চ'ছিয়েল মেডিয়াতে প্ৰকাশ হোৱা ফটোৱে তেতিয়াৰ এই আন্দোলনৰ নেতৃত্বৰ সন্দৰ্ভতো বহু গোপন কথা পোহৰলৈ আনিলে। সেই আন্দোলনৰ সময়ত যে শীৰ্ষ নেতৃত্বৰ সৈতে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ ঘনিষ্ঠ সম্পৰ্ক আছিল সেয়াও প্ৰকাশ পালে। কাৰ প্ৰৰোচনাত অসম আন্দোলনৰ বিৰোধিতা কৰাৰ অচিলাত 'কাৰ ৰাজনীতিৰ বিৰোধী' কমিউনিষ্টকে ধৰি আন শক্তি সকলক 'অৰাজনৈতিক আন্দোলনৰ নেতা-কৰ্মীৰে' মাৰপিট-হত্যাৰে কোঙা কৰাৰ চেষ্টা চলিছিল সেয়াও পোহৰলৈ আহিল। হোলা-ভাই মোলা অসমীয়া মানুহে তত ধৰিব নোৱাৰাকৈ এই আন্দোলনৰ ফলশ্ৰুতিত অসমীয়া জনজীৱনত বিদেশীৰ অনুপ্ৰৱেশৰ বিৰোধিতাতকৈ বাংলাদেশৰ পৰা অহা 'ইছলামধৰ্মী' সকলৰ প্ৰতিহে ঘৃণাৰ খেতিৰ বীজ ৰোপিত হ'ল। বাংলাভাষী, বিদেশী আৰু বাংলাদেশী আগ্ৰাসনৰ পৰা গৈ এই আক্ৰমণাত্মক ৰূপটোৰ লক্ষ্য কেৱল 'বাংলাভাষী মুছলমান'লৈ ৰূপান্তৰিত হ'ল। এই ৰূপান্তৰৰ সূত্ৰধাৰ কোন ৰাইজেই বিশ্লেষণ কৰক!

অতীজৰে পৰা অসমীয়া মানুহৰ স্বাধীন এক পৰিচয় আছিল আৰু আছে। নিজৰ স্বঅধিকাৰ আৰু পৰিচয়ৰ বাবে একালত প্ৰায় সৰহ সংখ্যক লোকৰ সহমৰ্মিতাৰ ভিত্তিত ‘স্বাধীন অসম’ৰ বাবে গঢ় লোৱা সশস্ত্ৰ সংগ্ৰামখনো কিন্তু এতিয়াও ইতিহাস হৈ যোৱাই নাই। কোনোবা আলোচনাৰত বা কোনোবা অৰণ্যত ৰৈ যোৱা অৱস্থাতহে আছে। স্বাধীনতাৰ দাবীৰ প্ৰাসংগিকতা হেৰুৱাৰ উপক্ৰম হলেও কিন্তু, বুৰঞ্জী আৰু সাংস্কৃতিক সমলৰ ভিত্তিত একক স্বাধীনমনা অসমীয়াৰ নিজা অস্বিত্ব ৰক্ষাৰ দাবী কোনেও অস্বীকাৰ কৰা নাই। আৰু এইখিনি অসমীয়া কোনো পধ্যেই কাৰো শ্ৰুতলিপিত চলিবলৈ ৰাজী নোহোৱা অসমীয়াহে। যিয়ে নতুন ভৌগোলিক ৰাষ্ট্ৰৰে আত্মনিয়ন্ত্ৰণৰ অধিকাৰ সাব্যস্ত কৰাত সফল হব নোৱাৰিলেও কিন্তু, নিজৰ সিদ্ধান্ত নিজে লোৱাৰ সত্তা জীয়াই ৰখাৰ ক্ষেত্ৰত লাচিতৰ আপোচহীনতাকহে সমৰ্থন কৰে। এই চিন্তা-ধাৰণাৰ বাবেই ইমান দিনে অসমত জাতীয়তাবাদ, আঞ্চলিকতাবাদ, গোষ্ঠীবাদ আদি জীৱিত হৈ আছে। কিন্তু অসমীয়াৰ 'আগ্ৰাসন বিৰোধী' ভাৱনা তথা স্বাভিমানী আকাংক্ষাক কুঠাৰঘাত কৰি আজি নিলৰ্জভাৱে 'বহিৰাগত শক্তি'ৰ ওচৰত আত্মসমৰ্পণ কৰিছে অসমৰে কিছু বিভীষণ ৰূপী ক্ষমতালোভীয়ে।

মন কৰিব, বিগত কিছু দশকৰ পৰা ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ তৃণমূলীয় কাৰ্যসূচীয়ে নিৰৱ-নিতালভাৱে বহুখিনি অসমীয়াক, অসমৰ জাতীয় চেতনাৰ পৰা বিচ্যুত কৰি হিন্দুত্বৰ বিশাল আওঁতাৰ অচিলাৰে মুছলিম বিৰোধী চিন্তাৰ বীজ হৃদয়বোৰত তথা ৰাজ্যৰ চুকে-কোণে ৰোপণ কৰিলে। যদিও মূলত ৰাজনৈতিক ক্ষেত্ৰত কংগ্ৰেছ চৰকাৰৰ দুৰ্নীতি, কু-শাসন আদিৰ অচিলাৰে দেশজুৰি চৰকাৰ সলনিৰ বাবে মানুহক সংঘবদ্ধ কৰাৰ প্ৰয়াস চলিল। তথাপি এই আহ্বানত গোট খাই বিজেপিৰ অন্ধ-সমৰ্থক হৈ পৰা মানুহখিনিৰ মানসিক স্থিতিও কিন্তু বিশ্লেষণযোগ্য। আপুনি যদি এনে লোকৰ সৈতে দীঘলীয়া আলোচনাত ভাগ লয়, তেন্তে দেখিব যে বিকাশ পুৰুষ ৰূপে প্ৰক্ষেপন কৰা মোদী ডাঙৰীয়াৰ ব্যক্তিত্বৰ পৰা সৰ্বশেষত 'বিকাশ'ক কৰবাতে থৈ তেওঁলোকে এটা কথাতেই অবিচলিত ৰূপত থিয় দিয়েহি, সেয়া হৈছে মুছলিম বিৰোধিতা! কংগ্ৰেছৰ মুছলিম তুষ্টিকৰণৰ ৰাজনীতিও ইয়াৰ বাবে বহুখিনি জগৰীয়া। কংগ্ৰেছৰ দিনত মুছলমানে যেন দপদপাই ফুৰিছে, আৰু সেই সকলক পদানত কৰি ৰখাৰ স্বাৰ্থতে সংখ্যাগুৰু সকল একত্ৰিত হৈ এজন পুৰুষৰ নেতৃত্বত একগোট হোৱাৰ প্ৰয়োজন, সেয়া হৈছে গুজৰাটত সাম্প্ৰদায়িক সংঘৰ্ষৰে মুছলমান সকলক 'এশিকনি' দিয়াৰ 'কৃৰ্তিত্ব' থকা মোদী চাহাব! এওঁলোকে ভাৰতখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ হোৱাৰ কথাটোত দুখ অনুভৱ কৰে, এওঁলোকে ভাৰত মাতাৰ ভূমিত ভৰি থৈ সিমান শান্তি নাপায়, যিমান চাগৈ শান্তি পাব কোনো বিশেষ ধৰ্মৰ লোকৰ ডিঙিত হেঁচা মাৰি ধৰি থাকিহে! এনে ঘৃণনীয় মানসিকতাৰ প্ৰৱাহ আৰু 'এশিকনি' দিয়াৰ তাড়ণাইহে সংঘবদ্ধ কৰা লোক এইসকল। তেওঁলোকে নিজৰ মন-গহনত এবাৰ ভুমুকি মাৰি চালে এই কথা হয়নে নহয়, নিজেই অনুভৱ কৰিব পাৰিব!

