পৰ্যবেক্ষণ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ভূমি অধিগ্ৰহণ সংশোধনী বিধেয়ক, 
বিজেপিৰ পৰাজয়
অমল গোস্বামী
বিজেপিৰ অশ্বমেধ ঘোঁৰা অৱশেষত থমকিল। সংসদৰ মজিয়াত এক প্ৰকাৰ পৰাজিত হল শাসকীয় দলটো। অশেষ চেষ্টা কৰিও বিজেপিয়ে সংসদত গৃহিত কৰিব নোৱাৰিলে বহু বিতৰ্কিত ভূমি অধিগ্ৰহণ সম্পৰ্কীয় সংশোধনী বিধেয়কখন। কেন্দ্ৰত শাসন ভাৰ লৈয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বাধীন চৰকাৰখনে ইখনৰ পাছত সিখনকৈ অধ্যাদেশ জাৰি কৰিছিল। কয়লা, ভূমি অধিগ্ৰহণৰ পৰা আৰম্ভ কৰি ক'লা ধন বিষয়কলৈকে। বিজেপিৰ এনে কাণ্ড দেখি বিৰোধী দল সমূহে কেন্দ্ৰৰ চৰকাৰ খনক সমালোচনাৰে থকা সৰকা কৰিছিল যদিও বিৰোধীৰ সমালোচনক ভূক্ষেপ কৰা নাছিল চৰকাৰখনে। একক সংখা গৰিষ্ঠতা থকাৰ বাবেই চৰকাৰখনে এনে কাম কৰিছিল। পিছে বিজেপিৰ একক সংখা ঘৰিষ্ঠতা আছে লোকসভাতহে। ৰাজ্য সভাত দলটো এতিয়াও সংখ্যালঘিষ্ঠ হৈয়ে আছে।

শেহতীয়াকৈ কেইবাখনো ৰাজ্যৰ শাসন নিজৰ দখললৈ আনিবলৈ সক্ষম হোৱা বিজেপিয়ে অনাগত দিনটো যদি ৰাজ্যৰ নিৰ্বাচন সমূহত ভাল ফল দেখুৱাবলৈ সক্ষম হয় তেতিয়াও ২০১৮ চনলৈকে ৰাজ্য সভাত বিজেপি সংখ্যা গৰিষ্ঠ হব নোৱাৰে। ২০১৮ চনলৈকে ৰাজ্য সভাত বিৰোধী শক্তি সমূহৰ আসনেই সৰ্বাধিক হৈ থাকিব। এনে পৰিস্থিতিত বিজেপি চৰকাৰখনে ইচ্ছা কৰিলেও বিৰোধীৰ সহায় নোলোৱাকৈ ৰাজ্য সভাত এখনো বিধেয়ক গৃহীত কৰিব নোৱাৰিব।

এইবাৰৰ বাজেট অধিবেশনত শাসকীয় দলটোৱে বহু কেইখন বিধেয়ক উত্থাপন কৰিছিল যদিও বিৰোধীৰ সমৰ্থন নোপোৱাৰ বাবেই ইয়াৰে কেইখনমান গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত কৰিব নোৱাৰিলে। সকলোতকৈ ডাঙৰ কথা যে, গৃহীত কৰিব নোৱাৰা বিধেয়কৰ ভিতৰত আছিল ভূমি অধিগ্ৰহণৰ সংশোধনী বিধেয়কখনো। এই বিধেয়কখন চকৰাৰে অধ্যাদেশ হিচাপে আনিছিল। যদিহে সংসদৰ অনুমতি লোৱাৰ পূৰ্বেই ৰাষ্ট্ৰপতিৰ স্বাক্ষৰ লৈ কোনো এখন বিধেয়ক অধ্যাদেশ হিচাপে জাৰি কৰা হয়, তেনেহলে সংবিধানৰ নিয়ম অনুসৰি ৰাষ্ট্ৰপতিৰ স্বাক্ষৰৰ ছমাহৰ ভিতৰত এই বিধেয়কখন সংসদৰ দুয়োখন সদনতে গৃহীত কৰাৰ লাগে। এই নিদিষ্ট সময়ৰ ভিতৰত যদি বিধেয়কখন গৃহীত কৰিৰ নোৱাৰে তেনেহলে এই বিধেয়কখন কাৰ্যকৰী নহব।
বিজেপিয়ে ভুমি অধিগ্ৰহণ বিধেয়কখন অধাদেশ হিচাপে জাৰি কৰাৰ পাছত এইবাৰৰ সংসদৰ অধিবেশনত বিধেয়কখন উত্থাপন কৰিছিল। পিছে লোকসভাত বিধেয়কখন গৃহীত হলেও ৰাজ্য সভাত বিধেয়কখন গৃহীত নহ'ল। ইফালে নিদ্ধাৰিত ছমাহ সময়ো পাৰ হৈ যাব অহা পাঁচ এপ্ৰিলত।এনে পৰিস্থিতিত কেন্দ্ৰীয় চৰকাৰখনে হয়তু বিধেয়কখন গৃহীত কৰাৰ বাবে পুনৰ অধ্যাদেশেই জাৰি কৰিব লগা হব পাৰে।

প্ৰকৃততে ভূমি অধিগ্ৰহণ সংশোধনী বিধেয়কখনত এনে কিছুমান কথা সংযোজন কৰা হৈছে যে যিবোৰ কৃষক বিৰোধী বুলি বিৰোধী দলসমূহে অভিযোগ উত্থাপন কৰিছে। সেই কাৰনতে বিৰোধী দলসমূহৰ লগতে আন্না হাজাৰেৰ দৰে গান্ধীবাদী নেতাই এই বিধেয়কখনৰ বিৰোধীতাত ৰাজপথলৈ ওলাই আহিছে। বিৰোধী দলসমূহৰ দাবী, পূৰ্বতে চৰকাৰে কৃষকৰ ভূমি অধিগ্ৰহণ কৰিবলৈ হলে প্ৰথমতে কৃষকৰ অনুমতি লব লগা হৈছিল। কিন্তু বিজেপি চৰকাৰৰ এই সংশোধনী বিধেয়কখনৰ পাছত কৃষকৰ হাতৰ পৰা এই অধিকাৰ গুচি যাব। দেশৰ স্বাৰ্থত চৰকাৰে প্ৰয়োজন হলেই ভূমি অধিগ্ৰহণ কৰিব পৰা নিয়ম প্ৰৰ্বতন কৰিব খুজিছে চৰকাৰে।

আনহাতে ভূমি অধিগ্ৰহণৰ পাছত চৰকাৰে ক্ষতিগ্ৰস্থ পৰিয়ালক ক্ষতিপূৰণ প্ৰদান কৰা, পুনৰ সংস্থাপন দিয়া আদিৰ ক্ষেত্ৰটো যি নতুন নিয়ম আনিব খুজিছে তাৰ ফলত কৃষক সকল লাভবান নহয় বৰঞ্চ লোকচানৰ সন্মুখীনহে হব। উল্লেখ যে ২০১৩ চনৰ শেষ ভাগত সেই সময়ত কেন্দ্ৰত শাসন চলাই থকা ইউ পি এ চৰকাৰে ব্ৰিটিছৰ আমোলৰ ভূমি অধিগ্ৰহণ আইনখন সংশোধন কৰি কৃষকক পৰ্যাপ্ত ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপনৰ দিয়াৰ বৱস্থাৰে নতুন আইন প্ৰৰ্বতন কৰিছিল। সংসদৰ দুয়োখন সদনৰ অনুমোদন মৰ্মে ভূমি অধিগ্ৰহণ, পুনৰ সংস্থাপন আৰু পুনৰ বসতি স্থাপন আইন ২০১৩ শীৰ্ষক যিখন সংশোধনী আইন গৃহীত কৰিছিল সেইখন আইনকে এতিয়া বিজেপি চৰকাৰে পুনৰ নিজৰ মন মৰ্জিত সংশোধন কৰিবলৈ ওলাইছে। সেয়ে বিৰোধী সকলেও শাসকীয় দলটোলৈ সহযোগিতা কৰিব বিচৰা নাই।

আনকি কেন্দ্ৰীয় চৰকাৰে এই আইনখনৰ ৭০ শতাংশ নীতি নিয়ম সংশোধন কৰিবলৈ ওলোৱা কাৰ্যই প্ৰমাণিত কৰিছে যে মোডী চৰকাৰে একমাত্ৰ কৰ্পৰেট আৰু বৃহত পূঁজিপতি সকলৰ স্বাৰ্থতে এই বিধেয়কখন সংশোধন কৰিব খুজিছে। পিছে দেশৰ প্ৰায় সকলো ৰাজনৈতিক দলেই এই বিধেয়েকখনৰ বিৰোধীতা কৰাৰ ফলত এতিয়া মহা-সমস্যাত পৰিছে শাসকীয় দলটো। কিয়নো আন বিৰোধী দলসমূহৰ সহযোগ অবিহনে এই বিধেয়ক গৃহীত কৰাটো অসম্ভৱ। ইতিমধো অধ্যাদেশ জাৰি কৰাৰ পাছত নিৰ্দিষ্ট ছমাহ সময়ো অতিক্ৰম কৰিব এতিয়া। নতুন কৈ এই মূহুৰ্ত্বত অধাদেশ জাৰি কৰাটোও অসম্ভৱ কিয়নো সংসদৰ অধিবেশন চলি আছে। এনে পৰিস্থিতিত বিজেপিৰ বাবে এতিয়া ভূমি অধিগ্ৰহণ বিধেয়কখন সন্মানৰ প্ৰশ্ন হৈ পৰিছে।

দলটোৱে যদি এই বিধেয়কখনৰ সন্দৰ্ভত আন ৰাজনৈতিক দলসমূহে অনা অভিয়োগ সমূহ খণ্ডন কৰি নতুন কৈ সংশোধনী প্ৰস্তাৱ আনে তেনেহলে হয়তো পৰবৰ্তী সময়ত বিধেয়কখন গৃহীত হব পাৰে। নহ'লে এনে পৰিস্থিতি বাহাল থাকিলে বিধেয়কখন সংসদত গৃহীত কৰাটো অসম্ভৱ। অৱশ্যে এই কথা নিশ্চিত ভাবেও কব নোৱাৰি কিয়নো ৰাজনীতিত সকলো সম্ভৱ। আজি বিৰোধিতা কৰা কথাবোৰ কাইলৈ কোনো দলে সমৰ্থনো কৰিব পাৰে। যি কি নহওক এই বিধেয়কখনেৰেই যেন বিজেপিক প্ৰতীকি অৰ্থত সংসদৰ মজিয়াত পৰাজিত কৰিবলৈ সক্ষম হ'ল বিৰোধী দলসমূহে।

No comments:

Post a Comment