পলকতে সুখ-দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ-দুখৰ বতৰা

পলকতে সুখ-দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. কাজিৰঙাৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ দ্বাৰা বিশেষ টাস্ক ফৰ্চ গঠন কৰি ৰাষ্ট্ৰীয় উদ্যানখনত গঁড় হত্যা ৰোধ কৰা হব বুলি কালি ঘোষণা কৰে কেন্দ্ৰীয় বন মন্ত্ৰী প্ৰকাশ জাভড়কাৰে। ইয়াৰ সমান্তৰালভাৱে চেণ্ট্ৰেল প্ৰটেকচন ফ’ৰ্চ নামৰ আন এটা বাহিনী গঠন কৰিও একেলগে কামত চামিল কৰিব বুলি গুৱাহাটীত সাংবাদিকক অৱগত কৰে মন্ত্ৰীগৰাকীয়ে।

২. স্বচ্ছ ভাৰত মিছনৰ সৈতে সংগতি ৰাখি কামাখ্যা মন্দিৰৰ স্বচ্ছতাৰ বাবে বিশেষ উদ্যোগ লব বুলি ঘোষণা কৰিছে অনিল আম্বানীয়ে। কালি পৰিয়ালসহ কামাখ্যা ধামত পূজা-অৰ্চনাৰ বাবে উপস্থিত হৈ দেৱোত্তৰ বৰ্ডক পৰিচ্ছন্নতা আৰু উপযুক্ত খোৱাপানী নিশ্চিতকৰণৰ বাবে প্ৰকল্প হাতত লোৱাত আৰ্থিকভাৱে সহায় কৰিব। মুখ্যমন্ত্ৰী তৰুণ গগৈকো সাক্ষাত কৰা উদ্যোগপতি গৰাকীক আমেৰিকাৰ দৰে অসমতো এক শিশু যাদুঘৰ নিৰ্মাণৰ বাবে মুখ্যমন্ত্ৰীয়ে আহ্বান জনোৱাৰ লগতে ইয়াৰ বাবে ইতিবাচক পদক্ষেপ লোৱাৰ বাবে আম্বানীয়ে প্ৰতিশ্ৰুতি দিয়াৰ সুখবৰো প্ৰকাশ পাইছে।

৩. অনিয়ম আৰু দুৰ্নীতিৰ অভিযোগৰ বাবে বিতৰ্কৰ মাজলৈ অহা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিবৰ দ্বায়িত্বৰ পৰা শাৰদী শইকীয়াক অপসাৰণ কৰিছে ৰাজ্য চৰকাৰে। গুৱাহাটী উন্নয় বিভাগৰ যুটীয়া সচিব তথা পৌৰ নিগমৰ অতিৰিক্ত আয়ুক্তৰূপে কৰ্মৰত অসমীয়া আই এ এছ বিষয়া নাৰায়ণ কোঁৱৰক কলাক্ষেত্ৰৰ সচিবৰ দ্বায়িত্ব নতুনকৈ প্ৰদান কৰাৰ কথাও জানিব পৰা গৈছে।

৪. সাংবিধানিক ৰক্ষা কৱচেৰে অসমৰ খিলঞ্জীয়াৰ স্বাৰ্থ ৰক্ষাৰ বাবে অসম বিধান সভাৰ অধ্যক্ষ প্ৰণৱ গগৈয়ে গ্ৰহণ কৰা পদক্ষেপৰ প্ৰতি সঁহাৰি জনাই আছুকে ধৰি ২৬টা জনগোষ্ঠী সংগঠনে গ্ৰহণ কৰা সংকল্প প্ৰস্তাৱৰ প্ৰতিলিপি আনুষ্ঠানিকভাৱে দাখিল কৰাৰ সুখবৰ। খিলঞ্জীয়াৰ প্ৰভুত্ব থকা অসম হব লাগিব বুলি মত প্ৰকাশ কৰিয়ে এই প্ৰস্তাৱ গ্ৰহণ কৰা হোৱা বুলিও বাতৰিত প্ৰকাশ পাইছে। অধ্যক্ষ গগৈয়ে বিভিন্ন দল-সংগঠনৰ সৈতে অহা ২৯মাৰ্চত এখন বিশেষ সভাত মিলিত হব।

