কেৰিয়াৰ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা


অসমৰ বিশ্ববিদ্যালয়বোৰত থকা স্নাতকোত্তৰ পাঠ্যক্রমবোৰ
ড° বুলজিৎ বুঢ়াগোহাঁই
উচ্চ শিক্ষাৰ কথা ভবা সকলে অন্তত নিজৰ ৰাজ্যখনত কি কি বিষয়ক পাঠ্যক্ৰম পঢ়াৰ সুবিধা আছে সেয়া জানি লোৱাৰ দৰকাৰ। বিগত দশক কেইটাত চৰকাৰী বিশ্ববিদ্যালয় সমূহতো বিভিন্ন আধুনিক তথা পেশাদাৰী ধৰ্মী দিব পৰা বিষয়ৰ পাঠ্যক্ৰম অন্তৰ্ভুক্ত হৈছে। বাহিৰত পঢ়াৰ তুলনাত ইয়াৰ ফীজকে ধৰি পঢ়াৰ খৰছ কম। সেয়ে ৰাইজৰ জ্ঞাতাৰ্থে থূলমূলকৈ বিভিন্ন বিষয় সমূহৰ স্নাতকোত্তৰ শ্ৰেণীৰ পাঠ্যক্ৰমৰ বিষয়ে অসমৰ বিশ্ববিদ্যালয় সমূহত থকা সুবিধাৰ কথা ইয়াত যুগুতাই উলিয়াইছো।

অসম বিশ্ববিদ্যালয়( www.aus.ac.in ) :
‘অসম বিশ্ববিদ্যালয়’ত স্নাতকোত্তৰ অধ্যয়ন কৰিব পৰা বিষয়বোৰ হ’ল – ভাষাবিজ্ঞান(Linguistics), বাংলা(Bengali), হিন্দী(Hindi), মণিপুৰী (Manipuri), সংস্কৃত(Sanskrit), ভাৰতীয় সাহিত্যৰ তুলনা (Indian Comparative Literature), ইংৰাজী (English), আৰবিক (Arabic), ফৰাচী (French), অৰ্থনীতি বিজ্ঞান (Economics), বাণিজ্য (Commerce), ৰাজনীতি বিজ্ঞান (Political Science), বুৰঞ্জী(History), সমাজতত্ব (Sociology) , সমাজ সেৱা (Social Work), গণসংযোগ (Mass Communication), ভিজুৱেল আৰ্টচ (Visual Arts), দৰ্শন(Philosophy), শিক্ষা(Education), পদাৰ্থ বিজ্ঞান (Physics), ৰসায়ন বিজ্ঞান (Chemistry), গণিত(Mathematics), কম্পিউটাৰ বিজ্ঞান (Computer Science), পৰিসংখ্যা বিজ্ঞান (Statics), জীৱ বিজ্ঞান আৰু বায়ইনৰ্ফমেটিক্স(Life Science & Bioinformatics), মাইক্ৰ’বায়’লজী (Microbiology), জৈৱ-প্ৰযুক্তিবিজ্ঞান(Biotechnology), পৰিস্থিতিবিজ্ঞান আৰু পৰিৱেশ বিজ্ঞান (Ecology & Environmental Science), কৃষি অভিযান্ত্ৰিক (Agriculture Engineering), প্ৰায়োগিক ভূ-বিজ্ঞান (Applied Geology), আইন (Law ), তথ্য প্ৰযুক্তিবিদ্যা (Information Technology),লাইব্রেৰী ছায়েন্স এণ্ড ইনমৰমেচন ছায়েন্স (Library & Information Science) আৰু ব্যৱসায় ব্যৱস্থাপনা (Business Administration) ।

‘অসম বিশ্ববিদ্যালয়’ৰ ডিফু কেম্পাচত স্নাতকোত্তৰ অধ্যয়ন কৰিব পৰা বিষয়বোৰ হ’ল – অসমীয়া(Assamese), নৃতত্ব (Anthropology), বাণিজ্য ( Commerce), ইংৰাজী ( English), বুৰঞ্জী (History), জীৱ বিজ্ঞান ( Life Science), পদাৰ্থ বিজ্ঞান ( Physics), ৰাজনীতি বিজ্ঞান ( Political Science) আৰু ট্ৰাইবেল ষ্টাডিজ (Tribal Studies) ।