মুছলমানৰ পৰিয়ালত কেইজন সন্তান জন্ম হৈছে আমাৰ কি অসুবিধা হৈছে। আমাৰ ঘৰত কেইজন জন্ম হৈছে, তাক কিমান 'মানুহ' কৰিব পাৰিছো সেয়াহে আমাৰ চিন্তনৰ কথা! নহয়, আমাক উদ্বিগ্ন কৰা হৈছে, তেওঁলোক বৃদ্ধি হৈছে, আমাক গ্ৰাস কৰিব, এনে ধাৰণাৰে। ব্যক্তিগত জীৱনত দেখোন কোনো দিনেই ইছলাম ধৰ্মালম্বীৰ সৈতে সংঘাত হোৱা নাই! তেন্তে সামাজিক জীৱনত এনে সামূহিক শংকা সৃষ্টি হৈছেই বা কিয়? সংজ্ঞা সলনিও এক চিন্তনীয় কথা হৈ পৰিছে। উদাহৰণ স্বৰূপে, আজিৰ তাৰিখত প্ৰকৃত হিন্দুৰ পৰিচয় বা চিন, তেওঁক হিন্দু ধৰ্মই জীৱনত কৰিবলৈ কোৱা ভাল কাম, ভাল অভ্যাস, চৰ্চা বা পূণ্যৰে নহয়! যেন তাৰ চিন হব আপুনি মুছলমানক কিমান ঘৃণা কৰে তাৰেহে! এয়া হিন্দুত্ববাদী সংগঠনৰ ঘৃণাৰ খেতিৰ ফল নহয় কি? একেদৰেই ধনী ইছলামিক দেশৰ পৰা অহা ধনেৰে স্ব-ধৰ্মৰ মানুহখিনিৰ আৰ্থ-সামাজিক উন্নতি, বা জীৱন সুচল কৰিব পৰাকৈ কাম কৰাৰ সলনি মৌলবাদী চিন্তা চেতনাৰ খেতি কৰা হৈছে। তেওঁ কিমান ভাল মুছলমান হব, তেওঁ কিমান নিয়াৰিকৈ ধৰ্ম কৰ্ম কৰিছে তাৰে নহয়। যেন হিন্দু বা আন ধৰ্মৰ ‘কাফেৰ’ সকলৰ প্ৰতি পোষণ কৰা ঘৃণাৰ পৰিমানৰ মাপকাঠিৰেহে পৰিচয় হব সঁচা মুছলমানৰ!

ধৰ্মৰ ভিত্তিত এনে ঘৃণাৰ খেতিয়ে ৰাজনৈতিক মেৰুবিভাজন কৰিবই। তাকেই একগোট কৰি বেলট বাকচত গণমত লোৱাৰ যে এক সুগভীৰ ফন্দী চলে, সেই কথা সাধাৰণ হোজা মানুহে অনুভৱেই কৰিব পৰা নাই, হিন্দুৱেও বা মুছলমানেও! মহাৰাষ্ট্ৰত হিন্দু খেতিয়কে খৰাং পীড়িত হৈ আত্মহত্যা কৰিছে, অসমত বানপীড়িত হৈ। হিন্দু সংগঠনে সেই পৰিয়ালৰ দ্বায়িত্ব লৈছেনে? বা একেই কথা মুছলমানৰ ক্ষেত্ৰতো। হিন্দুৱে হিন্দুক ঠগি খোৱা নাইনে, আনকি ধৰ্মৰ নামত হিন্দু ধৰ্ম গুৰুৱেই বেছিকৈ প্ৰতাৰণা কৰাৰ অভিযোগ সংবাদ শিৰোনামাত। শক্তিমন্ত মুছলমানে দুৰ্বল মুছলমানক ঠগি বা শোষণ কৰি খোৱা নাইনে? এই বাস্তৱকো অস্বীকাৰ কৰিবলৈ ব্ৰেইন-ৱাছ কৰি লোৱা সকল মান্তি নহয়! হিন্দুত্ববাদীৰ অনাহক আগ্ৰাসী দমনমূলক ভীতিয়ে মুছলমান সকলকো স্বঃধৰ্মীয় দুৰ্বলী লোক সকলক বিভেদ ত্যাগি সুৰক্ষিত অনুভৱ কৰোৱাৰ স্বাৰ্থতে একেখন চালিৰ তললৈ আনিছে। এতিয়া বিদেশী বুলি ন্যায়ালয়ে বিতাড়ণৰ বাবে চিনাক্ত কৰা মুছলমানক বিচাৰি গলেও সামূহিক ভাৱে প্ৰতিৰোধ কৰাৰ গৰিহণাযোগ্য ঘটনাও অসমতে সিদিনা সংঘটিত হৈছে! ন্যায়ৰ স্বাৰ্থত আমি সকলোৱেই কিন্তু আজি এই ঠেক ধৰ্মীয় গণ্ডীৰ ওপৰলৈ উঠি আহিব লাগিব। হে ধাৰ্মিক নেতাসকল, আপোনালোকে নিজৰ নিজৰ স্বধৰ্মৰ মানুহৰ জীৱনৰ মান উন্নত কৰক, জীৱন সুচল কৰক! অন্যায় কথাত সংঘবদ্ধ হবলৈ নিদিব, উচটনিও!

প্ৰশ্ন হয়, ভাৰতৰ প্ৰতিখন ঠাইতে শাখা থকা বুলি দাবী কৰা সংঘ পৰিয়ালে কিয় তেন্তে হিন্দু সমাজৰ ঘৃণনীয় ভ্ৰুণহত্যা, যৌতুক, নাৰী-সৰবৰাহ আদি বন্ধ কৰি সংস্কাৰ সাধিব পৰা নাই। নে স্ব-ধৰ্মৰ লোক সকলক প্ৰগতিশীল কৰি জীৱন আধুনিক আৰু নিকা কৰাত সংঘৰ দায়বদ্ধতা নাই? আছে আন ধৰ্মৰ সৈতে মন্দিৰ-মচজিদৰ নামত উত্তেজনা সৃষ্টি কৰাতহে! ঘৃণাৰে মেৰুবিভাজন কৰি ৰাজনৈতিক ক্ষমতা হস্তগত কৰাতহে! সমাজৰ দুখীয়া হিন্দু পৰিয়ালে এসাজ ভাত খাব নোৱাৰা পৰিবেশ সৃষ্টিৰে বজাৰত মূল্যবৃদ্ধি কৰা বণিয়া সকল সংঘৰ নেতাৰে সহোদৰ ভাইহেন নহয়নে! সকলো বোৰ দিশ বিশ্লেষণ কৰি, ধৰ্মৰ নামত মানুহক একগোট কৰি, কি মুনাফা কোনে আদায় কৰাৰ পাঙ পাতিছে আপোনালোকেই বিচাৰ কৰক।

ভাৰতত এতিয়া পাকিস্তান আৰু পূৱ-পাকিস্তান(বাংলাদেশ)ৰ পৰা তাত সংখ্যালঘূ হিন্দু-জৈন আদিকে ধৰি লোকসকলক শৰণাৰ্থী ঘোষণাৰে ভাৰতীয় কৰি লোৱা হব বুলি কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে। মানৱতা, আন্তৰ্জাতিক সহমৰ্মীতা আদিৰ দিশৰ পৰা চাবলৈ গ'লে বৰ মহান কাম কৰিছে। তাত ধৰ্মৰ নামত প্ৰাণৰ ভয়ত থাকিব নোৱাৰি অহা লোকসকল শৰণাৰ্থী নহৈ কি? তেন্তে ৰাজনৈতিক আৰু অৰ্থনৈতিক কাৰণত জীৱন-জীৱিকাৰ অভাৱত প্ৰাণৰ মায়াত মাতৃভূমি ত্যাগ কৰা অহা সকল কি শৰণাৰ্থী নহয়? বাংলাদেশ বা পাকিস্তানৰ পৰা অহা কেৱল মুছলিম লোক সকলহে দেশৰ বাবে বোজানে? চিৰিয়া আদিৰ সংঘৰ্ষ পীড়িতৰ ক্ষেত্ৰতো এনে হৈছে, প্ৰাণৰ মমতাত জাৰ্মানীত আশ্ৰয় পাবৰ বাবে মুছলমান লোকে খ্ৰীষ্টাম ধৰ্মলৈ ধৰ্মান্তৰিত হোৱাৰ বাতৰি ওলাইছে! তেন্তে একেই সূত্ৰৰে বাংলাদেশৰ পৰা অহা মুছলমান লোক সকলেও নিগাজি হবলৈ এইবাৰ পূৰ্বতে ধৰ্মান্তৰিত হোৱাৰ শপত নামা দিবৰ ব্যৱস্থা কৰিব লাগিব নেকি? একেঠাইৰ পৰা অহা একেখিনি মানুহকে ধৰ্মৰ তুলাচনীৰে ভাগ ভাগ কৰাৰ এয়া অপচেষ্টা নে ধৰ্মীয় নেতাৰ সামাজিক চাপ প্ৰয়োগৰ কূটকৌশল তাকো বিচাৰ কৰাৰ সময় আহিল।

'অসমত বাংলাভাষী-বাংলাদেশী হিন্দু’ সকলক সুৰক্ষা দিবলৈ ওলোৱাতো, আগতে জাতীয়তাবাদ-আঞ্চলিকতাবাদ কৰি নেতা হোৱা আৰু কালত হিন্দুত্বৰ ৰাষ্ট্ৰীয়তাবাদৰ কোলাত পোষ্য-পুত্ৰ হোৱা সকলে মাত মাতিব পৰা নাই! ঐতিহাসিক অসম চুক্তিৰ দফাই দফাই পালন কৰিব লাগিব বুলি কোৱা সকলো এতিয়া নিমাত। আনকি সদৌ অসম ছাত্ৰ সন্থাৰ দৰে সংগঠনৰ নতুনকৈ সাধাৰণ সম্পাদক হোৱা গৰাকী ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ সৈতে ওতঃপ্ৰোত ভাৱে জড়িত বুলি সংবাদ শিৰোনামাত বাতৰি ছপা হৈছিল। মুখ্য উপদেষ্টা সমুজ্বল ভট্টাচাৰ্যক বাংলাদেশী মূলৰ হিন্দুহে, নহয় বুলি প্ৰমাণ কৰিবলৈ আমছুৰ নেতাই গুৱাহাটী প্ৰেছ ক্লাৱত মুকলি প্ৰত্যহ্বান জনাইছিল। কিন্তু সেই প্ৰত্যাহ্বান সন্দৰ্ভত আজিও এষাৰি মাত কিয় ভট্টাচাৰ্য ডাঙৰীয়াই নামাতিলে সেইটোও ৰহস্য হৈয়ে ৰ'ল। ছাত্ৰ সন্থা, যুৱ-ছাত্ৰ পৰিষদ, গণ পৰিষদ আদি কৰি অসমৰ জাতীয় চেতনাৰ সৈতে খেলাৰ অন্তত এতিয়া ৰাজনৈতিক সুবিধাবাদৰ অংকৰে গেৰুৱা হৈ পৰা সকলে এতিয়া 'ধৰ্মৰ ভিত্তিত বিদেশীক স্বদেশী কৰাৰ প্ৰক্ৰিয়াৰে অসমৰ স্বাৰ্থ বিঘ্নিত' কৰা কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ বিষয়ত নিৰৱতাই সঁচাই কি সূচাইছে? তেওঁলোকে আজি আত্ম-সমৰ্পন কৰিলে, নে ভুৱা আন্দোলন আৰু উচটনি দি ইমান দিনে সৰল অসমীয়া মানুহৰ তেজহে খালে! তাৰ বিপৰীতে অসমৰ খিলঞ্জীয়া মুছলমান সমাজেহে অসমক বিদেশীৰ চুৱা-পিতনিত পৰিণত নকৰিব বুলি সঁকিয়নি দিয়া প্ৰতিবাদ দেখিবলৈ পাইছো।কৃষক মুক্তিও সৰৱ হৈছে। অসমত নাগৰিকপঞ্জীৰ উন্নীতকৰণৰ বিশাল আয়োজনৰ সময়তে এই সিদ্ধান্তই কেন্দ্ৰীয় চৰকাৰৰ 'অসমীয়াৰ স্বাৰ্থৰ' প্ৰতি যে কোনো সহৃদয়তা নাই তাকেহে প্ৰমাণ কৰা নাইনে?

