সম্পাদকলৈ চিঠি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

কেৰিয়াৰ বিষয়ক লেখা
ড° বুলজিৎ বুঢ়াগোহাঁই
মাননীয় সম্পাদক মহোদয়, 
বহুতে মোক প্রশ্ন কৰে আৰু বহুতৰ মনত হয়তো এই প্রশ্নটি উদয় হয় – মই কিয় কেৰিয়াৰ বিষয়ৰ একে লেখা সকলোবোৰ বাতৰি কাকত তথা আলোচনীলৈ প্রকাশৰ বাবে পঠাওঁ । এই প্রশ্নৰ উত্তৰ এই মুকলি চিঠিৰ যোগেদি জনাব বিছাৰিছোঁ। 


বর্ত্তমান আমাৰ ৰাজ্যখনৰ পৰা অসমীয়া ভাষাত প্রকাশিত দৈনিক বাতৰি কাকতৰ সংখ্যা ২০খনমান বেছি হ’ব , লগতে কেইবাখনো অর্ধ-সাপ্তাহিক/ সাপ্তাহিক বাতৰি কাকত প্রকাশিত হয়। তদুপৰি বহুকেইখন মাহেকীয়া/পষেকীয়া আলোচনী প্রকাশ হয় । এতিয়া কথা হ’ল- আমাৰ ৰাজ্যখনৰ ছাত্র-ছাত্রী তথা অভিভাৱকসকলে সকলো বাতৰি কাকত আৰু আলোচনী কিনি পঢ়া সম্ভৱ নহয়, তাৰ ফল স্বৰূপে বিভিন্ন বাতৰি কাকত আৰু আলোচনীবোৰত প্রকাশিত কেৰিয়াৰ বিষয়ৰ লেখাবোৰ পঢ়িবলৈ নাপায় । গতিকে, আমি কেৰিয়াৰ বিষয়ৰ একে লেখাবোৰ সকলোবোৰ বাতৰি কাকত তথা আলোচনীলৈ প্রকাশৰ পঠাওঁ যাতে ইয়াৰ পৰা ছাত্র-ছাত্রী তথা অভিভাৱকসকল অলপ হ’লেও উপকৃত হয়। 


এইখিনিতে এটা কথা উল্লেখ কৰা ভাল হ’ব যে - প্ৰত্যেক শণিবাৰে বিয়লি ৬বজাৰ পৰা ৯বজাৰ ভিতৰত ফোন (০৯৪৩৫১৮৮৬৩০)যোগেদি বিনামূলীয়াকৈ কেৰিয়াৰ বিভিন্ন বিষয়ৰ প্ৰশ্নৰ উত্তৰ দি এটা কথা জানিব পাৰিছোঁ যে আমাৰ ৰাজ্যখনৰ বহুতো ছাত্ৰ -ছাত্ৰী তথা অভিভাৱকে কেৰিয়াৰ সম্পৰ্কীয় বহুত কথাই নাজানে। 


গতিকে, বাতৰি কাকত আৰু আলোচনীবোৰত কেৰিয়াৰ বিষয়ৰ লেখা বেছিকৈ প্রকাশ কৰিলে ভাল হয়। আশা কৰিছোঁ এই বিষয়টো সম্পাদকসকলে গুৰুত্বসহকাৰে ল’ব । 

No comments:

Post a Comment