বড়োলেণ্ড বিশ্ববিদ্যালয় (http://bodolanduniversity.ac.in ): ‘বড়োলেণ্ড বিশ্ববিদ্যালয়’ত স্নাতকোত্তৰ অধ্যয়ন কৰিব পৰা বিষয়বোৰ হ’ল –অসমীয়া(Assamese) , জৈৱ-প্ৰযুক্তিবিজ্ঞান (Biotechnology), বড়ো(Bodo ), উদ্ভিদ বিজ্ঞান (Botany ), ৰসায়ন বিজ্ঞান (Chemistry),কম্পিউটাৰ এপ্লিকেচন( Computer Application), কম্পিউটাৰ বিজ্ঞান আৰু তথ্য প্ৰযুক্তিবিদ্যা( Computer Science & Information Technology ) , অৰ্থনীতি বিজ্ঞান (Economics),ইংৰাজী (English) , বুৰঞ্জী (History), গণিত বিজ্ঞান (Mathematical Sciences), ব্যৱসায় ব্যৱস্থাপনা (Business Administration) , পদাৰ্থ বিজ্ঞান (Physics), ৰাজনীতি বিজ্ঞান (Political Science) আৰু প্ৰাণীবিজ্ঞান (Zoology) ।

কটন কলেজ ৰাজ্যিক বিশ্ববিদ্যালয়( www.ccsu.ac.in ):
‘কটন কলেজ ৰাজ্যিক বিশ্ববিদ্যালয়’ত স্নাতকোত্তৰ অধ্যয়ন কৰিব পৰা বিষয়বোৰ হ’ল - নৃতত্ব(Anthropology), আৰবিক(Arabic) , অসমীয়া(Assamese), বাংলা(Bengali), উদ্ভিদ বিজ্ঞান(Botany ), ৰসায়ন বিজ্ঞান(Chemistry ), কম্পিউটাৰ এপ্লিকেচন( Computer Applications), অৰ্থনীতি বিজ্ঞান (Economics), শিক্ষা(Education), ইংৰাজী(English), ভূগোল(Geography),ভূতত্ত্ব (Geology), হিন্দী (Hindi), বুৰঞ্জী(History), গণিত(Mathematics), ফাৰ্চী (Persian), দৰ্শন(Philosophy), পদাৰ্থ বিজ্ঞান(Physics), ৰাজনীতি বিজ্ঞান(Political Science), সংস্কৃত(Sanskrit), পৰিসংখ্যা বিজ্ঞান (Statistics) আৰু প্ৰাণীবিজ্ঞান (Zoology)।

ডিব্ৰুগড় বিশ্ববিদ্যালয়( http://www.dibru.ac.in ): ‘ডিব্ৰুগড় বিশ্ববিদ্যালয়’ত স্নাতকোত্তৰ অধ্যয়ন কৰিব পৰা বিষয়বোৰ হ’ল – নৃতত্ব (Anthroplogy), প্ৰায়োগিক ভূ-বিজ্ঞান (Applied Geology), (Petroleum Geology), এক্সপ্লৰেচন জিঅ’ফিজিক্স (Exploration Geophysics), অসমীয়া (Assamese), ৰসায়ন বিজ্ঞান(Chemistry), বাণিজ্য ( Commerce),অৰ্থনীতি বিজ্ঞান (Economics), শিক্ষা (Education), বুৰঞ্জী(History), জীৱ বিজ্ঞান (Life Sciences), গণিত (Mathematics), পেট্ৰলিয়াম এক্সপ্লৰেচন এণ্ড প্ৰডাকচন (Petroleum Exploration & Production), ফাৰ্মাচিউটিকেল ছায়েন্স(Pharmaceutical sciences),পদাৰ্থ বিজ্ঞান( (Physics), ৰাজনীতি বিজ্ঞান( Political Science), সমাজ বিজ্ঞান (Sociology ), পৰিসংখ্যা বিজ্ঞান (Statistics ), প্ৰায়োগিক মনোবিজ্ঞান (Applied Psychology ), বায়ইনৰ্ফমেটিক্স (Bioinformatics), জৈৱ-প্ৰযুক্তিবিজ্ঞান (Biotechnology), কম্পিউটাৰ এপ্লিকেচন( Computer Application), ভূগোল(Geography ), গণসংযোগ (Mass Communication), আইন (Law ), হিন্দী(Hindi), লাইব্রেৰী ছায়েন্স এণ্ড ইনমৰমেচন ছায়েন্স (Library & Information Science),ব্যৱসায় ব্যৱস্থাপনা (Business Administration), পাৰফ’মিং আৰ্টচ (Performing Arts), দৰ্শন(Philosophy ),ফিজিকেল এডুকেচন(Physical Education) আৰু সমাজ সেৱা (Social Work) ।

গুৱাহাটী বিশ্ববিদ্যালয় ( http://www.gauhati.ac.in/): ‘গুৱাহাটী বিশ্ববিদ্যালয়’ত স্নাতকোত্তৰ অধ্যয়ন কৰিব পৰা বিষয়বোৰ হ’ল – আৰবিক (Arabic ), অসমীয়া(Assamese), বাংলা(Bengali), বড়ো(Bodo ),অৰ্থনীতি বিজ্ঞান (Economic), বিজিনেচ ইকনমিক্স (Business Economics), শিক্ষা (Education), ইংৰাজী(English), ইংলিচ লেংগুৱেজ টিচিং (English Language Teaching ), হিন্দী(Hindi),বুৰঞ্জী(History), লাইব্রেৰী ছায়েন্স এণ্ড ইনমৰমেচন ছায়েন্স (Library & Information Science),ভাষাবিজ্ঞান(Linguistics),ফাৰ্চী (Persian), দৰ্শন(Philosophy ), ৰাজনীতি বিজ্ঞান(Political Science),মনোবিজ্ঞান (Psychology ),সংস্কৃত(Sanskrit), সমাজ বিজ্ঞান (Sociology ), ৱ’মেনজ ষ্টাডিজ (Women’s Studies), নৃতত্ব (Anthropology),উদ্ভিদ বিজ্ঞান(Botany ),ৰসায়ন বিজ্ঞান (Chemistry),পৰিৱেশ বিজ্ঞান (Environmental Science),ভূগোল (Geography), ভূতত্ত্ব (Geology),গণিত(Mathematics),পদাৰ্থ বিজ্ঞান (Physics),পৰিসংখ্যা বিজ্ঞান (Statistics),প্ৰাণীবিজ্ঞান (Zoology), এনিমেল ইকলজি এণ্ড ৱাইল্ডলাইফ বায়লজি (Animal Ecology & Wildlife Biology), জৈৱ-প্ৰযুক্তিবিজ্ঞান (Biotechnology), কম্পিউটাৰ বিজ্ঞান (Computer Science) , তথ্য প্ৰযুক্তিবিদ্যা ( Information Technology), ইলেকট্ৰনিক্স এণ্ড কমিউনিকেচন টেকন’লজি (Electronics & Communication Technology ),ইন্সট্ৰুমেন্টেশ্যন (Instrumentation),গণসংযোগ(Mass Communication), বাণিজ্য (Commerce),ব্যৱসায় ব্যৱস্থাপনা (Business Administration) আৰু আইন (Law ) ।


তেজপুৰ বিশ্ববিদ্যালয় (http://www.tezu.ernet.in/):
‘তেজপুৰ বিশ্ববিদ্যালয়’ত স্নাতকোত্তৰ অধ্যয়ন কৰিব পৰা বিষয়বোৰ হ’ল – কম্পিউটাৰ এপ্লিকেচন( Computer Application), ইংৰাজী(English), কালচাৰেল ষ্টাডিজ(Cultural Studies), সমাজ বিজ্ঞান (Sociology ),গণসংযোগ আৰু সাংবাদিকতা (Mass Communication and Journalism),হিন্দী(Hindi),সমাজ সেৱা (Social Work), শিক্ষা(Education), গণিত (Mathematics), ৰসায়ন বিজ্ঞান(Chemistry ), পদাৰ্থ বিজ্ঞান(Physics), নেন’ছায়েন্স এণ্ড টেকনলজি (Nanoscience and Technology),পৰিৱেশ বিজ্ঞান (Environmental Science), ম’লিকুলাৰ বায়’লজী এণ্ড বায়টেকনলজি ( Molecular Biology and Biotechnology) ,তথ্য প্ৰযুক্তিবিদ্যা ( Information Technology),ফুড ইঞ্জিনিয়াৰিং এণ্ড টেকনলজি (Food Engineering and Technology),ইলেকট্ৰনিক্স ডিজাইন এণ্ড টেকনলজি (Electronics Design and Technology),বায়’ইলেকট্ৰনিক্স (Bioelectronics), এনাৰ্জি টেকনলজি (Energy Technology),পলিমাৰ ছায়েন্স এণ্ড টেকনলজি (Polymer Science and Technology) আৰু যান্ত্ৰিক অভিযান্ত্ৰিক (Mechanical Engineering) । এই শিক্ষানুষ্ঠানবোৰৰ বিভিন্ন পাঠ্যক্রমত নাম ভৰ্তি কৰিব বাবে প্রয়োজন হোৱা সবিশেষ তথ্য জানিবৰ বাবে বিশ্ববিদ্যালয়বোৰৰ ৱেবছাইটত চাব পাৰে । লগতে নাম ভৰ্তি বাবে বিজ্ঞাপন বাতৰি কাকতত প্রকাশ হয় ।

লেখকৰ ঠিকনাঃ সহকাৰী অধ্যাপক, যান্ত্রিক অভিযান্ত্রিক বিভাগ, গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজী, গুৱাহাটী-৭৮১০১৭, অসম । ফোন: ৯৪৩৫১-৮৮৬৩০ ই-মেইল: buljit@gmail.com

No comments:

Post a Comment