AXD 222: 29TH MAY 2013 - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

AXD 222: 29TH MAY 2013

AXD 222: 29TH MAY 2013

Share This
অসমীয়াৰ সুখ দুখ
প্ৰথম বছৰ ২২২তম সংখ্যাঃ ২৯মে’ ২০১৩
সামাজিক যোগসূত্ৰৰ মঞ্চত অসমীয়া জনজীৱনৰ বাৰ্তাবাহক

আজিৰ বিশেষ নিবেদন
সম্পাদকীয় লেখাঃ মাওবাদীক শক্তিশালী কৰিছে কোনে?
জুতি লগা আখলতঃ পনীৰ আৰু ৰঙালাওৰ ব্যঞ্জন


আজিৰ সুখৰ খবৰঃ

১. অহা ১৫ আগষ্টৰ পৰা আৰম্ভ হ’ব তেজপুৰ চিকিৎসা মহাবিদ্যালয়ঃ আজি স্থাপিত হ’ল কনকলতা অসামৰিক চিকিৎসালয়ৰ অংশৰূপে প্ৰসূতি-শিশুৰ অত্যাধুনিক চিকিৎসালয়ৰ আধাৰশিলা ৷ অহা স্বাধীনতা দিৱসৰ পৰাই আৰম্ভ হ’ব ১০২ সেৱাঃ যি কোনো ৰোগী চৰকাৰী চিকিৎসালয়লৈ যাবলৈ পাব এই এম্বুলেন্স সেৱা ৷

২. দেশৰ লাখ লাখ কৰ্মচাৰীৰ হিতৰ বাবে কেন্দ্ৰীয় চৰকাৰে ল’ব সংশোধনৰ প্ৰস্তাৱঃ বেচিক পে’ নহয়, এতিয়া মুঠ দৰমহাৰ ওপৰত ভিত্তি কৰি জমা কৰিব ভৱিষ্যত নিধিৰ ধন৷

৩. মুম্বাই ইণ্ডিয়ানছৰ হৈ আই পি এলত বিজয়ৰ সোৱাদ পালে অসমীয়া ক্ৰিকেটাৰ আবু নেচিমেঃ শচীন আৰু ৰিকী পণ্টিঙৰ পৰা কেৰিয়াৰ গঢ়াৰ টিপছ পোৱা বুলি সন্তোষিত মনেৰে জনালে সাংবাদিকক ৷

৪. খুমটাইত একেদিনাই তিনিটাকৈ বৃহৎ প্ৰকল্পৰ শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰীয়েঃ আইৰণ-আৰ্ছেনিক উপশম পানী যোগান আঁচনি, খুমটাই আদৰ্শ চিকিৎসালয় আৰু দিচৈ নদীৰ ওপৰত এখন পকী দলঙৰ কাম হ’ল আৰম্ভ ৷

৫. বিয়া আছিল ২জুনতঃ পিছে স্পট’ ফিক্সিং কেলেংকাৰীত পৰি নাপালে জামিন৷ এতিয়া তিহাৰ কাৰাগাৰৰ বাসিন্দা হ’ল বিবাহপ্ৰাৰ্থী অজিত চান্দিলা, লগত আছে শ্ৰীসান্থো ৷ তিনিজুনত হব পৰবৰ্তী শুনানি৷

৬. গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনঃ আচৰণ বিধিত তীক্ষ্ণ নজৰ, ফোন যোগেও অভিযোগ দাখিল কৰাৰ সুবিধা দিছে জিলা প্ৰশাসনে ৷

৭. গোৱালপাৰা জিলা প্ৰশাসনে ল’লে শিশু শ্ৰমিক নিবাৰণ অভিযানৰ উদ্যোগঃ উদ্ধাৰ কৰিলে ১০জনকৈ শিশু শ্ৰমিক ৷

৮. নগাঁৱত অনুষ্ঠিত হৈ থকা ৰাজ্যিক প্ৰীমিয়াৰ লীগ ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিলে অইল ইণ্ডিয়াৰ দলে ৷

৯. স্থিৰ হ’ল ২০১৯চনৰ বিশ্বকাপ ক্ৰিকেটৰ স্থানঃ ইংলেণ্ড আৰু ৱেলছত অনুষ্ঠিত কৰাৰ বাবে দেশৰ ক্ৰিকেট বৰ্ডে এক চুক্তি স্বাক্ষৰ কৰিলে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউন্সিলৰ সৈতে ৷

