পৰ্যালোচনা - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here
গণ মুক্তিৰ সংগ্রাম আৰু 
বৈকল্পিক ৰাজনীতিৰ আখৰা
ময়ূৰ চেতিয়া
পুঁজিবাদী অর্থনীতিৰ অধীনত শ্রমিকসকল আইনী দৃষ্টিৰে নিজৰ শ্রম-শক্তি বেচিবলৈ স্বাধীন। শ্রমিকে নিজ শ্রম শক্তি বেচে আৰু বিনিময়ত মজুৰী লাভ কৰে। অর্থাৎ সমস্ত প্রক্রিয়াটোত সমান মূল্যৰ বস্তুৰেই আদান প্রদান হোৱা যেন ভাব হয়। শ্রমিকে এটা বস্তু (শ্রম শক্তি ) প্রদান কৰিছে আৰু বিনিময়ত আন এটা বস্তু (মজুৰী) লাভ কৰিছে। অর্থাৎ শোষণৰ প্রক্রিয়াটো ইয়াত স্পষ্ট নহয়। তদুপৰি আপাত দৃষ্টিত পুঁজিপতিজন প্রয়োজনীয় যেনেই অনুভৱ হয় – কিয়নো তেঁৱেই পইছা পাতি যোগাৰ কৰি উদ্যোগটো স্থাপন কৰিছে। পুঁজিপতি নহলে কোনে উদ্যোগ স্থাপন কৰিলেহেঁতেন? কোনে চাকৰি সৃষ্টি কৰিলেহেঁতেন? পুঁজিপতিজনে শ্রমিকক কাম কৰিবলৈ জবৰদস্তি কৰা নাই। শ্রমিকে নিজেহে জীৱিকাৰ সন্ধানত কাম বিচাৰি আহিছে। মন নগলে শ্রমিকজনে চাকৰি পৰিত্যাগ কৰিবও পাৰে!

পিছে প্রাক-পুঁজিবাদী ব্যৱস্থাসমূহত – যেনে ধৰক সামন্তীয় অর্থনীতি একোখনত কৃষকে নিজৰ মাটিত কাম কৰাৰ উপৰিও জমিদাৰৰ মাটিত গেবাৰি খাটিব লগা হয়। লগতে তেওঁ নিজৰ মাটিত উৎপাদিত হোৱা শস্যৰ একাংশও জমিদাৰক দিব লগা হয়। সমস্ত প্রক্রিয়াটোত জমিদাৰে শোষণ কৰাৰ কথাটো স্পষ্ট হৈ পৰে। কিয়নো কৃষকে বুজিব পাৰে যে জমিদাৰ নহলেও কৃষি কর্ম সুন্দৰকৈ চলি থাকিব। সমস্ত উৎপাদনৰ প্রক্রিয়াটোত জমিদাৰৰ কোনো ভূমিকা নাই।

সেয়েহে শোষণৰ প্রক্রিয়াটো চলাই নিবলৈ জমিদাৰে অনা-অর্থনৈতিক(extra economic) অর্থাৎ ৰাজনৈতিকভাৱে জোৰ-জুলুম কৰিব লগা হয়। আন কথাত, জমিদাৰজন একে সময়তে উৎপাদন প্রক্রিয়াটোৰ মালিক হোৱাৰ লগতে ৰাজনৈতিক মালিকো হব লগা হয়। কিন্তু পুঁজিবাদী ব্যৱস্থাটোৰ অধীনত অর্থনৈতিক মালিক(পুঁজিপতি) আৰু ৰাজনৈতিক মালিক(ৰাজনেতা) ভিন ভিন হব পাৰে।

