Thursday, June 11, 2015

পৰ্যবেক্ষণ


জাত্যভিমান, কুসংস্কাৰ আৰু সত্ৰাধিকাৰ
 ময়ূৰ বৰা

যোৱা কেইদিনমান ধৰি অসমৰ চৌদিশে কেৱল মেট্ৰিক আৰু হায়াৰ চেকেণ্ডাৰী পৰীক্ষাৰ ফলাফলক লৈ চৰ্চ্চা চলিছে ৷ ভাল ফলাফল দেখুৱা কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা বছৰেকীয়া উৎসৱটোও চুৰ্চুৰীয়াকৈ আৰম্ভ হৈছে মেধাৱী ছাত্ৰ-ছাত্ৰীকলৈ বহু মানুহৰ আশা-আকাংক্ষা আৰু উৎকণ্ঠা এই সময়চোৱাত যথেষ্ট বৃদ্ধি পায় ৷ যিকোনো পৰীক্ষাত ভাল ফলাফল দেখুৱাব পৰাটো আদৰণীয় কথা যদিও দ্বিতীয়, তৃতীয় বিভাগত পাছ কৰা ছাত্ৰ-ছাত্ৰী সকল বা পৰীক্ষাত অকৃতকাৰ্য হোৱাসকলক সমাজে খুব ভাল চকুৰে নাচায় ৷দুই এজন শিক্ষাবিদে এইসকল ছাত্ৰ-ছাত্ৰীক লৈ কৰা যান্ত্ৰিক বিশ্লেষণতে বছৰটোৰ প্ৰচেষ্টা সমাপ্ত হয়৷ নগৰকেন্দ্ৰিক বৰ্তমানৰ পৰীক্ষা ব্যৱস্থাৰো মেধা নিৰ্ণয় কৰিবলৈ যথেষ্ট নহয় যদিও সুস্থ বিকল্প পদ্ধতিৰ অভাৱত সেইটো ব্যৱস্থাকে ৰাইজে গ্ৰহণ কৰিবলৈ বাধ্য হৈছে ৷ গ্ৰহণ কৰি মান্যতা দিয়া হৈছে হেতুকে সেইটো ব্যৱস্থাত ভাল বা বেয়া ফলাফল প্ৰদৰ্শন কৰা ছাত্ৰ-ছাত্ৰীক মূলতঃ তিনি ভাগত বিভক্ত কৰিব পাৰি৷ সহজ ভাষাত ক'বলৈ গ'লে স্থানপ্ৰাপ্ত, ডিষ্টিংশ্বন বা ষ্টাৰ মাৰ্ক পোৱাসকলক মেধাৱী, সাধাৰণভাৱে প্ৰথম বা দ্বিতীয় বিভাগ পোৱাসকলক মধ্যমীয়া মেধাৱী বুলি ক 'ব পাৰি ৷ আনহাতে তৃতীয় বিভাগ দেখুৱা বা অকৃতকাৰ্য হোৱা ছাত্ৰ-ছাত্ৰীসকলক কম মেধাৰ অধিকাৰী বুলি ক'ব পাৰি।

