চিন্তন - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

নেতৃত্বৰ সংকট আৰু এটা আধুনিক কল্পনা

প্ৰতিম প্ৰতাপ বৰুৱা
এটা কথা এতিয়া নিশ্চয় সকলোৱে মন কৰিছে যে আমাৰ অসমতেই হওক, বা ভাৰতৰ অন্য ঠাইতেই হওক, ৰাজনৈতিকেই হওক বা অৰাজনৈতিকেই হওক, ক্ষেত্ৰনিৰ্বিশেষে প্ৰায় সকলো স্তৰতে কিছুসংখ্যক নেতা আছে যিসকলক যেতিয়াই কোনো এটা বিশেষ সমস্যাৰ বিষয়ে প্ৰশ্ন কৰা হয় তেতিয়াই তেওঁলোকে সমস্যাটোৰ পৰা হয় ফালৰি কাটে, নহয় সমস্যাটোৰ বাবে আনক দায়ী কৰি অন্য বিষয়ৰ বিভিন্ন অযুক্তিকৰ কথাৰে মূল কথাটো তৰল কৰি পেলায়। সমস্যাৰ উপযুক্ত আৰু স্থায়ী সমাধানৰ বিষয়ে কোনো নিশ্চিত ধাৰণা নথকা অসক্ষম, অপেছাদাৰী নেতৃত্বৰ হাতত আমি আৰু আমাৰ ভবিষ্যৎ সুৰক্ষিত নহয় – সেয়া সত্য। 

নেতৃত্বৰ সন্ধানত এবাৰ চাৰিওফালে চকু ফুৰাই চাওকচোন। নেতৃত্বৰ নামত বহুঠাইত, বিভিন্ন স্তৰত আমি এতিয়াও এনে কিছুমান নেতা দেখা পাওঁ যিসকলৰ নেতা হিচাপে মানদণ্ড কোনোফালৰেপৰা উচ্চস্তৰৰতো নহয়েই, আনকি বহুক্ষেত্ৰত সাধাৰণ মানদণ্ডতকৈও বহুত নিম্নমানৰহে। আজিৰ সময়ত আমি (বিশেষকৈ অসমৱাসীয়ে) সন্মুখীন হোৱা বহু সমস্যাৰে এটা প্ৰধান সমস্যা এই নেতৃত্বৰ মানদণ্ডৰ অৱনতি অথবা উচ্চস্তৰৰ, উচ্চমানদণ্ডৰ, উপযুক্ত নেতৃত্বৰ অভাৱ যেন বোধ হয়। নিম্নমানৰ নেতৃত্বই যিকোনো এটা সমস্যাৰ নিম্নমানৰ সমাধানহে চিন্তা কৰিব পাৰে। বহুসময়ত তেনে নিম্নমানৰ নেতৃত্বই সমস্যা একোটাৰ উপযুক্ত, সৰ্বজনগ্ৰাহ্য, সুদূৰপ্ৰসাৰী সমাধান এটা চিন্তা কৰি উলিয়াবই নোৱাৰে। আনকি বহু সময়ত তেনে নিম্নমানৰ নেতৃত্বই সমস্যা এটাক সম্যকভাৱে বুজিয়েই নাপায়। তেনে নেতৃত্বই সমস্যাৰ সমাধান কৰাতকৈ নতুনকৈ নানা সমস্যাৰহে সৃষ্টি কৰে। এইটো আমাৰেই দূৰ্ভাগ্য যে নেতৃত্বৰ যোগ্যতা নথকাকৈয়ে নেতৃত্ব ল’বলৈ অহা মানুহৰ সংখ্যা সৰহ। 

নেতৃত্ব কেনে হোৱা উচিত? বা প্ৰশ্নটো হ’ব পাৰে সমাজত উচ্চস্থান পাবৰ বাবে বা সমাজৰ যিকোনো ক্ষেত্ৰত নেতৃত্ব দিবৰ বাবে এজন মানুহ কেনে হোৱাটো প্ৰয়োজন? এই প্ৰশ্নটোৰ উত্তৰ দিয়াৰ আগতে আন এটা প্ৰশ্ন আমি নিজকে নিজে কৰা উচিত - কেনে এজন মানুহৰ নেতৃত্ব মই স্বীকাৰ কৰিম? এই প্ৰশ্নটোৰ উত্তৰটো দিবলৈ নিজেই চেষ্টা কৰকচোন। উত্তৰটো তেনেই সহজ। আমাৰ সকলোৰে উত্তৰটো প্ৰায় এনে ধৰণৰ হ’ব – মই সেইজন মানুহৰ নেতৃত্ব স্বীকাৰ কৰিম যি মানুহৰ আৰু সমাজৰ নেতৃত্ব দিবলৈ প্ৰয়োজন হোৱা সকলোখিনি বৌদ্ধিক গুণেৰে সক্ষম, যি মানৱীয় সকলো উপাদানেৰে এজন সৎ মানুহ। যি মানুহ হোৱাৰ লগতে এজন ভাল মানৱো হয়। যি একোটা সমস্যা প্ৰথমতে নিজে বুজি পায় আৰু সততাৰে আৰু দায়বদ্ধতাৰে সেই সমস্যাটো সমাধান কৰিব পৰাকৈ সক্ষম হয়। যি পেছাদাৰী মনোভাৱেৰে, আবেগবৰ্জিতভাৱে, নিস্বাৰ্থভাৱে আৰু তথ্য আৰু যুক্তিৰ সহায়ত সমাজৰ আৰু মানুহৰ নেতৃত্ব বহন কৰে। 

