সাম্প্ৰতিক প্ৰসংগ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ৰঙা চীনৰ ৰঙা-চকু আৰু আমি
ডাঃ বিৰাজ কুমাৰ শৰ্মা
মোৰ গাঁৱৰ সীমাৰে পাহাৰৰ সিপাৰত
নিশাৰ চিঞঁৰটিৰ প্ৰতিধ্বনি শুনো.....
কাণ পাতি শুনো মই বুজিব নোৱাৰো
চকু মেলি চালেও মনিব নোৱাৰো.......
জাগি উঠা মহাচীনে হাজাৰ চিঞঁৰ মাৰে
তাতে ঠেকা লাগি হাজাৰ পাহাৰ ভাঙি পৰে..........



গীতিকাৰ ভূপেন হাজৰিকা দেৱে ১৯৫৩ চনত চীন বিপ্লবৰ পটভূমিত ৰচিছিল এই বিখ্যাত গীতটি তাৰ পিছত ১৯৬২ চন । হিন্দী চীনী ভাই-ভাই এই অপ্তবাক্যশাৰীক যেন ভৰিৰে মোহাৰি সংঘৰ্ষত লিপ্ত হৈছিল দুটি ওচৰ চুবুৰীয়া মহান জাতি । গঢ়ি উঠিছিল দুই মহান জাতিৰ মাজত বিভেদৰ বিশাল প্ৰাচীৰ । আহত বাঘৰ দৰে ভাৰতীয় সৈন্যৰ ওপৰত জপিয়াই প’ৰা চীনা সৈন্য বাহিনীয়ে এবাৰৰ বাবেও ভাবি চোৱা নাছিল যে এই ভাৰতবৰ্ষ ই এদিন সন্মিলিত জাতিসংঘত নতুন চীনক সভ্য কৰিবলৈ অকলে আপ্ৰাণ চেষ্টা কৰি আমেৰিকাৰ ৰোষত পৰিব লগা হৈছিল । 

১৯৬২ চন আৰু ২০১৩ চন । মাজতে ব্যৱধান ৫১ বছৰৰ । পশ্চাশ বছৰ আগৰ সেই তিক্ততা হয়তো কাৰোবাৰ কাৰণে নষ্টালজীয়া, কাৰোবাৰ বাবে ইতিহাস আৰু কাৰোবাৰ বাবে সাধুকথা । পুনৰ যেন ইতিহাসৰ পুনৰাবৃত্তি হ’বলৈ ওলাইছে । পুনৰ যেন জাগি উঠিছে মহাচীনে ভাৰতবৰ্ষক লক্ষ্য কৰি । 

এই প্ৰতিধ্বনি কিন্তু চীনা বিপ্লবৰ নহয়, এই প্ৰতিধ্ধনি যেন শুনা গৈছে যুদ্ধ বলিয়া চীনৰ কামানৰ গৰ্জনৰ, যুঁজাৰু বিমানৰ কানতাল মাৰা শব্দত । সময়ে সময়ে লাডাখ তথা প্ৰকৃত নিয়ন্ত্ৰন ৰেখাৰ আশে-পাশে চীনা সৈন্যৰ সন্দেহজনক গতি-বিধি তথা ভাৰতৰ ভূ-খ্ন্ডত অনাধিকাৰ প্ৰবেশ, বাংকাৰ স্থাপন তথা ১০ কিল’মিটাৰ ভিতৰলৈ প্ৰবেশ, ভাৰতবৰ্ষৰ অবিচ্ছেদ্য অংগ অৰুণাচল প্ৰদেশক লৈ চীনৰ আপত্তিজনক মন্তব্য আদিয়ে এই কথা ভবাই তুলিছে আৰু যি কথাই সকলো স্থানীয় তথা ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ শিৰোনাম দখল কৰি আহিছে । শেহতীয়াকৈ ভাৰতৰ ৰাষ্ট্ৰপতি প্ৰণৱ মূখাৰ্জীৰ অৰুনাচল প্ৰদেশ ভ্ৰমণক লৈও চীনে আপত্তি দৰ্শাইছে যে এই ভূখন্ড হেনো প্ৰকৃততে তিব্বতৰ যাক ভাৰতবৰ্ষ ই অবৈধভাবে দখল কৰি আছে । অন্যহাতে ২০১১ চনতো প্ৰতিৰক্ষা মন্ত্ৰী এন্থনীৰ অৰুনাচল প্ৰদেশৰ ২৫ তম প্ৰতিষ্ঠা দিবসৰ সময়ত সেই ৰাজ্যখন ভ্ৰমণতো আপত্তি দৰ্শাইছিল চীনে ।

ভাৰত বৰ্ষৰ প্ৰতি চীনৰ চকুচৰহা দৃষ্টিভংগী এক নতুন বিষয় নহয় । যদিও চীনদেশে আমাৰ দেশৰ সৈতে ওচৰ চুবুৰীয়াৰ সম্বন্ধ বৰ্তাই ৰখা বুলি সময়ে সময়ে ঘোষণা কৰি আহিছে, তথাপিও কিন্ত্ত কাৰ্য্যক্ষেত্ৰত তেওঁলোকৰ স্থিতি হৈছে পানীৰ তলৰ কাঁইট সদৃশ । বিশ্ব অৰ্থনীতিত এছিয়াৰ এই দুই বৃহৎ প্ৰতিবেশী ৰাষ্ট্ৰৰ কাৰ্যকালাপৰ প্ৰতি বিশ্ব সম্প্ৰদায়ৰ দৃষ্টি সদায়েই নিবদ্ধ হৈ আহিছে । 

বিশ্ব অৰ্থনীতিত ভাৰতৰ ক্ৰমবৰ্ধমান অগ্ৰগতিয়ে যেন নিদ্ৰা হৰণ কৰিছে কমিউনিষ্ট ৰাষ্ট্ৰ চীনৰ । যাৰ বাবে ভাৰতৰ চিৰ শত্ৰু পাকিস্থানৰ লগ লাগি চাঁয়াযুদ্ধৰ জৰিয়তে ভাৰতক একপ্ৰকাৰ অস্থিৰ কৰি তুলিবলৈ যেন ভয়াবহ ষড়য্ন্ত্ৰত লিপ্ত হৈছে আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ চীন । উত্তৰ-পূব ভাৰতৰ সূৰ্যোদয়ৰ ৰাজ্য অৰুণাচলক লৈ চীনৰ বিতৰ্কিত মন্তব্য তথা বিভিন্ন কাৰ্যকালাপে আমাক সন্দীহান কৰি তুলিছে চীনৰ প্ৰকৃত উদ্দেশ্য সম্পৰ্কে। 

শেহতীয়াকৈ ভাৰত চীন সীমান্তত চীনৰ ক্ৰমবৰ্ধমান সামৰিক কুচকাৱাজ তথা অগ্ৰাসনে আমাক ভবাই তুলিছে পুনৰ ১৯৬২ সদৃশ পৰিস্থিতিৰ সৃষ্টি হ’ব নেকি? ভাৰত মহাসাগৰত চীনৰ বৰ্ধিত কাৰ্য্কালাপ তথা সামৰিক ঘাটি স্থাপনৰ পিনে অগ্ৰসৰ হোৱাতো কাৰ্যত ভাৰতৰ বাবে হৈছে অশনি সংকেত । প্ৰতিদিনে ইঞ্চি ইঞ্চি মাটি দখলেৰে চীন অৰুনাচল তথা কাশ্মীৰৰ লাডাখৰ দিশে অগ্ৰসৰ হৈছে আৰু সীমান্তত সামৰিক পৰিকোঠামো শক্তিশালী কৰিছে । কিন্ত্ত ইয়াৰ বিপৰীতে ভাৰতৰ স্থিতি অতিশয় পুতৌজনক । কিন্ত্ত চতুৰ চীন প্ৰজাতন্ত্ৰ ই এই কথাও হয়তো ভালদৰে বুজি উঠিছে যে আজিৰ একবিংশ শতিকাৰ ভাৰতবৰ্ষ আৰু তাহানিৰ স্বাধীনতাৰ সদ্যজাত শিশু ১৯৬২ চনৰ ভাৰতবৰ্ষৰ মাজত আকাশ পাতাল পাৰ্থক্য । যদিও ভাৰতৰ সামৰিক শক্তি বিশ্বৰ অন্যতম মহাশক্তি চীনৰ তুলনাত কম, তথাপিও কিন্ত্ত উলাই কৰিব পৰা বিধৰ নহয় । সেয়েহে সমুখ সমৰৰ পৰিবৰ্তে চাঁয়াযুদ্ধৰ দ্ধাৰা ভাৰতক অশান্ত কৰিবলৈ যেন ককাঁলত টঙালি বান্ধিছে চীনে আৰু যাৰ বাবে ভাৰতৰ চিৰ শত্ৰু পাকিস্থানৰ লগ লাগি ভয়াবহ ব্লু-প্ৰিন্ট প্ৰস্তুতত ব্ৰৰ্তী হৈছে চীনে । 

ইয়াৰ বাবে তেঁওলোকে লিপ্ত হৈছে ভাৰত যুক্তৰাষ্ট্ৰক খন্ড-বিখ্ন্ড কৰাৰ এক ভয়াবহ ষড়যন্ত্ৰত যি চক্ৰান্ত পোহৰলৈ আহিছিল ২০০৯ চনত যিটো হ’ব পাৰে নব্বৈৰ দশকত ছোভিয়েট ইউনিয়নৰ পতনৰ পুনৰাবৃত্তি সদৃশ । যাৰ নিদৰ্শন ভাৰতৰ বিচ্চিন্নতাবাদী শক্তি সমূহৰ সৈতে চীনৰ সনা-পোটোকা যি শক্তিসমূহক চীনে সৰ্বাতোপ্ৰকাৰে সহায়ৰ হাত আগবঢ়াই আহিছে সেই কথা সৰ্বজনবিদিত । বিভিন্ন সময়ত ধৃত উগ্ৰপন্থী সদস্যৰ ভাষ্যৰ পৰা এই কথা প্ৰতীয়মান হৈছে আৰু তেঁওলোকৰ পৰা জব্দ হোৱা গৰিষ্ঠসংখ্যকে চীনদেশৰ । 

অন্যহাতে আমাৰ দেশত হিংসাত্মক কাৰ্যকালাপাৰে ক্ৰমান্বয়ে স্থিতি সুদৃঢ় কৰা মাওবাদীৰ সৈতেও আছে চীনৰ এক গোপন মধুৰ সম্পৰ্কৰো অভিযোগ আছে । তদুপৰি দক্ষিণ এছিয়াত ভাৰতৰ স্থিতি দূৰ্বল কৰিবলৈ চীনে ৰচি আহিছে বিভিন্ন কূট- কৌশল যি কথাত উদ্বিগ্ন হৈছে স্বয়ং মাৰ্কিন যুক্তৰাষ্ট্ৰ । ইয়াৰ বাবে তেওলোকে মূল লক্ষ্যস্থান হিচাবে উত্তৰ-পূৰ্বাঞ্চলক বাছি লোৱা যেন অনুমান হ্য়। উত্তৰ-পূবৰ বিভিন্ন জাতি জনগোষ্ঠীৰ আবেগ অনুভূতিক অস্ত্ৰ হিচাবে লৈ তথা সদায় দিল্লীৰ চক্ৰান্তৰ বলি হোৱা উত্তৰ-পূবক লৈ যেন তেওলোকে ৰচিছে ভয়াবহ ব্লু প্ৰিন্ট । ভাৰতৰ প্ৰতি চীনৰ এই শত্ৰুতাৰ চুড়ান্ত আকাৰ তিব্বতে স্বাধীনতা হেৰুওৱাৰ দিনাখনেই হয়তো দিয়া হৈছিল । আন্তঃৰাষ্ট্ৰীয় বিধি অনুসৰি দূখন বৃহ্ত দেশৰ মাজত সংঘৰ্ষ নহবৰ বাবে মাজতে এখন নিৰপেক্ষ ৰাষ্ট্ৰ অৰ্থাত “বাফাৰ কান্ত্ৰি” (Buffer country) থকাতো আবশ্যক আৰু তিব্ব্তে এইক্ষেত্ৰত ভাৰত আৰু চীনৰ মাজত বাফাৰ কান্ত্ৰি হিচাবে আছিল । কিন্ত্ত তিব্বেত দখলেৰে চীনে যেন আন্তঃৰাষ্ট্ৰীয় নীতি-নিৰ্দেশনাক বুঢ়া আঙুলি দেখাই আহিছে ।

