পৰ্যবেক্ষণ - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here
ফেচিবাদী ভাবুকি আৰু
লেখকৰ মত প্ৰকাশৰ অধিকাৰ
দীপাংকৰ মল্ল বৰুৱা
ভাৰতৰ সংবিধানে ১৯ তম দফাৰ জৰিয়তে দেশৰ প্ৰতিজন নাগৰিককে তেওঁৰ বক্তব্য আৰু মতাদৰ্শ প্ৰকাশ কৰিবলৈ পূৰ্ণ স্বাধীনতা প্ৰদান কৰিছে। সংবিধান প্ৰণেতা সকলে ব্যক্তি স্বাধীনতাৰ বাবে যিবোৰ বিধান আগবঢ়াইছিল তাৰ ভিতৰত ‘বাক স্বাধীনতা’ বা নিজৰ মত প্ৰকাশ কৰাৰ স্বাধীনতা অন্যতম। কিন্তু সংবিধান প্ৰদত্ত এই অধিকাৰৰ অপপ্ৰয়োগ বা বাক স্বাধীনতাৰ বিৰুদ্ধে ফেচিবাদী আক্ৰমণ বৰ্তমান সময়ত এক চিন্তনীয় বিষয় হৈ পৰিছে। 

যোৱা ৮ ফেব্ৰুৱাৰীৰ ‘আমাৰ অসম’ত লেখক ময়ূৰ বৰাই ‘শংকৰী ভকতৰ ফেচিবাদী ভাবুকিৰ বিৰুদ্ধে একলম’ শিৰোনামৰ লেখাটোৰ জৰিয়তে সদ্য সমাপ্ত শংকৰ সংঘৰ অধিৱেশনত এচাম শংকৰী ভকতে নীতি বহিৰ্ভূত ভাৱে তেওঁৰ ৰচিত ‘পথভ্ৰষ্ট হৈছে নেকি শংকৰ সংঘ’ নামৰ গ্ৰন্থখনৰ বিক্ৰীৰ ওপৰত বাধা আৰোপ কৰা কাৰ্যৰ প্ৰতিবাদ কৰিছে। হয়তো গ্ৰন্থখনত কি আছে নপঢ়াকৈয়ে কেৱল শিৰোনামটো দেখি অসন্তুষ্ট হৈ এচাম লোকে এনে ব্যৱস্থা হাতত লৈছে। বিশ্বৰ ইতিহাসত এনে বহুতো উদাহৰণ আছে যেতিয়া এজন লেখকৰ নিজৰ মত প্ৰকাশ কৰাৰ স্বাধীনতাক যুক্তি বিবৰ্জিত ধৰ্মীয় উন্মাদনা আৰু গোড়ামীয়ে টেটু চেপি হত্যা কৰা হৈছিল।

ভল্টেয়াৰে কৈছিল, “I do not agree with what you have to say, but I’ll defend to the death your right to say it.’’ কোনো ব্যক্তিৰ লগত মত বিৰোধ থকাটোৱে এইটো নুবুজায় যে সেই ব্যক্তিজনৰ কথা কোৱাৰ বা মত প্ৰকাশ কৰাৰ অধিকাৰ খৰ্ব কৰা হ’ব। কিন্তু ধৰ্মীয় অসহিষ্ণুতাই যুগে যুগে মানুহৰ বাক স্বাধীনতাৰ হেঙাৰৰ সৃষ্টি কৰি আহিছে। সপ্তদশ শতিকাৰ মহান বিজ্ঞানী গেলিলিওক পৃথিৱী সূৰ্যৰ চাৰিওপিনে ঘূৰে বুলি প্ৰমাণ কৰি সেই সময়ৰ গিৰ্জাৰ ধৰ্মীয় বিশ্বাসত আঘাট কৰাৰ বাবে গৃহ বন্দী কৰি ৰখা হৈছিল। সেইদৰে ১৯৮৯ চনত ইৰাণৰ ধৰ্মীয় নেতা আয়াতোল্লা খোমেইনীয়ে লেখক ছালমান ৰুছদিৰ ‘ছাটানিক ভাৰ্চেজ’ নামৰ গ্ৰন্থ খনত ইছলাম ধৰ্ম বিশ্বাসৰ বিৰোধী কথা সন্নিবিষ্ট কৰাৰ বাবে ফতোৱা জাৰি কৰিছিল। তেতিয়াৰ পৰাই ধৰ্মীয় মৌলবাদীৰ আক্ৰমণৰ ভয়ত লেখক জনে আত্ম গোপন কৰিব লগীয়া হৈছে। বাংলাদেশৰ নাৰীবাদী লেখিকা তছলিমা নাছৰিণে তেওঁৰ লেখাৰ জৰিয়তে ধৰ্মীয় ভণ্ডামি উদঙাই দিয়াৰ বাবে স্ব-নিৰ্বাসিত জীৱন যাপন কৰিব লগীয়া হৈছে। শেহতীয়াকৈ ফ্ৰান্সৰ ‘চাৰ্লি এবডো’ নামৰ ব্যংগ বাতৰি কাকত খনৰ ওপৰত সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰি ১২ জন লোকক নিহত কৰিছিল পয়গম্বৰ হজৰত মহম্মদৰ কাৰ্টুন প্ৰকাশ কৰাৰ বাবে। এইদৰে বিশ্বৰ বিভিন্ন ঠাইত, বিভিন্ন সময়ত লেখক সকলে নিজৰ মতামত প্ৰকাশ কৰাৰ বাবে বা চিত্ৰকৰ সকলে ছবি অঁকাৰ বাবে ধৰ্মান্ধ লোকৰ আক্ৰমণৰ বলি হৈ আহিছে।

অলপতে তামিলনাডুৰ পেৰুমল মুৰুগান নামৰ এজন লেখক অধ্যাপকে তেওঁৰ ‘মধোৰুভাগন’ নামৰ উপন্যাস খনৰ বাবে জনতাৰ ৰোষৰ সন্মুখীন হ’ব লগীয়া হৈছিল। তেওঁ উপন্যাস খনত এটা বিশেষ জাতিৰ মহিলাৰ সন্মান হানিকৰ কথা লিপিবদ্ধ কৰিছে বুলি অভিযোগ কৰা হৈছে। কিন্তু লেখক জনে মানুহৰ ভাৱনাক আঘাট কৰাৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰাৰ পিছতো বিভিন্ন ধৰ্মীয় মৌলবাদী সংগঠনৰ ভাবুকি আৰু আক্ৰমণৰ সন্মুখীন হৈ আহিছে। এই আক্ৰমণ ইমানেই ব্যাপক আছিল যে লেখক জনে সাহিত্য জগতৰ পৰা স্ব ইচ্ছাই আঁতৰি যোৱাৰ কথা ব্যক্ত কৰিছে তেওঁৰ ফেচবুক পৃষ্ঠাত নিজকে লেখক হিচাপে ‘মৃত’ বুলি ঘোষণা কৰিছে। তদুপৰি তেওঁ সকলো কিতাপৰ বিপনীৰ পৰা তেওঁৰ উপন্যাসখন ঘূৰাই অনাৰ ব্যৱস্থা কৰিছে। ধৰ্মান্ধ সকলৰ আক্ৰমণত তামিলনাডুৰ নমক্কলত বাস কৰা অধ্যাপক জনে তেওঁৰ ঘৰ বাৰী এৰি এৰি চেন্নাইলৈ বদলি বিচাৰি আবেদন কৰিছে। 

