জুতি লগা আখল - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

কাপ কেক্ ( Muffin)
ৰুমঝুম শইকীয়া

প্ৰয়োজনীয় সামগ্ৰীঃ
ডাঙৰ কণী-৬টা৷
চেনি - টেবুল চামুচেৰে ৮ চামুচ৷ 
ৰিফাইন তেল বা মাখন- প্ৰায় ২০০ গ্ৰাম৷ 
ময়দা- টেবুল চামুচেৰে ভৰ্তি ৬ চামুচ৷
বেকিং পাউদাৰ- চাহ চামুচৰ ভৰ্তি ১ চামুচ৷
কাজু, পিষ্টা আদি আৰু চকলেট সৰুসৰুকৈ কুটি ল'ব লগত কেইটামান কিচ্ মিচ্৷

ৰন্ধন প্ৰণালীঃ
প্ৰখমে কণী আৰু চেনি একেলগ কৰি সম্পূৰ্ণ মিলি নোযোৱালৈকে ফেটি খাকিব৷তাৰপিচত ৰিফাইন বা মাখনখিনি দি পুনৰ ৪-৫ মিনিটমান ভালদৰে ফেটি লব৷শেষত ময়দা আৰু বেকিং পাউদাৰ দি গোটেই মিশ্ৰণ খিনি ৬-৭ মিনিটমান ভালদৰে ফেটি কোমল কৰি লব৷এতিয়া অভেনটো ৪ মিনিটমান নিয়মীয়া তাপত গৰম কৰি ল'ব৷ ছবিত দেখুওৱাৰ দৰে এলুমিনিয়াম ফয়লৰ ১০টা বাটিত মিশ্ৰণখিনি সমান জোখত দি যাব৷

প্ৰতিটো বাটিত কাজু,পিষ্টা চক্ লেটৰ টুকুৰা আৰু কিচমিচ দি সজাব৷ অভেন সম্পূৰ্ণ গৰম হৈ থাকোতেই বাটিকেইটা অ'ভেনত ভৰাই ৬ মিনিটমান নিয়মীয়া জোখৰ উত্তাপত কেক্ হ'বলৈ দিব৷ ফুলি উঠি পাতল ৰঙচুৱা যেন দেখা পালে উলিয়াই নমাই থব৷

এইবিধ কেক্ সাধাৰণতে সকলোৱেই ঘৰত বনায়৷মন কৰিব এই কেক্ মাইক্ৰঅভেনত নিদি অ'টিজিত বনাব ৷ 

No comments:

Post a Comment