যি নহওঁক, এতিয়া প্ৰশ্ন উদয় হৈছে বিশ্বৰ অন্যতম মহাশক্তি চীনৰ ভাবুকি প্ৰতিহত কৰিবলৈ আমি কিমানদূৰ সাজু ? এই কথা হ’য়তো দুনাই দোহৰাৰ প্ৰয়োজন নাই যে ভাৰতবৰ্ষৰ সামৰিক শক্তি চীনৰ তুলনাত ক’ম যদিও উলাই কৰিব পৰা বিধৰ নহয় । তথাপিও যেন ভাৰতবৰ্ষ বহুযোজন পিছ পৰি ৰৈছে । আজি দেখা গৈছে যে যি সময়ত ভাৰতবৰ্ষ ই খৰতকীয়াকৈ সামৰিক শক্তি বৃদ্ধি কৰাৰ বাবে অগ্ৰসৰ হৈছে, তেনেক্ষেত্ৰত চীন যেন বহুযোজন আগবাঢ়ি গৈছে । আভ্যন্তৰীণ কন্দল, দূৰ্নীতি আদিয়ে ভাৰতবৰ্ষৰ প্ৰতিটো স্তৰত যেনেদৰে চুই গৈছে আৰু তাৰ বিষাক্ত বতাহৰ পৰা আমাৰ আনকি আমাৰ সাৰ্বভৌমত্ত্বৰ মূল শক্তি প্ৰতিৰক্ষা মন্ত্ৰালয়কো সময়ে সময়ে জোকাৰি গৈছে । তথাপিও আমি আগবাঢ়িবই লাগিব । সামৰিক শক্তিতকৈ আজিৰ দিনত ভাৰতবৰ্ষৰ বাবে অতিশয় গুৰুত্ত্বপূৰ্ণ দিশটো হৈছে দক্ষিণ এছিয়াৰ দেশসমূহৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক উন্নীত কৰা । অন্যহাতে সামৰিক ক্ষেত্ৰত নৌ-সেনাক শক্তিশালী কৰাটো অতিশয় গুৰুত্ত্বপূৰ্ণ ।

এই কথা অনস্বীকাৰ্য যে চীন প্ৰজাতন্ত্ৰ আজি আমেৰিকাৰ বাবেও হৈ পৰিছে প্ৰত্যাহ্বান । কিন্ত্ত আমি এই কথাও স্বীকাৰ কৰিবৈ লাগিব যে চীনৰ কোনো আলাদিনৰ চাকি নাই । আছে মাথো তেওঁলোকৰ নাগৰিকৰ কষ্টসহিস্নুতা, কৰ্মদক্ষতা আৰু কৰ্ম হৈছে তেওঁলোকৰ ধৰ্ম । যাৰ বাবে চীনে যেন আজি অসাধ্যও সাধন কৰি বিশ্ববাসীক চমক দিবলৈ সক্ষম হৈছে । বিলাসী জীবনৰ পৰিবৰ্তে তেওঁলোকৰ নাগৰিকে লাভ কৰিছে স্বাস্থ্যৰ অধিকাৰ, শিক্ষাৰ অধিকাৰ আৰু জীবনৰ মৌলিক প্ৰয়োজনীয়খিনি । কিন্ত্ত মহাশক্তিমান চীনৰো দৰ্প আমি চূৰ্ণ কৰিব পাৰিম । ইয়াৰ বাবে লাগিব মাথো আমাৰ দেশ জনসাধাৰনৰ মাজত একতা, সমাজ সচেতনতা আৰু দেশাত্মবোধ । অকল মাথো সেনাবাহিনীৰ বন্দুকৰ নলীৰ আগত কেতিয়াও দেশৰ একতা আৰু অখণ্ডতা সুৰক্ষিত বুলি কব নোৱাৰি ।


লেখকৰ ঠিকনাঃ চাংসাৰী, সেনা চাউনীৰ ওচৰত, কামৰূপ, অসম । পিনঃ ৭৮১১০১ ইমেইলঃ birajsarma704@gmail.com, ফোনঃ ৯৮৬৪৭-৪৩০৩৪

1 comment:

  1. অকল মাথো সেনাবাহিনীৰ বন্দুকৰ নলীৰ আগত কেতিয়াও দেশৰ একতা আৰু অখণ্ডতা সুৰক্ষিত বুলি কব নোৱাৰি । ... aito kotha Bharat Rastroi bujile val hoi . Aru Sina Akromonor hamayot Indian Army je polai potrog disil aru Neheruwe ki koisil haito to kotha abar likihile val hoi neki > !!!

    ReplyDelete