পলকতে সুখ-দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ-দুখৰ বতৰা

পলকতে সুখ-দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ

১) এজন অসমীয়া যুৱ উদ্যোগীৰ প্ৰচেষ্টাত অচিৰেই অসমত মুকলি হ'ব এটা তথ্যভিত্তিক ৱেবছাইট। মনোজ নাথ নামৰ এজন যুৱ উদ্যোগীৰ উদ্যোগত অহা সপ্তাহত গুৱাহাটীত মুকলি কৰা হ'ব এই ইনফ'ফাৰ্ম (infofirm.in) নামৰ ৱেবছাইটটো। মনোজ নাথে জনোৱামতে ৱেবছাইটটোত বিভিন্ন হোটেল, হাস্পতাল, শিক্ষা, প্ৰতিষ্ঠান, দোকান, টিউটৰ, ঘৰ ভাড়া আদিৰ তথ্য বিনামূলীয়াকৈ লাভ কৰিব পাৰিব। 

২) তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু নটসূৰ্য ফণী শৰ্মাৰ আবক্ষ মূৰ্তি প্ৰতিষ্ঠা কৰা হয়। যোৱা কালি এই বৰেণ্য অসম সন্তানত্ৰয়ৰ আবক্ষ মূৰ্তি উন্মোচন কৰে ক্ৰমে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইমাৰণ শ্বাহ, অসম সাহিত্য সভাৰ বৰ্তমানৰ সভাপতি ডাঃ ধ্ৰুৱজ্যোতি বৰা আৰু অসম নাট্য সন্মিলনৰ সভাপতি দুলাল ৰয়ে। 

৩) মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে যোবা কালি গুৱাহাটীৰ বশিষ্ঠত 'আছাম ৱাটাৰ চেন্টাৰ'ৰ আধাৰশিলা স্থাপন কৰে। জলসম্পদ বিভাগৰ অধীনত বান সমস্যা বিষয়ক গৱেষণাৰ বাবে নিৰ্মাণ হ'বলগীয়া অত্যধুনিক প্ৰযুক্তিবিদ্যা 'গ্ৰীণ বিল্ডিং'ৰ আৰ্হিত নিৰ্মাণ হবলগীয়া এই প্ৰকল্পৰ পুঁজি আবন্টন দিছে এছিয়ান ডেভেলপমেন্ট বেংকে। 

৪) অসমত ফেশ্বন শিক্ষাৰ অগ্ৰণী প্ৰতিষ্ঠান 'নৰ্থ-ইষ্ট ইনষ্টিটিউট অব ফেশ্বন টেকন'লজিএ অসম চৰকাৰৰ সহযোগত আজিৰে পৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত 'চেলিব্ৰেটিং আছাম' শিৰ্ষক এক বৰ্ণিল মহোৎসৱ আয়োজন কৰিছে। 
৫) ডাউন টাউন বিশ্ববিদ্যালয়ত যোৱা কালিৰে পৰা আৰম্ভ হৈছে উচ্চ শিক্ষাৰ এক নতুন পাঠ্যক্ৰম। উত্তৰ-পূৱ ভাৰতৰ টুৰিজিম আৰু হস্পিটেলিটিৰ এই নতুন পাঠ্যক্ৰম যোৱা কালি উদ্বোধন কৰে ভাৰতীয় পৰ্যটন উন্নয়ন নিগমৰ উচ্চ পদস্থ বিষয়া আৰ কে ওখাণ্ডিয়াৰে। 

৬) মিচিং ভাষা-সাহিত্যৰ বিকাশ আৰু উন্নতিৰ হকে নিৰৱচ্ছিন্নভাবে কাম কৰি অহা মিচিংসকলৰ জাতীয় অনুষ্ঠান মিচিং আগম কেবাঙৰ একাদশসংখ্যক বিশেষ অধিৱেশন ধেমাজি জিলাৰ চিমেন চাপৰি-চমকং অঞ্চলৰ পঃচুম শিৱৰাম পেগু ক্ষেত্ৰত  যোৱাকালিৰে পৰা আৰম্ভ হৈছে। 

৭) 'মেডিমিট-২০১৫' শীৰ্ষক ভাৰতীয় চিকিৎসা সন্থা (আই এম এ)ৰ অসম ৰাজ্যিক সন্মিলনখন আজিৰে পৰা তিনিদিনিয়াকৈ নলবাৰী চহৰত অনুষ্ঠিত হৈছে। এই সন্মিলন উপলক্ষে যোবা কালি পিৱাৰ ভাগত নলবাৰী চহৰত এটা স্বাস্থ্য সজাগতামূলক শোভাযাত্ৰাও উলিওৱা হয়। 

৮) ৰাজ্যৰ পৰম্পৰাগত থলুৱা খাদ্যৰ বাবে পৰিচিত ভোগালী জলপানৰ খাদ্য-সামগ্ৰী এতিয়া মুম্বাইত সহজে উপলব্ধ হ'ব।নৰ্থ ইষ্ট ডেলিকেচী নামৰ এটা প্ৰতিষ্ঠানৰ সহযোগত এই খাদ্য-সামগ্ৰী মুম্বাইবাসীৰ বাবে আগবঢ়োৱা হৈছে। নৰ্থ ইষ্ট ডেলিকেচীৰ ৱেবছাইট www.northeastdelicacy.com ৰ জৰিয়তে ভোগালী জলপানৰ কোমল চাউল, জহা চাউল, সান্দহ, বিভিন্ন চিৰা, আখৈৰ লগতে উন্নত মানৰ জলপান যেনে মিল্কি সান্দহ, মিল্কি জলপান, আখৈগুৰি আদি সহজে উপলবদ্ধ হ'ব। 

৯) অখিল ভাৰতীয় সাহিত্য পৰিষদ, অসমৰ উদ্যোগত আৰু নলবাৰী জিলা শাখা সাহিত্য পৰিষদৰ সহযোগত কাইলৈ নলবাৰীৰ বৰনদী ছোৱালী হাইস্কুল প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে শিশু কবি সমাৰোহ আৰু বিনামূলীয়া সাধুকথাৰ পুথি বিতৰণ অনুষ্ঠান এটি আয়োজন কৰা হৈছে। 

১০) মিচিং ৱৰ্ল্ডঃ আৰ্থ সামাজিক আৰু সাংস্কৃতিক গৱেষণা কেন্দ্ৰ অসমৰ ষষ্ঠসংখ্যক প্ৰতিষ্ঠা দিৱস বৃহস্পতিবাৰে গুৱাহাটীৰ জাপৰিগোগস্থিত মুৰুং ঘৰত অনুষ্ঠিত হয়। অনুষ্ঠানত মিচিং ৱৰ্ল্ডে সাহিত্য সংস্কৃতি আৰু সমাজ জীৱনত আগবঢ়োৱা অবদানৰ বাবে তিনিগৰাকী ব্যক্তি, সমাজকৰ্মী কুলেশ্বৰ লাগাচু, অভিনেত্ৰী তৃষ্ণা পেগু আৰু ৰাষ্ট্ৰীয় ফেল'শ্বিপ প্ৰাপ্য সাংবাদিক মনোৰঞ্জন বড়িক সম্বৰ্ধনা জনোৱা হয়।
-যুগুতালে ৰূপাংকৰ চৌধুৰীয়ে

No comments:

Post a Comment