এজন মানুহৰ বৌদ্ধিক সক্ষমতাখিনি আমি তেওঁৰ কথা আৰু কামেৰে দেখিবলৈ পাওঁ। কিন্তু ভণ্ডামিৰে ভৰা আজিৰ ভাৰতীয় সমাজত বিভিন্ন ক্ষেত্ৰত নেতৃত্ব লোৱাসকলৰ বেছিভাগেই ততোধিক ভণ্ডামিৰ পৰিচয় দি সমস্যাবোৰ সমাধান কৰাৰ পৰিবৰ্তে সমস্যাবোৰ জীয়াই ৰাখি নতুন নতুন সমস্যাৰ সৃষ্টি কৰি গৈ আছে। অপ্ৰিয় সত্য যে ভাৰতত নেতৃত্বৰ স্থানলৈ উঠিবলৈ প্ৰথম প্ৰয়োজন হ’ল টকা আৰু বাহুবল, দ্বিতীয় তথাকথিত জাত-ধৰ্ম আৰু তৃতীয় লবীগিৰি, কূট-কৌশল, ষড়যন্ত্ৰ ইত্যাদি। অৰ্থনৈতিক সাম্যতা নথকা আমাৰ ভাৰতীয় সমাজখনত টকাই এজন মানুহৰ সামাজিক স্থান নিৰ্ণয় কৰে, লাগিলে সেই টকা যেনেকৈয়ে আহৰণ কৰা নহওক কিয়। দূৰ্ণীতিকাৰী, দু:চৰিত্ৰৰ মানুহজনেও টকাৰ জোৰতেই সমাজত আগস্থান পোৱাৰ লগতে নেতৃত্বৰ যোগ্যতাও অৰ্জন কৰে। এইক্ষেত্ৰত কিন্তু আমিও (আমি মানে আমাৰ দৰে সাধাৰণ জনগণ) সমানেই দোষী। কাৰণ আজি আমি প্ৰায় সকলোৱেই কম বেছি পৰিমানে স্বাৰ্থপৰ হৈ পৰিছো আৰু সেয়ে আমাৰ বেছিভাগ কথা আৰু কামত নীতিতকৈ ব্যক্তিগত স্বাৰ্থ আৰু উদ্দেশ্যহে নিহিত হৈ থাকে। আৰু সেয়ে আমাৰ দৰে স্বাৰ্থপৰ মানুহেই এখন সৰু প্ৰাথমিক বিদ্যালয়ৰ মেনেজিং কমিটিখনৰ সভাপতিৰ বাবটোৰ বাবেও সেই অঞ্চলৰ সন্মানীয় শিক্ষাবিদজনক অথবা প্ৰশাসনিক অভিজ্ঞতাৰে অভিজ্ঞ সৎ ব্যক্তিজনক আমন্ত্ৰণ জনোৱাতকৈ সেই পদৱীটো কোনোবা ধনী, ৰাজনৈতিকভাৱে ক্ষমতাশালী ব্যৱসায়ীজনকহে উপযাচি দি ধন্য হও।

ৰাজনৈতিক ক্ষেত্ৰখনতেই হওক, বা আন ক্ষেত্ৰসমূহতে হওক, আমি এতিয়া নেতৃত্বৰ সংকটত ভুগিছো যেন বোধ হয় আৰু এতিয়া এয়াই আমাৰ অন্যতম ব্যৱহাৰিক সংকট। বৰ্তমান আমাৰ মাজত বিভিন্ন ক্ষেত্ৰত নেতৃত্ব ল’ব পৰা উপযুক্ত ব্যক্তিত্বৰ অভাৱ হৈছে যেন লাগিছে। এই বিষয়টো আমি গুৰুত্ব সহকাৰে লোৱা উচিত। 

আধুনিক ভাৰতৰ এটা দৃশ্য কল্পনা কৰিবৰ মন যায়। মোৰ কল্পনাৰ সেই আধুনিক ভাৰতীয় সমাজখন হ’ব জাত-পাত-সম্প্ৰদায়বিহীন, অন্ধবিশ্বাস আৰু কুসংস্কাৰবিহীন, শোষক আৰু শোষিতবিহীন, কূট-কৌশলবিহীন, দুৰ্নীতিবিহীন এখন যুক্তিবাদী বৈজ্ঞানিক সমাজ য’ত জাতিবাদ, জাতিভেদ প্ৰথা, অৰ্থনৈতিক অসাম্যতা, ধনবল আৰু বাহুবল আদি নাথাকিব। যিহেতু সেই সমাজত অৰ্থনৈতিক অসাম্যতা নাথাকিব, সেয়ে সমাজত এজনৰ যোগ্য স্থান নিৰ্ণয়ৰ বাবে সেইজনৰ ওচৰত থকা ধন আৰু বাহুবলৰ পৰিমানৰ সলনি তেওঁৰ বৌদ্ধিক দক্ষতা তথা সততাক একমাত্ৰ মাপদণ্ড হিচাপে লোৱা হ’ব। যোগ্যসকলে নিজৰ বৌদ্ধিক গুণবোৰৰ সাধনা তথা চৰ্চা কৰিব আৰু প্ৰতিটো ক্ষেত্ৰৰ যোগ্যতমজনে নিজৰ বৌদ্ধিক সম্পদখিনিৰে সমাজক সেই সেই ক্ষেত্ৰত নেতৃত্ব দিব।

লেখকৰ ম’বাইল : +৯১৯৮৭১০১৮৮৭৪,
ই-মেইল – ppbaruah.delhi@gmail.com 

No comments:

Post a Comment