সম্পাদকীয় কলমত - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সম্পাদকীয় কলমত

সম্পাদকীয় কলমত

Share This

পুথিভঁৰালৰ বাবে "অগ্নিশিখা": কিয় গৰজি উঠিল পুথি প্ৰকাশক সংস্থা?

কিতাপৰ বিষয়ে আলোচনা কৰিবলৈ যোৱাৰ সময়ত সদায়েই মনলৈ আহে অসমৰৰ এজন যুক্তিবাদী লেখক, সমালোচক ৰিপুঞ্জয় গগৈৰ "নষ্ট নীতি-বাগিশ"ৰ এটা লেখাত অৱতাৰণা কৰা এটা প্ৰশ্নলৈ ৷ সেয়া হ’ল, গগৈদেৱে লেখক সকললৈ প্ৰশ্ন কৰিছে, "আপোনাৰ লেখাৰ উদ্দেশ্য কি?"

যোৱা ত্ৰিশ এপ্ৰিলত অসম বিধান সভাৰ অধ্যক্ষ প্ৰণৱ গগৈদেৱৰ কৰকমলেৰে উন্মোচিত হ’ল অৰুণ গোস্বামী ৰচিত আৰু প্ৰণতি গোস্বামী সম্পাদিত গ্ৰন্থ "অগ্নিশিখা" ৷ এয়া এক সৰু বাতৰিয়েই হ’লহেতেন, কিন্তু এই গ্ৰন্থৰ লগত জড়িত হোৱা কিছু কথাই ইয়াক এক বিশেষ গুৰুত্ব প্ৰদান কৰিলে ৷ 

ইয়াৰে প্ৰথম কথাটো হ’ল ইয়াৰ কলেৱৰ, এই গ্ৰন্থৰ মুঠ পৃষ্ঠা সংখ্যা দহ হাজাৰ ৷ এই বৃহৎ কলেৱৰে অসম বা ভাৰতৰে নহয় সমগ্ৰ বিশ্বৰে বৃহৎ গ্ৰন্থ ৰূপে ইয়াক পৰিগণিত কৰিব বুলিও, এক নতুন বিশ্ব অভিলেখ গঢ়িব বুলিও সংবাদ মাধ্যমে মত পোষণ কৰিছে ৷ 

দ্বিতীয়তে এই গ্ৰন্থৰ দাম;  দাম স্থিৰ কৰা হৈছে মাত্ৰ ষাঠি হাজাৰ টকা ! মাত্ৰ চাৰিদিন আগতে মুকলি হোৱা এই বৃহৎ গ্ৰন্থখন এতিয়াও সমালোচকে পঢ়ি বা চকু ফুৰাই শেষ কৰিব পৰা নাই বাবে ইয়াক সমৃদ্ধ কৰা কথা, জ্ঞানৰ বিষয়ে এতিয়াও আমিও জ্ঞাত হব পৰা নাই ৷ বিশেষকৈ সাধাৰণ পাঠকে সেইখন কিনি যে সেই "জ্ঞান-সমুদ্ৰ"ৰ এচলু পানীৰ সোৱাদ লব পাৰিব সেয়াও উচ্চ দামৰ বাবে যেন এক অসম্ভৱ কথা ৷

তথাপি এই গ্ৰন্থখন প্ৰকাশৰ লগে লগেই সদৌ অসম পুথি প্ৰকাশক ও বিক্ৰেতা সন্থাই সংবাদ মাধ্যমৰ ভাষাতে গ্ৰন্থখনৰ প্ৰকাশক চন্দ্ৰ প্ৰকাশৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ৷ তেওঁলোকে সংবাদ মাধ্যমযোগে কেতবোৰ গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে, যি কিতাপ আৰু কিতাপৰ ব্যৱসায়ৰ লগত জড়িত কেতবোৰ মঞ্চৰ আঁৰৰ কথাও উন্মোচিত কৰিছে ৷

