সম্পাদকলৈ চিঠি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

নগা ভাই বনাম অসমীয়াৰ মেৰুদণ্ড
ডাঃ বিৰাজ কুমাৰ শৰ্মা

যাৰ যিয়েই অপৰাধ নহওক কিয় নিজৰ আত্মপক্ষ সমৰ্থনৰ সুযোগ নিদিয়াকৈ এজন লোকক মধ্যযুগৰ বৰ্বৰ শাস্তি প্ৰদানেৰে মানৱ অধিকাৰ উলংঘা কৰা আৰু আইন হাতত তুলি লোৱা সভ্য জাতিৰ পৰিচয় নহয় । এইবোৰৰ বাবেই অসমৰ বাহিৰত উত্তৰ পূৰ্বাঞ্চলৰ বদনাম। 

ভাৰত চৰকাৰৰ পৰা সকলো সুবিধা লয় আৰু নিজকে Ultramodern সজাব গৈ দেশৰ মূলসুঁতিলৈ অহাৰ পৰিবৰ্তে স্হানীয় লোকৰ আৱেগ অনুভূতিক সন্মান নকৰি অদ্ভুত বেশভূষা কিছুমান লৈ নিজকে "বিদেশী" সজাব গৈ উদ্ভন্ডালি কৰে বাবেই তাৰে স্হানীয় লোকে অতিষ্ট হৈ আক্ৰমণ কৰে আৰু তেতিয়া সংবাদ মাধ্যমে টেটু ফালি চিঞঁৰে উত্তৰ-পূৰ্বাঞ্চলবাসীৰ ওপৰত আক্ৰমণ বুলি। দিল্লী, বেংগেলুৰু, পুনেৰ লোকসকল বহু ৰক্ষণশীল আৰু সাংস্কৃতিক আৰু এনে জংঘলী কাৰ্যকালাপ সহ্য নকৰে। অসমীয়া ল'ৰা ছোৱালীকটো অসমৰ বাহিৰত দেশৰ বিভিন্ন ঠাইত এনে ব্যৱহাৰ নকৰে, বাহিৰৰ লোকসকলৰ লগতো ভালদৰেই মিলি যাব পাৰে। 

আনহাতে ইহঁতবোৰে কিন্তু নিজৰ ঠাইতো নিজকে ৰজা ভাবি নিজৰ বাহিৰে আন মানুহক মানুহ বুলি গণ্য নকৰে। অতবোৰ অত্যাচাৰ, সীমান্তত অসমীয়াক অত্যাচাৰ, বাসগৃহত অগ্নিসংযোগ, বাহিৰৰ মানুহ এজনে শান্তিৰে স্বাধীনভাৱে ব্যৱসায় কৰিৱ নোৱাৰে সিহঁতৰ ঠাইত, অথচ সেইবোৰ পাহৰি কিছুমানে কোৱাত লাগিছে "আমাৰ নগা ভাইসকল"। নিজৰ সুবিধাৰ বাবেই সিহঁত অসমৰ পৰা বিচ্ছিন্ন হ'ল কিন্ত্ত এতিয়াও আমি সাতভনীৰ আৱেগ সনাত ব্যস্ত। এতিয়া বুজিম, অদূৰ ভৱিষ্যতে যদি দিল্লীত কোনো নাগা, অৰুণাচলী এনেবোৰ আক্ৰমণৰ সন্মুখীন হোৱা বাবে আমি অসমীয়া বোৰে উত্তৰ পূৰ্বাঞ্চলৰ আৱেগ সানি প্ৰতিবাদ কৰো, মমবাতি জ্বলাই সমদল উলিয়াও, তেন্তে বুজিম যে অসমীয়া মানুহৰ সচাকৈয়ে মেৰুদণ্ড নাই। 

আমাৰ চৰকাৰ তথা মুখ্যমন্ত্ৰীয়ে সদায় নাগালেণ্ডক বুজনি দি, চিঠি লিখিয়েই থাকিবনে, নে প্ৰকৃততে কিবা ব্যৱস্থা লব? আৰু নাগালেণ্ডে আমাক দিনে দিনে নতুন নতুন মেৰাপানী, উৰিয়ামঘাট, ডিমাপুৰ, নামতোলা উপহাৰ দি গৈ থাকিব! নাগালেণ্ডে এইবোৰ বুজি নাপায় আৰু সেই কথা আমাক বাৰে বাৰে কৈ আছে. আমিহে বুজা নাই বা বুজাৰ চেষ্টা কৰা নাই৷

No comments:

Post a Comment