AXD 220: 27TH MAY 2013 - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

AXD 220: 27TH MAY 2013

AXD 220: 27TH MAY 2013

Share This

অসমীয়াৰ সুখ দুখ
প্ৰথম বছৰ ২২০তম সংখ্যাঃ ২৭ মে’ ২০১৩
সামাজিক যোগসূত্ৰৰ মঞ্চত অসমীয়া জনজীৱনৰ বাৰ্তাবাহক


সুখৰ খবৰঃ
১. আইপিএলৰ স্প’ট ফিক্সিং কেলেংকাৰীয়ে জোকাৰিলে ক্ৰীড়া মন্ত্ৰণালয়কোঃ অহা আগষ্টৰ ভিতৰতে এনে কেলেংকাৰী ৰুধিবলৈ প্ৰবৰ্তন কৰিব নতুন আইন ৷

২. আজিৰ পৰা প্ৰধানমন্ত্ৰীৰ ৫ দিনীয়া জাপান আৰু থাইলেণ্ড ভ্ৰমণঃ অসামৰিক পাৰমাণৱিক শক্তি সহযোগিতাৰ ক্ষেত্ৰত জাপানৰ সৈতে দ্বিপাক্ষিক চুক্তি সন্দৰ্ভত হ’ব আলোচনা ৷

৩. শিক্ষা-দীক্ষাত পাছ কৰাৰ ক্ষেত্ৰতেই নহয়, কাম কৰি খোৱা মানুহৰ সংখ্যাও ৰাজ্যৰ ভিতৰতে সৰ্বাধিক ধেমাজিতঃ অসমত কাম কৰা লোকৰ সংখ্যা বঢ়াৰ সুখবৰ প্ৰকাশ কৰিলে লোকপিয়ল বিভাগে, এই বৃ্দ্ধিৰ হাৰ ২.৬% ৷

৪. এটা দশকৰ পাছত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনক লৈ "এখন ধুনীয়া গুৱাহাটীৰ স্বপ্ন" দেখিছে মহানগৰবাসীয়েঃ কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা প্ৰকাশ, বিজেপি, অগপ ব্যস্ত ৰণকৌশলত৷

৫. মমতা বেনাৰ্জীয়ে কৰিলে এটা বিশেষ ঘোষণাঃ সাৰদা কোম্পানীৰ দুয়োটা টিভি চেনেল অচিৰেই অধিগ্ৰহণ কৰিব পশ্চিমবংগ চৰকাৰে৷

৬. দিল্লীৰ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য-"বলাৎকাৰ বিৰোধী আইনৰ অপ-প্ৰয়োগ কৰিবলৈ লৈছে বহু মহিলাই, স্ব-ইচ্ছাই কৰা সম্পৰ্কত মনোমালিন্যৰ পাছত এনে গোচৰৰে কৰে ব্লেকমেইল৷ এনে গোচৰ সুক্ষ্মভাৱে পৰ্যালোচনা কৰাত গুৰুত্ব দিব লাগে বুলি মন্তব্য কৰে ন্যায়াধীশে ৷

৭. বিশ্বৰ অন্যতম পুৰণি ৰাজহুৱা সংগ্ৰহালয় ব্ৰিটেইনৰ অছমেলিয়নে অহা শনিবাৰৰ পৰা ১৮আগষ্টলৈ বিশ্বৰ অতি-বিখ্যাত চিত্ৰকৰ সকলৰ ৭০খনকৈ অতি আপুৰুগীয়া চিত্ৰৰ এক প্ৰদৰ্শনী অনুষ্ঠিত কৰিব৷

৮. সৰ্বাধিক বগা মাৰ্বলৰ ভৱনেৰে গীনিজ বুকত স্থান পালে তুৰ্কমেনিস্তানৰ ৰাজধানী চহৰ আছগাবাটেঃ "মষ্ট হেৱাইট মাৰ্বল চিটী"ৰ প্ৰমাণ পত্ৰ গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছৰ পৰা গ্ৰহণ কৰে, চহৰখনৰ মেয়ৰে৷

৯. বিহাৰৰ বাৰাউনি ৰেলৱে প্লেটফৰ্মকে মানৱসেৱাৰ স্থলী কৰি অনাথ শিশুলৈ শিক্ষা আৰু খাদ্য বিলাই আদৰ্শ দেখুৱালে  অজিত কুমাৰ আৰু পত্নী চৱনমেঃ এতিয়া চকু মেল খালে ৰেলৱে’ কতৃপক্ষৰো, আগবঢ়াবলৈ ওলাইছে সহযোগিতা ৷

১০. তেজপুৰৰ উপায়ুক্তৰ নিৰ্দেশত চলিল বিশেষ অভিযানঃ অবৈধ অৰুনাচলী সুৰা আৰু নিষিদ্ধ পলিথিনৰ বেগ জব্দ কৰাৰ সুখবৰ ৷

আজিৰ উক্তিঃ
১. "বিশেষ ধৰ্মৰ অনুগামী নহ’লেও মানুহ আধ্যাত্মিক হ’ব পাৰে" - হোমেন বৰগোহাঞি ৷

২. "দণ্ডিনাথ কলিতা অসমীয়া সাহিত্যৰ ৰূপান্তৰৰ যুগৰ এজন নায়ক"- তেজপুৰত বিশেষ স্মাৰক বক্তৃতানুষ্ঠানত ক’লে ইমৰাণ শ্বাহ দেৱে ৷


চিন্তনীয় খবৰঃ
১. নক্সালবাদীৰ আক্ৰমণে জোকাৰিলে দিল্লীকঃ অপহৃত প্ৰদেশ কংগ্ৰেছ সভাপতিৰ মৃতদেহত শ্ৰদ্ধাঞ্জলি জনালেগৈ প্ৰধানমন্ত্ৰী, ছোনিয়া আৰু ৰাহুল গান্ধীয়ে ৷