কথাখিনি তাত্ত্বিক ভাষাত এনেকৈয়ো কব পাৰিঃ পোন প্রথমবাৰ বাবে পুঁজিবাদৰ অধীনতেই ৰাজনৈতিক ক্ষেত্রখনৰ সমান্তৰালভাৱে ‘আর্থিক ক্ষেত্র’ নামৰ এখন নতুন স্বায়ত্ত্ব ক্ষেত্রৰ জন্ম হয়। ইয়াৰ আগলৈকে ৰাজনৈতিক ক্ষেত্রখনক আর্থিক ক্ষেত্রৰ পৰা পৃথক কৰিব পৰা নগৈছিল। আর্থিক শোষণ কৰিবলৈ হলে আর্থিক প্রভুসকল একেসময়তে ৰাজনৈতিক প্রভুও হব লগা হৈছিল। কিন্তু পুঁজিবাদৰ অধীনত শাসক শ্রেণীয়ে এই প্রয়োজনৰ পৰা মুক্তি লাভ কৰিলে।

ই হৈছে পুঁজিবাদ দীর্ঘস্থায়ী হোৱাৰ অন্যতম কাৰণ। দৈনন্দিন পুঁজিবাদী অর্থনীতিখন চলাই নিবলৈ ৰাজনৈতিক প্রভুসকলে (ৰাজনেতাই) সর্বদা হস্তক্ষেপ কৰাৰ প্রয়োজন নাই। সেইফেৰা কাম আর্থিক প্রভুসকলে (পুঁজিপতিসকলে) নিজেই কৰিব পাৰে। চৰকাৰে মাজে-মধ্যেহে হস্তক্ষেপ কৰে। জনগণৰ খং উঠিলেও সেয়া প্রকৃত প্রভুৰ (অর্থাৎ পুঁজিপতিৰ) বিপৰীতে ৰাজনৈতিক প্রভুৰ বিৰুদ্ধেহে চালিত হয়। এবাৰ কংগ্রেছ, তাৰ পাছত বিজেপি; বা এবাৰ ৰিপাব্লিকান দল, আনবাৰ ডেমক্রেট। এনেকৈয়ে পুঁজিবাদী অর্থনীতিখন বঢ়িয়াচে চলি থাকে!

আচলতে পুঁজিবাদৰ অধীনত অর্থনীতিৰ ক্ষেত্রখন ইমানেই স্বায়ত্ত্ব হৈ পৰে যে ৰাজনৈতিক ক্ষেত্রখনত সমাজবাদী দল-সংগঠন নির্বাচিত হৈ আহিলেও অর্থনীতিৰ চৰিত্রৰ কোনো গুণগত পৰিবর্তন নহয়। সেয়েহে পুঁজিবাদৰ অধীনতেই পোন প্রথমবাৰ বাবে ৰাজনৈতিক গণতন্ত্র স্থাপিত হ’ল। তাৰ আগেয়ে সেয়া অসম্ভৱ আছিল।

পুঁজিবাদী ব্যৱস্থাৰ সমালোচনা কৰি মার্ক্স প্রভৃতি সমাজবাদীসকলে কলে যে এনেকৈ ৰাজনৈতিক ক্ষেত্রত গণতন্ত্র স্থাপিত হলেও আর্থিক ক্ষেত্রত গণতন্ত্র স্থাপিত হোৱা নাই। অর্থাৎ ৰাজনৈতিক ভাৱে প্রতিজন ব্যক্তিৰে একোটাকৈ ভোট আছে; কিন্তু আর্থিক ভাৱে কেৱল টাটা-বিৰলাৰ ওচৰতেই সকলো ভোট আছে, কিয়নো টাটা-বিৰলাৰ ওচৰতেই উৎপাদনৰ সকলো সমল-পাতি (উদ্যোগ আদি) আছে। সেয়েহে আর্থিক ক্ষেত্রতো গণতন্ত্র স্থাপন কৰিব লাগিব। আর্থিক ক্ষেত্রতো ব্যক্তিয়ে প্রতি একোটাকৈ ভোট থাকিব লাগিব। এই আর্থিক গণতন্ত্রই হৈছে সমাজবাদ। উৎপাদনৰ সকলো সমল ব্যক্তিবিশেষৰ নিজা সম্পত্তি হোৱাৰ বিপৰীতে সমস্ত সমাজখনৰ হব লাগিব।

এইখিনিতে প্রশ্ন উঠিলঃ এই আর্থিক গণতন্ত্র সম্ভৱপৰ কৰা যায় কেনেকৈ? চিধা ভাষাত কবলৈ গলে – পুঁজিপতিৰ হাতৰ পৰা সকলো উৎপাদনৰ সমল কাঢ়ি লব লাগিব আৰু শ্রমিক সমবায়, কৃষক সমবায় আদি নির্মাণ কৰাৰ যোগেদি সিবিলাকৰ সামাজিকীকৰণ কৰা হব। পিছে পুঁজিবাদৰ অধীনত ‘সম্পত্তিৰ অধিকাৰ’ বোলা বস্তু এটা থাকে। সেয়েহে আর্থিক গণতন্ত্র সম্ভৱপৰ কৰিবলৈ হলে প্রথমে শ্রমজীৱি জনগনে বলপূর্বক ৰাষ্ট্রৰ ক্ষমতা নিজৰ হাতলৈ আনিব লাগিব আৰু দেশৰ সংবিধান সলনি কৰিব লাগিব। তাৰ পাছতহে পুঁজিপতিৰ পৰা উৎপাদনৰ সমল কাঢ়ি লব পৰা যাব। এয়াই হৈছে বিপ্লৱ। বিপ্লৱৰ পাছৰ ব্যৱস্থাটোৰ নাম হব সমাজবাদ, য’ত এইবাৰ ৰাজনৈতিক গণতন্ত্রৰ লগতে আর্থিক বা সামাজিক গণতন্ত্রও স্থাপিত হব; উৎপাদন সমলৰ ওপৰত পুঁজিপতিৰ মালিকানা বেআইনী ঘোষণা কৰা হব। বিভিন্ন শ্রমিক দলে দেশৰ নির্বাচনত অংশ গ্রহণ কৰিব আৰু সমাজবাদৰ নিজস্ব পৰিকল্পনা আগবঢ়াই শ্রমজীৱি জনগণৰ ভোট হাছিল কৰিবলৈ চেষ্টা কৰিব। (এইখিনিতে এটা কথাঃ উৎপাদন সমলৰ সামাজিকীকৰণৰ অর্থ চৰকাৰীকৰণ নহয়; যেতিয়ালৈকে শ্রমিকসকলে নিজেই উৎপাদন ব্যৱস্থাটোৰ ওপৰত নিয়ন্ত্রণ সাব্যস্ত নকৰে, তেতিয়ালৈকে তাক সমাজবাদ বুলিব নোৱাৰি। সমবায়ৰ পৰিবর্তে কেৱল চৰকাৰীকৰণ কৰিলে শেহত গৈ সি কোনো আমোলা শ্রেণীৰ জমিদাৰীলৈ পর্যৱসিত হৈ পৰাৰ সম্ভাৱনা থাকে। চোভিয়েট ইউনিয়নত সমাজবাদ পতিত হোৱাৰ ই এটা প্রধান কাৰণ আছিল।)

তাত্ত্বিক ভাষাত কথাখিনি সহজ হলেও পিছে বাস্তৱত তাক ক্রিয়াম্বিত কৰাটো বৰ সহজ কথা নহয়। কোনো গণ আন্দোলন আদিৰ মাজেৰে কোনো এটা বিশেষ ৰাজনৈতিক দলৰ চৰকাৰ একোখনক পতিত কৰাটো তুলনামূলকভাৱে সহজ। পিছে যেতিয়ালৈকে জনগণৰ মূল শত্রু অর্থাৎ আর্থিক প্রভু পুঁজিপতিহঁতৰ বিৰুদ্ধে জনগণক সংগঠিত কৰিব নোৱাৰি, তেতিয়ালৈকে সমাজবাদ নির্মাণৰ সপোনো বাস্তৱায়িত হ’ব নোৱাৰে। এটা উদাহৰণ দিয়া যাওঁক।

