প্ৰেৰণাময় ব্যতিক্ৰম - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

শ্ৰেয়া সিংঘলঃ তথ্য-প্ৰযুক্তি আইনৰ অনুচ্ছেদ ৬৬এ 
অবৈধ ঘোষণাৰ আঁৰৰ নাৰীগৰাকী
ৰূপাংকৰ চৌধুৰী 
যিখন আবেদনৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে যোৱা কালি দৃষ্টান্তমূলক এক ৰায়ৰ দ্বাৰা তথ্য-প্ৰযুক্তি আইনৰ অনুচ্ছেদ ৬৬এক অবৈধ বুলি ঘোষণা কৰিছিল, যিটো নিয়মৰ বাবে কেইবাজনো ব্যক্তিয়ে ছ'চিয়েল মিডিয়াত কৰা পোষ্টৰ বাবে জেলৰ ভাত খাব লগীয়া অৱস্থা হৈছে, সেয়া হ'ল- শ্ৰেয়া সিংঘল বনাম ভাৰত চৰকাৰ। 

২০১২ চনত যেতিয়া আবেদন খন দাখিল কৰা হৈছিল তেতিয়া সিংঘলৰ বয়স আছিল মাথো ২১ বছৰ। উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ পিছত সিংঘল অত্যন্ত সুখী। শেহতীয়াভাৱে অতি সূক্ষ্ম ভাবে নিৰীক্ষণ কৰা আইনী আবেদন সমূহৰ অন্যতম এই আবেদনখনৰ বিষয়ে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সিংঘলে কয় যে, 'এয়া মোৰ বাবে অতি গুৰুত্বপূৰ্ণ এক শিক্ষা। 'মই ইয়াৰ সঠিক বৰ্ণনা কৰিব নোৱাৰিম। মই কোনোপধ্যেই ভবা নাছিলোঁ যে ইয়াৰ প্ৰভাৱ এনেধৰণে বিস্তাৰিত হ'ব।' 

২৪ বছৰীয়া যুৱতীগৰাকী সদ্যহতে দিল্লী বিশ্ববিদ্যালয়ৰ আইন বিভাগৰ দ্বিতীয় বাৰ্ষিকৰ ছাত্ৰী। অধিবক্তা নিনাদ লৌদ আৰু ৰঞ্জিতা ৰোহটাগীৰ দ্বাৰা লিখিত সিংঘলৰ আবেদনখনৰ হকে অৱসৰ প্ৰাপ্ত এটৰ্নী জেনেৰেল চোলী চোৰাবজীয়ে আইনী যুঁজ চলোৱা এই আবেদনখনে অনলাইন মিডিয়াত নিজৰ মন্তব্য দাঙি ধৰাৰ স্বাধীনতাৰ ক্ষেত্ৰত এক যুগান্তকাৰী পথ মুকলি কৰি দিলে। 

এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ আৰম্ভ হৈছিল এদিন শ্ৰেয়াই মাকৰ সৈতে নৈশ আহাৰ গ্ৰহণ কৰি থাকোতে। শ্ৰেয়াৰ মাক মনালী সিংঘল উচ্চতম ন্যায়ালয় অধিবক্তা। শ্ৰেয়াই মনৰ ভাব প্ৰকাশ কৰি কয় যে- 'সাধাৰণতে আন উকিলৰ লগত কথা পাতোতে হোৱাৰ নিচিনাকৈয়ে সেইদিনা মাৰ লগত হোৱা মোৰ সাধাৰণ কথোপকথন শেষত তৰ্কৰ ৰূপ লৈছিল।' 

সেই সময়ৰ শিৱ শেনা প্ৰমুখ বাল থাকৰেৰ মৃত্যুত সমগ্ৰ মুম্বাইত বন্ধ ঘোষণা কৰাৰ কথাত আপত্তি কৰি ছ'চিয়েল মিডিয়াত নিজৰ 'ৱাল'ত 'আপত্তিজনক' মন্তব্য কৰা আৰু আৰু সেই মন্তব্যক 'লাইক' কৰাৰ অপৰাধ (?)ত দুজনী ছোৱালীক গ্ৰেপ্তাৰ কৰাৰ খবৰ শুনি আশ্চৰ্যান্বিত হৈ শ্ৰেয়াই সিদ্ধান্ত লৈছিল যে তেখেতে এক 'অগতানুগতিক পদক্ষেপ হাতত ল'ব। সেই সময়ৰ ২১ বছৰীয়া শ্ৰেয়াই সেই বিতৰ্কিত পোষ্টৰ লগতে তাৰ সৈতে জড়িত আইনী ধাৰা সমূহ খৰচি মাৰি অধ্যয়ন কৰিলে আৰু কোনোপধ্যেই সমগ্ৰ প্ৰক্ৰিয়াটো বিশ্বাস কৰিব নোৱাৰিলে। 

" মই দেখিলোঁ যে যিকোনো ব্যক্তিয়ে সৰু-সুৰা কথাতে গ্ৰেপ্তাৰ হৈ যাব পাৰে।'- শ্ৰেয়াই সেই সময়ৰ কথাবোৰ সোঁৱৰি ক'লে,-'অন্তৰৰ দুখ দেখি মাই মোক সুধিলে যে কিয় তেন্তে মই সেই ছোৱালী দুজনীৰ বাবে কিবা এটা ইতিবাচক পদক্ষেপ হাতত নলওঁ?'। তেতিয়াই শ্ৰেয়াই আবেদনখন দাখিল কৰিলোঁ। 

শ্ৰেয়াৰ মতে, তেখেতে সেই ঘটনাত দুই-এদিনৰ ভিতৰতে তেখেতৰ অধিবক্তাৰ সৈতে মিলি আবেদনখন সাজু কৰে আৰু ন্যায়ালয়ত দাখিল কৰে। উক্ত দুয়োগৰাকী অধিবক্তা শ্ৰেয়াৰ মাকৰ পেচাগত বন্ধু আছিল। কিন্তু শ্ৰেয়াই কিয় নিজৰ অধিবক্তা মাকক সহায়ৰ বাবে অনুৰোধ কৰা নাছিল? ''মই আইনী যুদ্ধখনত ঘৰুৱভাবে মিলি আগবাঢ়িব বিচৰা নাছিলোঁ।- শ্ৰেয়াই স্বীকাৰ কৰে।
আইনী যুঁজখনৰ আটাইতকৈ কঠিন বস্তুটো আছিল- 'অপেক্ষা'। শ্ৰেয়াই ক'লে-' ৰায়দান আহোতে এমাহতকৈ কম সময় লাগিছে। কিন্তু সমগ্ৰ আইনী যাত্ৰাই আঢ়ৈ বছৰ সময় ল'লে।' 

আইনী প্ৰক্ৰিয়াটো সূক্ষ্মভাবে নিৰীক্ষণ কৰিবৰ বাবে আইনৰ ছাত্ৰী গৰাকীৰ হাতত যথেষ্ট সময় আছিল, যাৰ দ্বাৰ তেখেত নিশ্চিত ভাবে লাভান্বিত হ'ব। ''আবেদন এখন সাজু কৰা আৰু সেই আবেদনখনৰ ভিত্তিত ওকালতি কৰিবৰ বাবে প্ৰয়োগ হোৱা সমগ্ৰ কষ্টকৰ প্ৰক্ৰিয়াটোৰ সৈতে প্ৰত্যক্ষ ভাবে নিজকে জড়িত কৰাৰ সৌভাগ্য মোৰ হৈছে। কেচ এটাৰ ওকালতি কৰিবলৈ আৰু কোনো এক ৰায়দানত উপনীত হ'বলৈ প্ৰয়োজন হোৱা গৱেষণাৰ মাত্ৰা অকল্পনীয়। মই যথেষ্ট কথা শিকিব পাৰিছো।'' শ্ৰেয়া সিংঘলে স্বীকাৰ কৰে। 

পৰিয়াল, বন্ধু আৰু অচিনাকী, সকলোৱে সহায়েৰে ওপচাই দিছিল। "মোৰ অনুভৱ হৈছিল যেন মই মাথো এজন গ্ৰেপ্তাৰ হোৱা ব্যক্তিৰ হকে এই কামবোৰ কৰা নাই, কিন্তু যেন সকলো ভুক্তভোগীৰ বাবেহে কৰি আছোঁ। বৈচিত্ৰতাৰে ভৰা আমাৰ দেশত মুক্ত ভাবে নিজৰ মত প্ৰকাশ কৰাৰ অধিকাৰ অত্যন্ত প্ৰয়োজন।" শ্ৰেয়াই কয়। 

সঁচাকৈ, আনক সুখী কৰাৰ বাবে লোৱা এই পদক্ষেপৰ বাবে শ্ৰেয়া সিংঘলক সকলোৱে মনত ৰাখিব। তেন্তে, পৰবৰ্ত্তী পদক্ষেপ কি হ'ব তেখেতেৰ? " আনুষ্ঠানিক ডিগ্ৰী আহৰণ কৰিবলৈ মোৰ এতিয়াও দেৰ বছৰ বাকী আছে। যদিও মই এতিয়া মনতে ভাবি আছোঁ যে 'Intellectual Property Rights Law' বিষয়ত উচ্চ শিক্ষা লম, তথাপি ভবিষ্যতে কি কৰিম সঠিকভাৱে এতিয়াই ক'ব নোৱাৰিম।" 

যি বিজয়ীৰ বাবে বহুতো অধিবক্তাই মাথো সপোন দেখিব পাৰে, তেনে এক ইতিহাসৰ পৃষ্ঠাত স্থান পোৱা কেচত বিজয়ীৰে গৌৰৱান্বিত হ'ল এই আইনৰ ছাত্ৰী গৰাকী, অধিবক্তা হিচাপে নিজকে প্ৰতিষ্ঠা কৰাৰ আগতেই! 
(সমলৰ উৎস- হাফিংটন পোষ্ট)

No comments:

Post a Comment