ৰাষ্ট্ৰীয় গুজৱ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ৰাষ্ট্ৰীয় গুজৱ

ৰাষ্ট্ৰীয় গুজৱ

Share This
(হাস্য ব্যংগ তথা কাল্পনিক খবৰেৰে সত্যৰ সন্ধান)
১. মণি কুমাৰ চুম্মা চাহাবৰ ৰাস-লীলাৰ চিডি টিভিত বজাৰ পাছত হাত পাৰ্টিয়ে তেওঁক বাদ দিবলৈ ওলোৱাৰ লগে লগেই হাতী পাৰ্টিয়ে আদৰি লবলৈ যোজা কৰা বুলি জানিব পৰা গৈছে৷ এতিয়া এনেয়েও দলক মানি লাগেই, চৰিত্ৰৰ ক্ষেত্ৰতো চুম্মা চাহাব হাতীৰ পিঠিত নৃত্যকৰা কেইজনতকৈ ক’তনো কম বুলি প্ৰশ্ন কৰি আমবাৰী অফিচৰ চকীদাৰ বৰাই ভগৱানক ধন্যবাদ কয় যে- ভাগ্য ভাল আছিল যে আমাৰ ডেকা ল’ৰা কেইজনৰ ৰাস-লীলাৰ সময়ত এই কেমেৰা ফোনবোৰ ওলোৱা নাছিল! নহ’লে এমএমএছৰ বাহাৰত কেলেংকাৰীৰ পাহাৰ বনিলহেতেন! "মিচা ক’লে কি ডাল হব", বুলি বৰাদাইও তুলিলে প্ৰশ্ন!

২. কাশ্মীৰত বাবা ৰামাদেৱে পাতিব শিবিৰঃ নিজে বন্দুক তুলি কমেও পঞ্চাশজন পাকিস্তানী সেনাক ধৰাশায়ী কৰাৰ বাবে ল’লে শপত৷ মাত্ৰ কেইবা পাহাৰ জৰি-বুটি আৰু টেক্স ৰেহাইৰ বেনিফিট দিলেই ৰণত জপিয়াই পৰিব বুলি জাৰি কৰিলে বিজ্ঞপ্তি৷

৩. পাঁচজনকৈ ভাৰতীয় জোৱানৰ নৃশংস হত্যাৰ প্ৰতিবাদত ভাৰতে এইবাৰ পাক-সীমান্তত আদান-প্ৰদান নকৰিলে ঈদৰ মিঠাই৷ গুলি কৰি আমাৰ মানুহক হত্যা কৰা সকলক মিঠাই নিদিয়াটোৰ দৰে উচিত শাস্তি প্ৰদানৰ বাবে প্ৰশংসাত পঞ্চমুখ হ’ল সচেতন মহল৷ গান্ধীৰ দেশৰ মানুহে অন্ততঃ তেনে প্ৰতিবাদ কৰিলেই ইচালামাবাদ লজ্জিত হব বুলি কৰিলে আশা প্ৰকাশ৷

৪. ভাৰতীয় টকাৰ মূল্য হুৰাহুৰে হ’ল নিম্নগামী৷ ইয়াত বিদেশী শক্তিৰ হাত থকা আঙুলিয়াই দি চিধা-আৰাম নামৰ মন্ত্ৰীজনে ক’লে- ইয়াৰ ইয়াত আচলতে নিউটন বুলি এজন বিদেশীৰ সূত্ৰ জড়িত হৈ আছে৷  সেই সূত্ৰ প্ৰয়োগৰ ফলতে টকাৰ মূল্য আপেল সৰাদি তললৈ পৰিবলৈ আৰম্ভ কৰিছে৷

৫. টেণ্ডুলুকাৰে প্ৰথম দিনাই ৰাজ্য সভাত মাৰিলে চিক্সঃ ক’লে বিচিচিআইৰ যিমান টকা আৰু দুৰ্নীতি মাত্ৰ দেশৰ কাৱিল আইএএছ অফিচাৰেহে বাহিৰলৈ খবৰ নোলোৱাকৈ চম্ভালিব পাৰিব৷ ক্ৰাইম ব্ৰান্সৰ মানুহে বুকীৰ সতে কেনেকৈ সম্পৰ্ক ৰাখিব লাগে, আৰু ইনকাম টেক্স অফিচাৰে কেনেকৈ ক’লা টকা লুকুৱাব লাগে সেয়া শিকাই দিলেহে ক্ৰিকেট বৰ্ডখনৰ কামকাজ সফল ভাৱে চলাব পৰা যাব৷ চিবিআইক ক্লীনচিট দি মুখলজ্জা ৰক্ষক ৰূপে নিযুক্ত দিবলৈকো তেওঁ দাবী কৰাৰ কথা জানিব পৰা গৈছে৷

৬. পুৰণি জাষ্টিচ কাট-জুৱে ক’লে যে- ভাগ মিলখা ভাগ আচলতে "ভাগ মোদী ভাগ" নামৰ ৰাজনৈতিক দৌৰৰহে ব্যংগাত্মক ৰূপৰ চলচিত্ৰকৰণ৷ মিলখাৰ মনোজগতত ক্ৰীড়া কৰি থকা হিংসাত্মক ঘটনা আচলতে মোদীৰ খাতাত থকা ২০০২ৰ সাম্প্ৰদায়িক সংঘৰ্ষহে বুলি তেওঁ আঙুলিয়াই দিয়ে৷

৭. "খেমকা পাউদাৰে" দেশৰ আইএএছ বিষয়া সকলৰ ভাৱমূৰ্তি নিকা কৰিব নোৱাৰাৰ পাছত এইবাৰ বতৰৰ ফল ব্যৱহাৰ কৰি নতুনকৈ "দুৰ্গাশক্তি ক্লীনজাৰ" নামৰ ফেচৱাছ এটা এচোছিয়েচনে মুকলি কৰাৰ বাতৰি আহিছে৷ ইয়াৰ ব্যৱহাৰ কৰি তাৰ আঁৰত দুৰ্নীতিত লেতেৰা হোৱা সকলেও মুখ লুকুৱাব পাৰিব বুলি দৃঢ়তা প্ৰকাশ কৰিছ৷

৮. চেন্নাই এক্সপ্ৰেছত উঠি দক্ষিণ ফুৰি অহা শ্বাহৰুখ খানলৈ দৰ্শক সকলে আকৌ পুনৰ দক্ষিণ ভ্ৰমণ নকৰিবলৈ পৰামৰ্শ দিছে৷ ৰজনী চাৰকে লুঙি পিন্ধি নাচিবলৈ দিয়া, সেইটো তুমি কৰি নিজকে হাঁহিয়াতৰ পাত্ৰ বনোৱা যেনহে হ’ল বুলি টুইটাৰ যোগে খান চাহাবক জানিবলৈ দিছে৷

৯. ৰাজ্য সভাৰ সদস্য হবলৈ ১০০কোটি টকা পাৰ্টিলৈ দান কৰিব লগীয়া হোৱা কথাটোৱে দেশৰ ৰাজনৈতিক কৰ্মী সকলক হতাশ কৰি তুলিছে৷ মূল্যবৃদ্ধিয়ে যে এনেকৈ ৰাজ্য সভাৰ আসনকো চুই দিব সেয়া সপোনতো ভবা নাছিল বুলি সীতাৰাম কচুৰী চাহাবে জানিবলৈ দিছে৷

১০. ঝাড়ু হাতত লৈ ওলাব আম আদমীৰ পাৰ্টি৷ নিৰ্বাচনৰ আগে আগে "হৰি পুত্তৰ অৰবিন্দ" নামৰ এখন চিনেমাত হেৰি প’টাৰৰ যাদুকৰী ঝাড়ুৰ কামালৰ বিষয়ে দেশবাসীৰ মাজত সজাগতা আনিব বুলি জানিব পৰা গৈছে৷

1 comment:

  1. ভাল জমাইছে| কাল্পনিক হ’লেও সত্য|

    ReplyDelete