এতিয়া প্ৰশ্ন হয়, আজি ভাৰতীয় হিন্দুত্ববাদৰ কোলাত উঠি অসমীয়াই সাংস্কৃতিক পৰিচয় তথা জাতীয় সত্তাটো হেৰুৱাই পেলাব লাগিবই নেকি? স্বাধীন অসম নালাগিলেও অসমীয়াৰ স্বাধীন পৰিচয়ো লুপ্ত কৰিব লাগিবই নেকি? আমাৰ বাবে যি সিদ্ধান্ত আনে লব, তাকে আমি মানি লব লাগিবই নেকি? অসমৰ ভৱিষ্যতৰ সিদ্ধান্ত আগতে দিল্লীয়ে লোৱাদি এতিয়াৰ পৰা নাগপুৰৰ পৰাহে নিয়ন্ত্ৰিত হবনে? এইবোৰ প্ৰশ্নও সচেতন অসমীয়াই নিজকে কৰিবৰ হ'ল।

হিন্দুৱেই হওক বা মুছলমানেই হওক, বহিৰাগতৰ নিয়ন্ত্ৰণলৈ যাব পৰা যিকোনো আগ্ৰাসনৰ বিৰুদ্ধে অসমৰ হিন্দু-মুছলমান সকলোৱেই লাচিতৰ দিনত মাৰ বান্ধি থিয় দিছিল। কামত হেলা কৰি এই ৰণত দুৰ্বল কৰা মোমায়েককো হেংদান ধৰি আদৰ্শ দেখুৱাবলৈ পিছ হোঁহোকা নাছিল। আজিৰ সেই আগ্ৰাসী ৰাম সিং কোন, আত্মসমৰ্পণকাৰী বিশ্বাসঘাতক কোন ৰাইজেই বিচাৰ কৰক। অসমীয়া সত্তাৰ ৰক্ষাৰ শেষ যুঁজৰ বাবে স্ব-ভূমিত সম্প্ৰীতিৰে গড় বান্ধিবৰ হ'ল। অসম দেশৰ নাটঘৰত আজি লাচিত কোন হব, মোমায়েক কোন হব সেইবোৰ কথাও চিন্তা কৰাৰ সময় আহিল, সেয়াহে নিশ্চিত।

3 comments:

  1. সাময়িক প্ৰসংগত লিখা এক বলিষ্ঠ প্ৰবন্ধ৷ ইন্টাৰনেটৰ পৰা এই ধৰণৰ কথা, চিন্তা বিয়পি পৰক সমগ্ৰ অসমীয়া সমাজত৷ সেই আশাৰে বিচাৰিম এনে প্ৰবন্ধ অধিক প্ৰচাৰিত হওক৷ বাতৰি কাকতৰ পৃষ্ঠা দখল কৰক এনে চিন্তাই গ্ৰাস কৰক অসমৰ আকাশ বতাহ, প্ৰগতি আহিব এনে চিন্তাৰ হাত ধৰিহে, অন্যথা কেৱল ধ্বংস৷

    ReplyDelete

Post Bottom Ad

Responsive Ads Here

Pages