জুতি লগা আখল - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

জুতি লগা আখল

জুতি লগা আখল

Share This
তিলৰ সৈতে বনোৱা কুকুৰাৰ মঙহ 




উপকৰণঃ
মুৰ্গীৰ মাংসঃ ১কেজি (থলুৱা বা ব্ৰইলাৰ যি কোনো হ’লেই হ’ল)
পিয়াজঃ ২-৩টা ডাঙৰ চাইজৰ ৷
আদা-নহৰু সতেজ ৰূপত খুন্দি লওক( পেকেট পোৱা পেষ্ট ব্যৱহাৰ নকৰিব)

জিৰা গুড়ি, জলকীয়া গুড়ি, কেঁচা জলকীয়া দুটা,  ক’লা তিল চাৰি চামুচ (সৰু টেবুল চামুচৰে ল’ব)
গোটা জালুক কেইটিমান ৷ ডালচেনী ১টুকুৰা আৰু তেজপাত দুখিলামান গোটাই লওক ৷

ৰন্ধন প্ৰণালীঃ

এইবাৰ মিঠাতেল কেৰাহীত গৰম কৰি তাত তেজপাত আৰু ডালচেনী দি পিয়াজ খিনি ভাজি লওক ৷ অলপ ৰঙচুৱা হোৱাৰ পাছত ধুই লোৱা কুকুৰা মাংসখিনি দি অলপ ভাজক৷ নিমখ, হালধি, জিৰা গুড়ি অলপ দি ঢাকি থওক, অলপ সময়ৰ বাবে৷ তেতিয়া জুই মধ্যমীয়া ৷

এতিয়া তিল খিনি মিক্সি বা পতাত অলপ পানী দি পিহি লওক৷

কুকুৰা মাংসখিনি আৰু অলপ দেৰি ভাজি লৈ তাত তিল বটা খিনি দি দিয়ক৷ এতিয়া জুই কমকৈ দি দহমিনিট মান লৰাই থাকি লেটিয়াই ভাজক ৷ ভাজি হৈছে যেন লাগিলে তাত একাপমান গৰম পানী দি ঢাকি থব ৷ কম জুইত থাকোতেই পানীৰ ভাপত মাংস খিনি সিজালৈ ধৈৰ্য ধৰক ৷

তাৰ পাছত অলপ চামুচত লৈ নিমখ, জ্বলা আদিৰ জুতি পৰীক্ষা কৰক ৷ এইবাৰ আনন্দ মনে গৰমে গৰমে আনি খোৱাৰ টেবুলত পৰিৱেশন কৰক আৰু তিল দিয়া কুকুৰা মাংসৰ সোৱাদ লওক ৷

জুতি ভাল পালে ৰেছিপিটো পৰিয়াল-পৰিজন-বন্ধুৰ সতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব৷

2 comments:

  1. bhal hoise, kintu TIl aru besi hobo lage. akedore tilor thait gazor (carrot) di o randhiba pari.

    ReplyDelete