বুধবৰীয়া মহাদুষ্ট পদ্য - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বুধবৰীয়া মহাদুষ্ট পদ্য

বুধবৰীয়া মহাদুষ্ট পদ্য

Share This
প্ৰভু, তুমিও…?

#ধ্ৰুৱজ্যোতি শইকীয়া

বচোৱা প্ৰভূ কৰিলো ভুল,
আগ কৰিছো গুৱা পাণ,
এইবাৰলৈ বচোৱা প্ৰভূ 
তোমাৰ বাদে নাই আন ৷

পূজা দিম শত বন্তি জ্বলাই,
লাগিলে ভাগো দিম,
ৰাইজৰ ধনহে নিজৰ কৰিছো,
চৰকাৰী লুটমাৰ স্কীম ৷

ধনৰ মোহ নে পূজাৰ মোহতেই,
খবৰক দিয়া হ'ল গাপ,
বাঘে ছাগে সবে মিলি জুলি খালে,
ভগাই ললে সবে পাপ ৷

ভগৱানকো হাত কৰিব পাৰি,
ধন থাকিলে হাতত,
এই সুবিধাতে চাগৈ ভকতি কমিছে,
পঢ়িলো খবৰৰ কাকতত ৷

ভগৱানতকৈ ধন হ'ল ডাঙৰ,
কিমান লাগে দিওঁ প্ৰমাণ,
মৰাৰ পিছত লাগে নৰকেই মিলক,
কোনে পায় তাৰ উমান ৷

জীয়াই থাকোঁতেই গোটাই ল ধন,
কৰি চল লগাই বল,
এক শতাংশ ভগৱানক যাচিলেই
কমি যায় পাপৰ ফল ৷

ভগৱানেও জানে পূজা পাৰ্ৱণত,
কিমান ধন হয় খৰছ,
কোনে কি ঘটিছে, কেনেকৈ ঘটিছে,
তেওঁৰনো কি পৰিছে গৰজ !!!!

No comments:

Post a Comment