বিশ্লেষণ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

লুণ্ঠনৰ ইতিহাসঃ 
‘পঞ্জী পদ্ধতি’ আৰু ভুৱা বিত্তীয় প্ৰতিষ্ঠান
দীপাংকৰ মল্ল বৰুৱা
সহজলভ্য ধনৰ প্ৰতি মানুহৰ আকৰ্ষণ এক স্বাভাৱিক প্ৰবৃত্তি। আজিৰ সমাজত ধনেই যিহেতু এক শক্তিশালী চালিকা শক্তি হৈ পৰিছে, সেয়েহে মানুহে ধন ঘটিবলৈ সহজ পথৰ সন্ধান কৰাটো স্বাভাৱিক। কষ্ট নকৰাকৈ ধন ঘটাৰ এই আসক্তিৰ সুবিধা লৈ বজাৰত কিছুমান বিনিয়োগ কোম্পানীৰ মাজে মাজে আৱিৰ্ভাৱ হয়। এনে ধৰণৰ কোম্পানী বোৰে বিনিয়োগ কৰিবলৈ গ্ৰাহকক আকৰ্ষণ কৰাৰ অৰ্থে নানান পদ্ধতিৰ আশ্ৰয় লয়। এনে ধৰণৰ অসাধু ব্যৱসায়িক পদ্ধতি নতুন নহয়। কুৰি শতিকাৰ প্ৰথম ভাগতে আমেৰিকাত ‘পঞ্জী পদ্ধতি’ নামেৰে জনাজাত এই পদ্ধতি আৱিস্কৃত হৈছিল।

চাৰ্লচ পঞ্জী নামৰ এজন ইটালিয়ান ডেকা ১৯০৩ চনত ‘ভেঙ্কুভাৰ’ নামৰ জাহাজ এখনত উঠি জেপত মাত্ৰ ২.৫০ ডলাৰ লৈ আমেৰিকাৰ বষ্টন বন্দৰত উপস্থিত হৈছিল। পিচে তেওঁৰ সপোন আছিল অতি সোনকালে কৌটিপতি হোৱাৰ। সেয়ে অতি সোনকালে ইংৰাজী ভাষা আয়ত্ব কৰি তেওঁ হোটেলৰ বাচন ধোৱা কামৰ পৰা আৰম্ভ কৰি নানান কাম শিকি পেলাইছিল। সৰু সুৰা অপৰাধ কৰি নিজৰ চাকৰি হেৰুৱাবলগীয়া হোৱাত তেওঁ কানাডাৰ মন্ত্ৰিয়ল চহৰলৈ যায়। মন্ত্ৰিয়ল চহৰত তেওঁ এজন ইটালিয়ান ব্যৱসায়ীয়ে স্থাপন কৰা বেংক এটাত গণনাকাৰীৰ কাম পায়। সেই বেংকটো আৰ্থিক সংকটত পৰাত পঞ্জী ব্যক্তিগত ভাৱেও আৰ্থিক সংকটৰ সন্মুখীন হয়। তেতিয়া তেওঁ বেংকটোত বিনিয়োগ কৰা কোম্পানী এটাৰ সঞ্চালকৰ চহী জাল কৰি ধৰা পৰাত তেওঁ তিনি বছৰ কাল কাৰাগাৰত কটাবলগীয়া হয়। কাৰাগাৰৰ পৰা ওলোৱাৰ পিচত ইটালিৰ পৰা অহা অবৈধ প্ৰৱজনকাৰীক সহায় কৰাৰ অপৰাধত তেওঁ আৰু দুবছৰ কাৰাগাৰত কটায়।

কাৰাগাৰৰ পৰা চাবোনৰ ফেন খাই বেমাৰ হোৱাৰ ভাও জুৰি মুকলি হোৱাৰ পিচত তেওঁ ব্যৱসায়ত হাত দিয়ে। নানান ব্যৱসায়ত হাত দিও আশানুৰূপ ভাৱে লাভ নোহোৱাত তেওঁ নিৰাশ হৈ পৰে। সোনকালে ধনী হোৱাৰ স্বপ্নই তেওঁক উত্ৰাৱল কৰি তোলে। সেই সময়তে স্পেইনৰ এটা কোম্পানীয়ে তেওঁলৈ ব্যৱসায়িক প্ৰচাৰ পত্ৰ এখন বিচাৰি পঠিওৱা আন্ত:ৰাষ্ট্ৰীয় উত্তৰ কুপন (International Reply Coupon or IRC) এটা পালে। সেই কুপনটোৱে তেওঁক নতুন এটা ব্যৱসায়ৰ নতুন বুদ্ধি দিলে। প্ৰথম বিশ্ব যুদ্ধৰ পিচত পৃথিৱীৰ বিভিন্ন দেশত মুদ্ৰাষ্ফীতিৰ হাৰ ভিন্ন হোৱাৰ বাবে একেটা সামগ্ৰী বেলেগ বেলেগ দেশত বেলেগ বেলেগ দামত বিক্ৰী হৈছিল। আমেৰিকান ডলাৰ মূল্যৰ ডাক টিকট বা আন্ত:ৰাষ্ট্ৰীয় উত্তৰ কুপন সমূহ অমেৰিকাতকৈ ইটালিত অতি কম দামত পোৱা হৈছিল। পঞ্জীয়ে ইয়াৰ সুবিধা লৈ বেংকৰ পৰা পইচা ধাৰ কৰি সেই পইচা ইটালিত থকা তেওঁৰ জনা শুনা মানুহ বোৰলৈ পঠিয়াই দিয়ে আৰু নিৰ্দেশ দিলে যে সেই পইচাৰে আমেৰিকান ডাক টিকট কিনি তেওঁলৈ যেন পঠিয়াই দিয়ে। প্ৰথমতে তেওঁ এই ব্যৱস্থাৰে কিছু ধন ঘটিলেও অচিৰেই তেওঁৰ এই কাৰচাজি ধৰা পৰে। নিৰাশ নহৈ পঞ্জীয়ে বষ্টনত থকা তেওঁৰ বন্ধু বান্ধৱ আৰু পৰিচিত মানুহ বোৰৰ ওচৰলৈ গৈ প্ৰচাৰ কৰিলে যে তেওঁ আৱিস্কাৰ কৰা আন্ত:ৰাষ্ট্ৰীয় ডাক টিকট বিনিময় ব্যৱসায়টোত প্ৰচুৰ লাভ আছে আৰু তেওঁ বিনিয়োগকাৰী সকলৰ পইচা ৯০ দিনতে দুগুণ কৰি দিব পাৰিব। তেওঁ মুদ্ৰাষ্ফীতিৰ তাৰতম্যৰ কাৰেণে কেনেদৰে উচ্চ হাৰত লাভ অৰ্জন কৰিব পাৰি সেই কথা বুজাই দি কিছু সংখ্যক বিনিয়োগ কাৰীক আকৰ্ষন কৰিবলৈ সক্ষম হ’ল। এই বিনিয়োগকাৰী সকলক তেওঁ নিজৰ জমা পুঁজিৰ পৰাই পইচা দি লাভবান হোৱা দেখুৱায়। কেইজনমানক অতি কম দিনতে লাভবান হোৱা দেখি অনেক মানুহ আগবাঢ়ি আহিল পঞ্জীৰ ওচৰত বিনিয়োগ কৰিবলৈ। অতি কম দিনৰ ভিতৰতে পঞ্জীয়ে “Securities Exchange Company” নামৰ নিজৰ কোম্পানী খুলিলে। বিনিয়োগকাৰী সকলক নতুন বিনিয়োগকাৰী সকলৰ ধনেৰে লাভৰ অংশ দি থাকিল আৰু পুনৰ্বিনিময়ৰ যোগেদি একেখিনি পুঁজিৰে ব্যৱসায়টো চলাই গ’ল। ‘বষ্টন পোষ্ট’ নামৰ বাতৰি কাকত এখনত পঞ্জীৰ এই অভূতপূৰ্ব ব্যৱসায়িক সফলতাৰ কথা প্ৰকাশ হ’ল। যি সময়ত আমেৰিকাত বেংকত পইচা থলে মানুহে বছৰি ৫% সুত পাইছিল, সেই সময়ত পঞ্জীৰ কোম্পানীয়ে বিনিয়োগকাৰিক ৪৫ দিনত ৫০% সুত দিছিল। বষ্টনৰ মানুহে নিজৰ ঘৰ দুৱাৰ বন্ধকত ৰাখিও পঞ্জীৰ কোম্পানীত পইচা থবলৈ আগবাঢ়ি আহিছিল।

পিচে কোনো প্ৰকৃত উত্পাদনশীল ব্যৱসায় নথকাকৈ মানুহক আভুৱা ভাৰি এক প্ৰকাৰ ‘মাছৰ তেলেৰে মাছ ভাজি’ চলাই থকা পঞ্জীৰ এই ব্যৱসায় সৰহ দিন নিটিকিল। আমেৰিকাৰ বিত্ত বিভাগৰ এই ব্যৱসায়ৰ ওপৰত সন্দেহ ওপজাত এই ব্যৱসায়ৰ ওপৰত অনুসন্ধান চলিল। ব্যৱসায়ত নীতি বিৰুদ্ধ প্ৰয়োগ হোৱা বুলি ধৰা পৰাত বিনিয়োগকাৰীৰ সংখ্যা দ্ৰুতগতিত কমোবলৈ ল’লে। অতি কম সময়ৰ ভিতৰতে পঞ্জীৰ ব্যৱসায় ধুলিস্যাত হ’ল। বহুত মানুহে তেওঁলোকৰ জীৱনৰ উপাৰ্জন চিৰকাললৈ হেৰুৱালে।

চাৰ্লচ পঞ্জীয়ে আৱিস্কাৰ কৰা এই ব্যৱসায়িক পদ্ধতিটোক ‘পঞ্জী পদ্ধতি’ (Ponzi Scheme) বুলি জনা যায়। সাধাৰণ জনতাক আভুৱা ভাৰি অতি কম দিনতে ধনী হোৱাৰ সপোন দেখুৱাই সৰ্বশ্ৰান্ত লুটি নিয়াৰ এই ব্যৱসায়িক পদ্ধতিটো যুগ যুগ ধৰি আজিও চলি আছে। এই অসমতে কেইবাটাও এনে ভুৱা বিত্তীয় প্ৰতিষ্ঠানে সাধাৰণ মানুহক আভুৱা ভাৰি এনে লুণ্ঠন চলাই আছে।

এনে ভুৱা বিত্তীয় প্ৰতিষ্ঠান সমূহৰ কাম কৰাৰ পদ্ধতি প্ৰায় একেই। প্ৰথমতে তেওঁলোকে মৌখিক প্ৰচাৰ বা কিছুমান প্ৰচাৰ পত্ৰৰ যোগেদি সাধাৰণ জনতাক অতি কম দিনতে ধনী হোৱাৰ সপোন দেখুৱায়। তেওঁলোকে সাধাৰণ মানুহক সৈমান কৰিবলৈ কাগজে পত্ৰই উপাৰ্জনৰ উত্স হিচাপে বিভিন্ন প্ৰকল্প দেখুৱায়, যেনে: বৃক্ষৰোপন, গৃহনিৰ্মান, আমদানি ৰপ্তানি ব্যৱসায়, অলংকাৰ নিৰ্মান আদি। আজিকালি তেওঁলোকে একোটা ৱেব চাইট (Web Site) খুলি ইণ্টাৰনেটৰ জৰিয়তেও নিজৰ স্থিতি প্ৰতিপন্ন কৰি কিছুমান ভুৱা তথ্যৰে মানুহক আকৃষ্ট কৰিবলৈ চেষ্টা কৰে। একোখন চহৰৰ মূল ব্যৱসায়িক অঞ্চলত দামী ফাৰ্ণিচাৰ, কম্পিউটাৰ আদি আচ বাবেৰে সজাই এটা অফিচ বহুৱাই লয়। বহুতো এনে প্ৰতিস্থানে প্ৰথমতে ‘মেকিং’ কৰিও গ্ৰাহক সজায়। পৰিচিত মানুহকে গ্ৰাহক সজাই অতি কম দিনৰ ভিতৰত অধিক লাভ হোৱাটো প্ৰতিপন্ন কৰে। গ্ৰাহকক পাচ বুক, কাৰ্ড আদি দি প্ৰতিস্থানটোৰ বিশ্বাসযোগ্যতা প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰে। কম সময়তে ধনী হোৱাৰ লোভত লাহে লাহে গ্ৰাহকবোৰ গোট খায় আৰু প্ৰতিস্থানটোৱে কেইমাহমান বিনিয়োগৰ ধন অতি উচ্চ হাৰৰ সুতৰ লগত গ্ৰাহকক ঘুৰাই দিয়ে। বহুত সময়ত প্ৰতিস্থানবোৰে নিজৰ জমা পুঁজি বা নতুন গ্ৰাহকৰ বিনিয়োগৰ পৰাই এই ধনৰ ব্যৱস্থা কৰে। অধিক গ্ৰাহক আকৰ্ষণ কৰিবলৈ তেওঁলোকে কিছুমান থলুৱা এজেন্টো নিয়োগ কৰে। এই এজেণ্ট বোৰৰ কাম হ’ল সোনকালে ধনী হোৱাৰ সপোন দেখুৱাই অধিক মানুহক বিনিয়োগৰ বাবে আকৃষ্ট কৰা। লাহে লাহে এনে এটা পৰ্যায় পায়গৈ যে বিনিয়োগকাৰীৰ পৰা সংগ্ৰহ কৰা ধন কেইবা কৌটি টকা হয়গৈ। তেতিয়াই হঠাতে এদিন অফিচত তলা মাৰি নিজৰ বয় বস্তু লৈ ৰাতিৰ ভিতৰতে তেওঁলোক উধাও হয়। বিনিয়োগকাৰী সকলে অফিচলৈ আহি কাকো বিচাৰি নাপাই হুলস্থুল কৰে। বয় বস্তু লণ্ড ভণ্ড কৰে। এজেণ্ট সকল জনতাৰ ৰোষৰ বলি হয়।

এই একেটা ফৰ্মূলাৰে অনেক বিত্তীয় প্ৰতিস্থান সময়ে সময়ে আৱিৰ্ভাৱ হয়। আমোদজনক কথা এয়ে যে প্ৰতিবাৰেই জানি শুনিও বহুত মানুহে তেওঁলোকৰ ফান্দত ভৰি দিয়ে। প্ৰথম গ্ৰাহক হোৱাৰ সুবিধা লৈ উচ্চ হাৰত জমা ধনৰ ওপৰত লাভ আদায় কৰিবলৈ মানুহৰ হেতা ওপৰা লাগে। তাকে দেখি নজনা নুশুনাকৈ আন এচামে নিজৰ ধন জমা থবলৈ আগবাঢ়ি আহে। সেই একেটা ফৰ্মুলাৰে এসময়ত সমস্ত জমা ধন লৈ প্ৰতিস্থানবোৰ উধাও হৈ যায়। এনে প্ৰতিস্থান বোৰ পূব ভাৰত বা উত্তৰ পূৰ্বাঞ্চলত অধিক সক্ৰিয়, কাৰন যোগ্য বিত্তীয় জ্ঞানৰ অভাৱত এই অঞ্চলৰ মানুহক অধিক ধন লাভৰ লোভ দেখুৱাই ঠগিবলৈ সহজ। গুজৰাট, ৰাজস্থান আদি মানুহৰ অধিক ব্যৱসায়িক জ্ঞান থকা ৰাজ্যবোৰত এইবোৰ প্ৰতিস্থানে সহজে খোপনি পুতিব নোৱাৰে।

কোনো এজন গ্ৰাহকে নিজৰ জমা ধন বিনিয়োগ কৰাৰ আগতে কেইটামান কথা মনত ৰখা দৰকাৰ। প্ৰথম কথা চৰকাৰী ঋণপত্ৰতকৈ (Government Bond) অত্যাধিক হাৰৰ সুতত নিৰ্দিষ্ট সময়ৰ ভিতৰত জমা ধন ওভতাই দিয়াটো তেনেই অসম্ভৱ। উদাহৰণ স্বৰূপে চৰকাৰী ঋণপত্ৰত যদি ৮ – ৮.৫% সুত পোৱা হয়, তেনেহ’লে কোনোবাই ৯.৫ - ১০% কৈ অধিক সুতত জমাধন নিৰ্দিষ্ট সময়ৰ ভিতৰত ওভতাই দিব বুলি ক’লে সেই কথা কেতিয়াও বিশ্বাস কৰিব নালাগে। দ্বিতীয় কথা হ’ল এই বিত্তীয় প্ৰতিস্থান সমূহৰ উপাৰ্জনৰ উত্সৰ বিষয়ে ভালদৰে জানি লোৱাৰ পিচতহে ধন বিনিয়োগ কৰিব লাগে। উত্পাদনশীল উপাৰ্জন নথকাকৈ কোনেও উচ্চ হাৰৰ সুতত জমা ধন ওভতাই দিব নোৱাৰে। তৃতীয়তে এই প্ৰতিস্থান সমুহৰ মেনেজমেণ্ট বা সঞ্চালক সকলৰ বিষয়ে ভালদৰে জানি লোৱাটো দৰকাৰ। বহুতো প্ৰতিস্থানে ভুৱা সঞ্চালকৰ নাম ঠিকনা দি কাম কাজ চলাই থাকে। এই বিষয়ে সঠিক তথ্য নজনাকৈ কেতিয়াও বিনিয়োগ কৰিব নালাগে। চতুৰ্থতে, বিধিসন্মত ভাৱে গ্ৰাহকৰ পৰা ধন জমা লবলৈ প্ৰতিস্থান সমূহ ভাৰতত কোম্পানী এক্ট, ১৯৫৬ ৰ অধীনত পঞ্জীয়ন কৰা হ’ব লাগে। ধন জমা থোৱাৰ আগতে অনুসন্ধান কৰি লৈ এই বিষয়ে পতিয়ন যোৱাৰ পিচতহে বিনিয়োগ কৰিব লাগে।

এইখিনিতে সাধাৰণ মানুহৰ কাৰণে আটাইতকৈ প্ৰয়োজনীয় কথা হ’ল কম কষ্টতে, কম সময়তে অধিক ধন গোটাই ধনী হোৱাৰ দু:স্বপ্নৰ পৰা নিজকে মুক্ত কৰি ৰখাটো। সহজলভ্য ধনৰ প্ৰতি লোভ মানুহৰ যিমান দিন থাকিব, ভুৱা বিত্তীয় প্ৰতিস্থান বোৰে নতুন নতুন কৌশল উলিয়াই গ্ৰাহকক প্ৰলোভিত কৰি ‘পঞ্জী পদ্ধতি’ প্ৰয়োগ কৰি লুণ্ঠন চলাই যাব। চৰকাৰৰ উপযুক্ত বিত্তীয় নিৰীক্ষণৰ অভাৱ আৰু অনেক ক্ষেত্ৰত এনেবোৰ প্ৰতিস্থানৰ বিৰূদ্ধে সঠিক সময়ত অভিযান চলাই উচিত শাস্তিৰ ব্যৱস্থা নকৰাটোও ইয়াৰ বাবে জগৰীয়া।

No comments:

Post a Comment