Friday, February 20, 2015

বিশ্লেষণ

অসমৰ মাটি বাংলাদেশক দিবলগীয়া হৈছে কিয়? 
দীপাংকৰ মল্ল বৰুৱা
এখন স্বাধীন, সাৰ্বভৌম দেশৰ চৰকাৰৰ এটা প্ৰাথমিক দ্বায়িত্ব হ’ল দেশৰ সীমা সুৰক্ষিত কৰাটো। প্ৰধান মন্ত্ৰীকে ধৰি সকলো মন্ত্ৰীয়ে দেশৰ অখণ্ডতা আৰু সাৰ্বভৌমতা ৰক্ষা কৰিবলৈ শপত বাক্য পাঠ কৰে। দেশৰ মাটি যাতে আনে কাঢ়ি নিব নোৱাৰে তাৰ কাৰনে দেশৰ সেনা বাহিনীক সদায় সষ্টম কৰি ৰখা হয়। কিন্তু তেনে স্থলত ভাৰত চৰকাৰে বাংলাদেশৰ লগত চুক্তি কৰি দেশৰ মাটি বাংলাদেশক দিবলৈ ওলোৱাটো আৰু বাংলাদেশী নাগৰিকক ভাৰতীয় নাগৰিকত্ব বা দ্বৈত নাগৰিকত্ব প্ৰদান কৰিবলৈ ওলোৱাটো নিশ্চয়কৈ এক অবান্তৰ আৰু ৰাষ্ট্ৰবিৰোধী কথা।

এইখিনিতেই স্বাভাৱিকতে প্ৰশ্ন উঠা উচিত যে নৰেন্দ্ৰ মোদীৰ দৰে এজন শক্তিশালী ৰাষ্ট্ৰবাদী নেতাই বাংলাদেশক মাটি দিয়াৰ পোষকতা কৰিছে কিয়? এই স্পৰ্শকাতৰ বিষয়টোৰ ওপৰত আবেগিক প্ৰতিবাদ কৰাৰ আগতে ভাৰত চৰকাৰে গুৰুত্ব সহকাৰে ৰূপায়িত কৰিবলৈ লোৱা এই বাংলাদেশলৈ ভূমি হস্তান্তৰ চুক্তিৰ প্ৰয়োজনীয়তাৰ বিষয়ে বা এই চুক্তিৰ অন্তৰালত থকা কথাবোৰ অলপ বহলকৈ ফঁহিয়াই চোৱা উচিত। উল্লেখ্য যে ২০১১ চনত তদানীন্তন প্ৰধানমন্ত্ৰী মনমোহন সিং আৰু বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ মাজত বহুচৰ্চিত ভুমি হস্তান্তৰ চুক্তিখন সম্পাদিত হৈছিল। এই চুক্তি অনুসৰি ভাৰতৰ সীমাৰ ভিতৰত থকা বাংলাদেশৰ ৫১ টা ক্ষুদ্ৰ অঞ্চল ভাৰতলৈ আৰু বাংলাদেশৰ সীমাৰ ভিতৰত থকা ভাৰতৰ ১১১ টা ক্ষুদ্ৰ অঞ্চল বাংলাদেশলৈ হস্তান্তৰ কৰিবলৈ দুয়োখন দেশে সন্মতি প্ৰদান কৰিছিল। এখন দেশৰ আন্তৰ্জাতিক সীমাৰ ভিতৰত আন এখন দেশৰ অঞ্চল অন্তৰ্ভুক্ত হোৱাটো সচৰাচৰ দেখা পোৱা নাযায়। কিন্তু আন্তৰ্জাতিক আইন অনুসৰি এখন দেশৰ কোনো অংশ মুল ভূ-খণ্ডৰ পৰা ভৌগলিক ভাৱে আতৰত অৱস্থিত হ’ব পাৰে। স্বাধীনতাৰ পিছত পাকিস্তান আৰু পূব পাকিস্তান একেখন দেশ আছিল যদিও ভৌগলিক ভাৱে বিচ্ছিন্ন আছিল। সেইদৰে স্বাধীনতাৰ পিছত নানান কাৰণত পাকিস্তানৰ কিছুমান অঞ্চল ভাৰতৰ সীমাৰ ভিতৰত আৰু ভাৰতৰ কিছুমান অঞ্চল পাকিস্তানৰ সীমাৰ ভিতৰত সোমাই পৰিছিল। এখন দেশৰ মাজত আন এখন দেশৰ অঞ্চল অন্তৰ্ভূক্তিৰ নিশ্চয়কৈ কিছুমান ঐতিহাসিক কাৰণ থাকে।

আমি জানো যে স্বাধীনতাৰ আগতে পূব পাকিস্তান বা এতিয়াৰ বাংলাদেশ ভাৰতৰে অংশ আছিল। আমোদজনক ভাৱে সেই সময়ত কোঁচ বিহাৰৰ ৰজা আৰু ৰংপুৰৰ নবাব সঘনে দবা আৰু পাশা খেলত মিলিত হৈছিল। খেলৰ হৰা জিকাৰ পন হিচাপে নিজৰ ৰাজ্যৰ একোটা অঞ্চল পৰষ্পৰলৈ আগবঢ়াইছিল। তেওঁলোকৰ এনে কাৰ্যৰ ফলত কোঁচ বিহাৰৰ সীমাৰ ভিতৰত ৰংপুৰৰ কেইবটাও ক্ষুদ্ৰ অঞ্চল আৰু সেইদৰে ৰংপুৰৰ সীমাৰ ভিতৰত কোঁচ বিহাৰৰ কেইবাটাও ক্ষুদ্ৰ অঞ্চল গঢ়ি উঠিছিল। স্বাধীনতাৰ পিছত ৰেডক্লিফ লাইন অনুসৰি কোঁচ বিহাৰ ভাৰতৰ আৰু ৰংপুৰ পূব পাকিস্তানৰ অন্তৰ্ভুক্ত হ’ল। ফলস্বৰূপে পূব পাকিস্তানৰ সীমাৰ ভিতৰত ভাৰতৰ কেইবাটাও ক্ষুদ্ৰ অঞ্চল আৰু ভাৰতৰ সীমাৰ ভিতৰত পূব পাকিস্তানৰ কেইবাটাও ক্ষুদ্ৰ অঞ্চল সোমাই পৰিল। এই অঞ্চল সমুহ ‘ছিটমহল’ নামেৰে জনাজাত হ’ল।

ভাৰতৰ সীমাৰ ভিতৰত সোমাই পৰা এই অঞ্চলৰ সৰহ ভাগেই পশ্চিম বংগত আৰু কেইটামান অসমত পৰিল। উল্লেখ্য যে ভাৰত আৰু পাকিস্তানৰ সীমা নিৰ্ধাৰণ কৰিবলৈ লণ্ডনৰ পৰা অহা ছাৰ ৰেডক্লিফ সীমা নিৰ্ধাৰণ সমিতিয়ে সময় পাইছিল মাথোন এমাহ। ইমান কম সময়ৰ ভিতৰত ভাৰত আৰু মূল পাকিস্তান তথা ভাৰত আৰু পূব পাকিস্তানৰ বিস্তৃত অঞ্চলৰ সীমা নিৰ্ধাৰণ কৰাটো অসম্ভৱ আছিল। সেয়েহে জানিব পৰা মতে ৰেডক্লিফ সমিতিয়ে খৰখেদাকৈ কোনো ক্ষেত্ৰভিত্তিক অধ্যয়ন নকৰাকৈয়ে মেজত মানচিত্ৰ পাৰি লৈ পেঞ্চিলেৰে ডাগ মাৰি ভাৰত আৰু পূব পাকিস্তানৰ সীমা নিৰ্ধাৰণ কৰিছিল। এনে কামৰ পৰিণতিত ধৰ্ম ভিত্তিত ভাগ হোৱা ভাৰত আৰু পূব পাকিস্তানৰ মাজত ভাগবতৰাত বহুতো আসোঁৱাহ আৰু বিবাদ ৰৈ গ’ল। উদাহৰণ স্বৰূপে মুছলমান প্ৰধান মালদা আৰু মুৰ্ছিদাবাদ ভাৰতৰ অন্তৰ্ভুক্ত হ’ল, সেইদৰে ছট্টগ্ৰামৰ বৌদ্ধ আৰু খ্ৰিষ্টান প্ৰধান পাহাৰীয়া অঞ্চল পূব পাকিস্তানৰ হাতলৈ গ’ল। তেতিয়াৰ পৰাই ভাৰত আৰু পূব পাকিস্তানৰ সীমা সদায় বিবাদিত হৈ আছে। পূব পাকিস্তান বাংলাদেশ হোৱাৰ পিচতো এই সীমা বিবাদৰ অৱসান নহ’ল। কালক্ৰমত এই দুয়োখন দেশতে থকা ছিটমহল বা ক্ষুদ্ৰ অঞ্চল সমুহ দুয়োখন দেশৰ মুল ভূ খণ্ডৰ পৰা ভৌগলিক ভাৱে বিচ্ছিন্ন হৈ পৰিল। এইবোৰ অঞ্চলত বাস কৰা লোক সকলে মুল ভূ খণ্ডৰ মানুহে উপভোগ কৰি থকা সা সুবিধা সমুহৰ পৰা বঞ্চিত হ’ল। এনে অঞ্চলবোৰত বাট পথ, বিজুলী, পানী যোগান, চিকিত্সালয় আদি নাগৰিকৰ সাধাৰণ সা সুবিধা সমুহেই গঢ়ি নুঠিল। উন্নয়নৰ দৌৰত অতিশয় পিছপৰি থকা এই অঞ্চলত থকা মানুহে জীয়াতু ভুগি থাকিল। এই সকল লোক ৰাজনৈতিক ভাৱেও নিজৰ দেশৰ পৰা বিচ্ছিন্ন হৈ পৰিল।

আনহাতে এনে অঞ্চল বোৰ থকাৰ বাবে আন্তৰ্জাতিক সীমা সম্পূৰ্ণ ভাৱে ছীল কৰাত সমস্যা আহিল। ভাৰতৰ ভিতৰত থকা বাংলাদেশৰ মুল ভূমিলৈ মানুহৰ আহ যাহ চলি থাকিল। কেৱল এখন পৰিচয় পত্ৰ দেখুৱাই বাংলাদেশৰ মানুহে আন্তৰ্জাতিক সীমাৰে যাতায়াত কৰি থাকিল। বাংলাদেশীৰ যাতায়াতৰ সহায় হোৱাৰ বাবে পশ্চিম বংগৰ ‘তিন বিঘা কৰিড’ৰ নামে জনাজাত মাটি বাংলাদেশ চৰকাৰক ৯৯৯ বছৰৰ বাবে লীজত দিয়া হৈছে। বাংলাদেশ গঠন হোৱাৰে পৰা ছিটমহল সমুহৰ সমস্যাৰ এটা সমাধান উলিয়াবলৈ ভাৰত আৰু বাংলাদেশ চৰকাৰে ৰাজনৈতিক সদিচ্ছা প্ৰদৰ্শন কৰিবলৈ ল’লে। প্ৰথমতে ১৯৭৪ চনত আৰু পিছত ২০০১ চনত বিষয়টো আলোচনাৰ মেজলৈ আহিল। দুয়োখন দেশে আনৰ সীমাৰ ভিতৰত থকা নিজৰ মাটি সেই দেশলৈ হস্তান্তৰ কৰাটোৱেই এই নিৰ্ভৰযোগ্য সমাধান হিচাপে ধৰা দিলে। এই সমাধান সূত্ৰ অনুসৰি ভাৰতৰ ভিতৰত থকা ছিটমহল সমুহ ভাৰতৰ আৰু বাংলাদেশৰ ভিতৰত থকা ছিটমহল সমুহ বাংলাদেশৰ হাতলৈ যাব। ভাৰতৰ হাতলৈ যোৱা ভূখণ্ডৰ অধিৱাসী সকলক ভাৰতীয় নাগৰিকত্ব আৰু বাংলাদেশৰ হাতলৈ যোৱা ভূখণ্ডৰ মানুহক বাংলাদেশৰ নাগৰিকত্ব প্ৰদান কৰা হ’ব। হিচাপ কৰি দেখা গ’ল যে বাংলাদেশৰ সীমাৰ ভিতৰত থকা ভাৰতৰ মাটিৰ পৰিমান ভাৰতৰ ভিতৰত থকা বাংলাদেশৰ মাটিৰ পৰিমানতকৈ প্ৰায় ১০ হাজাৰ বিঘা বেছি। গতিকে এই হস্তান্তৰ প্ৰক্ৰিয়াত বাংলাদেশে ভাৰতৰ পৰা কিছু পৰিমানৰ মাটি বেছিকৈ লাভ কৰিব।

এইটো বাতৰিক লৈয়েই সৰ্বত্ৰ হুলস্থুল লাগিল। চৰকাৰে ভাৰতৰ মাটি বাংলাদেশক দান দিবলৈ ওলোৱা বুলি বাতৰি মুখ্য খবৰ হিচাপে সংবাদ মাধ্যমত বাতৰি প্ৰচাৰিত হ’ল। ২০১১ চনত ভাৰত আৰু বাংলাদেশ চৰকাৰৰ মাজত সম্পাদিত চুক্তি খনত এই হস্তান্তৰ প্ৰক্ৰিয়াটোক স্বীকৃতি প্ৰদান কৰা হ’ল। আন্তৰ্জাতিক নিয়ম অনুসৰি এনে চুক্তি কাৰ্যকৰী কৰিবলৈ হ’লে দুয়োখন দেশৰ সংসদত চুক্তিখন গৃহীত হোৱাটো প্ৰয়োজনীয়। বাংলাদেশ সংসদে এই চুক্তিখন ততালিকে গৃহীত কৰিলে। ভাৰতৰ সংসদৰ স্বীকৃতিৰ বাবে চুক্তিখনৰ আধাৰত সংবিধানৰ ১১৯ নং সংশোধনী বিধেয়ক সংসদত উত্থাপন কৰা হ’ল। বাংলাদেশী সমস্যাৰ সৈতে বহু বছৰ জুৰি যুঁজি থকা অসমৰ জাতীয়তাবাদী দল সংগঠন, ৰাজনৈতিক দল সমুহ জাঙুৰ খাই উঠিল। অসমৰ মাটি কোনোপধ্যেই বাংলাদেশক এৰি দিয়া নহ’ব বুলি কেইবাটাও সংগঠনে হুংকাৰ দিলে। সেই সময়ত প্ৰধান বিৰোধী দল হিচাপে থকা ভাৰতীয় জনতা পাৰ্টীয়েও একে সুৰতে মাত মাতিলে। ইউ পি এ চৰকাৰৰ আমোলত বিৰোধীৰ প্ৰবল বিৰোধিতাৰ বাবে লোকসভাত অনুমোদিত হোৱাৰ পিছতো ৰাজ্যসভাত এই বিধেয়ক খন গৃহীত নহ’ল। বৰ্তমান নৰেন্দ্ৰ মোদী চৰকাৰে সেই অসম্পূৰ্ণ কাম সমাধা কৰাৰ দিশে আগবাঢ়িছে।

আমোদজনক কথা যে সংসদত এসময়ত বিধেয়ক খনৰ প্ৰবল বিৰোধিতা কৰা ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে এতিয়া ভূমি হস্তান্তৰ চুক্তি ৰূপায়িত কৰিবলৈ উঠি পৰি লাগিছে। যুক্তিৰে বিবেচনা কৰিলে দেখা যায় যে, ভাৰতৰ সীমাৰ মাজত থকা বাংলাদেশৰ অঞ্চল সমুহৰ বাবেই ভাৰত বাংলাদেশ আন্তৰ্জাতিক সীমাৰে মানুহৰ সৰবৰাহ সম্পূৰ্ণ ভাৱে বন্ধ কৰাটো সম্ভৱপৰ হোৱা নাই। ৰেডক্লিফ লাইন অনুসৰি সীমাৰ সুৰক্ষা কটকটীয়া কৰিবলৈ হ’লে এই ছিটমহল সমুহ বাংলাদেশৰ হাতৰ পৰা ভাৰতৰ হাতলৈ অহাটো প্ৰয়োজনীয়। সেইদৰে বাংলাদেশৰ সীমাৰ ভিতৰত থকা ভাৰতীয় ছিটমহল সমুহৰ ওপৰত যিহেতু ভাৰত চৰকাৰৰ কোনো নিয়ন্ত্ৰণ নাই, গতিকে সেই অঞ্চল সমুহ বাংলাদেশৰ হাতলৈ গ’লেও ভাৰতৰ একো লোকচান নহয়। আচলতে ১০ হাজাৰ বিঘা মাটি বাংলাদেশৰ হাতলৈ যোৱা কথাটোৱেই এক বিভ্ৰান্তিকৰ কথা। সেই অতিৰিক্ত মাটিখিনিত বাস কৰা লোক সকলে এনেয়ো ইমান বছৰ ধৰি ভোটাধিকাৰকে আদি কৰি সকলো সা সুবিধাৰ পৰা বঞ্চিত হৈ আছে। সাংস্কৃতিক ভাৱেও তেওঁলোক ভাৰতৰ লগত জড়িত নহয়। সেই লোক সকলে সেই অঞ্চলত বাস কৰি ভাৰতীয় নাগৰিক হৈ থাকিব বিচাৰিলেও কাৰ্যক্ষেত্ৰত প্ৰশাসনিক ভাৱে সেয়া অসম্ভৱ প্ৰায় হ’ব।

