পৰ্যবেক্ষণ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে ৰে'ল বাজেট-২০১৫ 
আজি দেশৰ এই বৰ্ষৰ ৰে'ল বাজেটখন সংসদত উত্থাপন কৰে ৰে'লমন্ত্ৰী সুৰেশ প্ৰভূৱে। তেখেতে নিৰাপত্তা নিশ্চিত কৰা, উন্নত সা-সুবিধাৰে উন্নতৰ ৰে'লসেৱা দেশবাসীলৈ আগবঢ়োৰ প্ৰতিশ্ৰুতিৰে উত্থাপন কৰা ৰে'ল বাজেটৰ মূল কথা সমূহ এটাত সাৰাংশৰ ৰূপত তুলি ধৰিবলৈ চেষ্টা কৰা হৈছে।
  • এই বিত্তীয় বৰ্ষত বৃদ্ধি কৰা নহয় যাত্ৰীৰ ভাড়া।
  • কোনো ধৰণৰ নতুন ৰে'লৰ প্ৰস্তাৱ নাই এই বাজেটত।
  • ৯৬০০০ কৌটি টকা ব্যয় সাপেক্ষে ৭৭টা নতুন ৰে'লৱেৰ প্ৰসাৰ প্ৰকল্পৰ প্ৰস্তাৱ ৰখা হৈছে।
  • যাত্ৰীৰ সা-সুবিধা বৃদ্ধিৰ বাবে পূৰ্বতকৈ ৬৭% অধিক ধন ব্যয় কৰাৰ প্ৰস্তাৱ ।
  • অহা ৩১ মাৰ্চৰ পৰা ২৪/৭ ৰে'লৱে হেল্প-লাইন মুকলি কৰা হ'ব। হেল্প-লাইন নাম্বাৰ হ'ব- ১৩৮.
  • যাত্ৰীক SMS ৰ দ্বাৰা ৰে'লৰ সময়-সূচীৰ সবিশেষ শেহতীয়া জাননী ।
  • সময় সূচী মতে ৰে'ল চলাচল কৰোৱাত বিশেষ গুৰুত্ব আৰোপ।
  • দেশৰ ৪০০টা ৰে'লৱে ষ্টেচনত যাত্ৰীলৈ ৱাই-ফাইৰ সুবিধা প্ৰদানৰ লক্ষ্য।
  • অগ্ৰিম টিকট বুকিং ৰ সুবিধা আগৰ ২ মাহৰ পৰা ৪মাহলৈ বৃদ্ধি কৰা হৈছে।
  • কম খৰচী শক্তিৰ ব্যৱহাৰৰ দ্বাৰা ৰেলৱেত ৩০০০ কোটি টকা ৰাহি কৰাৰ বাবে বিকল্প শক্তি ব্যৱহাৰৰ প্ৰকল্পৰ ৰূপায়ণৰ প্ৰস্তাৱ।
  • ৰে'ল দুৰ্ঘটনা নিয়ন্ত্ৰিত কৰিবৰ বাবে 'ৰে'ল সুৰক্ষা প্ৰযুক্তি ব্যৱস্থা'ৰ প্ৰৱৰ্তন কৰা বাবে গ্ৰহণ কৰিব পদক্ষেপ।
  •  ৰে'লৱে বৈদ্যুতিকৰণ ১৩৩০%  পৰ্যন্ত বৃদ্ধিৰ প্ৰস্তাৱ ।
  • ২০১৫-১৬ বৰ্ষৰ ভিতৰতে প্ৰতিষ্ঠা কৰা হ'ব ৰে'লৱে বিশ্ববিদ্যালয় 
  • ৰে'ল লাইনৰ পৰিসৰ ১০% বৃদ্ধি কৰি ১.৩৮ লাখ কিলোমিটাৰ কৰাৰ প্ৰস্তাৱ 
  • ১০টা কৰিড'ৰত ৰেলৰ গতি ১৬০কিমি প্ৰতি ঘন্টাৰ পৰা ২০০কিমি প্ৰতি ঘন্টালৈ বৃদ্ধি কৰাৰ বাবে পদক্ষেপ লোৱা হ'ব। 
  • ৯টা কৰিড'ৰৰ ৰেলৰ গতি ১২০কিমি প্ৰতি ঘন্টাৰ পৰা ১৬০কিমি প্ৰতি ঘন্টালৈ বৃদ্ধি কৰা হ'ব 
  • মুখ্য ষ্টেচন সমূহত সৌৰ-শক্তিৰ ব্যৱহাৰৰ প্ৰস্তাৱ 
  • দেশৰ ১০৮টা ষ্টেচনত ই-কেটাৰিং ব্যৱস্থা
  • ৩০০০ ব্যক্তি-হীন ৰেলৱে ক্ৰছিং আঁতৰ কৰাৰ প্ৰস্তাৱ ।
  • ২০০কোটি টকা ব্যয় সাপেক্ষে সাগৰীয় সীমাৰ ৰে'লৱে ব্যৱস্থা উন্নয়নৰ প্ৰস্তাৱ
  • 'নিৰ্ভয়া' ফাণ্ডৰ ধন ৰে'লৱেত নাৰী সুৰক্ষাৰ বাবে ব্যৱহাৰ কৰা হ'ব ।
  • নিৰ্বাচিত কোচ্চত নাৰী সুৰক্ষাৰ বাবে CCTV কেমেৰাৰ ব্যৱস্থা ।
  • পৰিবেশত সংৰক্ষণৰ বাবে ৰেলৱেৰ তৰফৰ পৰা বিশেষ ব্যৱস্থাৰ প্ৰস্তাৱ।
  • গান্ধী চাৰকিটচ নামেৰে বিশেষ পৰ্যটন সেৱাৰ ব্যৱস্থা
  • মালৱ্যৰ নামত আইআইটি আৰু বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত বিশেষ ৰে'লৱে শিক্ষাৰ বাবে আসনৰ প্ৰস্তাৱ।
  • স্বচ্ছ ৰে'ল, স্বচ্ছ ভাৰত শ্লোগানেৰে নিকা ৰে'ল সেৱাৰ প্ৰতিশ্ৰুতি।
  • চাফ-চিকুণতা নিশ্চিতকৰণৰ বাবে বিশেষ বিভাগ খোলাৰ কথা ঘোষণা কৰি ভাৰত স্বচ্ছ অভিযানক ৰে'লৱেত সফল কৰাৰ প্ৰতিশ্ৰুতিও দিলে ৰে'ল মন্ত্ৰীয়ে।
    এইবাৰৰ ৰে'ল বাজেটে কঢিয়াই অনা মূল প্ৰস্তাৱ এইখিনিয়েই।  ইয়াক বাস্তৱত ৰূপায়িত কৰাৰ ক্ষেত্ৰত ৰে'লৱে কিমান সফল হয়, তাৰ উত্তৰ সময়েই দিব।
    -যুগুতালে ৰূপাংকৰ চৌধুৰীয়ে

3 comments:

  1. on my view not a good budget.

    ReplyDelete
  2. Its a good budget I feel. Railway minister knows what exactly he wants to do. Intention is clear in the budget. Also didn't put any extra load on "Aam Aadmi".

    ReplyDelete