বৃহস্পতিৰ ৰসাল হিতোপদেশ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বৃহস্পতিৰ ৰসাল হিতোপদেশ

বৃহস্পতিৰ ৰসাল হিতোপদেশ

Share This
"ফেচবুক বিশেষ-দুই"

১. এই ফেচবুক ডালক যিমান সময় দিছে, সিমান সময় ফিজিক্স, কেমেষ্ট্ৰি আৰু বায়’লজি নামৰ তিনিখন বুকক দিয়া হ’লে আজি আপোনাৰ ডিঙিতো থেটিস্কোপ থাকিলহেতেন, তাকে লৈ কথাই প্ৰতি গৌৰৱ কৰক৷ চাব মানুহে আপোনাক এনেয়ে অলপ মচলা থকা বুলি সন্মান কৰিব!

২. ইনবক্সত চ’ৰি কোৱাতকৈ পাব্লিকলি চ’ৰি কওক, মনত ৰাখিব ছোৱালীবোৰে সৎ সাহসৰ নাটকো বৰ ভাল পায়৷

৩. ভুৱা ফেচবুক একাউণ্ট খুলি আপুনি সহজেই নিজৰ বিকৃত মানসিকতাৰ সোৱাদ লব পাৰে;আৰু  অলপ মনপুতি চেষ্টা কৰিলে ৰঙাঘৰত বিনামূলীয়া থকা-খোৱাৰ ব্যৱস্থা নিজেই কৰি লব পাৰিব ৷

৪. সফল ডাঙৰ ডাক্তৰ, ইঞ্জিনীয়াৰ, বিজ্ঞানী, সমাজসেৱক আদিক মনৰ খুচিত  ফেচবুকৰ ৱালত, কমেণ্ট বক্সত আক্ৰমণ কৰক, অপমান কৰক, গালি পাৰক৷ মনত ৰাখিব তেওঁলোকে সফল হৈ আপোনাক জ্বলন দিয়াৰ কোনো অধিকাৰ নাই৷ তাৰ বিপৰীতে আপোনাৰ আছে মত প্ৰকাশৰ পূৰ্ণ স্বাধীনতা ৷

৫. আপোনাৰ যে সমাজৰ কল্যান কৰাৰ এটা বিশাল মন আছে, সেয়া ফেচবুকৰ পাততে মেলি দিয়ক আৰু সীমাবব্ধ ৰাখক৷ বাস্তৱৰ পৰা যে সেই ভাৰ্চুৱেল পৃথিৱীখন বহু দূৰত সেই কথা মনত ৰাখিব ৷

৬. ফেচবুকৰ আটাইতকৈ সুবিধাজনক কথাটো হ’ল, এইখন বুক ছাত্ৰ সংস্থাবোৰে দাহ কৰিব নোৱাৰে ৷

৭. ফেচবুকৰ গোটত বিসম্বাদ কৰিছে, হয় প্ৰেক্টিচ সৱল কৰক৷ মনত ৰাখিব, জ্ঞানীজনে কৈ গৈছে- ফেচবুকত বিসম্বাদী গোট গঢ়িব পাৰিলেহে ৰাজনীতিতো পাৰিব! 

৮. আজিকালি ছোৱালীৰ মাক-মাহীয়েক আদিয়েও ফেচবুক প্ৰফাইল চাইহে সম্পৰ্ক এপ্ৰুভ কৰে, ৰুম লেতেৰা হ’লেও কথা নাই, ফেচবুকৰ প্ৰফাইল, ৱাল, আদি পৰিস্কাৰ নিকা কৰি ৰাখিব৷ পৰিস্কাৰ পৰিচন্নতাৰ বাবেও অতিৰিক্ত পাঁচ নম্বৰ থাকে সেই কথা জানেই নহয়!

৯. সুবিধা পালেই অট’, কাৰ, বাইক আদিৰ বিপনী, এক্সপ আদিলৈ যাওক৷ তাতে দামী গাড়ী, বাহনত বহি সুন্দৰ ফটো তোলক৷ ই আপোনাৰ প্ৰফাইল শুৱনি কৰিবই৷

১০. আপোনাক ঠগি থৈ যোৱাৰ পাছত যদি তাই/তেওঁ সুখেৰে আছে, সুখৰ সময়ৰ ফটো, ষ্টেটাচে আপোনাক অশান্তি দিছে ৷ তেন্তে তাইৰ ফেণ্ডৰ সতে আপুনিও ভুৱা সুখৰ নাটক কৰক, সেইটো নোৱাৰিলে তেওঁক ব্লকেই কৰক৷

বুধবৰীয়া "জালুকবাৰী বিশেষ" ৰসাল হিতোপদেশৰ বাবে ইয়াত ক্লিক কৰক৷
মঙ্গলবৰীয়া "ফেচবুক বিশেষ" ৰসাল হিতোপদেশৰ বাবে ইয়াত ক্লিক কৰক৷
সোমবাৰৰ "গাভৰু বিশেষ" ৰসাল হিতোপদেশৰ বাবে ইয়াত ক্লিক কৰক৷

1 comment:

  1. ফেচবুক এনে এখন কিতাপ য'ত লিখাজনৰ পোষ্ট, মন্তব্য আদিৰ মাধ্যমেৰে তেওঁৰেই মুখখন দেখা পোৱা যায়৷ সেয়ে আনৰ দৃষ্টিৰে নিজক চাবলৈ ফেচবুক এক উত্তম মাধ্যম৷

    ReplyDelete