ৰস ৰচনা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মাদাৰ টাংগ ডে!
ঈশানজ্যোতি বৰা 
সিদিনা ২১ ফেব্ৰুৱাৰী৷ আন দহজনৰ দৰে আমিও আন্তৰিক উলহ-মালহেৰে “মাতৃভাষা দিৱস”ভাগ উদ্‌যাপন কৰিবলৈ ওলাইছিলোঁ৷ বোলে ইংলিচত কোৱা সেই "ইণ্টাৰনেচনেল মাদাৰ টাংগ ডে" পাতি পেলোৱাই ভাল। অমুক দে, তমুক দে, মুচুক দে, ফুচুক দে পতাৰ সপ্তাহটোত আনৰ লগত ফেৰ মৰাৰ পাছত অলপ নিজা কল্যাণ হোৱাকৈ অনুষ্ঠানটো কৰাই ভাল।

হয় অনুষ্ঠানৰ আৰম্ভণি ঠিকেই আছিল৷ সভাপতি আলোক নন্দন ভাঞ্চালীয়ে শুকান নাৰিকল এটা দুফাল কৰি সভাগৃহৰ দ্বাৰ মুকলি কৰাৰ কথা আছিল৷ পিছে এটা নাৰিকলৰ দাম লোকেল বজাৰত আশী টকা বুলি গম পোৱাত নাৰিকলৰ ঠাইত অমিতা এটাকে আনি দুচেও কৰা হ’ল৷ দূৰদৰ্শী সম্পাদকে অমিতাৰ টুকুৰাবোৰ দলিয়াই নিদি কাষতে থকা পত্নীক চমজাই দিয়ে আৰু গধূলি ভাত ৰান্ধোতে দালিতে পেলাই দিবলৈ পৰামৰ্শ আগবঢ়ায়,কাৰণ দালিত অমিতা দিলে খাবলৈ বৰ সোৱাদ হয়৷

পতিৰ দূৰদৰ্শিতাক পত্নীয়ে একেমুখে শলাগে আৰু তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে৷ পিছমুহূৰ্ততে কটা অমিতাৰ ফটো এখন উঠাই, ‘এনজয়িং মাদাৰ টাং ডে’ বুলি লিখি তেওঁ ফেচবুকত আপলোড কৰে আৰু এশটা লাইকৰ লগতে আশীটা কমেন্টৰ গৰাকী হৈ পৰে, যিটো আজিৰ দিনটোৰ এক ইতিবাচক দিশ বুলি বিবেচিত হৈছে৷



ইয়াৰ পিছতে ভাঞ্চালীদেৱে অসমীয়া ভাষাৰ উন্নতি বাঞ্চা কৰি সকলোকে দুই মিনিট সময় মৌনতা অৱলম্বন কৰিবলৈ অনুৰোধ কৰে৷ দুই মিনিট গ’ল৷ তিনি মিনিট গ’ল৷ পাঁচ মিনিটৰ পাছতো যেতিয়া ভাঞ্চালীদেৱৰ গা লৰচৰ নহ’ল, তেতিয়া সভাৰ দুজনমান অতিথি ঘটনাৰ উচিত তদন্ত কৰাৰ মানসেৰে মঞ্চলৈ উঠি গ’ল৷ গৈ দেখে, সভাপতি ভাঞ্চালী দুৰ্ঘোৰ নিদ্ৰাত৷ তেওঁ সাহিত্য সভাৰ দৰেই সুখ-নিদ্ৰাৰ "পৰমানন্দ" থিতাতে লভিবলৈ সক্ষম হয়!  কাণদুখনৰ নিচেই কাষলৈ গৈ বৰতালযোৰ বজাই দিয়াতহে তেওঁ সাৰ পাই উঠিল৷ গভীৰ শোক ব্যক্ত কৰি ভাঞ্চালীদেৱে ক’লে –‘এইটো পুৰণি বেমাৰ৷ থিয় হৈ থাকিলে মোৰ টোপনি ধৰে৷’

চকুত অকণমান পানী ছটিয়াই, কেঁচা তামোল অকণ চোবাই,ভাঞ্চালীদেৱে ‘অসমীয়া ভাষাৰ লগত খিচিৰিৰ সম্পৰ্ক’-এই বিষয়ত বক্তব্য দিবলৈ ধৰিলে৷ সভাৰ সকলোৱে ভাঞ্চালীৰ বক্তব্য মন দি শুনাত লাগিল৷ তেনেতে ক’ৰবাৰ পৰা এজন সংবাদকৰ্মী আহি সেই স্থানত উপস্থিত হ’ল৷ সংবাদ কৰ্মীয়ে সময় অপচয় নকৰি ভাঞ্চালীদেৱৰ সাক্ষাৎকাৰ ল’লে৷

-কেনে লাগিছে?
-মস্তি লাগিছে৷
-অনুভৱ কেনে?
-একদম চালিয়া৷
-নতুন চামটোৰ বাবে কিবা এটা কওক৷
-কি ক’ম আৰু ! নতুন চামটোৱে ফৰফৰাই ইংলিচ কব পাৰিলে ভাল আৰু!
- অসমীয়া ভাষাৰ বিশুদ্ধ চৰ্চাক লৈ কওক কিবা এটা ৷ নহ’লে বেয়া পাম৷
-অ’ হ’ল ভাল!! হেৰা, মোৰ দেখোন পেটটো বিষাইছে ! 
-অ’ ৰ’ব৷ ক’লৈ যায় ! কালি কি খাইছিল?
-মুৰ্গীৰ মাংস৷
-কি মছলা দিছিল?
-এভাৰেষ্ট ৷
-কোনে ৰান্ধিছিল?
-পত্নীয়ে ৷
-পত্নীয়ে অসমীয়া ক’ব জানেনে?
-ভালকৈ নাজানে৷ল'-ছলী কেইটাইতো মাকৰ লগতো কাৰ্টুনৰ হিন্দীতহে কথা পাতে। তথাপি মনত ৰাখিব এওঁ কিন্তু আমাৰ  সাহিত্য সভাৰ  বিশিষ্ট মেম্বাৰ দেই!

“এইমুহূৰ্তৰ এক নিশ্চিতভাৱে ব্ৰেকিং নিউজ৷ ভাষাপ্ৰেমী স্বামীক অখাদ্য খোৱাই প্ৰাণে মৰাৰ চেষ্টা চতুৰ পত্নীৰ৷ এইখন অসমত এইয়া কি হ’ব ধৰিছে ! এতিয়া দুদিন-দুৰাতি মানুহজন হাস্পতালত পৰি থাকিলে অসমীয়া ভাষাটোৰ আল-পৈচান ধৰিব কোনে? এই মৰ্মান্তিক ঘটনাৰ উচিত তদন্ত কৰিব কোনে?? মুৰ্গীৰ জোলত এইদৰে হকে-বিহকে মছলা নিদিবলৈ “মছলা বিৰোধী আইন” এখন প্ৰণয়ণ কৰিব কোনে? কোনে? কোনে?? কোনে???

সংবাদকৰ্মীৰ গগণফলা চিঞৰ৷ লগে লগে ভাঞ্চালীৰ সভাগৃহ এৰি পলায়ন৷ পিছমুহূৰ্ততে আমিও সভাগৃহ এৰি পলাবলৈ বাধ্য হ’লো৷ কোৱাটো বাহুল্য, এনেকৈয়ে আমাৰ সভাখনৰ সকৰুণ সমাপ্তি ঘটিল৷

1 comment: