মিছা ক'লে কি ডাল হব (ৰস ৰচনা) - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মিছা ক'লে কি ডাল হব (ৰস ৰচনা)

মিছা ক'লে কি ডাল হব (ৰস ৰচনা)

Share This
“হু ইজ অসমীয়া বে?” 
ঈশানজ্যোতি বৰা
আমাৰ জনপ্ৰতিনিধিসকলে অসমীয়াৰ সংজ্ঞা বিচাৰি হাবাথুৰি খাইছে৷ মহানুভৱসকলৰ জাতি-প্ৰেম আৰু দায়িত্ববোধৰ দৃষ্টান্তই আমাৰ ওচৰৰে কেইজনমানৰ সচেতন মানুহৰ গা লৰালে ৷ সেয়ে সচেতন নাগৰিকসকল মিলি এঠাইত থূপ খালে, কেৱল আৰু কেৱল এটা উদ্দেশ্য সিদ্ধিৰ বাবে ৷ অসমীয়া প্ৰকৃততে কোন ? অসমত থকা মানুহখিনি অসমীয়া হয়নে? অসমীয়া ক’ব জনাখিনি অসমীয়া হয় নে? অসমীয়া ক’ব জানে; কিন্তু লিখিব বা পঢ়িব নাজানে ৷ সেইসকল অসমীয়া হ’বনে? 

অসমতে থাকে, কিন্তু ভাষা-সাহিত্য-সংস্কৃতি খায় নে কাণতেই পিন্ধে একো নিচিনে৷ সেইসকল অসমীয়া হ’বনে, ইত্যাদি কেইবাটাও বিস্ফোৰক প্ৰশ্নৰ উত্তৰ বিচাৰিয়েই সভাৰ আয়োজন ৷ যথাসময়ত সভাপতিয়ে ভাষণ আৰম্ভ কৰিলে- -“নমস্কাৰ শ্ৰদ্ধাভাজন ৰাইজ৷ আমি আজি ইয়াত উপৱিষ্ট হৈছোঁ ‘অসমীয়া’ৰ ডেফিনিশ্যন মানে স...স...সগা বিচাৰি....” “ধেইই !আৰম্ভণিতেই কেণা লাগিলেই ৷ সভাপতিৰ মুখত কথাই নুফুটে ৷”-সভাপতিৰ ভাষণৰ নমুনাই সভাপতিৰ কাষতে বহি থকা খাৰঘৰীয়াক যেন অস্থিৰ কৰি তুলিছে ৷ 

-হেৰা,সগা নহয় হে ৷ সংজ্ঞা, সংজ্ঞা !! –অধৈৰ্য হৈ খাৰঘৰীয়াই চিঞৰিলে ৷ 
-অ’হ ছৰি !৷ সংজ্ঞা বিচাৰি ৷ ক’ৰপৰা আৰম্ভ কৰোঁ এতিয়া ! হেৰি মজুমদাৰ আপুনি কি ভাবে এই বিষয়ে ?-সমুখতে বহি থকা মজুমদাৰলৈ আমি সকলোৱে চালে ৷ কি বা কয় মহাশয়ে ! 

-ভাবিবলৈ কিডাল আছে আৰু ! হাৰে ভাই, হ’ল লাইফ মই অসমত কটাইছোঁ ৷ খাইছোঁ অসমীয়া খাদ্য,পিন্ধিছোঁ অসমীয়া কাপোৰ,পাতিছোঁ ৰঙালী বিহু,কঙালী বিহু ৷ এইবাৰতো ভোগালী বিহুৰ লগত ৰঙালী বিহুটো ‘মিক্স’ কৰি এটা ইউনিক বিহুয়েই খালোঁ৷ গতিকে মই দেখদেখকৈ এজন খাঁটি অসমীয়া নহ’লো জানো ?-মজুমদাৰে যুক্তি দৰ্শালে৷ 

-হেৰি মজুমদাৰ, লাজ নালাগে নে গোকাট মিছা কথাবোৰ এইদৰে ৰাজহুৱাকৈ কৈ থাকিবলৈ ? আপোনাৰ ল’ৰা-ছোৱালীহালক দেখোন ইংৰাজী স্কুলতহে দিলে! সেইকেইটাই দেখোন অসমীয়াত ‘মা’ বুলিবই নাজানে ৷ –মজুমদাৰৰ বাওঁকাষে বহি থকা দাধৰাই মজুমদাৰক উভতি ধৰিলে ৷ 

-হমম কেচটো অলপ গণ্ডগোলীয়া দেখোন ! মজুমদাৰ আপুনি খন্তেক জিৰাওক ৷ আপোনাৰ ‘অসমীয়াত্ব’ৰ পিউৰিটিখিনি পাছত চেকনিৰে চেকি চাব লাগিব ৷ এইবাৰ ‘নেক্সট্’ কোনে ক’ব? গোঁহাইয়ে কওক-সভাপতিয়ে মজুমদাৰক বহিবলৈ নিৰ্দেশ জাৰী কৰি শেষৰ বেঞ্চত বহি থকা গোঁহাইক বক্তব্য ৰাখিবলৈ অনুমতি দিলে ৷ 

-গোঁহাইয়ে কি ক’ব নো ? সৌসিদিনাখন মাত্ৰ বিদেশৰ পৰা আহি অসম সোমাইছেহি ৷ যিটো মানুহৰ জন্ম বিদেশত,হাৱা-পানী বিদেশৰ,পত্নী বিদেশৰ-সেইজন কেনেকৈ অসমীয়া হ’ব পাৰে হে ? অসমৰ জিলা কেইখন কওকচোন৷

ত্ৰিভুৱন মহন্ত খঙাল সিংহ এটাৰ দৰে গৰজি উঠিল ৷ মাই ডিয়েৰ লেডিছ এণ্ড জেন্টলমেন, প্লিজ ডু নট মেক নয়চ৷-গোঁহাইয়ে কিবা এটা ক’বলৈ মুখখন মেলিছিল ৷ সেইয়া তেওঁৰ ভাষাও বিদেশী ৷ তেনেতে চুকত অকলশৰে বহি থকা বেজবৰুৱাৰ উপলুঙাসূচক কথাষাৰ শুনি তেওঁ পুনৰ চকিত বহি থাকিল ৷

 -বেজবৰুৱা,আপুনিয়েই কওক অসমীয়া কোন? 
-বেজবৰুৱাই কি ক’ব ! মই কৈছোঁ শুনক৷
-বেজবৰুৱাই তত্বগধুৰ বক্তব্য এটা দিয়াৰ মানসেৰে আসনৰ পৰা থিয় হৈ চোলাটো জাৰি-জোকাৰি প্ৰায় সাজু হৈছিলেই৷ তেনেতে পিছফালৰ পৰা অহা গহীন মাতটোৱে তেওঁৰ শুভযাত্ৰাত ব্যাঘাত জন্মালে ৷ বেজবৰুৱাৰ লগতে সকলোৱে পিছফালে ঘূৰি চালে,মানুহ এজন সম্ভ্ৰমেৰে আগুৱাই আহিছে ৷ ওঁঠৰ ফাঁকত বিড়ি এটা ৷

 “হেৰৌ ! তই কেতিয়াৰপৰা অসমীয়া হ’লি ? কাঁটা তাৰ পাৰ হৈ অসমত দুদিনমান থাকিয়েই তই নিজকে অসমীয়া বুলি ক’ব পৰা হৈ গ’লি ! কোন ক’ত আছ এইটোক দেচোন দুপাতমান ৷ অসমৰ মাছ খাই ইয়াৰ তেল ফাটিছে ৷”-উগ্ৰসেন বুলি জনাজাত বীৰণে দত্তই চকু ৰঙা কৰি ঘোপাকৈ আগন্তুকৰ ফালে চালে৷

 “মা কচম ! এইকেইজনৰ কথা শুনা ! তোমালোকৰ মানুহ এজন সেইদিনা মোৰ চিনাকি ল’বলৈ গৈছিল ৷ কিবা বোলে বিদেশী চিনাক্তকৰণ কৰিব৷ সিপিনে মোৰ গাত অকণো বিদেশীৰ চিন-চাব নাই ৷ তেওঁক মই বুজালোঁ-হেৰি ডাঙৰীয়া, কিমান সলসলীয়াকৈ মই অসমীয়া কৈ আছোঁ দেখা নাই ! আমাৰ পূৰ্বপুৰুষ এজন কোন কাহানিবাই দহ টকা এটা দি তাঁৰ পাৰ হৈ অসম সোমোৱাৰ কথাটো সঁচা ৷ মই তেখেতৰ ল’ৰাই ৷ কিন্তু এতিয়া চাওকচোন আপোনালোকৰ কৃপাতেই অসমীয়া ক’ব পৰা হ’লো,বিহুৰ দিনা লুংগী নাচ নাচিব পৰা হ’লো,ল’চালি কেইটাও লিপষ্টিক-কাজল নাচি যোৱা এক সপ্তাহ সংস্কৃতি বচায়েই আছে৷

বাকী খেতি কৰা, মাছৰ বেপাৰবোৰৰ কথা নকলোয়েইবা ৷ বুজিছে ডাঙৰীয়া আমি নহ’লে আপোনালোকে এতিয়া এটা ভৰিও ইফাল-সিফাল কৰিব নোৱাৰে৷ পান কাৰ্ড,আধাৰ কাৰ্ড,ৰেচন কাৰ্ড,ভোটাৰ কাৰ্ড-এইবোৰতো দেখিছেই এজ এ প্ৰুফ ৷ চ’ হোৱাতচ দা প্ৰবলেম !” বুজিছে ডাঙৰীয়াসকল, মোৰ অকাট্য যুক্তি শুনি তেওঁলোকে মোক বিদেশী বুলি চিনাক্ত নকৰি খাঁটি অসমীয়া বুলি চিনাক্ত কৰিলে৷ আৰু তেতিয়াৰপৰাই মইয়ো আপোনালোকৰ মাজৰে এজন অসমীয়া হৈ পৰিলোঁ৷ এতিয়া কওকচোন, হু ইজ অসমীয়া?” সভাপতি, মজুমদাৰ, দাধৰা, বেজবৰুৱাই চকু বহল কৰি ‘অসমীয়া’জনলৈ চোৱাত লাগিল ৷ যেন মানুহজন ‘মানুহ’ নহৈ দিনতে দেখা দিয়া ভূতহে......

No comments:

Post a Comment