পৰ্যবেক্ষণ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

দাম্ভিকতা, গঁড় হত্যা, নেতৃত্ব-প্ৰত্যাশীৰ 
সাধাৰণ জ্ঞান আদি 
প্ৰতিম প্ৰতাপ বৰুৱা 

এইযে মানুহজনে মাজে-সময়ে কিছুমান অতি অদ্ভুত মন্তব্য কৰে, কিয় কৰে? এই ধৰণৰ মন্তব্যবোৰ যে অবান্তৰ, আচৰিত ধৰণৰ, অৰ্থহীন, অপ্ৰয়োজনীয় আৰু কোনো ধৰণৰ আশা বা সমাধান সূত্ৰ নথকা মন্তব্য – সেই সাধাৰণ কথাটো তেওঁ নিজে নাজানে বুলি আমাৰ বিশ্বাস নহয়। 

মানুহে প্ৰত্যাহিক একঘেয়ামীৰ পৰা এদিনৰ বিৰতি লৈ পিকনিকলৈ গৈ অলপ নাচি-বাগি স্ফূৰ্তি কৰি নিজকে সতেজ কৰাটো বা সৰস্বতী পূজাত এদিনলৈ সাজি কাচি ওলাই অহা যুৱতীসকলৰ সাজ-পাৰ আৰু চুলিৰ ফেশ্বনেই হেনো ৰাজ্যখনৰ উন্নতিৰ পৰিচায়ক। এখন ৰাজ্যৰ উন্নতিৰ জোখ লোৱাৰ কি আচৰিত মাপদণ্ড! কিন্তু এই মন্তব্যবোৰ কিয় কৰা হয়? আমাৰ সৈতে বহুজনে সহমত নহ’ব পাৰে, কিন্তু আমি বিশ্বাস কৰো এই মন্তব্যবোৰেৰে এসময়ত চৰকাৰখনৰ অকৰ্মণ্যতাৰ সপক্ষে যুক্তি বিচৰা হৈছিল, কিন্তু আজিকালি এই ধৰণৰ মন্তব্যবোৰেৰে নিজৰ দাম্ভিকতাৰ পৰিচয়হে দিয়া হয়। সকলোৱে চকুৰ আগত দেখি থকা কথা এটাও মিছা বুলি কৈ তাৰ সপক্ষে কিছুমান অদ্ভূৎ যুক্তি দেখুৱাব পৰা ৰাজনীতিকসকলৰ এই দাম্ভিকতাই হৈছে সাধাৰণ ৰাইজৰ বাবে সকলোতকৈ দূৰ্ভাগ্যৰ কথা। কিন্তু অসমৰ দৰে প্ৰদেশ এখনৰ ৰাজনীতিকৰ মুখত এনে দাম্ভিকতাই শোভা নাপায়। হয়, আমি বিশ্বাস কৰো বহু সময়ত দাম্ভিকতাৰ প্ৰয়োজনো হয়তো আছে। কিন্তু সেই দাম্ভিকতাৰ প্ৰয়োজন প্ৰদেশখনৰ সমস্যাবোৰৰ স্থায়ী, শান্তিপূৰ্ণ আৰু সৰ্বজনগ্ৰাহ্য সমধানৰ বাবেহে, সেই দাম্ভিকতাৰ প্ৰয়োজন কেন্দ্ৰৰ পৰা নিজৰ প্ৰাপ্যখিনি আদায় কৰাৰ বাবে উপযুক্ত সময়ত উপযুক্ত স্থানত উপযুক্তজনৰ সন্মুখত দেখুৱাবৰ বাবেহে, সেই দাম্ভিকতাৰ প্ৰয়োজন অসমৰ জনসাধাৰণক সুখ-শান্তি-উন্নতিৰ বাটত আগুৱাই নিবৰ বাবেহে।

অৱশ্যে এনে ধৰণৰ অবান্তৰ মন্তব্যবোৰ যে সকলো ঠাইতে সকলো সময়তে কৰিব নোৱাৰি সেইটোও ইতিমধ্যে সকলোৱে বুজিছে। উপযুক্ত ঠাইত উপযুক্তজনৰ সন্মুখত তথ্য আৰু সংখ্যাসহ (facts and figures) সঁচা কথাখিনি ক’বলগীয়া হ’লে “উন্নতি”খিনি স্বীকাৰ কৰিবলৈ বাধ্য হ’ব লগা হয়। সেই “উন্নতি”খিনিৰ বাবে কৰা খৰছখিনিৰ হিচাপ দিব নোৱাৰি নিজৰ অকৰ্মণ্যতাখিনি লুকুৱাব নোৱাৰা হয়।