৫. কাইলৈৰ পৰা দুধনৈত আৰম্ভ হব সদৌ অসম ছাত্ৰ সন্থাৰ ষষ্ঠদশ অধিবেশন। শতাধিক তোৰণ নিৰ্মাণৰে অভ্যাগত আৰু প্ৰতিনিধিক আদৰিবলৈ প্ৰস্তুতি সম্পূৰ্ণ হোৱাৰ খবৰৰ সৈতেই দশক পুৰণি নেতৃত্বই এইবাৰ গাদী এৰিব বুলিও বাতৰি প্ৰকাশ পাইছে। নতুন চামৰ নেতৃত্বই আছুক কিদৰে আগুৱাই নিয়ে সেয়া লক্ষণীয় হব বুলিও সচেতন মহলে প্ৰকাশ কৰিছে।

৬. গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে কামৰূপ জিলা প্ৰশাসনে শিলসাঁকো বিলৰ পানী বোন্দাজানলৈ নিয়াৰ বাবে খনন কাৰ্য আৰম্ভ কৰিছে।

৭. মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে দীপৰ বিলৰ জৰীপৰ কাম আৰম্ভ কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে। দুৰ্যোগ ব্যৱস্থাপনা আইন ২০০৫ৰ অধীনত উপায়ুক্তই বিলৰ পাৰত অৰ্নিদিষ্ট কালৰ বাবে সকলোধৰণৰ নিৰ্মাণ কাৰ্য নিষিদ্ধ ঘোষণা কৰাৰ সুখবৰ।

৮. গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত নৰ্থ ইষ্ট ইনষ্টিটিউট অৱ ফেশ্বন টেকনলজিয়ে অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ সহযোগত আয়োজন কৰিছে “চেলিব্ৰেট আছাম” শীৰ্ষক এক বৰ্ণিল মহোতসৱৰ। দুদিনীয়াকৈ আয়োজিত এই মহোতসৱত কলা প্ৰতিযোগিতা, ফটো প্ৰদৰ্শনী, আলোচনাচক্ৰ আৰু সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰাৰ সুখবৰ।

৯. ডিব্ৰুগড়ৰ চৌকিডিংগী খেলপথাৰত কালিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে প্ৰাগ নিউজৰ উদ্যোগত “প্ৰাগ চিনে এৱাৰ্ড-২০১৫”। অসমীয়া বোলছবি জগতৰ বিভিন্ন দিশক ২৮ শাখাত বঁটা প্ৰদান কৰা হব। গুলচন গোভাৰ, নেহা দুপীয়া, আদিল হুছেইনৰ লগতে জুবিন, অংগৰাগ আদি শিল্পীয়েও অংশ লব। বিশিষ্ট অভিনেতা বিষ্ণু খাৰঘৰীয়ালৈ প্ৰাগ চিনে এৱাৰ্ড-২০১৫ৰ জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰা হব বুলিও সুখবৰ প্ৰকাশ পাইছে।

১০. অহা জুন স্নাতক শিক্ষক সকলৰ বাবে বিশেষ টেট পৰীক্ষা অনুষ্ঠিত কৰা হব বুলি ঘোষণা কৰিছে অসমৰ শিক্ষামন্ত্ৰীয়ে। শিক্ষক-শিক্ষাকৰ্মীৰ ঐক্যমঞ্চৰ সৈতে আলোচনাত কালি মন্ত্ৰীগৰাকীয়ে এই আশ্বাস প্ৰদান কৰে।

No comments:

Post a Comment