২. আই.পি.এলৰ জুৱা খেলত ব্যস্ত পলাশৰ মৃত্যক লৈ সৃষ্টি হৈছে ৰহস্যৰঃ যোৰাহাটৰ কাৰাগাৰত মৰিয়নিৰ যুৱকৰ মৃত্যু, প্ৰতিবাদী ৰাইজে মৃতদেহ লৈ কৰিলে পথ অৱৰোধ৷

৩. দুই মন্ত্ৰীৰ ভ্ৰমণৰ মাজত নিৰাপত্তা ব্যৱস্থাক বুঢ়া আঙুলি দেখুৱাই নগাই বধিলেহি গৰুঃ মৰিয়নিত পৰিস্থিতি উত্তপ্ত ৷

৪. বাঢ়িছে নগা দুৰ্বৃত্তৰ দপদপনিঃ গেলেকীত ৩০বিঘা চাহ খেতি কাটি তহিলং কৰিলেহি এনে আগ্ৰাসী তথা সীমান্তত অত্যাচাৰ চলোৱা নগা দুৰ্বৃত্তই ৷

৫. চৰকাৰৰ ব্যৰ্থতাৰ বাবেই জ্বলিছে সীমান্তঃ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তুলিলে প্ৰৱল অভিযোগ ৷

৬. ৰাজ্য সভাৰ নিৰ্বাচনত ৰোধিব লাগিব ক্ৰছ ভোটিঙঃ কোনে কাক ভোট দিব লাগিব তাৰ তালিকা বনোৱাত ব্যস্ত হৈছে প্ৰদেশ কংগ্ৰেছৰ নৱ-নিযুক্ত সহযোগী পৰ্যবেক্ষক হাচমী ৷

ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়ঃ

১. ৫৫বছৰ পূৰ্ণ কৰিলে কুখ্যাত "সশস্ত্ৰ বাহিনীৰ বিশেষ অধিকাৰ আইনে"

২. নতুন শ্ৰমিক আইনৰ ফলঃ অবৈধ লোকৰ বিতাড়ন জোৰদাৰ কৰিব চৌদি আৰৱ চৰকাৰে৷

৩. আধুনিক বিশ্বৰ লাজ লগা তথ্যঃ জাতি-ভেদ, বৰ্ণ বৈষম্যৰ বলি বিশ্বৰ ২৬০ নিযুত লোক, ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰিলে তথ্য ৷

৪. পাকিস্তানত এতিয়াও বন্দী হৈ আছে ৪৮২জনকৈ ভাৰতীয় মাছমৰীয়া ৷

৫. নিজৰ স্কুলতে বোমা বিস্ফোৰণৰ পৰিকল্পনা কৰা বোমাসহ আমেৰিকান কিশোৰ গ্ৰেপ্তাৰ ৷


অসমীয়া কবি সকললৈ সুখৰ খবৰঃ

অসমীয়া দৈনিক 'জনসাধাৰণ' বাতৰি কাকতে এখনি অ’নলাইন অসমীয়া কবিতা প্ৰতিযোগিতাৰ আয়োজন কৰিবলৈ স্থিৰ কৰিছে |

উক্ত প্ৰতিযোগিতাত বিজয়ী সকলক প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰেৰে পুৰস্কৃত কৰা হ’ব |
১) প্ৰথম পুৰস্কাৰ: ১০০০.০০ টকা।
২) দ্বিতীয় পুৰস্কাৰ: ৭৫০.০০ টকা।
৩) তৃতীয় পুৰস্কাৰ: ৫০০.০০ টকা।

সবিষেশ জানিবলৈ এই পৃষ্ঠাখন চাওঁক:https://www.facebook.com/assamesenews

অসমত চাৰি বছৰীয়া বি.ই. বা বি.টেক পঢ়াৰ সুবিধা থকা
বিভিন্ন শিক্ষানুষ্ঠান সমূহৰ তালিকা তথা ৱেবচাইটৰ সূত্ৰঃ
1. Assam Don Bosco University : http://www.dbuniversity.ac.in/
2. Assam down town University : http://www.adtu.in/
3. Assam Engineering College : http://aec.ac.in/
4.Assam University : www.aus.ac.in
5. Bineswar Brahma Engineering College
6. Dibrugarh University Institute of Engineering and Technology :http://duiet.org/
7. Institute of Science and Technology ,Gauhati University :http://www.gauhati.ac.in/
8. Gririjananda Chowdhury Institute of Management and Technology, Guwahati :
  http://www.gimt-guwahati.ac.in/
9. Gririjananda Chowdhury Institute of Management and Technology, Tezpur : http://www.gimt-tezpur.ac.in/
10.Guwahati Architecture College : http://www.guwarchcollege.com/
11.Indian Institute of Technology Guwahati : http://www.iitg.ac.in/
12. Jorhat Engineering College : http://www.jecassam.in/
13. Jorhat Institute of Science & Technology ( JIST) : www.jist.in
14. Kaziranga University : http://kazirangauniversity.in/
15. National Institute of Technology, Silchar : http://www.nits.ac.in/
16. NETES Institute of Technology and Science, Mirza :http://www.nitsmirza.com/
17. Royal Group of Institutions : www.rgi.edu.in
18.Scholar’s Institute of Technology and Management :http://sitmguwahati.org/
19. Tezpur University : http://www.tezu.ernet.in/
(তথ্যৰ উৎসঃ ডঃ বুলজিত বুঢ়াগোহাঁই, বাকী অসম সম্পৰ্কীয় তথ্য সূত্ৰ বাবে ইয়াত ক্লিক কৰক)

2 comments: