পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. অসমৰ হস্ততাঁত উদ্যোগ তথা বোৱনী শিপিনী সকলৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ অসম চৰকাৰে অচিৰেই ৰাজ্যিক হস্ততাঁত আৰু বস্ত্ৰ নীতি যুগুতাই উলিয়াব বুলি প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। ভেজাল কাপোৰৰ বিৰুদ্ধে অভিযান চলাবলৈ বিশেষ স্কোৱাড গঠন কৰাৰ লগতে শুৱালকুছিত এটা সূতা বেংক স্থাপন কৰিব বুলিও জানিব পৰা গৈছে। অসমৰ পাট মুগাৰ কাপোৰৰ বাবে বিশেষ হলমাৰ্কৰ ব্যৱস্থা কৰাৰ লগতে হস্ত-শিল্প, কাঁহ-পিতলৰ উদ্যোগৰ বাবেও ৰেহাই হাৰত কেঁচামাল যোগানৰ ব্যৱস্থা কৰিবৰ বাবেও চিন্তা-চৰ্চা চলি থকা বুলি জানিব পৰা গৈছে।

২. উত্তৰ-পূৱৰ বাণিজ্য, পথ উন্নীতকৰণ, উন্নত যোগাযোগ ব্যৱস্থাৰ বাবে ভাৰতক ১৮৮০ কোটি টকাৰ ঋণ অনুমোদন কৰিছে এছিয়ান ডেভেলপমেণ্ট বেংকে।

৩. আজি অসমৰ ছবিগৃহত মুক্তি লাভ কৰিছে নতুন অসমীয়া বোলছবি “অনুৰাধা”ই। ৰাকেশ শৰ্মাৰ পৰিচালনা আৰু এম এল ইণ্টাৰটেইনমেণ্টৰ হৈ লুইত কুমাৰ বৰ্মনৰ প্ৰযোজিত ছবিখনত নাৰীকেন্দ্ৰিক কাহিনীটোৰ মূল চৰিত্ৰত অভিনয় কৰিছে মেঘৰঞ্জনী মেধিয়ে। সংগীত গীত প্ৰিয়ম, সম্পাদনা ৰাতুল দাসৰ। অসমৰ ১৮টা ছবিঘৰত আজি অনুৰাধাই মুক্তি লভিছে।

৪. দশম শ্ৰেণীৰ শিক্ষান্ত পৰীক্ষাত দ্বিতীয় বিভাগ পোৱা আৰু ৫০শতাংশতকৈ অধিক নম্বৰ লাভ কৰা ৪৬,৩৩১ গৰাকী শিক্ষাৰ্থীলৈ মুখ্যমন্ত্ৰীৰ বিশেষ বঁটা আঁচনিৰ অধীনত টেবলেট কম্পিউটাৰৰ বিতৰণ কালি উদ্বোধন কৰিলে মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। শিক্ষা মন্ত্ৰীৰ উপস্থিতিত খানাপাৰাত অনুষ্ঠিত এক সভাত কেইজনমান ছাত্ৰক টেব বিতৰণ কৰি ইয়াৰ শুভাৰম্ভ কৰা হয়।

৫. উত্তৰ-পূৱৰ সামাজিক-সাংস্কৃতিক সংস্থা এনাজৰীয়ে ভাষা-সাহিত্য-সভ্যতা-সংস্কৃতিৰ বাবে নিষ্ঠা আৰু সততাৰে কাম কৰি অহা লোকসকলক প্ৰেৰণা দিবৰ বাবে প্ৰদান কৰা বাৰ্ষিক এনাজৰী বঁটা সমূহ কালি ঘোষণা কৰা হৈছে। কণ্ঠশিল্পী সুদক্ষিণা শৰ্মা, কামৰূপীয়া লোক সংস্কৃতি নাগাৰাৰ সাধক ৰামচৰণ ভৰালীলৈ জীৱনজোৰা সাধনা বঁটা আগবঢ়োৱাৰ সুখবৰ। সমুদ্ৰগুপ্ত কাশ্যপলৈ শ্ৰেষ্ঠ সাংবাদিকতাৰ বঁটা, বদপুৰৰ বিধায়ক জালালুদ্দিন আহমেদলৈ বৰ্ষশ্ৰেষ্ঠ বিধায়ক বঁটা আগবঢ়োৱা হৈছে। তাৰোপৰি বিভিন্ন শিতানৰ বঁটা প্ৰাপকৰ নাম ঘোষণা কৰি সংস্থাটোৱে অহা ২৫ এপ্ৰিলত বঁটা সমূহ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বিতৰণৰ ব্যৱস্থা কৰিব বুলি প্ৰকাশ কৰিছে।

৬. অসম সাহিত্য সভাই নুমলীগড় ৰিফাইনেৰীৰ সৌজন্যত প্ৰৱৰ্তন কৰা ডঃ ভূপেন হাজৰিকা আন্তঃৰাষ্ট্ৰীয় সমন্বয় বঁটাৰ বাবে দাদা চাহেব ফাল্কে বঁটাৰে সন্মানিত তথা পদ্মভূষণ প্ৰাপ্ত ছবি নিৰ্মাতা অদূৰ গোপালকৃষ্ণণৰ নাম মনোনীত কৰা হৈছে। এই বঁটা গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত অহা ২৯ মাৰ্চত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ হাতেৰে প্ৰদানৰ ব্যৱস্থা কৰা হৈছে বুলি অসম সাহিত্য সভাৰ প্ৰধান সম্পাদকে প্ৰকাশ কৰিছে।

৭. লামডিঙৰ যুৱতী ৰেৱতী ছেত্ৰী ফেমিনা মিছ ইণ্ডিয়াৰ চূডা়ন্ত ৰাউণ্ডলৈ নিৰ্বাচিত হোৱাৰ সুখবৰ। মিছ কলকাতা খিতাপ জয় কৰি অহা ২৮ মাৰ্চত হব লগা চূড়ান্ত ৰাউণ্ডলৈ দেশৰ আন ২১ গৰাকী সুন্দৰীৰ সৈতে মুম্বাইত ৰেৱতীয়ে অংশগ্ৰহণ কৰিব বুলিও জানিব পৰা গৈছে। ১৯৯০ চনত হাফলঙত জন্ম গ্ৰহণ কৰা ৰেৱতীয়ে লামডিং মহাবিদ্যালয় আৰু গুৱাহাটীৰ এন ই এফ আইন কলেজত শিক্ষাগ্ৰহণ কৰা বুলিও তথ্য প্ৰকাশ পাইছে।

৮. তিতাবৰৰ দেৱ কুমাৰ বৰা প্ৰেক্ষাগৃহত প্ৰয়াত নেতাগৰাকীৰ স্মৃতিত আয়োজন কৰা হৈছে এখন সদৌ অসম ভিত্তিত এখনি কুইজ প্ৰতিযোগিতাৰ। “কুইজ দেৱ ভৱ” শীৰ্ষক কুইজ প্ৰতিযোগিতাখনিত একাদশৰ পৰা বিশ্ববিদ্যালয় পৰ্যন্ত ছাত্ৰ-ছাত্ৰীয়ে অংশ লব পাৰিব। দলৰ মাচুল ২০০টকাকৈ আৰু সৰ্বাধিক দুটাকৈ দলে প্ৰতিখন শিক্ষানুষ্ঠানৰ পৰা অংশ গ্ৰহণ কৰিব পাৰিব বুলিও আয়োজকে প্ৰকাশ কৰিছে। সবিশেষ ৯৪৩৫৭-৮৮৬১৭ নম্বৰত যোগাযোগ কৰিব পাৰিব।

৯. আজি ভাৰত-ৰত্ন সন্মান প্ৰদান কৰা হৈছে প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীক। অসুস্থতাৰ বাবে এই বঁটা তেখেতৰ বাসগৃহতে দেশৰ ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰিব সন্ধিয়া পাঁচ বজাত।

১০. দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আৰ্থিক ভাৱে সৱল লোক সকলক ৰন্ধন গেছৰ ৰাজ-সাহাৰ্য প্ৰত্যাহাৰ কৰি দেশলৈ অৰ্থনৈতিক অৱদান আগবঢ়াবৰ বাবে আহ্বান জনাইছে। তেখেতে দেশখনক শক্তি খণ্ডত স্বাৱলম্বী কৰাৰ বাবেও আহ্বান জনাইছে। তেখেতে গংগা চাফাই কামৰ অগ্ৰগতিৰো সবিশেষ জানিবলৈ বিচৰা বুলিও সংবাদ মাধ্যমে বাতৰি প্ৰকাশ কৰিছে।

No comments:

Post a Comment