ফ্ৰান্সৰ ‘চাৰ্লি এবডো’ বাতৰি কাকতত হোৱা আক্ৰমণৰ পিছত ফ্ৰান্সৰ জন সাধাৰণে বাতৰি কাকত খনৰ নিজৰ মত প্ৰকাশ কৰাৰ পক্ষত থিয় দি অভূতপূৰ্ব জন সমৰ্থন আগবঢ়াইছিল। আনকি ফ্ৰান্সৰ ৰাষ্ট্ৰপৰি ফ্ৰাংকইছ হোলেণ্ডে কৈছে যে, “চাৰ্লি এবডো জীয়াই আছে আৰু জীয়াই থাকিব। কাকত এখনত কাম কৰা মানুহক হত্যা কৰিব পাৰি, কিন্তু কাকত খনে প্ৰকাশ কৰা মতক হত্যা কৰা সম্ভৱ নহয়”। যুগে যুগে এই কথাকেই প্ৰতিপন্ন হৈ আহিছে যে, টেটু চেপি এজন লেখকক হত্যা কৰিব পাৰি, কিন্তু লেখক জনে প্ৰকাশ কৰা মত বা আদৰ্শৰ হত্যা কৰিব নোৱাৰি। কিন্তু সেই একে ধৰণৰ সমৰ্থন তামিলনাডুৰ দুৰ্ভগীয়া লেখক জনৰ বাবে কোনেও ব্যক্ত নকৰিলে।

অতি পৰিতাপৰ কথা এয়ে যে লেখক সকলৰ নিজৰ মতামত প্ৰকাশ কৰাৰ স্বাধীনতাক আন লেখকেও বহু সময়ত সন্মান জনাব নিবিচাৰে। এইবাৰৰ জ্ঞানপীঠ বটা বিজয়ী মাৰাঠী লেখক বালচন্দ্ৰ নেমাডে ইংৰাজী ভাষাত লিখা মেলা কৰা ভাৰতীয় মূলৰ লেখক ছালমান ৰুছডি আৰু ভি এছ নাইপলৰ বিষয়ে কটু মন্তব্য কৰিছিল। ইয়াৰ উত্তৰত ছালমান ৰুছডিয়ে টুইটাৰত নেমাডেৰ বক্তব্যৰ ওপৰত মন্তব্য কৰি লেখক জনক ব্যক্তিগত ভাৱে আক্ৰমণ কৰিছিল। ব্যক্তিগত পৰ্যায়ৰ আক্ৰমণ, প্ৰতি আক্ৰমণে লেখকৰ মৰ্যাদা হানি কৰাই নহয়, সমাজত লেখক সকলৰ বিষয়ে এক নেতিবাচক বাৰ্তা প্ৰেৰণ কৰে। এনে তৰ্ক বিতৰ্ক বৌদ্ধিক পৰ্যায়ত হে হোৱা উচিত। উল্লেখ্য যে তামিল লেখক পেৰুমল মুৰুগানৰ কিতাপ খনৰ বিৰোধিতা কৰি তামিলনাডুৰ একাংশ লেখকে তেওঁৰ বিৰুদ্ধে জনমত গঢ়ি তোলাত অৰিহণাহে যোগাই আহিছে।

মানৱ সভ্যতাৰ বিকাশৰ মূলতে হৈছে কিছুমান মানুহৰ ব্যতিক্ৰমী আৰু প্ৰগতিশীল চিন্তাধাৰা। প্ৰচলিত ভাৱ ধাৰণাক প্ৰত্যাহ্বান জনাব পৰা নতুন চিন্তাইহে প্ৰগতিৰ বাট মুকলি কৰে। কিন্তু ব্যতিক্ৰমী বা প্ৰগতিশীল চিন্তাধাৰা আগবঢ়োৱা লোক সকলে সদায় সমাজৰ এচাম ৰক্ষণশীল মনোবৃত্তিৰ লোকৰ বিৰোধিতাৰ সন্মুখীন হৈ আহিছে। এই ৰক্ষণশীল শ্ৰেণীটোৱে বহু সময়ত এজন লেখকৰ লেখা নপঢ়াকৈয়ে, লেখক জনৰ বক্তব্য হৃদয়াঙ্গম নকৰাকৈয়ে লেখক জনৰ বিৰুদ্ধে খড়্গহস্ত হৈ পৰে। এই শ্ৰেণীটোৱে লেখক এজনৰ বক্তব্য সাধাৰণ পাঠকৰ ওচৰলৈ যোৱাতো বাধা নিষেধ আৰোপ কৰে। লেখক জনৰ লগত বিতৰ্কিত বিষয় এটাত বৌদ্ধিক তৰ্ক যুদ্ধত প্ৰবৃত্ত হোৱাৰ সলনি তেওঁলোকে লেখক জনক অৱমাননা কৰি তেওঁক সমালোচনাৰে থকা সৰকা কৰে। ছালমান ৰুছদিয়ে মন্তব্য কৰিছে যে বালচন্দ্ৰ নেমাডে তেওঁৰ লেখা নপঢ়াকৈয়ে তেওঁৰ সাহিত্যৰ বিষয়ে কটু মন্তব্য কৰিছে। ময়ূৰ বৰাই তেওঁৰ লেখাটোত এচাম লোকে তেওঁক ‘অসমৰ মহম্মদ কাছাব’ হিচাপে বিভূষিত কৰা কথাটো ক্ষোভেৰে ব্যক্ত কৰিছে। এনেবোৰ কাৰণতে কিছুমান লেখকে অপমানিত হৈ কলম সামৰি লেখক সত্বাৰ অপমৃত্যু ঘটাবলৈ বাধ্য হয়।

