গুজৱ .কম - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

গুজৱ .কম

গুজৱ .কম

Share This
ৰাজনৈতিক গুজৱঃ

১. বিজয়া মুখ্যমন্ত্ৰী, বিশ্ব শৰ্মাক উপ-মুখ্যমন্ত্ৰীত্ব দি গগৈ যাব হিমালয়লৈঃ গৰমৰ বন্ধ কটাই অহাৰ লগতে ক্ষমতাৰ খকত দিকবিদিক হেৰুৱাই থকা দুজনক এটা সুযোগ প্ৰদানৰ বাবে ল’লে এটা বিশেষ সিদ্ধান্ত৷

২. অলিম্পিকত পদক জিকাটো ডাঙৰ কথা নহয়, ভাগ লোৱাটোৱা ডাঙৰ কথা; ৰাজ্য চভাৰ নিৰ্বাচনত জৰা-ফুকা পানীয়ে কাম নকৰাতো হাৰ মানিব নুখুজি অলিম্পিকৰ দোহাই দিলে হোজাইউদ্দিন চাহাবে ৷

৩. কাৰেণ্ট নাথাকিলেও আপুনি বিদ্যুত মন্ত্ৰীৰ মুখলৈ চোৱা বাদ দিয়ক, গেলা গৰমৰ বাবে আপোনালৈ বন বিভাগে একোজোপাকৈ চেগুন পুলি দিয়াৰ ব্যৱ্স্থা কৰিছে, তাৰ শীতল ছাঁতে জিৰাওক৷

৪. অগপৰ সৈতে উগ্ৰপন্থীৰ সম্পৰ্ক গুজৱ নহয়, সেই কথা লৈ যুৱ কংগ্ৰছে ৰাজ্যজুৰি জ্বলাব হাতীৰ প্ৰতিমূৰ্তি ৷


৫. গগৈ চাৰে মগাইছে দুই গাড়ী ৰঙা ৰঙ, কইনাধৰা পাহাৰৰ তলত নিজ হাতে অংকন কৰিব লক্ষ্মন ৰেখাঃ লক্ষ্মন ৰেখাত বাংলাদেশৰ বৰ্ডাৰৰ দৰে কাঁটা তাৰ লগাবলৈকো পৰামৰ্শ দিলে বিশ্ব সৰ্মাই ৷

৬. কিমান থাকিব আৰু ভাড়াঘৰত, গুৱাহাটীত মাটিহীন, ভূমিহীন, পট্টাহীন ৰাইজৰ সতে সহমৰ্মিতা প্ৰকাশ কৰিলে প্ৰধানমন্ত্ৰীয়েঃ অচিৰেই বেছি সংখ্যক নোৱাৰিলেও অল্প সংখ্যক মানে সংখ্যালঘুৰ পট্টনৰ বাবে বিশেষ ব্যৱ্স্থা লোৱাৰ বাবে দিলে প্ৰতিশ্ৰুতি ৷

৭. লোকসেৱা নিৰ্বাচনৰ খেলত ১২ টাকৈ উইকেট দখল কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হ’ল বিশ্ব শৰ্মাঃ ১১টা বাৰু প্ৰতিপক্ষৰ উইকেট, ১২ নম্বৰটো গগৈচাৰৰ উইকেটটোৱেই লক্ষ্য বুলি প্ৰকাশ কৰিলে সচেতন সমাজে ৷

৮. পৌৰ নিগমৰ নিৰ্বাচনলৈ এইবাৰ স্থানীয় বিধায়ক সকলৰ নাই কোনো মন কানঃ ইতিমধ্যেই ৩২০০কোটিৰে গুৱাহাটীৰ শ্ৰী-বৃ্দ্ধি কৰি ভাগৰি পৰা বুলি কৰিলে প্ৰকাশ ৷

৯. বিসম্বাদী দলৰ লগ লাগিব যোগদলঃ এইবাৰ নতুন উদ্যমেৰে সমাজ কল্যান কৰিব বুলি মানস প্ৰকাশ কৰিলে বৰা পুত্ৰই ৷

১০. গণ পৰিষদলৈ আগবঢ়াব গল্ডেন হেণ্ডচেকঃ অসমত আঞ্চলিকতাবাদী ৰাজনীতিক পুনৰ জীয়াই তোলাৰ স্বাৰ্থতে এইসকল আদঢ়ীয়া ডাড়িয়াক নিজে নিজে অৱসৰ লবলৈ আহ্বান জনালে, নতুন অসম ছাত্ৰ সন্থাই ৷

No comments:

Post a Comment