এই ৰিজাল্টৰ বতৰৰ আগতেই অসমৰ সংবাদ মাধ্যমত আন এক বতৰাই কিছু উৎসুকতাৰ সৃষ্টি কৰিছিল ৷ মাজুলীৰ গড়মূৰ সত্ৰৰ প্ৰাক্তন সত্ৰাধিকাৰ হৰিদেৱ গোস্বামীয়ে সত্ৰখনৰ উদাসীন পৰম্পৰা পৰিত্যাগ কৰি বিৱাহপাশত আৱদ্ধ হ'ল আৰু প্ৰৱীণ গোস্বামী নামৰ লক্ষীমপুৰ জিলাৰ এজন কিশোৰ হৰিদেৱ গোস্বামীৰ স্থানত স্থলাভিষিক্ত হ'ল৷ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ এচাম মানুহে তেওঁক কান্দি কান্দি বিদায় দিলে আৰু মাজুলীৰ এচামে তেওঁক আগ্ৰহেৰে আদৰি ল 'লে৷ ষোল্ল বছৰীয়া প্ৰৱীণে ভৱিষ্যতে বিয়া নাপাতোঁ বুলি কোৱা কথাটোৱে গড়মূৰ সত্ৰৰ শুভাকাংক্ষীসকলক আনন্দিত কৰিছে৷ এনে প্ৰেক্ষাপটতে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ভাষাতত্ত্ব বিভাগৰ সহকাৰী অধ্যাপক তথা সুলেখক আৰু মোৰ ভ্ৰাতৃপ্ৰতীম বন্ধু ডক্তৰ অৰূপ কুমাৰ নাথে ফেচবুকৰ জৰিয়তে এটা অত্যন্ত প্ৰাসংগিক প্ৰশ্ন তুলি ধৰিছে৷ তেওঁৰ মতে, যগ যুগ ধৰি কেতবোৰ সত্ৰই কেৱল এটা বিশেষ বৰ্ণৰ লোককহে সত্ৰাধিকাৰ পদৰ বাবে চিনাক্ত কৰা কথাটোৱে হিন্দু ধৰ্মৰ অন্যতম ক্ষয়ংকৰী বৈশিষ্ট্য জাতিভেদ প্ৰথাক চিৰস্থায়ী কৰিছে৷ ডক্তৰ নাথৰ ভাষ্য গুৰুত্বপূৰ্ণ আৰু চিন্তা উদ্ৰেককাৰী৷ তেওঁৰ প্ৰশ্ন/ভাষ্যটো দেখাৰ আগলৈকে মই গড়মূৰ সত্ৰৰ এজন সত্ৰাধিকাৰৰ বিয়া আৰু নতুনজনৰ পৰীক্ষাৰ ফলাফল লৈ লেখাৰ কথা ভৱা নাছিলোঁ৷ সংবাদপত্ৰত গড়মূৰ সত্ৰৰ যিমানেই গভীৰ প্ৰভাৱৰ কথা নকওক কিয়, মই মোৰ নিজৰ ক্ষেত্ৰভিত্তিক অধ্যয়ণৰ পৰা ধাৰণা কৰিব পাৰোঁ মাজুলীৰ কোন সত্ৰৰ প্ৰভাৱ কিমান৷ কিছুসংখ্যক শিষ্য আৰু আঙুলিৰ মূৰত গণিব পৰা সত্ৰৰ এটা বিশেষ ন্যস্তস্বাৰ্থ জড়িত মহলৰ বাদে গড়মূৰ সত্ৰৰ প্ৰাসংগিকতা বৰ্তমান সময়ত কমি আহিছে ৷ গতিকে প্ৰায় অপ্ৰাসংগিক এখন সত্ৰৰ শীৰ্ষ পদবীধাৰীজনৰ বিয়া আৰু নতুন পদবীধাৰীজনৰ মেট্ৰিকৰ ফলাফলে অসমৰ জনজীৱনত বিশেষ প্ৰভাৱ নেপেলায় বুলিয়েই বিশ্বাস কৰোঁ ৷ তথাপি ডঃ নাথৰ প্ৰশ্নটোৰ আঁত ধৰি কিছু কথা স্পষ্টভাৱে দাঙি ধৰিবলৈ মন গ 'ল৷

