জীৱনৰ অনুভৱ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সমন্বয়ৰ ভেটি
অজয় লাল দত্ত


(১)
মায়ে সুধিবলৈ দিয়াত এইমাত্ৰ কনমানিক ফোনত সুধিলো, 
মিস্ত্ৰী ককাই কি গায়?
পুত্ৰ অমনৰ উত্তৰঃ জিকিৰ গায়, 
আৰু যোগালি দাদাকেইজনে?
সি উত্তৰ দিলেঃ ঐনিতম!

ধেমাজিৰ জন্মস্থানৰ পুৰণি ভেটিত নতুন ঘৰ সাজিছো। তাতেই আইতাৰ পাঠশালাত নাতিকন তথা আমাৰ নৱ-প্ৰজন্মই শিকিছে অসমীয়াৰ জাতি-জনগোষ্ঠীৰ সহযোগিতা, সহ-অৱস্থান, সম্প্ৰীতি আৰু সমন্বয়ৰ পাঠ! আশা কৰিছো এই ঘৰ সমন্বয়ৰ ভেটি হৈ উঠক!
(২)
আমাৰ মূল মিস্ত্ৰীগৰাকী জনিয়াত জন্মগ্ৰহণ কৰা তথা ঘাইঘৰ থকা ইছলাম ধৰ্মী লোক। তেখেত সৰুৰে পৰাই ধেমাজিতে ডাঙৰ দীঘল হোৱা, ধেমাজি কলেজৰ প্ৰথম পকাঘৰ নিৰ্মাণৰ সময়ত তাত যোগালি হিচাবে কেৰিয়াৰ আৰম্ভ কৰা লোক। তেতিয়া তেখেতে হেনো ধেমাজিৰ জনজাতীয় পৰিবেশৰ সৈতে একেবাৰে মিলি পৰি স্থানীয় পৰিবেশৰ সকলো খাদ্য-পানীয় আদি গ্ৰহণো কৰিছিল। বৰ্তমান তেখেতে মোক বুজাই দিয়া মতে আমাৰ শৰণ লোৱাৰ দৰে, তেখেতেও গুৰুৰ ঘৰত শৰণীয়া হ'ল। তেতিয়াৰ পৰা এইবোৰ সকলো এৰিলে। সেয়ে এতিয়া যতে ত'তে একো নাখায়, ভকতীয়া মানুহৰ দৰেই যি কোনো হোটেলতো। তেখেতে দিনত সেয়ে আমাৰ ঘৰত মা বা মোৰ পত্নীয়ে দিয়া জলপান আৰু দৈ গাখীৰহে গ্ৰহণ কৰে। সকলোকে নিজৰ পচন্দৰ ধৰ্মৰ উপাসনা তথা নীতি নিয়ম পালনত সহায় সহযোগ কৰাটো এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰৰ নাগৰিক হিচাবে আমাৰ কৰ্তব্য বুলিও বিবেচনা কৰো। মাহঁতেও সেই কাম নিয়াৰিকৈ কৰিছে।

আকাশ আলি নামৰ দাদাজনে আনকি মিচিং সম্প্ৰদায়ৰ ৰঙীয়াল যোগালি ডেকা কেইজনৰ সতে মিচিং ভাষা/দোৱানতে কথা-বতৰা পাতিব পাতে, সলসলীয়াকৈ কয়। অথচ আমি ধেমাজিতে জন্মগ্ৰহণ কৰি এতিয়ালৈ মিচিং দোৱানৰ কেইটামান বাক্যৰ বাদে বাকীখিনি কব নোৱাৰো বা বুজিব পৰাকৈ শিকিব নোৱাৰিলো বা শিকিবলৈ আগ্ৰহ প্ৰকাশ নকৰিলো। কিমান লাজ লগা কথা নহয়নে?

ঘৰৰ কাম চলি থকাৰ মাজতে ৰঙীয়াল নৈ-পৰীয়া ডেকা কেইজনে মৌচম গগৈৰ মিচিং গীত মোবাইলতে বজাই লৈহে কাম কৰে। জুবিন গাৰ্গ তেওঁলোকৰ প্ৰিয় গায়ক, জুবিন বুলিলে এক প্ৰকাৰ পাগল। তৰুলতাৰ ঐনিতমে যেনেকৈ তেওঁলোকৰ হৃদয়ত লহৰ তোলে, তেনেকৈ জুবিন-মৌচমেও মিচিং গীত গোৱাত তেওঁলোক অতিশয় সুখী আৰু সেইবোৰ গীতো অহৰহ শুনি থাকিহে কাম কৰিবৰ মন কৰে। অতি ৰঙীয়াল, কৰ্মঠ, ডেকা কেইজনৰ কাম-কাজ দেখিয়েই ভাল লাগে। মই থকা কেইদিনত তেওঁলোকৰ লগতে কথা-বতৰা পাতি দিনটো পাৰ কৰিছিলো। গান লগাই কাম কৰাত বৰ সন্তোষ পাইছিলো। 

মই ডেকা কেইজনক কৈছিলো, বহী একোখন কিনি লবলৈ। পাঁচ টকীয়া এটা কলম আৰু দহ টকীয়া এটা কলম লগত ৰাখি প্ৰতিদিনে কৰা কাম-কাজ, লোহাৰৰ চাইজ, হিচাব আদি লিখি যাবলৈ বুলি অনুৰোধ জনাইছিলো। যাতে আমাৰ মিস্ত্ৰীজনৰ দৰেই বাকী ডেকাকেইজনো এইদৰে কাম শিকি যোগালিৰ পৰা মিস্ত্ৰী হব পাৰে। মাজ সাগৰত তেল বিচাৰি কটোৱা পাঁচ বছৰৰ অভিজ্ঞতাৰে তেওঁলোকক প্ৰতিটো খোজতে শিকি আগুৱাবলৈ কৈছিলো। তেওঁলোকেও সদায় যোগালি নাখাটি, প্ৰতিদিনে কাম শিকি পকা মিস্ত্ৰী হব বুলি কথা দিছিল। ল'ৰা কেইজনৰ মাজতো লাহে লাহে প্ৰতিটো কামতে শিকাৰ মনোভাৱ দেখিবলৈ পাইছিলো। ঘামৰ ফচলৰ এই কামত জাতি-ধৰ্ম বা বৰ্ণ-জাত-পাতৰ খেল নাই! তাকেই ভাবি মনটো ভাল লাগিছিল।

আমাৰ মিস্ত্ৰীজনে অসমীয়া ইছলামধৰ্মী লোকসকলৰ বিভিন্ন মূলৰ বিষয়ে যথেষ্ট খিনি বুজাই দিলে। অসমতে কব নোৱাৰা দিনৰে পৰা বসবাস কৰা লোক সকলকো বিদেশী-মিঞা আদি নয়াৰ্থক শব্দৰে বহুলোকে সহজেই আক্ৰমণাত্মক কথা কোৱাৰ কথাতো অসন্তোষ প্ৰকাশ কৰিলে। অসমত বাংলাদেশী নাই বুলি কোৱা নাই, কিন্তু সকলো ইছলাম ধৰ্মী অসমবাসী লোকেই "বাংলাদেশী মিঞা" নহয়! তেওঁ সেই কথাও সজোৰে উপস্থাপন কৰিলে।

মই তেতিয়া তেখেতক কৈছিলো-"দাদা, ঈদৰ সময়ত যে গুৱাহাটী খালী হৈ যায়, কিয় বাৰু। উত্তৰো দিছিলো ময়েই, গাঁৱত এখন ঘাই ঘৰ থকাৰ বাবেহে কৰ্ম-পেশাৰ খাতিৰত মহানগৰীলৈ অহা মানুহবোৰ গাঁৱলৈ উভতি যায়! মন কৰিবচোন, সেই কেইদিনত ক্ৰুইজাৰ, ৱিংগাৰ ভাড়া কৰি গাঁৱলৈ যোৱা পৰিয়ালবোৰলৈ। সকলো লোক বাংলাদেশলৈ উভতি যায় জানো! সকলো কথাতে কেৱল আন্তৰ্জাতিক মাইগ্ৰেচনৰ কথা ভবা সকলে কিন্তু নামনি বা উজনিত বানৰ কৱলত বা নানান আৰ্থিক অনাটনত মহানগৰ বা বেলেগ চহৰমুখী হোৱা সকলো ধৰ্মৰ লোকৰ এই অস্থায়ী মাইগ্ৰেচনক বুজিবলৈ যত্ন নকৰে। এতিয়া ঘাই ঘৰ নোহোৱা বিদেশীখিনিক বাচি উলিয়াবলৈ দেখুন গাঁৱৰ গাঁওবুঢ়া সকলক লৈ সৰ্বদলীয় কমিটি বনালেই লেঠা মৰে। এনেই ৰাজনীতি কৰি থাকে কিয়?" মিস্ত্ৰীজনেও ঘাই ঘৰ বিচৰাৰ ধাৰণাটোত হয়ভৰ দিলে আৰু ইতিবাচক খোজ দি এই লেঠাটো সোনকালেই চিগাটোকেই মনে-প্ৰাণে কামনা কৰে বুলি মনৰ ভাৱ ব্যক্ত কৰিলে।

হয় ঠিকেই, সাৰাংশ হিচাবে এই কথাকেই কব খুজিছো! এতিয়া আমি নিজকে মূলসুঁতিৰ অসমীয়া বুলি দাবী কৰা সকলে এই কথাবোৰ বুজিব লাগিব। তৃণমূলীয় পৰ্যায়ত ইছলাম ধৰ্মী শ্ৰমজীৱি মানুহ আৰু অসমৰ জাতি-জনগোষ্ঠীৰ মানুহে শান্তিৰেই সহযোগিতাৰে একেই গানৰ লহৰত কাম কৰি ভাত মোকোলাইছে। সেই কথাও আমি উপলদ্ধি কৰিব লাগিব।

আমি নিজকে জাতিৰ স্বয়ম্ভু অভিভাৱক সাজি ৰাজনীতিৰ কলুষতাৰে এই নিভাঁজ সমন্বয়ৰ ভেটিত সিন্ধি দিয়াৰ আমাৰ "বৌদ্ধিক" মানসিকতাটো সলাবৰ হ'ল। তাতোকৈ অসমৰ বিভিন্ন নিভাঁজ ভাষা, উপভাষা, দোৱান, সংস্কৃতিৰ সমল আহৰণ কৰি সকলোৰে হৃদয়ত সোমাব পৰাৰ ৰাস্তা বিচৰাৰহে সময় আহিল। নিজকে মূলসুঁতিৰ অসমীয়া বুলি দাবী কৰা স্বয়ম্ভু নেতা-বুদ্ধিজীৱীৰ সংজ্ঞা-সূত্ৰই যে আচল অসমীয়া সমাজৰ সম্প্ৰীতিময় অথচ এনে সুক্ষ্ম উপাদান সমূহক চুই যাব পাৰিব তাক লৈ আমাক এক সু-গভীৰ সন্দেহ আছে। তাত হয়তো আপুনিও হয়ভৰ দিব!
(৩)
অসম এচোছিয়েচন, মুম্বাইয়ে প্ৰতি বছৰেই "ঈদ-এ-মিলান" নামৰ এটি অনুষ্ঠানৰ আয়োজন কৰি আহিছে। এইবাৰো পাতিবলৈ লোৱা বুলি গম পাইছো। অসম ভৱনৰ প্ৰাংগণত হোৱা এই অনুষ্ঠানলৈ প্ৰথমবাৰ যাওতে মনটো বৰ ৰঙীয়াল হৈ উঠিছিল। যদিও "ঈদ-এ-মিলন" নামটোৱে কিবা ধাৰ্মিক ধাৰ্মিক অনুভৱ দিয়ে, কিন্তু তাত তাৰ কোনো ৰেশ নাছিল। সকলো জাতি-উপজাতিৰ মুম্বাইবাসী অসমীয়াই তাত ভাগ লৈছে। অনুষ্ঠানটো আৰম্ভ হৈছে আকৌ দেহ-বিচাৰ গীতেৰে। তাৰ পাছত জিকিৰ আৰু জাৰী। তাৰ পাছত কাৱালী, লোকগীত, লোক-সংগীতৰ বাদ্য-যন্ত্ৰ, বৰকাঁহ বজোৱা সাংস্কৃতিক সমাহাৰ ইত্যাদি। সংগীতসজ্জা কৰোতাৰ জাতি, ঘোষকৰ ধৰ্ম, জিকিৰ পৰিবেশনত ভাগ লোৱা গৰাকীৰ আঁহফলা পৰিচয় লোৱাৰ সুৰুঙা সম্প্ৰীতিৰ এই মঞ্চত নাই!

সকলো ধৰ্মালম্বী অসমীয়াই প্ৰাণ ভৰি এই সাংস্কৃতিক কাৰ্যসূচীত অংশ লয়। তাত কোনো বিভেদৰ চিন নাই, অসম ভৱনত বাহৰ পাতি থকা কৰ্কট ৰোগী সকল তথা আত্মীয় সকলেও এদিন সম্প্ৰীতিৰ অসমৰ সন্ধিয়া এটি উপহাৰ পাই মনত কিছু হলেও সতেজতা পায়, আমিও। 

অসমীয়াৰ ভেটি আচলতে এনেকুৱা, প্ৰীতি-সম্প্ৰীতিহে। ভাৰতৰ একোণৰ পৰা গৈ বিদগ্ধ পণ্ডিত সাজি অসম আৰু অসমীয়াক লৈ "বক্তব্য" দিব বিচৰা অপশক্তি সমূহে আচলতে এই ভেটিৰ বিষয়ে একোৱেই নাজানে। ক্ৰমাত ধৰ্মৰ নামত ৰেডিকেল চিন্তাৰ গ্ৰাসলৈ গৈ থকা স্পৰ্শকাতৰ অসমীয়া সমাজখনে এই অসমীয়াৰ গৌৰৱ স্বৰূপ এই উদাৰতাৰ মনোভাৱক সংৰক্ষণ কৰিবই লাগিব। তাকে কৰিব নোৱাৰিলে অসম ৰসাতলে যাব সেয়াও নিশ্চিত!

No comments:

Post a Comment