গ্ৰন্থ আলোচনা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

জাহিদ আখতাৰৰ প্ৰথম উপন্যাস
 “ষ্টৰি অফ টুবলু”

অজয় লাল দত্ত
অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা কম্পিউটাৰ ইঞ্জিনীয়াৰিঙৰ স্নাতক জাহিদ আখতাৰে নিজৰ সৃষ্টিশীলতাৰে ভাৰতীয় ইংৰাজী ভাষাৰ ব্লগৰ পৃথিৱীত জিলিকি উঠিছিল “ফ্লেশ্ববেক” নামৰ ব্লগটিৰ জৰিয়তে। জালুকবাৰীৰ কৃষ্ণচূড়াৰ তলৰ প্ৰেম কাহিনীৰ পৰা ধৰি জীৱনৰ বহু সৰু-বৰ অভিজ্ঞতাৰ কথাৰে জীপাল হৈ উঠা জাহিদৰ এই ব্লগে জনপ্ৰিয়তাৰ শিখৰলৈ দোপতদোপে আগুৱাই গৈছিল। সৰল ভাষাত, প্ৰাঞ্জল বৰ্ণনাৰে এই স্মৃতি ৰোমন্থনৰ কলা বৰ্তমান বেংগেলুৰু নিবাসী জাহিদৰ লেখাৰ মাজত জিলিকি উঠিছিল। এই জনপ্ৰিয়তাই বঙাইগাঁৱত শৈশৱ আৰু কৈশোৰ কটোৱা জাহিদক প্ৰেৰণা দিছিল এখন উপন্যাসৰ কামত হাত দিবলৈ। মন কৰিলেই সৃষ্টিশীল মনে গতি পায়, জাহিদৰ এই হেঁপাহেও পূৰ্ণতা পালে, তেওঁ লিখি উলিয়ালে “ষ্টৰি অফ টুবলু”। ফেচবুক আৰু ছ’চিয়েল মেডিয়াৰ মাধ্যমেৰেই খবৰ পালো, দিল্লীৰ লাই-ফাই পাব্লিকেচনে প্ৰকাশ কৰিবৰ বাবে উপন্যাসখন নিৰ্বাচন কৰাৰ কথা। যোৱা ২০ ফেব্ৰুৱাৰী দিনা নতুন দিল্লীত অনুষ্ঠিত বিশ্ব গ্ৰন্থ মেলাত জৱাহৰ লাল নেহৰু বিশ্ববিদ্যালয়ৰ চেণ্টাৰ ফৰ ইংগলিচ ষ্টাডিজৰ চেয়াৰপাৰ্চন প্ৰফেচৰ হৰিশ নাৰংগে উন্মোচন কৰিলে এই উপন্যাসখনি।

এই উপন্যাসখনিৰ নামৰ সৈতে সংলগ্ন শাৰীটোৱেই যেন উপন্যাসখনিৰ উপজীব্যখিনিক তুলি ধৰিছে। এক অপূৰ্ব যাত্ৰা, জীৱনৰ...এই শাৰীটোৱেই আমাক কৈছে যে জাহিদৰ এই কাহিনীত জীৱনে সাৰ পাইছে। অসমৰ দুখ বানে-ধোৱা পৰিয়ালৰ উত্তৰণৰ কাহিনীয়ে ইংৰাজী ভাষাত বিশ্বৰ দৰবাৰ গৰকিবলৈ সক্ষম হৈছে যেন জাহিদৰ এই উপন্যাসৰ জৰিয়তে। বানত সকলো হেৰুওৱা বিপিন আৰু একমাত্ৰ কনমানি টুবলুৱে শৰ্মাৰ পৰিয়ালত আশ্ৰয় লৈ জীয়াই থকাৰ আশা বিচাৰি পাইছে। ক্ৰমাত পৰিয়ালটিৰ সৈতে গঢ়ি উঠা আন্তৰিকতাৰ মাজতে শৰ্মাৰ জীয়াৰী মাইনাৰ সৈতেও শৈশৱৰ লগৰী হৈ উঠিছে টুবলু। শৈশৱৰ লগৰী, কৈশোৰৰ লাজৰ অনুভৱৰ মাজেদিয়ে দুয়োৰে বন্ধুত্ব গঢ় লৈ উঠিছে। স্কুল, কলেজৰ দিনৰ সৰস আৰু সৰল বৰ্ণনাৰ মাজত কাহিনীটোৱে গতি পাইছে।

মাইনাৰ প্ৰতি টুবলুৰ অন্তৰত গঢ় লোৱা ভাল পোৱাৰ বীজটোৱে জীৱনত তাইৰ জোখৰ মানুহ হব পৰাকৈ নিজকে গঢ়ি তোলাৰ বাবে টুবলুৰ জীৱনলৈ দিছে গভীৰ প্ৰত্যাহ্বান। টুবলুৱে এই প্ৰত্যাহ্বান গ্ৰহণ কৰিছে। এঘৰত আশ্ৰয় লোৱা ল’ৰাৰ পৰা এক স্বাধীন, নিজৰ ভৰিত থিয় দিয়া কৰ্মঠ মানুহ হিচাবে নিজকে গঢ় দিয়াৰ চেষ্টাত ব্ৰতী হৈছে। জীৱন নাটৰ বিভিন্ন উত্থান-পতন, সময়ে দিয়া শিক্ষা এইবোৰকে সাৱতি ক্ৰমাত টুবলু এই জীৱন নামৰ যাত্ৰাত এক আশাবাদক সাৱতি আগুৱাইছে। দুশ বিশ পৃষ্ঠাৰ এই উপন্যাসখন মাত্ৰ এটা বহাতে পঢ়ি শেষ কৰিব পাৰি। আৰ্থিক দৈন্যতাৰে প্ৰকৃতিৰ প্ৰত্যাহ্বানকো নেওচি এক উজ্জ্বল জীৱনৰ সন্ধানত “ষ্টৰী অৱ টুবলু” যেন এক সফল যাত্ৰা। 

বৰ্তমান আমাজান, ফ্লিপকাৰ্ট আদিৰ জৰিয়তে অনলাইন ক্ৰয় কৰাৰো সুবিধা থকা দুশ বিশ টকা মূল্যৰ কিতাপখন পঢ়ি বহু ব্লগাৰ তথা সমালোচকে এই গ্ৰন্থখনিক অলস আবেলি এটা উজ্বলাই তুলিব পৰা প্ৰেৰণাময় উপন্যাস হিচাবে আখ্যা দিছে। জাহিদৰ এই প্ৰথম গ্ৰন্থই তুলি ধৰা সম্ভাৱনাৰ বাবেই আমিও আশা কৰিছো, জালুকবাৰীত কম্পিউটাৰৰ শিক্ষা লৈ চফটৱেৰ বনাই কৰ্মময় জীৱনত ব্ৰতী এই প্ৰতিভাবান অসমীয়া যুৱকজনে আমাৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা ওলোৱা এজন খ্যাতনামা লেখক হওক, চেতন ভগতৰ দৰেই সফল হওক। ৰঙীন কৃষ্ণচূড়াই মতলীয়া কৰা জালুকবাৰীৰ আয়ুৰ্বেদিক কলেজৰ চৌহদতে প্ৰেয়সী ৰূপে অঞ্জলিক বিচাৰি পাই জীৱনসংগী কৰা জাহিদৰ কলমত ন ন সৃষ্টি জোৱাৰ আহক। জীয়াৰী জিয়াৰ মৰমেও প্ৰেৰণা যোগাওক, জীৱনৰ এই অবিৰত যাত্ৰাত জাহিদৰ এই সৃষ্টিশীল যাত্ৰাই পাওক পূৰ্ণতা। আহক আমিও এই গ্ৰন্থৰ বুকুত বিচাৰি চাও, জীৱনৰ এক উত্তৰণমুখী যাত্ৰাক।

No comments:

Post a Comment