প্ৰথম কথা প্ৰাপ্তবয়স্ক নোহোৱা এজন কিশোৰকলৈ নিৰুৎসাহজনক কথা কোৱাটো কিছু পৰিমাণে ৰুচিবিগৰ্হিত কাম৷ কিন্তু উক্ত কিশোৰজন যিহেতু সত্ৰাধিকাৰৰ আসনত বহিবলৈ আহিছে আৰু স্বয়ং ৰাজ্যৰ ৰাজ্যপাল গৈ তেওঁৰ চৰণ স্পৰ্শ কৰি আশীষ লৈছে, গতিকে কিছু কথা মুকলিকৈ কোৱা প্ৰয়োজন ৷ মেধাৰ দিশৰ পৰা প্ৰবীণ গোস্বামী বৰ আগবঢ়া ধৰণৰ নহয় যেনেই ভাৱ হয় ৷ কিয়নো ২ জুনত ওলোৱা মেট্ৰিক পৰীক্ষাৰ ফলাফলত তেওঁ তৃতীয় বিভাগ পাইছে৷ বহু মানুহ আচৰিত হৈছে সত্ৰৰ লগত জড়িত কমিটীখনে গোস্বামীৰ গাতনো কি এনে গুণ দেখা পালে যে তেওঁক ততাতৈয়াকৈ আনি সত্ৰাধিকাৰ পতা হ'ল৷ তাতকৈ গণতান্ত্ৰিক পদ্ধতিৰে মেধা, সামৰ্থ্য আৰু ভাৱমূৰ্ত্তিৰ ওপৰত ভিত্তি কৰি সত্ৰখনৰ ভকত এজনক নিৰ্বাচিত কৰাহেঁতেনহে সচেতন ৰাইজে ভাল পালেহেঁতেন৷ কিন্তু সামন্তবাদী ধাৰণা আৰু বৰ্ণবাদী চিন্তীক নিজৰ অস্তিত্বৰ মূল আধাৰ কৰি লোৱা সত্ৰখনে কোনসতে বৈষম্যৰ দেৱালখন অতিক্ৰম কৰিব পাৰে? ভাৱিলে আচৰিত লাগে এইখন গড়মূৰ সত্ৰতে বিপ্লৱী সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামীয়ে জীৱনৰ অধিক কাল কটাইছিল৷ ডঃ ভূপেন হাজৰিকাই "কুৰি শতিকাৰ শংকৰদেৱ" আখ্যা দিয়া এইজনা সত্ৰাধিকাৰে নিজৰ উদাৰ, সমদৰ্শী আৰু বৈপ্লৱিক চিন্তাৰে অকল সত্ৰৰ ভিতৰখনেই নহয়, বৰং সমগ্ৰ অসমৰ আকাশ পোহৰাই তুলিছিল৷ গড়মূৰ সত্ৰ বা বৰ্তমানৰ সত্ৰাধিকাৰক মই অপ্ৰাসংগিক বুলি কোৱাৰ একমাত্ৰ কাৰণ হ 'ল পীতাম্বৰ দেৱ গোস্বামীৰ চিন্তাৰাজিক বৰ্তাই ৰাখিবলৈ তেওঁলোকে প্ৰদৰ্শন কৰা অনীহা আৰু অনিচ্ছা৷

সত্ৰখনে দৃষ্টিকটুভাৱে প্ৰদৰ্শন কৰা অনীহা বা অনিচ্ছা উলাই কৰিব এইকাৰণেই নোৱাৰি, কিয়নো সেই অন্ধকূপৰ মাজত কিলবিলাই আছে বৰ্ণবাদী চিন্তাৰ বীজাণু ৷ সেই বীজাণুৰ দ্বাৰা ভয়াবহভাৱে আক্ৰান্ত বাবেই সত্ৰৰ কমিটিখনে ব্ৰাহ্মণভেদে আন জাতিৰ মানুহৰ মাজত সত্ৰাধিকাৰ হ 'ব পৰা গুণ দেখা নাপায়৷ ব্ৰাহ্মণৰ সন্তানে তৃতীয় বিভাগত মেট্ৰিক পাছ কৰিলেও তেওঁৰ গাতহে দৈৱগুণ দৃষ্টিগোচৰ হয়৷ প্ৰবীণ গোস্বামীয়ে কিমান বুজি পায় নাজানোঁ, কিন্তু তেওঁ সত্ৰত প্ৰৱেশ কৰি পীতাম্বৰ দেৱ গোস্বামীৰ মূৰ্ত্তিত সেৱা কৰা কথাটোৱে সন্মান প্ৰদৰ্শন কৰা নাই, বৰং বিপ্লৱী সত্ৰাধিকাৰ জনৰ জীৱনাদৰ্শক উপলুঙা কৰা সদৃশহে হৈছে৷ ব্ৰিটিছ সাম্ৰাজ্যবাদৰ তথা সত্ৰাধিকাৰ দোলাত উঠি ঘূৰি ফুৰা কথাটো কঠোৰ ভাৱে বিৰোধিতা কৰা পীতাম্বৰ দেৱ গোস্বামীয়ে স্পষ্টকৈ কৈছিল- "আমি ধৰ্মৰ দোহাই দি সমাজৰ মাজত চলাই অহা ধৰ্মৰ বাহিৰৰ, বেদৰ বাহিৰৰ কু-সংস্কাৰবোৰ আৰু ঠগ-প্ৰৱঞ্চনা এৰি সমাজক সংস্কাৰ কৰাৰ সময় আহি পৰিছে৷…আমি জন্মতে একেই মানুহ, জন্মৰ পিছত আমাক উচ্চ-নীচ বুলি কোনোবাই ভাগ ভাগ কৰি পেলাইছে ৷ উচ্চ-নীচ, স্পৃশ্য-অস্পৃশ্য আৰু জাত্যাভিমান আদি কথা যুক্তিৰে নিটিকে, ই অজ্ঞানতা, শাস্ত্ৰজ্ঞানহীনতা আৰু জোৰ-জবৰদস্তিৰ কথাহে ৷ জাতি বিভাগৰ গুৰি খোজলৈ মন কৰিলেই এই কথাৰ সত্যাসত্য ধৰা পৰে ৷ গুণ আৰু কৰ্মলৈয়ে যদি জাতি বিভাগ সৃষ্টি হৈছিল, তেন্তে আজিৰ ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰৰ কিবা পাৰ্থক্য থাকিব পাৰেনে ?

