পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. ইতিহাস সম্পৰ্কে জাতিটোক সজাগ কৰিবৰ বাবে এক প্ৰণালীবদ্ধ গৱেষণা তথা অধ্যয়নৰ প্ৰয়োজনীয়তালৈ গুৰুত্ব দি অসম সাহিত্য সভাই অচিৰেই ইতিহাস আৰু অনুবাদ প্ৰকল্প আৰম্ভ কৰিব বুলি সুখবৰ প্ৰকাশ কৰিছে।

২. শ্ৰীশ্ৰীমাধৱদেৱৰ জন্মস্থান নাৰায়ণপুৰৰ লেটেকুপুখুৰীত স্থানীয় ৰাইজৰ উদ্যোগত আৰু শ্ৰীশ্ৰীবদলাপদ্ম আতা সেৱা সমিতিৰ সহযোগত তিনিদিনীয়াকৈ অনুষ্ঠিত হয় সদৌ অসমভিত্তিক অংকীয়া ভাওনা সমাৰোহৰ। “গুৰু দুজনাৰ অংকীয়া নাটঃ অসমীয়া সমাজ সংস্কৃতিত ইয়াৰ প্ৰভাৱ” শীৰ্ষক আলোচনাচক্ৰ অনুষ্ঠিত হোৱাৰ উপৰিও তিনিদিনত ছখনকৈ ভাওনা প্ৰদৰ্শিত হোৱাৰো সুখবৰ।

৩. কালিৰে পৰা ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে জয়পুৰ বৰ্ষাৰণ্য মহোতসৱ। উপায়ুক্ত এম এছ মনিৱান্নানে উদ্বোধন কৰা মহোতসৱখনিৰ সাংস্কৃতিক শোভাযাত্ৰাই ৰাইজক মুগ্ধ কৰাৰ সুখবৰ। সাংস্কৃতিক দল সমূহৰ বিভিন্ন কাৰ্যসূচী, মিনি মাৰাথাথন, বীচ্ছ ভলীবল, কুইজ প্ৰতিযোগিতাৰ উপৰিও সাংস্কৃতিক সন্ধিয়াৰ বিশাল কাৰ্যসূচীও আয়োজিত হোৱা বুলি জানিব পৰা গৈছে।

৪. গুৱাহাটী প্ৰেছ ক্লাৱত যোৱাকালি উন্মোচিত হয় “খৰিকাজাঁই” নামৰ অডিঅ’ চিডি। উন্মোচনীত অংশ লয় শিল্পী ডঃ অঞ্জনজ্যোতি চৌধুৰী, ৰূপম ভূঞা, মৌচম গগৈকে ধৰি বিভিন্ন সুধীজনে।

৫. উত্তৰ-পূৱ ভাৰতৰ নেপালীভাষী পাঠকৰ বৌদ্ধিক প্ৰয়োজন পূৰাবৰ বাবে গুৱাহাটীৰ পাণ্ডুৰ পৰা প্ৰকাশ গৈছে “পৰিবাৰ” নামৰ এখনি নেপালী ভাষাৰ আলোচনীক। আলোচনীখনিৰ কাৰ্যালয়চে প্ৰথম সংখ্যাটিৰ উন্মোচন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ শিৱনাথ শৰ্মাই।

৬. গুৱাহাটীৰ সামাজিক সাংস্কৃতিক সংগঠন সপ্ত-লহৰ বিকাশ গোষ্ঠীৰ সৌজন্যত উদেষ্ণা চিনেমা হ’লৰ প্ৰাংগণত “প্ৰাক-বহাগী মেলা আৰু পিঠা লাড়ু প্ৰতিযোগিতা”ৰ আয়োজন কৰা হৈছে। আগ্ৰহী ব্যক্তিসকলে অংশগ্ৰহণৰ বাবে ৯৮৬৪৫০৭১৫০ নম্বৰত যোগাযোগ কৰিবলৈ আয়োজকে আহ্বান জনাইছে।

৭. অহা ৯ মাৰ্চৰ সন্ধিয়া ৬ বজাত গুৱাহাটীৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত বাৰ্তালোচনী “ব্যতিক্ৰম”ৰ সহযোগত অসম সাহিত্য সভাই উত্তৰ-পূৰ্বাঞ্চলৰ লোক-সংস্কৃতিৰ অন্যতম পৃষ্ঠপোষক তথা ত্ৰিপুৰাৰ প্ৰাক্তন শিক্ষা, সাংস্কৃতিক মন্ত্ৰী অনিল সৰকাৰৰ সোঁৱৰণত “গংগা-গোমতী-ব্ৰহ্মপুত্ৰ মোহনা উতসৱ”ৰ আয়োজন কৰিছে। অসম সাহিত্য সভাৰ সভাপতি ডঃ ধ্ৰুৱজ্যোতি বৰা, প্ৰাক্তন সাংসদ কুমাৰ দীপক দাসকে ধৰি সুধীজনে অংশ লব। অসম, ত্ৰিপুৰা আৰু পশ্চিমবংগৰ শিল্পীৰ দলে সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰিব।

৮. পূৱ গুৱাহাটী বিহু সন্মিলনে সন্মিলনৰ ৫৪ সংখ্যক সমাৰোহ উপলক্ষে মুখপত্ৰ “গগনা”ৰ তৰফৰ পৰা প্ৰয়াত লক্ষেশ্বৰ ঠাকুৰীয়াৰ সোঁৱৰণত সদৌ অসম ভিত্তিত এখনি কবিতা প্ৰতিযোগিতাৰ আয়োজন কৰিছে। নগদ ধনৰ পুৰস্কাৰ থকা এই প্ৰতিযোগিতা তিনিটা শাখাত অনুষ্ঠিত হব, যোগদানৰ শেষ তাৰিখ ২০ মাৰ্চ বুলিও জানিব পৰা গৈছে।

৯. অসমৰ অন্যতম প্ৰতিষ্ঠিত সামাজিক-সাংস্কৃতিক সংগঠন নিউ আৰ্ট প্লেয়াৰ্ছে হীৰক জয়ন্তী বৰ্ষ পালন কৰি আছে আৰু ইয়াৰ সৈতে সংগতি ৰাখি অহা ৫ এপ্ৰিলত পাঞ্জাবাৰীৰ শিল্পগ্ৰামত ৬-১২ বছৰীয়া শিশু সকলৰ বাবে শিশু নাট প্ৰতিযোগিতাৰ আয়োজন কৰিছে। নগদ ধনৰ পুৰস্কাৰ ঘোষণা কৰা লগতে আয়োজকৰ সৈতে ৯৮৬৪১-২৪৬৬০ নম্বৰত আগ্ৰহী সকলক যোগদানৰ বাবে যোগাযোগ কৰিবলৈকো আহ্বান জনাইছে।

১০. কালি গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচিত হয় এখনি ব্যতিক্ৰমী সাপ্তাহিক সংবাদ পত্ৰ "সাম্প্ৰতিক অসম"। সাগৰ হাজৰিকাৰ সম্পাদনাত প্ৰকাশিত এই বাতৰি কাকতখনৰ উন্মোচনীত অংশ লয় সাংবাদিক মনজিত মহন্ত, অধিবক্তা নেকিবুৰ জামানকে ধৰি সুধীজনে।

No comments:

Post a Comment