এই অভিযোগনামাৰ ভিতৰত গ্ৰন্থখন প্ৰকাশৰ লক্ষ্য বা উদ্দেশ্যৰ মহানতা সন্দৰ্ভে প্ৰশ্ন উত্থাপিত হৈছে ৷ পুথি প্ৰকাশক সকলৰ মতে "কোনোপধ্যেই এক গোপন উদেশ্য আগত ৰাখি প্ৰকাশ কৰা এই গ্ৰন্থখনৰ দাম" ষাঠি হাজাৰ টকা হবই নোৱাৰে ৷ ইয়াৰ উচ্চ দাম নিৰ্ধাৰণৰ আঁৰত আছে প্ৰকাশকৰ গোপন উদ্দেশ্য ৷ ই হ’ল চৰকাৰী লাইব্ৰেৰীলৈ কিতাপ যোগানৰ জড়িয়তে কোটি কোটি টকাৰ লুণ্ঠন কৰা ৷ 

বিশেষকৈ বিগত বছৰত ভিতৰুৱা মিতিৰালিৰে পাঁচটামান আন আন প্ৰকাশক গোষ্ঠী বা ফাৰ্মৰ নামত চন্দ্ৰ প্ৰকাশৰ মালিকপক্ষই বিধিবৰ্হিভূতভাৱে কোটি টকাৰ গ্ৰন্থ ইতিমধ্যে চৰকাৰী লাইব্ৰেৰীলৈ চাপ্লাই দিছিল৷ এই কামত বিশেষ ভাৱে অনৈতিক ভাৱে সহায় কৰিছিল পুথিভঁৰাল সঞ্চালকালয়ৰ দ্বাৰা মনোনীত গ্ৰন্থ নিৰ্বাচন কমিটিৰ সদস্য অৰুণ গোস্বামীয়ে ৷ লক্ষ্যণীয় ভাৱে এই ষাঠি হাজাৰ টকীয়া গ্ৰন্থখনৰো লেখক একেজন সাহিত্যিকেই ৷

পুথি প্ৰকাশক সংস্থাই আঙুলিয়াই দিয়া এটা দিশ হ’ল যে ষাঠি হাজাৰ টকা খৰচ কৰি কোনো পঢ়ুৱৈয়ে এই কিতাপখন নিকিনে৷ প্ৰকৃততে গ্ৰন্থখনৰ লেখক আৰু প্ৰকাশকৰ মূল উদ্দেশ্য হৈছে চৰকাৰী গ্ৰন্থ ক্ৰয় আঁচনিত এই গ্ৰন্থখন সুমুৱাই বুজন সংখ্যক কিতাপ যোগান ধৰি অসাধু উপায়েৰে ধন ঘটা ৷ তেওঁলোকে প্ৰশ্ন তুলিছে যে কেৱল বিশ্ব ৰেকৰ্ডৰ বাবে যদি গ্ৰন্থখন প্ৰকাশ কৰিলেহেঁতেন, তেন্তে পুথিভঁৰাল সঞ্চালকালয়ৰ গ্ৰন্থ নিৰ্বাচনৰ বাবে পঠিওৱা তালিকাত কিয় এই গ্ৰন্থখনৰ নাম থকিব?

এই সমগ্ৰ ঘটনাৰাজিৰ আলমত আন কিছু প্ৰশ্নৰো উত্তৰ বিচাৰ কৰি চোৱাৰ প্ৰয়োজন আছে-

১. অসমত ঢৌ উঠা বিশ্ব অভিলেখ গঢ়াৰ অলিখিত প্ৰতিযোগিতাত অৰুণ গোস্বামীৰ দৰে এজন আগশাৰীৰ লেখকে কিয় পৃষ্ঠা সংখ্যাৰে অভিলেখ গঢ়িবলৈ আগবাঢ়িল?