“গঁড়হত্যা হৈ আছে, কিন্তু আগতকৈ কমিছে” – কিছুদিন আগতে এনে ধৰণৰ মন্তব্য এটাও আমি পঢ়িবলৈ পাইছিলো। অথচ বাতৰিত প্ৰকাশ হোৱা মতে এইবছৰৰ প্ৰথম মাহটোতে ৫ টাকৈ গঁড় চোৰাংচিকাৰীৰ হাতত নিধন হ’ল। এখন প্ৰদেশে (অসমে) নিজৰ জাতীয় প্ৰতীক চিহ্ন হিচাপে যিটো বন্যপ্ৰাণীক বাচি লৈছে, যিটো বন্যপ্ৰাণীৰ বাবে প্ৰদেশখন পৃথিৱীবিখ্যাত, যিটো বন্যপ্ৰাণী পৃথিৱীৰপৰা লুপ্ত হৈ যোৱাৰ আশংকা আছে, সেই প্ৰাণীটোকে চোৰাংচিকাৰীৰ হাতৰ পৰা ৰক্ষা কৰিব নোৱাৰা এই প্ৰদেশখনৰ (অসমৰ) প্ৰশাসন বা চৰকাৰখন এই ক্ষেত্ৰত এতিয়া সকলোৰে বাবে কেৱল উপহাসৰ পাত্ৰ – এই কথাটো বিশেষকৈ অসমৰ চৰকাৰী বনবিভাগটোৱে বুজি পোৱা উচিত। অসমৰ নতুন বনমন্ত্ৰীজনে কৈছে যে বনবিভাগৰ কলংক মোচনেই তেওঁৰ প্ৰধান লক্ষ্য। অৰ্থাৎ নতুন বনমন্ত্ৰীজনে যথাযথভাৱেই মানি লৈছে যে অসমৰ বনবিভাগটো ইতিমধ্যে কলংকিত হৈ পৰিছে। কিন্তু এতিয়া সেই কলংকৰ উপযুক্ত অনুসন্ধান কৰাৰ সলনি শেষত গৈ পুনৰ অন্য এক দায়সৰা মন্তব্যৰে গঁড় হত্যাৰ বাবেও কেন্দ্ৰীয় চৰকাৰকহে জগৰীয়া কৰা হ’লগৈ।

যি কি নহওক, অসমত অহাবছৰ হ’বলগীয়া বিধানসভাৰ নিৰ্বাচন সম্পৰ্কীয় বিভিন্নজনৰ কিছুমান শেহতীয়া মন্তব্য পঢ়ি উঠি আমাৰ মনলৈ একো আশাৰ ভাব নাহিল। আমি দৃঢ়তাৰে বিশ্বাস কৰো যে চাকৰিয়ালসকলৰ দৰে ৰাজনীতিকসকলৰো বয়সৰ এটা উচ্চসীমা থকা উচিত। আৰু যেতিয়ালৈকে সেই উচ্চসীমাৰ সাংবিধানিক নিয়ম এটা বলবৎ নহয় তেতিয়ালৈকে তেওঁলোকে নিজেই এটা অলিখিত নিয়ম মানি এটা নিৰ্দিষ্ট বয়সৰ পিছত (আমাৰ মতে ৬৮ বছৰ) নিজে নিজে সক্ৰিয় ৰাজনীতি ত্যাগ কৰা উচিত। আৰু লগতে শেহতীয়াকৈ ভাৰতৰ লোকসভা আৰু বিধানসভাৰ নিৰ্বাচনসমূহত ভোট দিয়াৰ সময়ত ভোটদাতাসকলক দিয়া none of the above (NOTA) বিকল্পটোত টিপা মৰাৰ অধিকাৰৰ দৰে আৰু এটা অধিকাৰৰ প্ৰয়োজন আছে বুলি আমি বিশ্বাস কৰো – সেইটো হ’ল প্ৰতিজন নিৰ্বাচিত জনপ্ৰতিনিধিয়ে তেওঁৰ কাৰ্য্যাকাল আৰম্ভ কৰাৰ এটা নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে তেওঁৰ সমষ্টিৰ ভোটদাতাসকলে (ভোটদাতাসকলে নিজৰ মাজতে সৰ্বসন্মতিক্ৰমে গঠন কৰি লোৱা, সমাজৰ সকলো স্তৰকে প্ৰতিনিধিত্ব কৰা এখন উপযুক্ত সমিতিয়ে) তেওঁৰ কামকাজৰ নিৰ্মোহ বিশ্লেষণ কৰিব আৰু যদিহে তেওঁ ভোটদাতাসকলৰ দৃষ্টিত অযোগ্য, non-performing বুলি বিবেচিত হয়, তেন্তে তেওঁক ভোটদাতাসকলে নিজৰ জনপ্ৰতিনিধি হিচাপে নাকচ কৰি এটা বিশেষ প্ৰক্ৰিয়াৰ যোগেদি লোকসভা/বিধানসভা/পৌৰসভা আদিৰ পৰা তেওঁক ঘূৰাই আনিব পাৰিব। ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থাটোত ভোটদাতাসকলক/ নাগৰিকসকলক এসময়ত এই অধিকাৰটো বা এনে ধৰণৰ এটা অধিকাৰ দিয়া হ’বগৈ বুলি আমি বিশ্বাস কৰো। 