১০. শ্বাহৰুখ খানৰ অনুৰাগী সকললৈ সু-খবৰঃ মুম্বাইৰ লীলাৱতী হস্পাতালত সফলতাৰে সম্পন্ন হ’ল আঘাতপ্ৰাপ্ত অভিনেতাজনৰ কান্ধৰ আঘাতৰ বাবে কৰা অস্ত্ৰোপচাৰ ৷

চিন্তাজনক খবৰঃ
১. হাজোৰ লাহ-হালোগাঁৱত ব্ৰহ্মপুত্ৰৰ প্ৰৱল খহনীয়াঃ লুইতৰ বুকুত জাহ গৈছে শ শ বিঘা কৃষিভূমি, খহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰক দাবী কৰি ভাগৰিছে স্থানীয় ৰাইজ ৷

২. উইকিলিকছত অগপক লৈ কৰা অদ্ভুত মন্তব্যক লৈ ৰাহুল গান্ধীক প্ৰৱল সমালোচনা কৰিলে অসম গণ পৰিষদেঃ আইনী ব্যৱ্স্থা লোৱাৰ দিলে সঁকিয়নি৷

৩. আকৰ্ষণীয় ৰূপত গগৈ-শৰ্মাৰ ক্ষমতাৰ যুঁজঃ মুখ্যমন্ত্ৰীয়ে দিলে লক্ষ্মণ ৰেখা মানি চলাৰ আহ্বান, শিক্ষামন্ত্ৰীয়ে দিলে প্ৰত্যুত্তৰ-"লক্ষ্মণ ৰেখা, ৰাম ৰেখা কোনো কথা নাই, লক্ষ্য লোকসভা নিৰ্বাচনহে!"

৪. বিসম্বাদী ৰাজনীতিক পুনৰ উজ্বলাই আঠজন বিধায়কে সাক্ষাৎ কৰিলে কংগ্ৰেছৰ  সহ-পৰ্যবেক্ষক পাৰভেজ হাচমীকঃ সংসদীয় সচিব ৰেকিবুদ্দিন আহমেদে কৰিলে কটাক্ষ-"কোনেও গংগাত গা ধুই অহা নাই"৷

৫. ধুনীয়া ছোৱালীৰ টোপ দি ব্লেকমেইলিঙত জড়িত চক্ৰক ধৰা পেলোৱা আৰক্ষীয়ে এইবাৰ জাৰি কৰিলে মষ্ট’ ৱাণ্টেড হোৱা সাংবাদিক চম্পক বৰ্মনৰ ফটো ৷

৬. অসম বা উত্তৰ পূৱৰ পৰা ধন নি দেশৰ আন অংশত ধনৰ বিনিয়োগ কৰাকলৈ ৰাষ্ট্ৰীয়কৃত বেংকক প্ৰৱল সমালোচনা কৰিলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে৷

৭. দুৰ্নীতিকাৰীক ৰক্ষণাবেক্ষণ দি এতিয়া বিশেষ আদালতৰ পৰা জামিন লব লগা হ’ল অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক প্ৰধান সাৰদা প্ৰসাদে ৷

৮. ভুৱা ডিগ্ৰী দিয়া বাতিল কৰিলে চাৰি শিক্ষানুষ্ঠানেঃ ২৯খন শিক্ষানুষ্ঠানৰ পঞ্জীয়ন বাতিল, বন্ধ হোৱাৰ পথত অধ্যয়ন কেন্দ্ৰৰ ব্যৱসায় ৷

৯. তিনি তৰপীয়া হুইপেৰে ৰাজ্য সভাৰ নিৰ্বাচনত ক্ৰছ ভোটিং ৰোধিব প্ৰদেশ কংগ্ৰেছেঃ বিৰোধীক ভোট দিলে দলৰ পৰা বহিস্কাৰৰ কৰাৰ দিলে সকিয়নী ৷

১০. মৰিগাঁৱত ভণ্ড কবিৰাজক মুৰ্মুখ অৱস্থাত উদ্ধাৰঃ চিকিৎসা ব্যৱস্থাৰ ব্যৰ্থতাৰ সুযোগ লৈ কবিৰাজসকলে চলাইছে ৰমৰমীয়া ব্যৱসায় ৷

No comments:

Post a Comment