২.  পুথিভঁৰাল সংস্কৰণৰ দাম অত্যাধিক কৰি প্ৰকাশ কৰাটো পুথি প্ৰকাশকৰ এট পুৰণি পদ্ধতি, যাতে এই চাপ্লাইৰ পৰাই সমগ্ৰ খৰছ তথা লাভালাভ আহৰণ কৰিব পৰা যায় ৷ তাৰ উদাহৰণ স্বৰুপে এখন হাতপুথিৰ দাম ছশ টকা নিৰ্ধাৰণ কৰি এজন সাংবাদিকে পুথিভঁৰাল চাপ্লাইত এহাজাৰ কপি দি ছয় লাখ টকা আহৰণ কৰাৰ উদাহৰণ আছে ৷ যিটো খৰছৰ কেইবাগুণো আছিল ৷ সেয়ে পুথিভঁৰালৰ বাবে কিতাপ নিৰ্বাচন কৰাৰ ক্ষেত্ৰত পৃষ্ঠা সংখ্যা, কাগজ, ছপাৰ মান আদি বিবেচনা কৰি সৰ্বোচ্চ এক দাম নিৰূপণৰ কৰাৰ সাৰ্বজনীন পদ্ধতি অৱলম্বন কৰাৰ প্ৰয়োজনীয়তা সময়ে আজি দাবী কৰিছে ৷

৩. পুথিভঁৰালত কিতাপ নিৰ্বাচনৰ ক্ষেত্ৰত এটা "সাহিত্যিক তথা প্ৰকাশক"ৰ লবীয়ে ক্ৰিয়া কৰি আছে ৷  সেয়ে নতুন লেখক বা প্ৰকাশকে সেই লবীৰ প্ৰতিৰোধ নাশ কৰি কোনোপধ্যেই কিতাপ লাইব্ৰেৰীত দিবৰ বাবে নিৰ্বাচিত কৰাব নোৱাৰে ৷ বিগত বছৰ কেইটাত ৰাজহুৱা পুথিভঁৰালৰ কিতাপৰ বাবে শ শ কোটি টকা ধাৰ্য হোৱাৰ পাছৰে পৰা এই ক্ষেত্ৰত কমিচন তথা অনৈতিক পদ্ধতি অৱলম্বনৰ প্ৰকোপ বৃদ্ধি পোৱাটো পুথি প্ৰকাশক সংস্থাৰ অভিযোগেই প্ৰতীয়মান কৰিছে ৷ এই লবী নাশ তথা অনৈতিক পদ্ধতি অৱলম্বনৰ বাবে পুথি প্ৰকাশক সংস্থা তথা সাহিত্য সংগঠনে অফিচিয়েলি বা আইনগত ভাৱে  হস্তক্ষেপ দাবী কৰাৰ প্ৰয়োজন আহি পৰিছে ৷

৪. পুথিভঁৰালৰ বাবে পুথি নিৰ্বাচক কমিটিত থকা সাহিত্যিক সকলে লিখা কিতাপ প্ৰকাশ কৰা প্ৰকাশক বা তেখেতসকলৰ লগত মধুৰ সম্পৰ্ক থকা প্ৰকাশক সকলৰেই কিতাপ নিৰ্বাচন হোৱাটো এটা স্বাভাৱিক তথা পুৰণি বেমাৰ ৷ নিজৰ কিতাপক, নিজেই মনোনীত কৰাৰ প্ৰক্ৰিয়াটোও এই ক্ষেত্ৰত ইমান দিনে নিলৰ্জ ভাৱে চলি আছে ৷ তাকো প্ৰশমনৰ বাবে আইনী হস্তক্ষেপ দাবী কৰাৰ সময় আহিছে ৷

৫. "ক্ৰয় কৰিব লগা একোখন পুথিৰ সৰ্বোচ্চ দাম" বা আগতীয়াকৈ "চিলিঙ" নিৰ্ধাৰণ কৰিলে  ষাঠি হেজাৰ টকীয়া কিতাপৰ নিচিনা সৰ্বনাশী বেমাৰে চিষ্টেমটো আক্ৰমণ কৰাৰ পৰা বাৰণ কৰিব পৰা নিশ্চয় যাবই ৷ কাৰণ এখন ষাঠি হাজাৰ টকীয়া বহুমূলীয়া(?) গ্ৰন্থ ক্ৰয় কৰা মানেই ১০০ টকীয়া ৬০০খন কিতাপৰ পৰা পাঠক বা লাইব্ৰেৰীটো বঞ্চিত হোৱা নহয় জানো? এই ধাৰণাৰে এনে বহুমূলীয়া(?) গ্ৰন্থ ক্ৰয়ৰ পৰা বিৰত ৰাখিবলৈ আইনী হস্তক্ষেপৰ প্ৰয়োজন আছে ৷

৬. পুথিভঁৰালৰ বাবে কিতাপ নিৰ্বাচনৰ বাবে কিছুমান অৰ্হতা হিচাবে বিবেচিত হোৱা কাৰকৰ তালিকা ৱেবচাইটযোগে প্ৰকাশ কৰিব লাগে ৷ আৰু নিৰ্বাচক মণ্ডলীৰ নামো ৷ নিৰ্বাচক মণ্ডলীয়ে কোন কোন কিতাপক কোন কাৰকৰ বাবে কিমান নম্বৰ দিয়াৰ বাবে কিতাপখন নিৰ্বাচিত কৰা হ’ল সেয়াও ৱেবচাইটত মুকলিকৈ ৰখাৰ দৰকাৰ আছে ৷ যিহেতু "য’তেই গোপন ত’তেই পাপ", সেয়ে ৰাজহুৱা কোটি কোটি টকাৰ শৰাধ কৰি যে প্ৰকৃত ভাল কিতাপ ৰাজহুৱা স্বাৰ্থ সুৰক্ষিত কৰি ক্ৰয় কৰা হৈছে সেয়া নিশ্চিত কৰিবই লাগিব ৷

লাইব্ৰেৰীয়ে সমাজ এখনৰ জ্ঞানৰ সমলৰ ভঁৰাল ৰূপে যুগে যুগে অৰিহণা যোগাই আহিছে আৰু যোগাই যাব ৷ সেয়ে, মাত্ৰ লাইব্ৰেৰী চাপ্লাইৰ বাবে কোটি টকা ঘটিবৰ উদ্দেশ্যে কিতাপ লিখা বা কিতাপ ছপাবলৈ ধৰা ধৰণৰ তাড়ণাবোৰক প্ৰতিহিত কৰিবই লাগিব ৷ তাৰ বাবে সাহিত্য সংগঠন তথা পুথি প্ৰকাশক সংস্থাই সমন্বিত কৰ্মসূচী গ্ৰহণ কৰি দায়বদ্ধতাৰ পৰিচয় দিয়ক ৷ নহ’লে উত্তৰ পুৰুষে জ্ঞানৰ চৰ্চাৰ ক্ষেত্ৰত "কিছুমানৰ ল’ৰা-ধেমালিক" কোনো কালে ক্ষমা নকৰিব, সেয়া ধুৰুপ ৷

2 comments:

  1. সঁচাকৈ এক চিন্তনিয় বিষয় ৷

    ReplyDelete
  2. -"য’তেই গোপন ত’তেই পাপ", সেয়ে ৰাজহুৱা কোটি কোটি টকাৰ শৰাধ কৰি যে প্ৰকৃত ভাল কিতাপ ৰাজহুৱা স্বাৰ্থ সুৰক্ষিত কৰি ক্ৰয় কৰা হৈছে সেয়া নিশ্চিত কৰিবই লাগিব ৷
    -মাত্ৰ লাইব্ৰেৰী চাপ্লাইৰ বাবে কোটি টকা ঘটিবৰ উদ্দেশ্যে কিতাপ লিখা বা কিতাপ ছপাবলৈ ধৰা ধৰণৰ তাড়ণাবোৰক প্ৰতিহিত কৰিবই লাগিব ৷
    ওপৰৰ কথাখিনিত সহমতি ব্যক্ত কৰিলোঁ৷

    ReplyDelete