টেইলপিছ – কিছুদিন আগতে অসমৰ পৌৰসভা আৰু নগৰ সমিতিবিলাকৰ নিৰ্বাচন অনুষ্ঠিত হৈ গ’ল। নিৰ্বাচনৰ ঠিক আগে আগে টেলিভিশ্যনত দেখুওৱা এটা অনুষ্ঠানত সেই নিৰ্বাচনটোত অৱতীৰ্ণ হোৱা নেতৃত্ব-প্ৰয়াসীসকলৰ একাংশৰ সাধাৰণ জ্ঞানৰ নমুনা দেখি-শুনি আমি স্তম্ভিত হৈছিলো। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই অভাৱনীয় উন্নতি কৰি থকাৰ আজিৰ এই সময়ত এতিয়া সমাজ-জীৱনৰ যিকোনো ক্ষেত্ৰতে অনুপযুক্ত, অপেছাদাৰী, বৌদ্ধিকভাৱে অ-সক্ষম নেতৃত্বৰ দিন উকলিল – এই কথাটো এতিয়া আমি সকলোৱে মানি ল’ব লাগে। আৰু এটা কথা - সকলোৱে এতিয়া নতুনকৈ আকৌ এবাৰ “পৰিৱৰ্তন”ৰ কথা কৈছে। পৰিৱৰ্তন সদায়েই আদৰণীয়, আৰু স্থিতাৱস্থা কেতিয়াও কাম্য নহয়। অসমত এই পৰিৱৰ্তন এতিয়া সকলোতকৈ বেছি প্ৰয়োজনীয়। কিন্তু এই পৰিৱৰ্তন হ’ব লাগিব উৎকৃষ্টতাৰ দিশলৈ। তাৰ বাবে আমাক সকলো পৰ্য্যায়তে উপযুক্ত আৰু সৱল নেতৃত্ব লাগিবই। অসমৰ ৰাজনীতি আৰু অসমৰ সমাজ-জীৱন বৰ্তমান উপযুক্ত নেতৃত্বৰ সংকটত ভূগিছে নেকি আৰু নেতৃত্ব কেনে হোৱাটো আমি বিচাৰো? এই প্ৰশ্নটোৰ উত্তৰ আমি অহাবাৰ আলোচনা কৰিম।

------------------**------------------
লেখকৰ ঠিকনাঃ চি-৯, দিল্লী গভৰ্ণমেন্ট অফিচাৰ্চ ফ্লেট্‌চ্‌, ওৱান এ, বেটেৰী লেন্‌, ৰাজপুৰ ৰোড, দিল্লী-৫৪, ম’বাইল : +৯১৯৮৭১০১৮৮৭৪, ই-মেইল – ppbaruah.delhi@gmail.com

No comments:

Post a Comment