বৰ্তমান সময়ত সমাজৰ সকলো স্তৰতে আনৰ মত বা বিশ্বাসৰ প্ৰতি অসহিষ্ণুতাৰ পৰিৱেশ গা কৰি উঠিছে। ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ কেন্দ্ৰত অধিস্থিত হোৱাৰ পিছৰে পৰা এনে অসহিষ্ণুতাৰ ভাৱনা বৃদ্ধি পোৱা বুলি সচেতন মহলে অনুভৱ কৰিছে। উত্তৰ ভাৰতৰ হিন্দী বলয়ৰ ধৰ্মীয় অসহিঞ্চুতাই অসমতো লাহে লাহে খোপনি পুতিবলৈ লোৱা বুলি আশংকা কৰা হৈছে। অসমীয়া সমাজত আগতে নোহোৱা নোপজা ফেচিবাদী ভাবুকিয়ে গজালি মেলিছে। এনে অসহিষ্ণুতাৰ পৰিৱেশ এখন সমাজৰ বৌদ্ধিক বিকাশৰ পৰিপন্থী। সকলোৰে মত আৰু আদৰ্শক সন্মান কৰাটোহে ভাৰতীয় সংস্কৃতিৰ বিশেষত্ব। অসমীয়া সমাজ ব্যৱস্থাত আনৰ মত বা আদৰ্শৰ প্ৰতি অসহিষ্ণুতাৰ স্থান নাই। সেয়েহে অতীজৰে পৰা অনেক ভাষা – সংস্কৃতি কৃষ্টি আকোঁৱালি অসমীয়া সমাজ গঢ়ি উঠিছে। তাহানি শ্ৰীমন্ত শংকৰদেৱে সম্পূৰ্ণ বিপৰীত মতাদৰ্শৰ মাধৱ দেৱক বৌদ্ধিক তৰ্কত পৰাস্ত কৰি তেওঁৰ প্ৰধান শিষ্য কৰি লৈছিল। 

মত প্ৰকাশৰ স্বাধীনতা মানুহৰ এক মৌলিক অধিকাৰ। প্ৰতিজন লেখকেই নিজে বিশ্বাস কৰা মত বা আদৰ্শৰ ভিত্তিত একোখন গ্ৰন্থ ৰচনা কৰে। লেখকৰ মত প্ৰকাশৰ এই অধিকাৰ জোৰ কৰি খৰ্ব কৰাৰ প্ৰচেষ্টা কেতিয়াও সমৰ্থন যোগ্য নহয়। আশা কৰিছোঁ যে ময়ূৰ বৰাই এচাম লোকৰ ফেচিবাদী ভাবুকিত হতাশ নহৈ সমাজৰ বৃহত্তৰ স্বাৰ্থত ষ্পষ্টবাদিতা আৰু যুক্তিসংগতাৰে তেওঁৰ কলম চলাই যাব। পেৰুমল মুৰুগানৰ দৰে কোনো লেখকে যেন নিজৰ প্ৰতিভাক কেতিয়াও হত্যা কৰিব লগীয়া নহয়।
লেখক দুলীয়াজানত কৰ্মৰত, ফোন: ৯৪৩৫০৩৯৮২০, লেখাটি আমাৰ অসম কাকতো প্ৰকাশ পাইছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages