Sunday, September 20, 2015

প্ৰৱন্ধ



জাতীয় চেতনা দিৱসৰ প্ৰাসংগিকতা
শশীমাই শইকীয়া দত্ত

আত্মচেতনাৰ পৰা জাগ্ৰত হয় ব্যক্তি চেতনাৰ। ব্যক্তি চেতনাৰ পৰা জাগ্ৰত হয় সামাজিক চেতনা। মানুহৰ জীৱ সংঘাতে, পৰিস্থিতি পৰিবেশে ব্যক্তিৰ চেতনা জাগ্ৰত কৰে। মহামানৱ মহাত্মা গান্থীৰ সত্য আৰু অহিংস চেতনা জাগ্ৰত হৈছিল বাল্যকালৰ পৰাই। তেওঁৰ মাক পুতলী বাইয়ে 'কুকিলাৰ ব্ৰত' পালন কৰিছিল। সেই ব্ৰত কুলি চৰাইৰ মাত শুনিলেহে ভংগ হৈছিল। এদিন মাতৃগৰাকীয়ে ব্ৰত ধৰি থকাৰ সময়ত, বহুদেৰিলৈকে কুলি চৰায়ে মাত নমতাত গান্ধীজীৰ বৰ দুখ লাগিছিল। তেখেতেৰ মাতৃয়ে লঘোণে থাকি কষ্ট পোৱাটো তেখেতে সহ্য কৰিব পৰা নাছিল। সেয়ে গান্ধীজীয়ে নিজে কুলি চৰাইৰ দৰে মাত মাতি মাকক ক'লে, আই কুলি চৰায়ে মাতিলে, তুমি ব্ৰত ভাঙিব পাৰা। মাতৃ পুতলীবাই আচৰিত হৈছিল, তেওঁৰ পুত্ৰই মিছাৰ আশ্ৰয় লোৱাত। তেওঁ দুখত ভাগি পৰি কৈছিল, "মোৰ কি দুৰ্ভাগ্যৰ বাবে মোৰ সন্তানে আজি মিছাৰ আশ্ৰয় ল'লে!" পুতলীবায়ে কান্দিবলৈ ধৰাত গান্ধীজীয়ে শপত খাই কৈছিল যে তেওঁ কেতিয়াও আৰু জীৱনত মিছা কথা নকয়! এয়াই আছিল গান্ধীৰ স্বৰূপ!

গান্ধীজী বিলাতত বেৰিষ্টাৰ পঢ়িবলৈ যোৱাৰ সময়ত, বিলাতত ভাৰতীয় ছাত্ৰ সকলক কৰা অন্যায় দেখিও তেওঁৰ আত্মচেতনা জাগি উঠিছিল। তেওঁ বেৰিষ্টাৰি পাছ কৰি ভাৰতৰ স্বাধীনতা আন্দোলনৰ গুৰি ধৰিছিল। দেশীয় আৰু বৰ্হিদেশীয় এই সমূহ ঘটনা-পৰিঘটনাৰ পৰিপ্ৰেক্ষিতত ভাৰতবৰ্ষত খিলাফত কমিটি আৰু কংগ্ৰেছৰ যুটীয়া কমিটিৰ নেতৃত্বত গঢ়ি উঠিছিল অসহযোগ আন্দোলন। এই আন্দোলনে অসমতো ৰাজনৈতিক পৰিবেশ উত্তাল কৰি তুলিছিল। অসমত এই আন্দোলনৰ সংগঠক, পৰিচালক, অংশগ্ৰহণকাৰী হিচাবে স্কুল-কলেজৰ ছাত্ৰ, কংগ্ৰেছী বা সাধাৰণ জনতায়ো অংশ লৈছিল। বিশেষকৈ মদ-ভাং-কানি আৰু বিদেশী বস্ত্ৰৰ দোকান পোহাৰৰ সন্মুখত পিকেটিং কৰা, সভা সমিতি অনুষ্ঠিত কৰা, শোভাযাত্ৰা উলিয়াওৱা আদি কাম ছাত্ৰ-ছাত্ৰী সকলে অগ্ৰণী ভূমিকা লৈ কৰিছিল। মহাত্মা গান্ধীৰ অসম ভ্ৰমণে অসমত অসহযোগ আন্দোলনৰ স্থিতি মজবুত কৰাৰ লগতে কংগ্ৰেছৰ সাংগঠিনক স্থিতিও গঢ়ি তুলিছিল। গান্ধীজীয়ে নিজেই স্বীকাৰ কৰিছিল যে তেওঁ ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত ৭৫গৰাকী উকীলৰ ভিতৰত মুঠতে ১৫জনে ওকালতি বৰ্জন কৰি আন্দোলনত জঁপিয়াই পৰিছিল। ১৯৪০-৪২ চনৰ ভিতৰত ভাৰত ত্যাগ আন্দোলন তীব্ৰতৰ কৰি তুলিবলৈ বিশা হাজাৰ লোকক লৈ শান্তি বাহিনী গঠন কৰা হৈছিল। সেই শান্তি বাহিনীয়ে আগষ্ট বিপ্লৱ বা ভাৰত ত্যাগ আন্দোলন তীব্ৰ ৰূপত সংগঠিত আৰু পৰিচালনা কৰাত বিশেষ ভূমিকা লৈছিল। আন্দোলন পৰিচালনা কৰাৰ বাবে কামৰূপ জিলাৰ বজালী অঞ্চলৰ এখন কৰ্ম পৰিষদ গঠন কৰা হৈছিল। তেওঁলোকে চেষ্টা কৰি পাঁচশ মহিলাৰ দ্বাৰা ছেপ্তেম্বৰ-অক্টোবৰ মাহত হাজো পুলিচ থানা দখল কৰাৰ আঁচনি তৈয়াৰ কৰিছিল। গোৱালপাৰাত আন্দোলন দমন কৰাৰ নামত নিধানু ৰাজবংশী লোকজনক গুলীয়াই হত্যা কৰা হৈছিল। ১৯৪২চনৰ শেষৰ ফালে, চৰকাৰে শান্তি বাহিনীৰ লোকক আছাম ৰাইফলচৰ লোকে গুলীয়াই হত্যা কৰে। তাৰ ভিতৰত আছিল কলাই কোঁছ, হেমৰাম বৰা, হেমৰাম পাটৰ, গুণাভি বৰদলৈ আৰু ২৮ আগষ্টত তিলক ডেকাক হত্যা কৰিছিল। এই হত্যাবোৰৰ প্ৰতিবাদত ১৬ছেপ্তেম্বৰৰ দিনটো সমগ্ৰ অসমতে পঞ্চবীৰ দিৱস ৰূপে পালন কৰা হৈছিল। নগাঁৱৰ বহমপুৰত এই দিৱস পালন কৰা হৈছিল ১৮ছেপ্তেম্বৰত। সেইদিনাও তাত বৃটিছ সেনাই গুলী চালনা কৰাৰ ফলত লক্ষ্মীৰাম হাজৰিকা, ঠগীৰাম সুত, বলোৰাম সুত আৰু গুৰুতৰ ভাৱে আহত হৈ ২০ছেপ্তেম্বৰত মৃত্যুক সাৱটি লৈছিল ভোগেশ্বৰী ফুকননীয়ে।

