হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
ৰাষ্ট্ৰীয় গুজৱ.কম
১. উত্তৰ প্ৰদেশত আজম খান খুড়াদেউৰ বিষয়ে ফেচবুকত পোষ্ট কৰি এজন ছাত্ৰ কাৰাগাৰলৈ যোৱাৰ ঘটনাৰ পাছতে এতিয়া খুড়াদেউৰ প্ৰিয়তমা হেন মহ কেইগৰাকীৰ ওপৰত প্ৰেমৰ কবিতা পোষ্ট কৰি অন্তত থানাত এৰাতি কটোৱাৰ সুবিধা কবি সমাজলৈ আগবঢ়োৱা হৈছে বুলিও গুজৱ প্ৰকাশ পাইছে।

২. ৰাহুল ককাইদেউ নিৰুদ্দেশ হোৱাৰ হোৱাৰ খবৰটো পোৱাৰ পাছৰে পৰা সদৌ অসমীয়া ৰাহুল ফেন ক্লাৱে দিল্লীৰ গুমশূদা তালাচ কেন্দ্ৰলৈ ফোন লগাই হাঁহাকাৰ কৰাৰ কথা জানিব পৰা গৈছে। কেন্দ্ৰটোৰ ফোন উঠোৱা লোক জনেও পিছে ৰাহুল কাইৰ চুলিৰ ৰং, পোছাকৰ বিৱৰণ আদিৰ কথা লিপিবদ্ধ কৰিবলৈ অস্বীকাৰ কৰা বুলিও খবৰ পোৱা গৈছে। এজন চিপাহীয়ে আগতে দিল্লীত সেই কাম কৰি টিভি চেনেলৰ পৰা সংসদলৈ কঁপনি তুলি দিয়াৰ বাবেই এই বিৱৰণ লিখিবলৈ লোকজনে অস্বীকাৰ কৰা বুলিও বিশ্লেষকে মত প্ৰকাশ কৰিছে।

৩. সদৌ অসম বৃদ্ধ ছাত্ৰ সন্থাই দিয়া সংজ্ঞা গ্ৰহণ নকৰে হেনো সদৌ অসম বগাটুপি ছাত্ৰ সন্থাই। যি নেতাই নিজৰ জন্মদিনৰ হিচাবত ছাত্ৰ সন্থাৰ নেতৃত্বৰ পৰা নিজকে বহিস্কাৰ নকৰে, তেনে নেতাই কোনো চন বা বছৰ নিৰ্ধাৰণ কৰি আন মানুহক দেশৰ পৰা বহিস্কাৰ কৰাৰ কোনো নৈতিক অধিকাৰ নাই বুলিও বগাটুপি ছাত্ৰ সন্থাই স্পষ্ট কৰি দিয়া বুলি সংবাদ পত্ৰই প্ৰকাশ কৰিছে।

৪. সদৌ বাংলাদেশী অসমবাসী ছাত্ৰ সন্থাই আজি ৱৰ্ল্ড কাপৰ খেলত আজি আজোককাৰ জন্মভূমি বাংলাদেশ পৰাজিত হোৱাত শোকত ভাগি পৰাৰ খবৰ আমালৈ আহি আছে। আজোককাৰ জন্মভূমি ভাৰ্চেচ নতুন বাস-কৰ্মভূমিৰ খেলত কৰ্মভূমিৰ বিজয়কে উদযাপন কৰি আজি সন্ধিয়া স্ফুৰ্তিপানী গলাধকৰণ কৰি শোক পাতলাব বুলিও গোপন সূত্ৰত প্ৰকাশ পাইছে।

৫. টীম ইণ্ডিয়াই ৩০২ স্কৰ কৰাত টুইট কৰি আনন্দ প্ৰকাশ কৰা নৰেন দদাইদেৱে তেওঁৰ দহ মাহত কৃষক ইণ্ডিয়াৰ আত্মহত্যাৰ স্ক’ৰ ৬০২ পাৰ হোৱাৰ পাছতো কোনো টুইট কৰি দুখ প্ৰকাশ কৰা কিয় নাই বুলিও প্ৰশ্ন উঠিছে। অৱশ্যে টুইট কৰা নকৰাটো তেওঁৰ ব্যক্তিগত অধিকাৰ বুলিও নৰেন ফেন ক্লাৱে স্পষ্ট কৰি এইবিষয়ে প্ৰশ্ন নুতুলিবলৈ চ’ছিয়েল মেডিয়াত কাতৰ আহ্বান জনাইছে।

৬. কৰ্ণাটকতো এজন আই.এ.এছ বিষয়াৰ মৃত্যুৰ পাছতে তেওঁৰ সততাক লৈ গুণগান হোৱাৰ কথালৈ লক্ষ্য কৰি সচেতন নাগৰিক সংঘই নমৰালৈকে ভাল বিষয়া চিনি নোপোৱা সমাজ ব্যৱস্থাক কঠোৰ সমালোচনা কৰিছে। শ্বহীদ হোৱাৰ পাছত শৰাধ খোৱা জাতি হোৱাতকৈ ভাল বিষয়া সকলক সুৰক্ষা দিবলৈ ব্যৱস্থা লবলৈকো ভাল দিনৰ সপোন বেপাৰী সংঘক আহ্বান জনাইছে।

৭. টিভিৰ তাৰকা ৰাম কাপুৰে নিজৰ দেহ সৌষ্ঠৱক লৈ অতিশয় সন্তুষ্ট বুলি প্ৰকাশ কৰিছে। গেৰেলা ইণ্ডিয়া কোম্পানীৰ ব্ৰেণ্ড এম্বেচাডৰজনে ভাগ্যক মূৰ পাতি লোৱাৰ বাহিৰে কোনো উপায় নাই বুলি অনুভৱ কৰিহে এই মত প্ৰকাশ কৰা বুলিও গোপন সূত্ৰত প্ৰকাশ পাইছে।

৮. নিদিন গাজকাৰীয়ে গাজত লগাই মাটি কাঢ়ি লোৱা নতুন নীতি বিষয়ত ছোনিয়া মেডাম আৰু আন্না ককালৈ চিঠি লিখা বুলি জানিব পৰা গৈছে। এতিয়া চিঠি দিবলৈ যোৱা ড্ৰাইভাৰজন তেওঁ মাটি কাঢ়ি লোৱাৰ পৰিকল্পনা কৰা কোম্পানীৰ ডাইৰেক্টৰ হয় নে নহয় তাকে লৈও ৰসাল প্ৰশ্নৰ উদয় হৈছে। গাজকাৰী চাৰক টুইট কৰিও এই সন্দৰ্ভত কোনো স্পষ্টীকৰণ পোৱা নাই বুলিও টুইটাৰ সচেতন সংঘই প্ৰকাশ কৰিছে।

৯. সোণৰ দাম তিনিদিনৰ ভিতৰতে বহুত কমিছে বুলি সুখবৰ প্ৰকাশ পাইছে। দুখীয়া সকলেও এচকল দুচকল সোণ কিনিব পৰাকৈ ভাল দিন নৰেন ককাইদেৱেই আনি দিয়া বুলিও ভক্তগণে প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰা বুলি গুজৱ ওলাইছে।

১০. জালুকগুটি শৰ্মাদাই কলিকতালৈ সপৰিয়ালে মাহেকীয়া হাজিৰা দিবলৈ যোৱাৰ বাতৰি ফটোসহ প্ৰকাশ পাইছে। পিছে শৰ্মাদাই ব্যক্তিগত ফু ফু কৰিবলৈ যোৱা বুলিহে দাবী কৰা কথাটোত এতিয়া চিবিআই অফিচাৰ্চ সন্থাই প্ৰতিবাদ জনাইছে। পইচা খোৱা সকলে ইমান লেভেল মাৰিলে ভাল নেদেখি বুলিও সন্থাই স্পষ্ট কৰি দিয়া বুলি আমালৈ খবৰ আহিছে।

No comments:

Post a Comment