সেয়েহে এই অঞ্চল সমুহৰ কৰ্তৃত্ব আইনগত ভাৱে ভাৰতৰ হাতৰ পৰা ওলাই বাংলাদেশৰ যোৱাটো ভাৰতৰ বাবে লোকচান হোৱা বুলি ক’ব নোৱাৰি। উল্লেখ্য যে ভূমি হস্তান্তৰ প্ৰক্ৰিয়াত অসমতকৈ পশ্চিমবংগৰ বহুত বেছি অঞ্চল জড়িত হৈ আছে। কিন্তু অসমৰ দৰে পশ্চিম-বংগত এই কথাটোৱে অসমৰ দৰে ৰাজনৈতিক আলোড়নৰ সৃষ্টি কৰা নাই। এটা কথা আমি মনত ৰখা উচিত যে আমাৰ চুবুৰীয়া ৰাজ্যলৈ বাংলাদেশৰ পৰা হোৱা প্ৰৱজনৰ প্ৰভাৱো অসমত পৰিছে। সেয়েহে অসমৰ লগতে মেঘালয়, ত্ৰিপুৰা আৰু পশ্চিম বংগৰ সীমাও অবৈধ বাংলাদেশীৰ বাবে বন্ধ হোৱাটো অতি আৱশ্যকীয়। অন্যথা কেৱল অসম বাংলাদেশ সীমা বন্ধ কৰাটোৱে অসমত বাংলাদেশীৰ প্ৰৱেশ প্ৰতিহত কৰিব নোৱাৰে। সেয়েহে সীমান্ত ছীল কৰাৰ বাবে ভাৰত বাংলাদেশ সীমান্তৰ আটাইকেইখন ৰাজ্যৰ বাবে উমৈহতীয়া ব্যৱস্থা হোৱাটো অতি আৱশ্যকীয়। দেশৰ সুৰক্ষাৰ স্বাৰ্থতে এনে হোৱাটো বাঞ্চনীয়।

উল্লেখ্য যে ভূমি হস্তান্তৰ বিষয়টোৰ লগত মানৱীয় দৃষ্টিকোন এটাও সংপৃক্ত হৈ আছে। কোনো ঐতিহাসিক ভুলৰ বাবে একোটা অঞ্চলত থকা জন সাধাৰণক দেশৰ সা সুবিধা আৰু অধিকাৰৰ পৰা বঞ্চিত কৰি ৰখাটো কেতিয়াও সমীচিন নহয়। এই প্ৰক্ৰিয়াটোৰ যোগেদি ভাৰতীয় ছিট মহলত বাস কৰা প্ৰায় ডেৰ লাখ বাংলাদেশী নাগৰিক ভাৰতীয় হৈ পৰাটোৱেই এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। মন কৰিব লগীয়া কথা হৈছে, ইতিমধ্যে বাংলাদেশৰ পৰা হৈ থকা প্ৰৱজনৰ ফলত লাখ লাখ অবৈধ নাগৰিকেৰে ভাৰাক্ৰান্ত ভাৰতৰ বাবে ছিট মহলত বাস কৰা ডেৰলাখ বাংলাদেশী নাগৰিকে ভাৰতীয় নাগৰিকত্ব বা দ্বৈত নাগৰিকত্ব পোৱাটো এপাচি শাকত এটা জলকীয়াৰ দৰে। এই কাৰ্যৰ পৰিণতিত যদি অবৈধ প্ৰৱজন সম্পূৰ্ণ বন্ধ কৰা হ’ব বুলি আৰু সীমান্ত সম্পূৰ্ণৰূপে ছীল কৰা হ’ব বুলি কেন্দ্ৰীয় চৰকাৰে প্ৰতিশ্ৰুতি দিয়ে, তেনেহ’লে এই পদক্ষেপক আদৰণিহে জনোৱা উচিত।

এটা কথা সত্য যে, অসমৰ বৰ্তমানৰ পৰিস্থিতিত বিদেশী বহিষ্কৰণতকৈও সীমান্তৰে নতুনকৈ অবৈধ নাগৰিকৰ প্ৰৱেশ নিষিদ্ধ হোৱাটো অধিক প্ৰয়োজনীয়। আমি সকলোৱে বুজা উচিত যে বিবাদিত ভূমি সমস্যাটোৰ সমাধান অবিহনে সীমান্ত ছীল কৰাটো কেতিয়াও সম্ভৱ নহয়। আমি এইটোও অনুভৱ কৰা উচিত যে এই চুক্তিখনৰ বিৰোধিতা আৰু এইটো বিষয়ত আবেগিক গণ আন্দোলন কৰাটো অসম আৰু অসমীয়াৰ দীৰ্ঘম্যাদী স্বাৰ্থৰ পৰিপন্থী হৈ পৰিব পাৰে।

2 comments:

  1. Very well said... this sentimental jingoism has to stop... Asamese are still living in 80s mentality, just looking for an excuse for "andolon"instead of doing anything productive...

    ReplyDelete