Friday, February 27, 2015

মিছা ক'লে কি ডাল হব (লঘু ৰচনা)

মিছা কথীয়াৰ হাত দীঘল...
দীপাংকৰ মল্ল বৰুৱা
সৰুতে আখৰ লিখিবলৈ শিকাৰ সময়তে হাতৰ আখৰৰ বহীত লিখিবলৈ দিছিল, “সত্যৰ সদায় জয়”। এইশাৰী বাক্য লিখোঁতে খেলি মেলি কৰিলে আঙুলিত বেতৰ কোব পৰিছিল। ছাৰহঁতে বুজাইছিল, সদায় সঁচা কথা ক’বি, তেতিয়াহে জীৱনত জয় হ’ব। ঘৰত মা দেউতা হঁতে বুজাইছিল, মিছা কথাৰ ঠেং চুটি। আমি ভয় খাইছিলোঁ, মিছা কথা ক’লে এখন ঠেং চুটি হৈ যাব। বাটৰ লেঙেৰা মানুহ দেখিলে লগৰ ল’ৰাৰ লগত কোৱা মেলা কৰিছিলোঁ, সৌ মানুহটোলৈ চা, মিছা কথা কোৱা বাবে ভগৱানে তাক শাস্তি দিছে। ৰাতি আইতাৰ মুখত শুনিছিলোঁ সত্যবাদী ৰজা হৰিশ্চন্দ্ৰৰ আখ্যান। দেউতাই পঢ়িবলৈ আনি দিছিল মহাত্মা গান্ধীৰ “মোৰ সত্যানুসন্ধানৰ কাহিনী”। মুঠতে প্ৰাথমিক বিদ্যালয়ত পঢ়ি থকা সময়ত মিছা কথা কোৱাতকৈ মৰি থকাই ভাল বুলি ভাবিছিলোঁ। 

পিছে অলপ ডাঙৰ হৈ হাইস্কুল, কলেজলৈ গৈ শিকিলোঁ যে মিছা কথা কোৱাটো আচলতে সিমান ভয়লগা কথা নহয়। বুজি পালোঁ, মিছা কথা ক’লে ঠেং চুটি হয় বুলি মা হঁতে আমাক মিছা কথা কৈছিল। মিছা কথা কোৱা এটা ল’ৰাৰো ভৰি চুটি হোৱা নাই। অলপ টেঙৰ হৈ বুজিলোঁ যে মিছা কথাৰে আচলতে বহুত সময়ত নিসিজা চাউল সিজাব পৰা যায়। মিছা কথা কৈ ঘৰৰ কাম নকৰাকৈও ছাৰৰ গালি নোখোৱাকৈ থাকিব পাৰি, নকল কৰি একো নজনাকৈয়ে পৰীক্ষাত বেছি নম্বৰ পাব পাৰি। মিছা কথা কোৱা, বদমাচি কৰা কেইটাকে দেখোন সকলোৱে সমীহ কৰি চলে। কলেজ, ইউনিভাৰ্চিটি পাৰ হৈ কামৰ সোমোৱাৰ পিছত বুজিবলৈ বাকী নাথাকিল যে, দুনীয়াখনৰ বহুখিনি কাম আচলতে মিছা কথাৰেই চলি থাকে। 

অহাকালিলৈ কাম হৈ যাব বুলি কাম আদায় কৰি এমাহলৈ ছু: মন্তৰ হোৱা মানুহৰ অভাৱ নাই। ভুৱা বিলেৰে পইচা সৰকোৱাটো ধনী হোৱাৰ আটাইতকৈ সহজ উপায়। জেপত পইচা নপৰিলে মিছা কথা কৈ এদিনত হোৱা কাম এটাৰ বাবে এসপ্তাহ ঘূৰাই নগুৰ নাগতি কৰা মানুহ টেবুলে টেবুলে বহি আছে। মিছা কথা কৈ পইচা ধাৰলৈ লৈ পিছত অন্তৰ্ধান হোৱা মানুহ সকলোতে ভৰি আছে। পইচা হাতত থাকিলে ডিগ্ৰী, বটা, সন্মান, সামাজিক মৰ্যদা সকলোবোৰেই কিনিব পাৰি। সত্যৰ সদায় জয় বুলি ভাবি হাত সাৱটি বহি থকা সত্যবাদী সকলক কোনেও পাত্তাই নিদিয়ে। মিছাৰ আশ্ৰয় লৈ, ঠগ প্ৰৱঞ্চনাৰে ডাঙৰ ডাঙৰ অট্টালিকা সজা, ক’লা ধনেৰে দান বৰঙণি দিয়া মানুহ বোৰহে আজিকালি সমাজৰ ভব্য, গব্য, সন্মানীয় ব্যক্তি।

আমাৰ দেশৰ ৰাজনৈতিক নেতা সকলৰ মুখতো মিছা কথা আখৈ ফুটা দি ফুটে। মই এতিয়া ভালদৰেই বুজি উঠিছোঁ যে, ৰাজনৈতিক নেতা হ’বলৈ হ’লে আটাইতকৈ প্ৰয়োজনীয় গুণ হ’ল মিছা কথা কোৱাত পাৰ্গত হোৱাটো। গোকোট মিছা কথা এটাও মা মছলা সানি সঁচা কথাৰ নিচিনা কৈ দিব পৰাটো নিশ্চয়কৈ এটা কলা। এই কলা যিজনেই ভালকৈ আয়ত্ব কৰিব পাৰিছে, তেঁৱেই ভাল ৰাজনৈতিক নেতা হ’ব পাৰিছে। মিছা কথা কৈ, মিছা প্ৰতিশ্ৰুতি দি, মিছা প্ৰলোভন দেখুৱাই নিৰ্বাচন জিকি পিছত জনতাক বুঢ়া আঙুলি দেখুৱাই দিয়া লোক সকলেই আজিৰ দিনত ডাঙৰ নেতা। পিছত কথাবোৰ মিছা বুলি ধৰা পৰিলেও কথা নাই, বুৰ্বক মানুহবোৰে এনেয়ো সোনকালে সকলো পাহৰি যায়। পাঁচ বছৰ পিছত আকৌ মিছা কথা, মিছা প্ৰতিশ্ৰুতি লৈ ভোট বিচাৰি যাবলৈ কোনো নেতাই লাজ নাপায়। ভাল ৰাজনৈতিক হ’বলৈ হ’লে সকলো ক্ষেত্ৰতে নিলাজ হ’ব পৰাটো এটা ডাঙৰ গুণ।

আজিৰ দিনত যিসকল মহান মহান নেতাই এই ভাৰতবৰ্ষত গিজগিজাই আছে, সকলোৱে মিছা কোৱাত পাৰ্গত বুলি প্ৰমাণিত হৈছে। দেশৰ প্ৰধানমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী কোনোৱে এই ক্ষেত্ৰত পিছপৰি থকা নাই। ভোটৰ বাবে মিছা কথা কোৱাত সকলো একে পানীৰে মাছ। নিৰ্বাচনৰ আগতে এটা কথা আৰু নিৰ্বাচনৰ পিছত লুটি বাগৰ মাৰি আন এটা কোৱাত তেওঁলোকৰ পাৰ্গতালিৰ তুলনা নাই। মাজে মধ্যে অৱশ্যে মিছা কোৱাৰ বাবে নিউজ চেনেল বোৰে অলপ অচৰপ হুলস্থুল কৰে, বাতৰি কাকততো দুই এজনে গৰিহণা দিয়ে। কিন্তু আমাৰ দেশৰ ৰথী মহাৰথী সকল সেইবোৰ কেৰেপ কৰা বিধৰ লোক নহয়। সেইবোৰ তেওঁলোকে নিতান্ত চকুচৰহা, পৰশ্ৰীকাতৰ লোকৰ কাম বুলি গণ্য কৰে।

আজিকালিৰ ল’ৰা ছোৱালীবোৰ পিছে সৰুৰে পৰা টেঙৰ হ’ল। তেওঁলোকক মিছা কথাৰ ঠেং চুটি জাতীয় কথাৰে টলাব নোৱাৰি। ছোটা ভীম, ডোৰেমন চাই ডাঙৰ দীঘল হোৱা আজিৰ ল’ৰা ছোৱালীবোৰে সৰুৰে পৰাই সঁচা মিছা ধৰিব পৰা হয়। ৰজা হৰিশ্চন্দ্ৰ বা মহাত্মা গান্ধীৰ কাহিনীয়ে তেওঁলোকক বিচলিত কৰিব নোৱাৰে। অৱশ্যে আচল কথাবোৰ তেওঁলোকে সৰুৰে পৰা জানি থলেই ভাল। পিছত বিপদত নপৰে। কি ঠিকনা, ৰাজনৈতিক নেতাবোৰৰ গাত থকা গুণবোৰ সৰুৰে পৰা ভালদৰে আয়ত্ব কৰিব পাৰিলে তেওঁলোকৰ মাজৰে কোনোবা এজন গৈ হয়তো দেশৰ প্ৰধানমন্ত্ৰী বা অসমৰ মুখ্যমন্ত্ৰী হ’ব পাৰিব। মই আৰু বুজিবলৈ বাকী নাই, মিছা কথাৰ ঠেং ছুটি নহয়, আচলতে মিছা কথীয়া বোৰ আজিকালি প্ৰকৃততে হাত দীঘলহে, মিছা কথাৰ বলতেইচোন বহু মানুহ বহু বেছি শক্তিশালীহে! অ' হৰি অ' ৰাম!

1 comment: