Sunday, March 15, 2015

পৰ্যবেক্ষণ

ফেচবুক অপকাৰী হয় জানো?
প্ৰতিম প্ৰতাপ বৰুৱা

যোৱা ১৫ আৰু ১৬ ফেব্ৰুৱাৰী, ২০১৫ তাৰিখে আমাৰ অসমত প্ৰকাশ হোৱা লীনা শৰ্মাৰ ফেচবুক শিৰোনামৰ লেখাটোৰ আঁত ধৰি আমি কিছু কথা চিন্তা কৰি চাব খুজিছো। আৰম্ভনিতে কৈ লওঁ যে ফেচবুকক লৈ শ্ৰীমতী শৰ্মাই লিখা কথাখিনি আমি অস্বীকাৰ কৰিব খোজা নাই। হয়তো বেছিভাগ ব্যৱহাৰকাৰীৰ বাবে ফেচবুক শ্ৰীমতী শৰ্মাই কোৱাৰ দৰেই। লগতে আমি এইটোও মানি লওঁ যে ফেচবুকৰ জগতখন আচলতে ভাৰ্চ্যুৱেল জগতহে আৰু ছপা মাধ্যমৰ লেখক-লেখিকাসকলৰ ক্ষেত্ৰত হোৱাৰ দৰেই ফেচবুকতো এজন ব্যৱহাৰকাৰীৰ আপডেটবিলাকহে পঢ়িব পাৰি, কিন্তু সেই ব্যৱহাৰকাৰীজনৰ বিষয়ে শুদ্ধকৈ একো জানিব নোৱাৰি। 

ফেচবুকৰ বিষয়ে বহুবাৰ বহুঠাইত যথেষ্ট লিখা-মেলা হৈ গৈছে। ফেচবুকৰ ধনাত্মক আৰু ঋণাত্মক দুয়োটা দিশৰ কথাই বহুবাৰ কোৱা হৈছে। কিন্তু তাৰ মাজতো আমাৰ ভাৱ হয় যে ফেচবুকৰ ধনাত্মক দিশটোতকৈ ঋণাত্মক দিশটোৰ কথা বেছিকৈ কোৱা কৈছে। আমি বিশ্বাস কৰো যে ফেচবুক, টুইটাৰ আদি ছ’ছিয়েল নেটৱৰ্কিং ছাইটবিলাক প্ৰযুক্তিবিদ্যাৰ অনন্য অৱদান। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বেছিভাগ অৱদানৰ দৰে ফেচবুকৰো ভাল বেয়া দুয়োটা দিশেই আছে আৰু কোনটো দিশে প্ৰাধান্য পাব সেইটো ব্যৱহাৰকাৰীজনৰ ওপৰতহে নিৰ্ভৰ কৰে। আমি সকলোৱে জানো যে এখন চুৰী কটাৰীয়ে এটা আপেল কাটি কেইবাজনকো ভগাই দিব পাৰি আৰু সেই একেখন চুৰী কটাৰীৰে কাৰোবাক হত্যাও কৰিব পাৰি। তেনেদৰে ফেচবুকত এটা একাউন্ট খুলি এই বিশাল আৰু বিচিত্ৰ ইলেকট্ৰিনিক জগতখনৰ কাব্য-গদ্য-শিল্প-প্ৰৱন্ধ-আলোচনা-তথ্য আদিৰ সোৱাদ লোৱাৰ লগতে শাৰীৰিক দূৰত্বই আনি দিয়া সীমাবদ্ধতাক সম্পূৰ্ণৰূপে নস্যাৎ কৰি পৃথিৱীৰ যিকোনো ঠাইতে থকা বন্ধুমহলৰ লগত (অথবা দূৰত থকা পৰিয়ালবৰ্গৰ লগত) অনবৰতে সংযোগত থাকি বিভিন্ন ধৰণৰ ভাৱ বিনিময় কৰিব পাৰি, সকলো শেহতীয়া খবৰ আৰু তথ্য সংগ্ৰহ কৰিব পাৰি। একেসময়তে সেই একেটা একাউন্টেৰে কিছুমান ঘৃণনীয় কাম কৰি নিজৰ বিকৃত মানসিকতাক সন্তুষ্টি দিয়াৰ লগতে নিজৰ, আনৰ আৰু সমাজৰ অপকাৰো কৰিব পাৰি। অথবা ফেচবুকত নিজৰ ফটো এখন দি সেই ফটোখনত কিমান লাইক বা মন্তব্য আহিল সেইটোকে লৈ দিনটো ব্যস্ত হৈ থাকিব পাৰি। মূল কথাটো হ’ল আমি ফেচবুকৰ একাউন্টটোক কি উদ্দেশ্যত ব্যৱহাৰ কৰিছো তাৰ ওপৰতে নিৰ্ভৰ কৰিব আহিলা হিচাপে এই ফেচবুকৰ সদব্যৱহাৰ হৈছেনে নাই। 

ফেচবুকৰ সহায়ত কি কৰিব পাৰি বা ফেচবুককে মূল মাধ্যম হিচাপে লৈ কেনেধৰণৰ কাম কিছুমান কৰা হৈছে সেইবিষয়ে কিছু কথা আলোচনা কৰিব খুজিছো। আমাৰ এই আলোচনাৰ উদ্দেশ্য হ’ল আহিলা হিচাপে ফেচবুকৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ ধনাত্মক দিশটো মানি লোৱাৰ লগতে পৃথিৱীৰ কেইবাখনো দেশত বাস কৰা কিছুসংখ্যক প্ৰচাৰবিমুখ অসমীয়াৰ কাম-কাজৰ বিষয়ে সকলোকে জনোৱাটো।

অসমৰ তথা বিশ্বৰ বিভিন্ন ঠাইত থকা অসমীয়াসকলৰ এটা গৰিষ্ঠ সংখ্যকে ইতিমধ্যে জানিছে যে বিশ্বৰ কেইবাখনো দেশত বসৱাস কৰা অসমৰ এটা সু-সংগঠিত প্ৰজন্মই ফেচবুককে মাধ্যম হিচাপে লৈ প্ৰযুক্তি-বিদ্যাৰ সহায়ত ইতিমধ্যে অসমীয়া ভাষা, অসমীয়া লিপি আৰু অসমীয়া সাহিত্যৰ হকে নিস্বাৰ্থভাৱে কাম কৰি আছে। আজিৰ পৃথিৱীত প্ৰযুক্তি-বিদ্যাই একেটা উদেশ্যত কাম কৰি থকা এখিনি মানুহৰ মাজৰ শাৰীৰিক দূৰত্বৰ ধাৰণাটোকে নাকচ কৰি দিছে আৰু এতিয়া সমগ্ৰ বিশ্বৰ বিভিন্ন প্ৰান্তত থকা এজাক নিস্বাৰ্থ মানুহৰ সৈতে একেলগে নিজৰ মাতৃভাষা, লিপি আৰু সাহিত্যৰ হকে কাম কৰাতো উজুহে হৈ পৰিছে। ফেচবুককে মাধ্যম হিচাপে লৈ কেনে ধৰণৰ কাম কৰা হৈছে সেই বিষয়ে দুটামান কথা ক’লেই যথেষ্ট হ’ব। বাৰ্লিন, ট্ৰনধেইম, পেৰিচ, বাংগালোৰ, দিল্লী, গুৱাহাটী, আদিত ইজনে সিজনৰ পৰা হাজাৰ হাজাৰ মাইল দূৰত বহি থাকি কেইজনমান মানুহে প্ৰযুক্তি-বিদ্যাৰ সহায়ত এখন কালজয়ী অসমীয়া নাটকৰ শ্ৰব্যৰূপ দিছে। (নাটকখন ৰেকৰ্ড কৰোতে প্ৰযুক্তিবিদ্যাৰে অন্য এক অৱদান স্কাইপ ব্যৱহাৰ কৰিছে।) সেই শ্ৰব্যৰূপ ইণ্টাৰনেটৰ সহায়ত (ফেচবুকৰ সহায়ত) নিমিষতে সমগ্ৰ বিশ্বত বিয়পি পৰিছে। এই মানুহ্কেইজনে হয়তো ইজনে সিজনক আজিলৈকে লগেই পোৱা নাই বা তেওঁলোক প্ৰত্যেকেই প্ৰত্যেকৰ ফেচবুকৰ বন্ধু তালিকাতো নাই (থকাৰ প্ৰয়োজনো নাই আচলতে)। কিন্তু অসমীয়া ভাষা-সাহিত্যৰ বাবে কাম কৰি থকা কেইটামান ফেচবুক গোটৰ (যেনে – অসমীয়াত কথা-বতৰা, Assamese Wikipedia Community, ইত্যাদি) সদস্য হিচাপে থকা এইসকল মানুহৰ কামৰ উদ্দেশ্যৰ মিলে ইজনক সিজনৰ ওচৰ চপাই আনিছে। ইণ্টাৰনেট জগতত আজি অসমীয়া ভাষা এটা প্ৰতিস্থিত ভাষা হৈছে আৰু এই ক্ষেত্ৰত মাধ্যম হিচাপে ফেচবুকৰ অৱদান অপৰিসীম। ইন্টাৰনেটত অসমীয়া ৱিকিপিডিয়া আৰু ৱিকিচৰ্চৰ সৃষ্টি হৈছে। ফেচবুকৰ মাধ্যমেদি একেলগ হোৱা বিশ্বৰ বিভিন্ন ঠাইত থকা কিছু সংখ্যক ইজনে সিজনৰ প্ৰায় অচিনাকী অসমীয়া যুৱক-যুৱতীৰ ব্যক্তিগত আৰু দলগত প্ৰচেষ্টাত কীৰ্ত্তন, নামঘোষা, পাৰিজাত হৰণ, কালীয় দমন, মিৰি জীয়ৰী, বুঢ়ী আইৰ সাধু আদিৰ দৰে কেইবাখনো পুথি, ভূপেনদাৰ প্ৰায় ৭০০ গীতৰ কথা আদি আজি ইন্টাৰনেটত উপলব্ধ।

অসমীয়া ভাষাত ইন্টাৰনেটত অসংখ্য ব্লগ সৃষ্টি হৈছে, অসমীয়া অনলাইন আলোচনীৰ সংখ্যা দিনে দিনে বাঢ়ি আহিছে। ফেচবুকৰ “অসমীয়াত কথা-বতৰা” গোটে প্ৰকাশ কৰা মাহেকীয়া অনলাইন আলোচনী www.xahitya.org এ প্ৰায় চাৰি বছৰ অতিক্ৰম কৰিব খুজিছে আৰু এই আলোচনীখনৰ নিয়মীয়া পাঠক বিশ্বৰ প্ৰায় ৭০ খন দেশত বিয়পি আছে। এয়া হয়তো অবিশ্বাস্য, কিন্তু সত্য। এই মাহেকীয়া অনলাইন আলোচনীখনত প্ৰকাশ হোৱা নলিনীধৰ ভট্টাচাৰ্য্যৰ আত্মজীৱনী “মৌ-সনা সোঁৱৰণী”য়েই বোধকৰো ইলেকট্ৰনিক মাধ্যমত প্ৰকাশ হোৱা অসমীয়া ভাষাৰ প্ৰথম আত্মজীৱনী। ইন্টাৰনেট জগতত অসমীয়া ভাষাত ব্লগ আৰু অনলাইন আলোচনীৰ সংখ্যা বঢ়া মানেই এজাক নতুন লেখক-লেখিকা সমাজৰ মাজলৈ ওলাই অহা। নতুন লেখক-লেখিকাৰ সংখ্যা বঢ়া মানেই অসমীয়া ভাষাৰ শুদ্ধ আৰু লিখিত ৰূপটোৰ ব্যৱহাৰ আৰু চৰ্চা কৰা মানুহৰ সংখ্যা বঢ়া। অসমীয়া ভাষাৰ শুদ্ধ আৰু লিখিত ৰূপটোৰ ব্যৱহাৰ আৰু চৰ্চা বঢ়া মানেই আমাৰ মাতৃভাষাই সম্প্ৰতি সন্মুখীন হোৱা শুদ্ধতাৰ সংকটটো সামান্য হলেও কম হোৱা – এইখিনি কথা আমি মানি ল’বই লাগিব। ফেচবুককে মাধ্যম হিচাপে লৈ আৰম্ভ হোৱা কামসমূহৰ এয়া এক ক্ষুদ্ৰ আৰম্ভনি বুলিহে বিশ্বাস কৰোঁ। এইবিলাক কামৰ আৰম্ভনিহে আছে, অন্ত নাই। 

এতিয়া এটা প্ৰশ্ন আহিব পাৰে যে ফেচবুকক মাধ্যম হিচাপে লৈ চৰ্চা হোৱা এই ইলেকট্ৰনিক মাধ্যমৰ সাহিত্যখিনি মূলসুঁতিৰ অসমীয়া সাহিত্যৰ অংশ হয় নে নহয় আৰু এই সাহিত্য-চৰ্চাকাৰীসকলক মূলসুঁতিৰ অসমীয়া সাহিত্যৰ লেখক, সাহিত্যিক, কবি হিচাপে স্বীকৃতি দিয়া হয়নে নহয় বা এইসকল সেই স্বীকৃতি পোৱাৰ যোগ্য হয়নে নহয়? আমাৰ মতে হয়। কাৰণ আমি বিশ্বাস কৰোঁ যে চালুকীয়া অৱস্থাত থাকিলেও এতিয়া ইলেকট্ৰনিক মাধ্যমত চৰ্চিত আৰু প্ৰকাশিত সাহিত্যৰ মাজৰে বহুখিনিৰ মানদণ্ড, বিশালতা আৰু বিচিত্ৰতা ছপা মাধ্যমৰ সাহিত্যতকৈ কম নহয়। ইলেকট্ৰনিক মাধ্যমৰ অসমীয়া সাহিত্যক মূল অসমীয়া সাহিত্যৰ অংশ নহয় বুলি অস্বীকাৰ কৰিলে সামগ্ৰিকভাৱে অসমীয়া সাহিত্যত প্ৰযুক্তিৰ প্ৰয়োগ আৰু অসমীয়া সাহিত্যৰ প্ৰযুক্তিগত উন্নতিটোকেই অস্বীকাৰ কৰা হয়। ইলেকট্ৰনিক মাধ্যমৰ সাহিত্য-চৰ্চাকাৰীসকলৰ এই মাধ্যমটোৰ প্ৰতি মূল আকৰ্ষণটো হৈছে এই মাধ্যমটোৰ ব্যাপ্তি, লেখা প্ৰকাশ কৰাৰ ক্ষেত্ৰত থকা বাধাহীনতা আৰু প্ৰকাশৰ প্ৰায় লগে লগেই পোৱা পাঠকসকলৰ মতামত তথা উপদেশ বা সমালোচনা। ভবিষ্যতৰ অসমীয়া সাহিত্যৰ জগতখনত ইলেকট্ৰনিক মাধ্যমৰ অসমীয়া সাহিত্যই এক বিশেষ অংশ দখল কৰিব বুলি আজি আমি ভবিষ্যৎবাণী কৰিব পাৰো যেন লাগে। 

ইলেকট্ৰনিক মাধ্যমত গ্ৰন্থ প্ৰকাশ (ই-বুক) আৰু বিতৰনৰ ধাৰাটো লাহেকৈ আৰম্ভ হৈছেই।এই ধাৰাটো লেখক আৰু প্ৰকাশকৰ অৰ্থিক লাভ হোৱাকৈ আগবঢ়াই যাব বুলিও আমি বিশ্বাস কৰোঁ। ইলেকট্ৰনিক মাধ্যমত শ্ৰব্য কিতাপৰ ধাৰণা এটায়ো নতুনকৈ পোখা মেলিছে আৰু বাৰ্তালোচনীও প্ৰকাশ হৈছে। অসমীয়াৰ সুখ-দুখ (www.xukhdukh.com) ইলেকট্ৰনিক মাধ্যমৰ এখন উল্লেখযোগ্য অসমীয়া বাৰ্তালোচনী। লগতে আৰু এটা কথা আমি লক্ষ্য কৰিছোঁ যে ছপা মাধ্যমৰ পৰা ইলেকট্ৰনিক মাধ্যমত প্ৰৱেশ কৰা লেখক-লেখিকাৰ সংখ্যা যিমান কম, ইলেকট্ৰনিক মাধ্যমৰ পৰা ছপা মাধ্যমত প্ৰৱেশ কৰি সফলতা অৰ্জন কৰা লেখক-লেখিকাৰ সংখ্যা সিমানেই বেছি। অসমীয়া সাহিত্য জগতত বৰ্তমান নতুনকৈ অথচ দৃঢ়তাৰে খোজ দিবলৈ আৰম্ভ কৰা কেইবাজনো লেখক-লেখিকাই নিজৰ সাহিত্য-চৰ্চা প্ৰথমে ফেচবুকতে আৰম্ভ কৰিছিল। এইটো মনকৰিবলগীয়া কথা। 

আজিৰপৰা বহুত বছৰৰ পিছত যেতিয়া কোনোবাই আধুনিক অসমীয়া ভাষা-সাহিত্যৰ উত্তৰণৰ ইতিহাস অধ্যয়ণ কৰিব, তেওঁ নিজৰ গৱেষণা-পত্ৰখনত কি লিখিব? তেওঁৰ গৱেষণা-পত্ৰখনৰ এটা অংশত নিশ্চিতভাৱে লিখা থাকিব ইণ্টাৰনেট জগতত অসমীয়া ভাষা-সাহিত্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে প্ৰযুক্তি-বিদ্যাৰ সহায়ত বিশ্বৰ বিভিন্ন ঠাইত থকা আজিৰ এটা প্ৰজন্মই আৰম্ভ কৰা কামখিনি। আৰু এই কামখিনিত ফেচবুকে এই মুহূৰ্তত এটা অনন্য ভুমিকা লৈ আছে। 
-------------------**--------------
লেখাটি আজি আমাৰ অসম কাকতৰ দেওবৰীয়া পূৰ্বাচলতো প্ৰকাশ পাইছে।

1 comment:

  1. মৃদুল দিহিঙীয়াMarch 16, 2015 at 1:29 PM

    আপোনাৰ কথাখিনি পঢ়ি ভাল লাগিল। কিন্তু এটা কথা নকৈ নোৱাৰিলো facebook আজিৰ যুৱ সমাজে কেনেকৈ ব্যৱহাৰ কৰিচে? গৰিস্থ্য সংস্যকে facebook ত প্ৰেম নিবেদন কাৰোবাক অপমান বা অন্য স্বাৰ্থত ব্যৱহাৰ কৰিচে। এইয়া মোৰ ব্যক্তিগত মন্তব্য হে মাত্ৰ।

    ReplyDelete