২০ছেপ্তেম্বৰ তাৰিখে গহপুৰৰ চতিয়া আৰু ঢেকীয়াজুলি থানা দখল কৰি থানাগৃহৰ ওপৰত কংগ্ৰেছৰ পতাকা উত্তোলন কৰাৰ দিহা কৰা হৈছিল। এই কাৰ্যসূচী ৰূপায়ণৰ আঁচনি গ্ৰহণ কৰিছিল জ্যোতিপ্ৰসাদ আগৰৱালাৰ নেতৃত্বত আৰু যোগেশ চন্দ্ৰ মিশ্ৰৰ সহযোগত। গহপুৰত আন্দোলনকাৰীক নেতৃত্ব দিছিল গোলোকচন্দ্ৰ পূজাৰী আৰু জোনাৰাম ভূঞাই। সিদিনাৰ নিৰ্বিচাৰ গুলীচালনাত অষ্টাদশী গাভৰু কনকলতা বৰুৱাই ঠাইতে মৃত্যুবৰণ কৰিছিল। উক্ত গুলীচালনাত মুকুন্দ কাকতি, হেম বৰুৱা, খৰ্গেশ্বৰ ৰাজখোৱা আৰু ভোলা বৰদলৈ আদি গুৰুতৰ ভাৱে আঘাত পাইছিল। সেই আঘাততে মুকুন্দ কাকতিও শ্বহীদ হয়। তাৰে মাজতে ৰামপতি ৰাজখোৱাই গহপুৰ থানাত পতাকা উত্তোলন কৰিলে। ঢেকীয়াজুলি থানাত পতাকা তুলিবলৈ পাঁচ হাজাৰৰো অধিক লোকে থানা অভিমুখে যাত্ৰা কৰিছিলে। সেই শোভাযাত্ৰাকাৰী সকলৰ নেতৃত্ব দিছিল কমলাকান্ত, ফণীধৰ দাস আৰু বাপুৰাম গগৈয়ে। প্ৰতিবাদকাৰী সকল থানা চৌহদত সোমোৱাৰ লগে লগেই পুলিচে গুলী চালনা কৰে। ফলত মনবৰ নাথ, কুমলী দেৱী, খহুলী দেৱী, সৰুনাথ চুতীয়া, দয়াল দাস, পানীকা কুৰ্কু, মংগল কুৰ্কু, লেৰেলা কছাৰী, তিলেশ্বৰী বৰুৱা, মহিৰাম কোঁচ, মনিৰাম কছাৰী, এজন অচিনাকি ভিক্ষাৰী, এজন ভীক্ষুকে ধৰি ১৩জন লোক থিতাতে নিহত হোৱাৰ লগতে বিশাল পৰিমানৰ লোক আহত হৈছিল। পুলিচৰ গুলীত নিহত হোৱাৰ পূৰ্বেই কিন্তু মনবৰ নাথে থানাগৃহত কংগ্ৰেছৰ পতাকা উত্তোলন কৰিবলৈ সক্ষম হৈছিল।

বিহালী থানাত পতাকা উত্তোলন কৰিছিল তিলেশ্বৰী মহন্ত নামৰ এগৰাকী মহিলাই। তেজপুৰৰ জিলাধিপতিৰ কাৰ্যালয়ৰ মুধচত পতাকা তুলিবলৈ সক্ষম হৈছিল জীতেন্দ্ৰ কুমাৰ ভূঞা নামৰ কেতেকীবাৰীৰ এজন যুৱকে, ২১ ছেপ্তেম্বৰত। ২৫ছেপ্তেম্বৰত বজালী হাইস্কুলৰ ১৪বছৰীয়া ছাত্ৰ মদন চন্দ্ৰ ব্ৰহ্ম, সাদেৰী ৰাউতাৰাম কোঁছ সেনাৰ গুলীত থিতাতে মৃত্যু হয়। দহ অক্টোবৰত সৰুপথাৰত ৰেল দুৰ্ঘটনা সংঘটিত কৰাৰ অভিযোগত কুশল কোঁৱৰক পিছৰ বছৰ পাঁচ জুনত ফাঁচি দিয়া হয়। জাতিৰ পিতা মহাত্মা গান্ধীয়ে কুশল কোঁৱৰৰ মনত জাতীয় চেতনা জগাই তোলে। তেতিয়াৰ পৰা কুশল কোঁৱৰ হৈ পৰিল অহিংস, নিৰামিষ, গীতাধাৰী, স্বাৱলম্বী আৰু স্বদেশী বস্ত্ৰ গ্ৰহণকাৰী দেশমাতৃৰ একান্ত সেৱক!

সেই  আন্দোলনত গোলোক নেওগৰ মাতৃ কুমলী দেৱীয়ে পুতেকক ছাঁৰ দৰে অনুসৰণ কৰিছিল। গতিকে গোলোকলৈ মৰা গুলীও মাতৃয়ে বুকু পাতি লৈ পুত্ৰ আগতে ঢলি পৰাৰ উদাহৰণো আমাৰ ইতিহাসত জিলিকি আছে। এই ঘটনাত হতভম্ব হৈ পৰা গোলোকে মাতৃক ডাংকোলা কৰি আনি থানাৰ চৌহদৰ পৰা উলিয়াই পথৰ আনটো কাষে থৈ পুনৰ আন্দোলনত জঁপিয়াই পৰি নিজৰ প্ৰাণো বিসৰ্জনো দিয়ে। ঢেঁকিয়াজুলীৰ কাহিনী তেজ আৰু চকুলোৰে লিখা সাধাৰণ মানুহৰ অসাধাৰণ বীৰত্বৰ গৌৰৱোজ্বল কাহিনী, এয়া ইতিহাসৰ পাতত কেৱল সময়ৰ সাক্ষী হৈহে ৰৈছে।


কনকলতাই ১৯২৪চনৰ ডিচেম্বৰ মাহৰ ১২ তাৰিখে তেতিয়াৰ দৰঙ জিলাৰ গহপুৰৰ ওচৰৰ বৰঙাবাৰীত জন্মগ্ৰহণ কৰিছিল। সৰুতেই মাতৃহাৰা হোৱা কনকলতা পিতাক আৰু বুঢ়ীমাকৰ যত্নত ডাঙৰ হৈছিল। জীৱনৰ যুঁজত তথাপি কনকলতা হাৰি যোৱা নাছিল। ১৯৮২চনত ককাদেউতাকৰ লগত গাঁৱৰ দুই এজন মানুহে দেশৰ স্বাধীনতাৰ কথা পাতি থকা শুনিছিল। জাতিৰ পিতা মহাত্মা গান্ধীয়ে অহিংসা নীতিৰে কেনেকৈ দেশলৈ স্বাধীনতা আনিবলৈ আন্দোলন কৰিবলৈ দেশৰ ৰাইজক আহ্বান জনাইছিল, সেই বিষয়ে শুনিছিল আৰু এই অহিংস পথেৰেই বৃটিছক খেদিবলৈ সক্ষম হব বুলি বিশ্বাস কৰি সেই আন্দোলনত অংশ লবৰ বাবে আগুৱাই আহিছিল। ১৯৪২চনৰ গণ আন্দোলনৰ সময়ত কনকলতাৰ বয়স আছিল কেৱল ১৮বছৰ। সেই ওঠৰ বছৰীয়া ছোৱালীজনীৰ প্ৰাণত জাতীয় চেতনা আৰু দেশপ্ৰেম জাগি উঠিছিল। পৰাধীনতা আৰু শোষণৰ তিক্ততা ভালদৰে বুজিব পৰা হৈছিল। দেশমাতৃক পৰাধীনতাৰ কৱলৰ পৰা ৰক্ষা কৰিবলৈ মনত প্ৰৱল হেপাঁহ জাগিছিল।

অসমত বিভিন্ন অঞ্চলৰ নিৰস্ত্ৰ সত্যাগ্ৰহীৰ ওপৰত পুলিচ মিলিটেৰীৰ পাশৱিক অত্যাচাৰ হোৱাত সাধাৰণ জনতায়ো বিপ্লৱৰ অগনিত জপিয়াই পৰিছিল। ২০ছেপ্তেম্বৰত জ্যোতি প্ৰসাদ আগৰৱালাই কনকলতাক সমদলত অংশ লবলৈ আহ্বান জনোৱাত অতিশয় আনন্দিত হৈ হৈছিল। নহবইবা কিয়? কনকলতাৰ দেহত মূলাগাভৰুু তেজ থকা যুৱতী, তাতে মহাত্মা গান্ধীৰ মহামন্ত্ৰ তৰিম অথবা মৰিম, এই বাণীয়ে তেওঁৰ বুকু ডাঠ কৰি পেলাইছিল। সেইদিনা কনকলতাই ককাদেউতাকৰ পৰা অনুমতি লৈহে সেই সমদলত অংশগ্ৰহণ কৰিছিল।

১৯৪২চনৰ গণ আন্দোলনৰ মহিলা দলৰ নেত্ৰী আছিল পুষ্পলতা দাস। কনকলতাই মহিলা নেত্ৰী পুষ্পলতা দাসক কৈছিল, প্ৰতিগৰাকী নাৰীৰ অন্তৰত দেশাত্মবোধ আছে। তেওঁলোকে নিজৰ দেশৰ দেশ আৰু জাতিক ভাল পায়। ময়ো দেশক ভাল পোৱাৰ বিনিময়ত সকলোতকৈ আগত ত্ৰিৰংগ পতাকা লৈ গহপুৰ থানাত প্ৰৱেশ কৰিম। সঁচাই মূলাগাভৰুৰ তেজে যেন সেইদিনা কনকলতাৰ দেহ তলবল কৰি তুলিছিল। কনকলতাৰ সেই সাহসী বাক্যবানে যুৱতীসকলক নতুন প্ৰেৰণা দিলে। তেওঁ সঁচাকৈয়ে একেবাৰে আগত পতাকা লৈ আগুৱাই গ'ল। পুলিচে প্ৰতিবাদী সকলক আগবাঢ়ি আহিবলৈ নিদিলে। কনকলতাই বাধা নামানি থানা চৌহদত প্ৰৱেশ কৰি পতাকা লৈ উত্তোলন কৰিবলৈ চেষ্টা চলাওতে দাৰোগাৰ পিস্তল বাজি উঠিল। সেই পিস্তলৰ গুলীয়ে কনকলতাৰ কোমল বুকু ভেদ কৰি দেশপ্ৰেমৰ ৰক্ত নিৰ্গত হ'ল। তেওঁৰ হাতৰ পৰা ত্ৰিৰংগ পতাকাখন পৰি যোৱাৰ লগে লগে বন্দে মাতৰম ধ্বনীয়ে মুকুন্দ কাকতিয়ে সেই পতাকা হাত পাতি ধৰিলে। মুকুন্দ কাকতিৰ শৰীৰতো গুলী লাগিল। লগে লগে কনকলতাৰ সৈতে মুকুন্দ কাকতিয়েই দেশৰ হকে প্ৰাণ বিসৰ্জন দিলে। তেওঁলোকৰ সেই আত্মত্যাগে জাতীয়তাবোধৰ যি শিক্ষা দিলে, সেই শিক্ষা নতুন প্ৰজন্মৰ মনত সদায়েই জাতীয় চেতনা জগাই তোলাৰ অফুৰন্ত উতসলৈ পৰিণত হ'ল। স্বাধীনতাৰ সপোন ৰচি আত্মত্যাগ কৰি দুয়োজনে দিয়া আত্মত্যাগক আজি আমি শ্ৰদ্ধাৰে সোঁৱৰিছো। আৰু সেইবাবেই আজি ২০ছেপ্তেম্বৰ দিনটো জাতীয় চেতনা দিৱস হিচাবে পালন কৰা হয়।

জ্ঞাত-অজ্ঞাত বহুজনৰ আত্মবলিদানৰ ফলশ্ৰুতিতহে আমাৰ দেশে ১৯৪৭চনত স্বাধীনতা লাভ কৰিলে। কিন্তু আজি প্ৰশ্ন হয়, স্বাধীন দেশৰ নাগৰিক হবলৈ পোৱা আমিবোৰে বাৰু সেই 'জাতীয় চেতনা' অক্ষুন্ন ৰাখিব পাৰিছোনে? আমি বিদেশী বুলি বৃটিছ সকলক খেদি পঠিয়ালো সঁচা, কিন্তু আজি আমাৰ জীৱনবোৰ বিদেশী বস্তুৰ অবিহনে যেন অচল হবলৈ আৰম্ভ কৰা নাইনে। বিদেশী বস্তৰে ভৰি পৰিছে ঘৰবোৰ। নিজৰ সাজ-পাৰ, খাদ্য সম্ভাৰ আৰু আচাৰ-ব্যৱহাৰতো আমাৰ জাতীয় চেতনাৰ প্ৰতি অসন্মানবোধেই আজি প্ৰতিফলিত হবলৈ ধৰা নাইনে? কাউৰীয়ে ময়ূৰ পাখি গুজি নিজত্ব হেৰুওৱা আধুনিকাৰ ৰূপ লবলৈ যোৱা পৰিস্থিতিবোৰ দেখিলে সঁচাই দুখ লাগে। আমাৰ দেশীয় পৰম্পৰাক ৰক্ষা কৰি আমি নিজে নিজৰ ভৰিত থিয় দি আত্মনিৰ্ভৰশীল হব পাৰিলেহে দেশৰ স্বাধীনতাৰ মূল্য ৰক্ষা কৰা হব। তাকে নকৰি যদি আমি নিজৰ পৰম্পৰাগত খাদ্য এৰি ফাষ্ট-ফুড, ইটালিয়ান-মেক্সিকান খাদ্য খোৱা জীৱনধাৰাক আঁকোৱালি লবলৈ যাও, তেন্তে সেয়া ৰক্ষা পৰিবনে?

বুনিয়াদী শিক্ষাৰ দ্বাৰা শিশু সকলক স্বাৱলম্বী কৰাৰ শিক্ষা পদ্ধতি বাদ দি, কেৱল আনন্দদায়ক পদ্ধতিৰে বা কেৱল মনোৰঞ্জনৰ খেল-ধূলাৰে জীৱন সংগ্ৰামৰ চেতনাৰ উপলদ্ধি সম্ভৱ নহয়। ত্যাগৰ আদৰ্শেৰে লভা স্বাধীন ভাৰতৰ মানুহে আজি ভোগবাদক আদৰি লৈ নানা অপকৰ্ম কৰি থকাটো অতিশয় দুৰ্ভাগ্যজনক কথাই। জাতিৰ পিতা মহাত্মা আৰু তেখেতৰ অনুগামী সকলৰ ৰামৰাজ্যৰ সপোন বাস্তৱায়িত কৰিবলৈ কেৱল সভা সমিতি পাতিলেই জানো হব? ইয়াৰ বাবে আমাৰ জীৱন পদ্ধতিৰে আদৰ্শ দেখুৱাব লাগিব, নৱ-প্ৰজন্মকো তাৰেই আত্ম-নিৰ্ভৰশীলতাৰ, স্বাভিমানী চেতনা জগাই তুলিলেহে সেই সপোন সাৰ্থক হব। তেনে কৰিব পাৰিলেহে সাৰ্থক হব চেতনা দিৱসৰ উদযাপনো। আহক আমি সকলো মাতৃয়ে নাৰীৰ অন্তৰত সুপ্ত হৈ থকা এই আত্ম-চেতনাক আজি জাতীয় চেতনালৈ ৰূপান্তৰ কৰাৰ বাবে শপত লও। আহক, সকলোৱেই আত্মপ্ৰেমক দেশপ্ৰেমলৈ উন্নীত কৰাৰ যত্ন কৰো।

No comments:

Post a Comment