সেই সত্ৰাধিকাৰজনৰ উদাৰ ভাষ্য শুনাৰ পিছত এতিয়া সক্ৰিয় হৈ থকা বৰ্ণবাদী ন্যস্তস্বাৰ্থ মহলটোৱে তেনে ভাৱাদৰ্শক কুঠাৰাঘাত কৰা কথাটো কোনে মিছা বুলি ক 'ব পাৰিব? সত্ৰখনৰ পাৰ্থিৱ সম্পত্তি উঁৱলি যাওঁক, জহি-খহি যাওঁক পীতাম্বৰ দেৱ গোস্বামীৰ আদৰ্শ, কিন্তু বৰ্ণাভিমানৰ বোকাত লুতুৰি-পুতুৰি হৈ থকা সেই মহলটোৰ বাবে একমাত্ৰ গুৰুত্বপূৰ্ণ কথাটো হ 'ল বৰ্ণবাদৰ আধাৰটো সুৰক্ষিত কৰি ৰখা৷ সেই আধাৰটোৰ সুৰক্ষাৰ নামতে অসমবাসীয়ে পালে মেট্ৰিকত ৩য় বিভাগত উত্তীৰ্ণ হোৱা এজন নৱীন সত্ৰাধিকাৰক -যাৰ নাম প্ৰবীণ গোস্বামী৷ অনাগত সময়ত এইজনা প্ৰভূৰ কি কি দৈৱগুণে সত্ৰখন আৰু মাজুলীবাসীক উপকৃত কৰে সেয়া লক্ষণীয় হ'ব ৷ হৰিদেৱ গোস্বামীৰ বিয়া শিৱভক্ত মহিলাৰ লগত হোৱা কথাটোকলৈও এচামে আপত্তি কৰিছে৷ব্যক্তি স্বাধীনতাত সম্পূৰ্ণভাৱে বিশ্বাস কৰোঁ বাবেই দুয়োজনৰ ধৰ্মীয় উপপন্থ কি আছিল তাক লৈ অযথা মূৰ ঘমোৱাৰ প্ৰয়োজন নাই বুলি মই ভাৱোঁ৷ কিন্তু সপোনৰ জৰিয়তেহে তেওঁলোকৰ এই মিলন সম্ভৱ হ'ল বুলি কাকতত পঢ়া কথাষাৰ যদি সঁচা হয়, তেনেহ 'লে সেয়া খুবেই হতাশাজনক৷ কু-সংস্কাৰ আৰু অন্ধ বিশ্বাসৰ চক্ৰবেহুৰ মাজত অসহায়ভাৱে বন্দী হৈ থকা ব্যক্তিজন সত্ৰাধিকাৰেই হওঁক বা আন কোনোবাই হওঁক সেয়া চূড়ান্তভাৱে নিন্দনীয় ৷ কু-সংস্কাৰত নিমগ্ন বাবেই মাজুলীত বান বা গৰাখহনীয়াৰ তাণ্ডৱ চলিলে, এচাম সত্ৰাধিকাৰে আজিও ব্ৰহ্মপুত্ৰৰ পাৰলৈ গৈ ভোগ দি পূজা কৰে৷ এনেদৰে কৰা পূজা বৈষ্ণৱ সংস্কৃতিৰ ভিতৰুৱা কেনেকৈ হ 'ল সেয়া আজিও মোৰ মনত সাঁথৰ হৈ থাকিল ৷
( লেখাটি আমাৰ অসমৰ সম্পাদকীয় পৃষ্ঠাত ৮জুন ২০১৫ত প্ৰকাশ পাইছিল। প্ৰৱন্ধটিৰ ইউনিকোড ৰূপান্তৰণ কৰিছে বিশাল দেৱ ৰয়ে।)

No comments:

Post a Comment