ধৰক উপস্থিত চৰকাৰখনৰ দুর্নীতি আদিৰ দোহাই দি সমাজবাদী দল এটাই গণ অভিযান চলালে আৰু খেতি মাটি, বাসস্থান, সুলভ শিক্ষা, সুলভ স্বাস্থ্যসেৱা, শ্রমিক অধিকাৰ, মজুৰী বৃদ্ধি আদিৰ প্রতিশ্রুতি দি তেওঁলোকে বুর্জোৱা ব্যৱস্থাটোৰ অধীনতে চৰকাৰ গঠন কৰিলে। পিছে বাওঁ দল এটা শাসনলৈ আহিলেই পুঁজিপতিহঁত ভীতিগ্রস্থ হৈ পৰে আৰু নতুন চৰকাৰখনক সেও মনাবলৈ সিহঁতে ‘বিনিয়োগ বিক্ষোভ’ (investment strike) আৰম্ভ কৰে। সহজ ভাষাত ইয়াৰ অর্থ হৈছে – পুঁজিপতিহঁতে অর্থনীতিত বিনিয়োগ কৰা বন্ধ কৰে আৰু বর্হিদেশলৈ পুঁজি নির্গমন কৰে। যিহেতু অর্থনীতিৰ ওপৰত সিহঁতৰেই প্রভুত্ব, সেয়েহে বিনিয়োগ বন্ধ কৰিলে অর্থনীতিৰ অৱস্থাও কোঙা হৈ পৰে। ফলত চাকৰিৰ সংখ্যা কমিবলৈ ধৰে। যিহেতু বিভিন্ন উৎপাদিকা সম্পদ(productive assets)ৰ ওপৰত কৰ আৰোপ কৰিয়েই চৰকাৰে নিজা খৰচ আহৰণ কৰে, অর্থনীতিৰ কোঙা অৱস্থাৰ ফলত চৰকাৰৰ উপার্জন কমিবলৈ ধৰে। ফলত বিভিন্ন কল্যাণকামী আঁচনিসমূহত চৰকাৰে ধন খৰচ কৰিব নোৱাৰা হৈ পৰে। ফলত জনগণৰ ক্রোধো বৃদ্ধি পায় আৰু ভবিষ্যতে নতুন চাকৰি সৃষ্টি কৰাৰ প্রতিশ্রুতি দি পুৰণা দুর্নীতিবান বুর্জোৱা দলটোৱেই পাছৰ নির্বাচনত পুণৰ চৰকাৰ গঠন কৰে! পুঁজিপতিহঁতেও বুর্জোৱা দলটোক শাসনলৈ অহাত পার্যমানে সহায় কৰে।

বুর্জোৱা ব্যৱস্থাৰ অন্তর্গত বাওঁ চৰকাৰ একোখনৰ দশা সদায়েই এনে হব বুলি কব নোৱাৰি। কেতবোৰ বিশেষ পৰিস্থিতিত বুর্জোৱাহঁতে বাওঁপন্থীসকলৰ শাসন মানি লব পাৰে। উদাহৰণ স্বৰূপে ১৯৪৫-৭০ সময়ছোৱাত পশ্চিম ইউৰোপৰ বেছিভাগ দেশতেই কোনোবা নহয় কোনোবা সমাজবাদী দলে শাসন কৰিছিল। সিবিলাকক কোনোপধ্যেই বিপ্লৱী দল বুলি কব নোৱাৰিলেও সিবিলাকে উপস্থিত ব্যৱস্থাটোৰ ভিতৰতে কেতবোৰ কল্যাণমূলক আঁচনি হাতত লৈছিল (যেনে সুলভ শিক্ষা, স্বাস্থ্যসেৱা আদি প্রদান, নিবনুৱা ভাট্টাৰ ব্যৱস্থা, কেতবোৰ উদ্যোগৰ চৰকাৰীকৰণ আদি)। বুর্জোৱাহঁতে এনে পদক্ষেপসমূহ ভাল নাপায় কিয়নো সিহঁতে সকলো ক্ষেত্রতে ব্যক্তিগত বিনিয়োগ কৰি মুনাফা কমোৱাৰ ধাণ্ডাত থাকে। শিক্ষা ব্যৱস্থাটো চৰকাৰী হোৱাৰ অর্থই হৈছে যে এখন লাভজনক ক্ষেত্রত বিনিয়োগ কৰাৰ পৰা সিহঁত বঞ্চিত হল! নিবনুৱা ভাট্টা দিয়াৰ অর্থই হৈছে যে এনেস্থলত শ্রমিকৰ সংগ্রামী ক্ষমতা বৃদ্ধি পায় (উপার্জনৰ কোনো বিকল্প নথকা শ্রমিকে দীর্ঘদিনলৈ ফেক্টৰী ষ্ট্রাইক কৰিব নোৱাৰে)। পিছে সেই সময়ত চোভিয়েট ইউনিয়নৰ ভূতে সমগ্র ইউৰোপখনকে পেপুৱা লগাই থৈছিল। গতিকেই বুর্জোৱাহঁতে এনে জনপ্রিয় নীতিসমূহ মানি লবলৈ বাধ্য হৈছিল। নহলে কিজানিবা পশ্চিম ইউৰোপীয় দেশবোৰতো সমাজবাদী বিপ্লৱ সংঘটিত হয়! পিছে সত্তৰৰ দশকত কমিউনিজমৰ ভূতটো শাম কটাত সিহঁতে পুণৰ উৎপাত কৰা আৰম্ভ কৰিলে। বুর্জোৱাৰ উৎপাতত ইখনৰ পাছত সিখন দেশত সংস্কাৰকামী সমাজবাদী দলবোৰৰ পতন ঘটিল।

অর্থাৎ বাওঁ চৰকাৰ একোখন কিমানদিন তিস্তি থাকিব পাৰিব, সেয়া বুর্জোৱা ইচ্ছা-অনিচ্ছাৰ ওপৰতেই নির্ভৰ কৰে। বিনিয়োগ বিক্ষোভ হৈছে বুর্জোৱাহঁতৰ এপাত মোক্ষম অস্ত্র। যিসকল বাওঁপন্থীয়ে বুর্জোৱাক দমন কৰাৰ উপায় উলিয়াব নোৱাৰে, তেওঁলোকৰ পতন ঘটাটো নিশ্চিত।

সেয়েহে সংস্কাৰকামী সমাজবাদীসকলৰ বিপৰীতে বিপ্লৱী কমিউনিষ্টসকলে কয় যে সমাজ পৰিবর্তন কৰিবলৈ হলে বুর্জোৱাৰ আর্থিক আৰু সামাজিক শক্তি/ৰাজহাড় ভাঙি পেলাব লাগিব। পিছে সেয়া তেতিয়াহে সম্ভৱপৰ হব যেতিয়া বুর্জোৱা বিৰোধী চেতনা জনগণৰ মনত প্রবল হব। ৰাইজৰ মনত এই চেতনাটো আহিব লাগিব যে অর্থনীতিখন চলাবলৈ আমাক কোনো বুর্জোৱাৰ দৰকাৰ নাই; শ্রমজীৱি জনগণে নিজেই অর্থনীতিখন চলাই নিব পাৰিব।

অর্থাৎ বাওঁপন্থীসকলে কেৱল গণসমর্থন লাভ কৰিলেই যথেষ্ঠ নহয়। কোনোবা বুর্জোৱা দল এটাৰ বিৰুদ্ধে জনগণক একত্রিত কৰিব পৰাটোও যথেষ্ঠ নহয়। চৰকাৰ গঠন কৰাটোও যথেষ্ঠ নহয়। বৰঞ্চ যথেষ্ঠ তেতিয়াহে হব যেতিয়া দলটোৱে ৰাইজক বুর্জোৱা বিৰোধী শ্লোগান/চেতনাৰে একত্রিত কৰিব পাৰিব। বুর্জোৱা বিৰোধী চেতনা বিকশিত নকৰাকৈ কেৱল ভাত কাপোৰ, বাসস্থান আদিৰ প্রতিশ্রুতি দি চৰকাৰ গঠন কৰিলে শেহত দলটো নিজেই বিপদত পৰিব।

চেতনা বিকশিত কৰা মানে আমি জনগণক মার্ক্সবাদৰ অ আ ক খ শিকোৱাৰ কথা কোৱা নাই। জনগণৰ চেতনা সংগ্রামৰ মাজেদিয়েই বিকশিত হয়। পিছে সকলো সংগ্রামে বিপ্লৱী চেতনা – অর্থাৎ পুঁজি বিৰোধী চেতনা বিকশিত নকৰে। পুঁজি বিৰোধী চেতনা বিকশিত কৰিবলৈ হলে উৎপাদনৰ ক্ষেত্রখনত ভৰি দিব লাগিব। উদাহৰণস্বৰূপে কৃষি খণ্ডত আজিৰ সময়ত, এতিয়াৰ পৰাই সমবায় নির্মাণ কৰাৰ কথা ভাবিব পাৰি। অনানুষ্ঠানিক ঔদ্যোগিক খণ্ডটোতো সমবায়ৰ কথা ভাবিব পাৰি। বৃহৎ উদ্যোগসমূহত অৱশ্যে এতিয়াই সমবায় স্থাপন কৰিব নোৱাৰি। গোলকীয় পণ্য শৃংখলৰ সৈতে ভাৰতীয় অর্থনীতিখন সংস্পৃক্ত হৈ পৰাৰ ফলত এতিয়া বিভিন্ন উদ্যোগত গোলকীয় শ্রমিক চলিডাৰিটি গঢ়ি তোলাৰো প্রয়োজনীয়তা আছে। অর্থাৎ শ্রমিক বিক্ষোভৰ প্রাসংগিকতা এতিয়াও হেৰাই যোৱা নাই। মূল কথাটো হৈছে শ্রমিকৰ আত্ম-নিয়ন্ত্রণৰ অধিকাৰ। বিভিন্ন ৰূপত এই আত্ম-নিয়ন্ত্রণৰ সংগ্রামখন আগুৱাই নিব লাগিব; সমবায় নির্মাণ, সমবায় নির্মাণৰ পোষকতা তাৰেই অংশবিশেষ হব লাগিব। ভাৰতৰ কিংবদন্তীস্বৰুপ শ্রমিক নেতা শংকৰ গুহ নিয়োগীৰ ভাষাত, ই হব লাগিব “সংগ্রাম আৰু নির্মাণ”ৰ যাত্রা। (এটি আকর্ষণীয় সমবায় মডেলৰ বাবে এই প্রবন্ধটো চাওঁক।http://oxantoprohor.blogspot.in/2014/09/blog-post.html

এইখিনিতে ভেনেজুৱালা দেশখনৰ পৰা কিছু কথা শিকিব পাৰি। আজি বহুদিনৰে পৰা দেশখনত এটি সমবায় আন্দোলন চলি আহিছে। মাজতে ৰাষ্ট্রপতি হুগো চাভেজেও পুঁজিপতিৰ হাতোৰাৰ পৰা দেশখনক মুক্ত কৰিবলৈ সমবায় নির্মাণৰ পোষকতা কৰিছিল। পিছে সমবায় নির্মাণ কৰোঁতে হুৰমূৰকৈ আগুৱাৰ ফলত, তলৰ জনগণৰ সক্রিয় অংশগ্রহণৰ বিপৰীতে ওপৰৰ আমোলা/পার্টি নেতাৰ নির্দেশৰ দ্বাৰাই ততাতৈয়াকৈ সমবায় নির্মাণৰ চেষ্টা কৰাৰ ফলত আন্দোলনটোৱে আশানুৰূপ ফল লাভ নকৰিলে। এইক্ষেত্রত কেৱল ৰাজনৈতিক উৎসাহ থাকিলেই নহব; আর্থিক দিশসমূহকো হিচাপত লব লাগিব। ভেনেজুৱেলাৰ সমবায় আন্দোলনৰ এজন পুৰণা পর্যবেক্ষক দাদা মহেশ্বৰনন্দই লিখিছে যে যিসমূহ সমবায় ভাবি চিন্তি দীর্ঘদিনীয়া পৰিকল্পনা তথা গণ সহযোগেৰে গঠন কৰা হৈছিল, সিবিলাক এতিয়াও আছে। পিছে হুৰমূৰকৈ নির্মাণ কৰা বেছিভাগ সমবায়েই লোকচান ভৰি বন্ধ হৈ গৈছে।

দীর্ঘ পৰিকল্পনাৰ দ্বাৰা সমবায় আন্দোলন এটি গঢ় দিব পাৰিলে ই পুঁজি বিৰোধী সংগ্রামখনক নিশ্চিতভাৱে সহায় কৰিব। ই জনগণক বুজাবলৈ সক্ষম হব যে “হয়; কোনো পুঁজিপতি নাথাকিলেও আমি নিজেই অর্থনীতিখন চলাব পাৰিম!” এই কথাষাৰ বাৰম্বাৰ কোৱা দৰকাৰ যে বিপ্লৱ সফল হবলৈ হলে দেশখন, অর্থনীতিখন নিজে চলাব পৰাকৈ জনগণ ইচ্ছুক, প্রশিক্ষিত তথা চেতনশীল হব লাগিব। তেহে পুঁজিপতিয়ে বিনিয়োগ বিক্ষোভ কৰিলেই জনগণে উৎপাদন সমলসমূহ নিজৰ হাতলৈ আনি ভালকৈ চলাব পাৰিব। অন্যথাই বাওঁপন্থী চৰকাৰখনেও পুঁজি বিনিয়োগ কৰিবলৈ বুর্জোৱাহঁতৰ ওচৰত হাত পাতিব লাগিব; নিজৰ সকলো ৰেডিকেল শ্লোগান বাদ দিব লাগিব। ইয়াৰ পৰিণাম সাধাৰণতেই বাওঁ দল একোটাৰ বাবে বিষম হয়। বিভিন্ন দেশত আমি তাৰ উদাহৰণ দেখিছোঁ। ভেনেজুৱেলাতো সদ্যহতে দেখা গৈছে যে বুর্জোৱাহঁতে মাদুৰ’ৰ বাওঁপন্থী চৰকাৰখন ধ্বংস কৰিবলৈ উঠি পৰি লাগিছে; উৎপাদনৰ ক্ষেত্রখনত শ্রমজীৱি জনগণক সংগঠিত কৰিব নোৱাৰাৰ ফলত চৰকাৰখনো নিঃসহায় হৈ পৰিছে। এসময়ত তেল বিক্রি কৰিয়েই দেশখনে বিভিন্ন কল্যাণমূলক আঁচনি হাতত লৈছিল। ফলত সমবায় নির্মাণ নকৰাকৈয়ো কোনোমতে চলিব পৰা গৈছিল। পিছে এতিয়া আন্তর্জাতিক বজাৰত তেলৰ দাম কম হৈ পৰাৰ ফলত সমস্যাই দেখা দিছে।

সেয়েহে বাওঁপন্থীসকলে ৰাষ্ট্রক কেৱল “ধাত্রী ৰাষ্ট্র” (nanny state) হিচাপে প্রক্ষেপ কৰা অনুচিতঃ বোলে “ৰাষ্ট্রই দুখীয়া ৰাইজক এইটো সুবিধা দিব, সেইটো সেৱা দিব” ইত্যাদি ইত্যাদি। কেৱল এনেকৈ জনগণক সংগঠিত কৰিলে শ্রমিকৰ আত্ম-নিয়ন্ত্রণৰ সংগ্রামখন স্বাধীনচিতীয়া হোৱাৰ বিপৰীতে ৰাষ্ট্রৰ ওপৰতহে নির্ভৰশীল হৈ পৰে। জনগণেও আশা কৰিবলৈ আৰম্ভ কৰে যে – “হয়; বদমাছ এই কংগ্রেছ বা বিজেপি দলকেইটায়েই। এতিয়া অখিল গগৈ বা আন কোনো মুখ্যমন্ত্রী হব আৰু জনগণৰ সকলো অভিযোগ দূৰ কৰিব।” অর্থাৎ এনে পৰিস্থিতিত জনগণে নিজৰ ক্ষমতা উপলব্ধি কৰাৰ বিপৰীতে কোনোবা উদ্ধাৰক/মুক্তিদাতা এজনৰ বাবে অপেক্ষা কৰে। পুঁজি বিৰোধী চেতনাৰ কথাটো লুকাই পৰে। ফলত নতুন বাওঁপন্থী চৰকাৰখনেও কোনো ৰেডিকেল পদক্ষেপ হাতত লব নোৱাৰে।
ক্রমশঃ

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages