পৰ্যালোচনা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

কেন্দ্ৰীয় বাজেট-২০১৫ৰ পৰা
কি বিচাৰিছে দেশৰ উদ্যোগপতি 
আৰু বনিকগোষ্ঠীয়ে 
ৰূপাংকৰ চৌধুৰী


বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে কাইলৈ উত্থাপন কৰিব কেন্দ্ৰীয় বাজেট-২০১৫। নৰেন্দ্ৰ মোদী নেতৃত্বত কেন্দ্ৰীয় চৰকাৰৰ এয়া প্ৰথমখন পূৰ্ণাঙ্গ বাজেট। ১০বছৰীয়া কংগ্ৰেছৰ শাসনৰ পিছত এয়া মোদীয়ে দেখুওৱা সপোন বোৰ সাকাৰ কৰিবলৈ বাজেট হ'ল এক অন্যতম মঞ্চ। সকলোৰে বহুতো আশা জড়িত হৈ আছে এই বাজেটখনৰ লগত। বহুতেই ৰৈ আছে- সঁচাকৈয়ে আহিবনে মোদীয়ে কোৱা 'ভাল দিন'? বাজেটে কঢ়িয়াই আনিব নে বাৰ্তা- 'চব কা সাথ চবকা বিকাশ'? 

সাধাৰণ নাগৰিকৰ লগতেই উদ্যোগপতি আৰু বনিকগোষ্ঠী সমূহে আশাৰে বাট চাই আছে- বাজেট-২০১৫। মুখ্যমন্ত্ৰী হৈ থাকোতে গুজৰাটত উদ্যোগপতি আৰু বনিকগোষ্ঠীক ৰঙা দলিচা মেলি দিয়া কথাটো সৰ্বজনবিদিত। সেই একেই সুবিধাৰ স্বাৰ্থতে আদানী, আম্বানীকে আদি কৰি বহুকেইজন উদ্যোগপতি মোদীক মুক্ত সমৰ্থন জনাইছিল। মোদী চৰকাৰে সেই সময়ত নিশ্চয় বহুতো সপোন দেখুৱাই উদ্যোগপতি আৰু বনিকগোষ্ঠীৰ বোকোচাত উঠি চৰকাৰ গঠন কৰিলে। সেয়েহে এই বাজেট-২০১৫ৰ দ্বাৰা তেওঁলোকৰ কিমানবোৰ সপোন দিঠকত পৰিণত কৰে সেয়া লক্ষণীয় হ'ব। 

কেন্দ্ৰীয় বাজেট-২০১৫ৰ পৰা উদ্যোগপতি আৰু বনিকগোষ্ঠীয়ে কি কি বিচাৰে সেই কথা দেশৰ বিভিন্ন সংবাদ পত্ৰত তেখেত সকলে নিজৰ সংগঠন বা ব্যক্তিগত মতামত, লেখা আদিৰে প্ৰকাশ কৰিছে। তাৰে মুখ্য দহটা আকাংক্ষাৰ ওপৰত আলোকপাত কৰিবলৈ বিচাৰিছো। 

· নূন্যতম বিকল্প কৰ (Minimum Alternative Tax, MAT)ৰ হাৰ হ্ৰাস কৰাঃ নূন্যতম বিকল্প কৰৰ ওপৰত আৰোপিত হাৰ বিগত বছৰ সমূহত ৭৹৫%ৰ পৰা বৃদ্ধি হৈ ১৮৹৫% হৈছেগৈ (লগতে অন্যান্য শুল্ক)। ইমান উচ্চ হাৰত আৰোপিত নূন্যতম বিকল্প কৰে, সময়ে সময়ে বনিকগোষ্ঠীক আগবঢ়োৱা কৰ-ৰেহাইক নিষ্ফল কৰি আহিছে। তেওঁলোকৰ আশা যাতে চৰকাৰে MATৰ হাৰ অন্ততঃ ১০%লৈ হ্ৰাস কৰে। 

·বিদেশী বিনিয়োগকাৰীৰ ক্ষেত্ৰত প্ৰযোজ্য 'লাভাংশ বিতৰণ কৰ'ক 'অনাদায় কৰ'লৈ বদলি কৰা আৰু লাভাংশ বিতৰণ কৰৰ হাৰ হ্ৰাস কৰাঃ বিশ্বৰ আন দেশৰ বিনিয়োগকাৰীৰ বাবে 'লাভাংশ বিতৰণ কৰ'ৰ ধাৰণা নাভূত-নাশ্ৰুত। ভাৰতত প্ৰযোজ্য লাভাংশ বিতৰণ কৰৰ 'অনাদায় কৰ'ৰ লগত সমিল-মিল নাই। সেয়েহে বিদেশী বিনিয়োগকাৰীয়ে 'লাভাংশ বিতৰণ কৰ’ৰ দ্বাৰা ভাৰতত আদায় দিয়া কৰৰ লাভ স্বদেশত উঠাব নোৱাৰে। সেয়েহে তেওঁলোকে আশা কৰে যে লাভাংশ বিতৰণ কৰৰ লগত 'অনাদায় কৰ' সাল-সলনি কৰে। ইয়াৰ দ্বাৰা বিদেশী বিনিয়োগকাৰী সকলে ভাৰতত আদায় দিয়া কৰৰ লাভ উঠাব পাৰিব আৰু লগতে ভাৰত চৰকাৰৰ ৰাজহ আদায়ৰ ক্ষেত্ৰতো কোনো ধৰণৰ বৈপৰীত্য প্ৰভাৱ নপৰিব। 

সদ্যহতে 'লাভাংশ বিতৰণ কৰ'ৰ হাৰ হ'ল ১৬৹৯৯৫% যিটো আন শুল্ক সমূহ লগলগাই ২০% হয়গৈ আৰু 'নিগম কৰ'ৰ হাৰ লগ-লাগি ৩৩৹৯৯% হয়গৈ! যাৰ বাবে ভাৰতবৰ্ষত কৰৰ হাৰ, উন্নয়নশীল ৰাষ্ট্ৰ সমূহৰ ভিতৰত আটাইতকৈ বেছি বুলি এক বদনাম আছে বিদেশী বিনিয়োগকাৰীৰ মাজত। বনিকগোষ্ঠীয়ে আশা কৰে যাতে এইবাৰৰ বাজেটত DDT কৰ ১০% লৈ হ্ৰাস হওঁক। 

·আয়কৰ আইনৰ ধাৰা ১৪(ক)ৰ সা-সুবিধা সমূহৰ যুক্তিসংগত প্ৰয়োগঃ সংবিধানৰ ধাৰা ১৪(এ) (এই ধাৰা অনুযায়ী কৰ ৰেহাই পোৱা ধনৰ ব্যৱহাৰত নিষেধজ্ঞা আছে) আৰু 'নিয়ম ৮(ডি)'ৰ লগত সংযুক্ত কৰিলে যুক্তিসংগত হোৱাৰ থল আছে আৰু যদিহেলাভাংশ বিতৰণ কৰক 'অনাদায় কৰ' লৈ বদলি কৰা হয় তেন্তে প্ৰমাণিত মোকৰ্দমা হ্ৰাস কৰিব। 

·স্ব-ইচ্ছাৰে মোকৰ্দমা নিষ্পত্তি আঁচনিঃ সদ্যহতে বিভিন্ন আপিল বিভাগত ৪০০,০০০ কৌটি টকাৰ কৰ আদায়ৰ লগত জড়িত মোকৰ্দমা নিষ্পত্তি নোহোৱাকৈ আছে। স্ব-ইচ্ছাৰে মোকৰ্দমা নিষ্পত্তি আঁচনিৰ প্ৰৱৰ্তন কৰিলে নিয়ামৱলী অনুযায়ী কৰ দাতাই ৫০% সুত সহ অনদায় কৰ জমা কৰি মোকৰ্দমাৰ পৰা ৰেহাই পাব পাৰে। এই প্ৰক্ৰিয়াৰ দ্বাৰা বুজন পৰিমাণৰ অনাদায় কৰ সংগ্ৰহিত হ'ব আৰু ভবিষ্যতে মোকৰ্দমাৰ সংখ্যা হ্ৰাস পাব। 

·নিৰ্মাণকাৰী কোম্পানীক কৰ বানচৰ ব্যৱস্থাঃ 'মেক ইন ইণ্ডিয়া'ৰ লগত সংগতি ৰাখি নিৰ্মানকাৰ্ষৰ লগত জড়িত কোম্পানীক সমূহক উৎসাহিত কৰিবলৈ কৰ ৰেহাইৰ ব্যৱস্থা অতীৱ প্ৰয়োজন। এই ক্ষেত্ৰত 'নিগম কৰ', বৰ্তমানৰ হাৰ ৩৩৹৯৯%ৰ পৰা ২৫% লৈ হ্ৰাস কৰাটো বিচাৰে বনিকগোষ্ঠী সমূহে। 

·General Anti Avoidance Rule (GAAR) খন অন্ততঃ দুই বছৰলৈ পৰিহাৰ্য্যঃ GAAR হ'ল 'কৰ প্ৰশাসন'ৰ আধুনিক আহিলা। ইয়াৰ দ্বাৰা ৰাজহ আদায় হোৱাৰ পৰিৱৰ্তে বিনিয়োগকাৰীক নিৰুত্সাহিত কৰে। ইয়াৰ সঠিক ব্যৱহাৰ্যৰ বাবে বিভাগীয় কৰ বিষয়া জন- আন্তৰ্জাতিক কৰ-নিৰ্ধাৰণ আৰু বিত্ত, বেংকিং আৰু নিগম আইনৰ বিষয়ে জ্ঞাত হোৱা প্ৰয়োজন। 

সেয়েহে GAAR প্ৰৱৰ্তন কৰাৰ আগতে কৰ বিষয়া সকলক সবিশেষ জ্ঞান দিবলৈ বিশেষ প্ৰশিক্ষণ দিয়াতো বাঞ্চনীয়। প্ৰত্যকেজন কৰ বিষয়া আন্তৰ্জাতিক কৰ-নিৰ্ধাৰণৰ বিষয়ে জ্ঞাত হোৱা সময়লৈকে অন্ততঃ দুই বছৰৰ সময় সীমালৈ GAAR পৰিহাৰ্য্য কৰিব লাগে। 

·আন্তৰ্জাতিক দৰ হস্তান্তৰৰ বাবে 'সুৰক্ষিত বন্দৰ নিয়ম'ৰ বিস্তাৰিত প্ৰচাৰঃ আন্তৰ্জাতিক বিনিময়ৰ বাবে সহযোগী উদ্যোগ সমূহৰ মাজত উৎপন্ন হোৱা মোকৰ্দমাৰ সংখ্যা হ্ৰাস কৰিবলৈ 'সুৰক্ষিত বন্দৰ নিয়ম' এক সুন্দৰ পদক্ষেপ। তথ্য প্ৰযুক্তি, তথ্য প্ৰযুক্তিৰ সহযোগী সেৱা খণ্ড সমূহ, গৱেষণা আৰু উন্নয়নৰ লগত জড়িত অনুষ্ঠান সমূহ, চৰকাৰী বিদ্যুৎ কোম্পানী সমূহ( নিৰ্দিষ্ট ঘৰুৱা বিনিময়ৰ লগত জড়িত) ৰ বাবে 'সুৰক্ষিত বন্দৰ নিয়ম'এ এক সুৰক্ষা কৱচ। বাজেট-২০১৫ৰ পৰা উদ্যোগপতি সকলে আশা কৰে যে বৃহৎ খণ্ড সমূহ যেনে- নিৰ্মাণকাৰ্যত জড়িত খণ্ড সমূহ, গাড়ী-নিৰ্মাণৰ খণ্ড সমূহ, অভিযান্ত্ৰিক খণ্ড সমূহ, আৰু আন আন সেৱা ক্ষেত্ৰ সমূহকো 'সুৰক্ষিত বন্দৰ নিয়ম'ৰ আওতাত লৈ আহে যেন। ইয়াৰ দ্বাৰা এই খণ্ড সমূহৰ লগত চলি থকা মোকৰ্দমাৰ হ্ৰাস পাব। 

·ঘৰুৱা নিৰপেক্ষ দৰ হস্তান্তৰ কৰৰ ক্ষেত্ৰত কোনো ধৰণৰ মীমাংসাৰ প্ৰয়োজন নাইঃ ঘৰুৱা দৰ হস্তান্তৰৰ ক্ষেত্ৰত দেখা দিয়া মোকৰ্দমা সমূহ এৰাই চলিবলৈ কৰ জড়িত মীমাংসাবোৰক, ৰাজহতকৈ কৰ-হানি হোৱা ঘটনাবোৰতে সীমাবদ্ধ কৰিব লাগে। 

·নিগমৰ সামাজিক দায়িত্ব (Corporate Social Responsibility)ৰ ক্ষেত্ৰত খৰচ কৰিবলগীয়া ধনৰ পৰিমাণ হ্ৰাস কৰাঃ কোম্পানী আইন'২০১৩ ৰ নিৰ্দেশ মতে কোম্পানী সমূহে নিজৰ মুনাফাৰ ২% ধন নিগমৰ সামাজিক দায়িত্ব অধীনস্থ আঁচনি সমূহত ব্যৱহাৰ কৰিব লাগে। সদ্যহতে, নিগমৰ সামাজিক দায়িত্বৰ বাবে নিৰ্ণয় কৰা ধন ৰাশিৰ পৰিমাণ হ্ৰাস কৰিব পাৰি যদিহে সেই ধন-ৰাশি আয়কৰ আইনৰ ধাৰা৩০ৰ পৰা ধাৰা ৩৬ৰ ভিতৰত পাৰে (যাৰ অৰ্থ হ'ল উক্ত ধন ৰাশিৰ ব্যৱসায়ী প্ৰসাৰৰ বাবে ব্যৱহাৰ)। অন্য এক বিশেষ পদ্ধতিৰ দ্বাৰা সেই ধন ৰাশি ব্যৱহাৰৰ সুবিধাৰ সুবিধা কৰিলে কৰ আদায় দিয়া ধনৰ উচিত ব্যৱহাৰ হোৱা সম্ভাৱনা আছে। 

·আয়কৰ আইনৰ ধাৰা ৪০এ(আই)/(আইএ) আঁতৰ কৰাঃ এই ধাৰা অনুযায়ী, সমূহ খৰচ কৰা ধন-ৰাশি, যিবোৰৰ পৰা কোনো ধৰণৰ কৰ আদায় কৰা নহয় আৰু যি ধন ৰাশি কেন্দ্ৰীয় চৰকাৰক জমা দিয়া নহয় সেই সমস্ত ধন-ৰাশি ঘৰুৱা বিনিয়োগকাৰীৰ ক্ষেত্ৰত ৩০%লৈ আৰু বিদেশী বিনিয়োগকাৰীৰ ক্ষেত্ৰত ১০০%লৈ অগ্ৰাহ্য কৰা হয়। বহুতো এনেকুৱা পাৰিতোষিক আছে য'ত আৰম্ভণিতেই কৰ কৰ্ত্তন কৰিব লগা পৰিস্থিতি উদ্ভৱ হয়, যেনে- সুত, ঠিকাদাৰৰ পাৰিতোষিক, ভাড়া, দালালৰ পাৰিতোষিক,দেশী-বিদেশী বিশেষজ্ঞৰ মাচুল ইত্যাদি। আয়কৰ আইনৰ কিছুমান অদ্ভুত ধাৰা আছে, যাৰ দ্বাৰা গুৰিতে কৰ কৰ্ত্তন নকৰাৰ বাবে সুত আৰোপ কৰাকে ধৰি বিভিন্ন শাস্তি বিহা হয়। এই সকলোবোৰ খাম-খেয়ালি নোহোৱা কৰিবলৈ ধাৰা ৪০এ(আই)/(আইএ) সংস্কৰণ কৰা অতি প্ৰয়োজন। 

কেন্দ্ৰীয় চৰকাৰে ২৮ফেব্ৰুৱাৰীত উত্থাপন কৰিবলগীয়া বাজেট-২০১৫ত ওপৰোক্ত বিষয় সমূহত কি স্থিতি গ্ৰহণ কৰে সেয়া সময়েহে ক’ব।

No comments:

Post a Comment